ছশ বছৰীয়া আহোম ৰাজত্বৰ আহোম সৈন্যৰ যুদ্ধৰ অন্যতম আহিলা ( ক্লঙ ) বৰটোপ


দীপজ্যোতি বৰগোহাঁই

ছশ বছৰীয়া আহোম ৰাজত্বৰ আহোম সৈন্যৰ যুদ্ধৰ অন্যতম আহিলা (ক্লঙ ) বৰটোপ ৰজা ৰাজ সিংহাসনত আৰোহণ ৰজা শিঙৰি ঘৰত আৰোহণ ;ৰজাকুলত সন্তান জন্ম আদি হৰ্ষোল্লাসৰ মুহুৰ্ত্বত তোপধৱনি কৰি ৰাজকীয় সন্মান প্ৰদৰ্শন কৰাপৰম্পৰাগত দস্তৰ আছিল ৷ৰাজ সংকটৰ সময়ত ৰাজকাৰেংৰ সন্মুখত তিনিতৰপীয়া বাহিৰ আৰু ভিতৰ গড বৰদুৱাৰ; চুনপুৰা ;সিংহদুৱাৰ মুখত আদি প্ৰত্যেক দুৱাৰৰ মুখত বিধে বিধে যুৰীয়া বৰটোপ কেইবা তৰপীয়া কৈ খাৰ গুলি সহ সকলো সময়তে সুসজ্জিত ৰখাটো আহোম ৰাজ্যৰ সৰ্বাধিক প্ৰশাসনিক কঠোৰ বৈশিষ্ট্য ৷ৰাজ্যৰ ভিতৰলৈ যাতে শতৰুৰ অনুপ্ৰবেশ ঘটিব নোৱাৰে তাৰ কাৰণে সমগ্ৰ ৰাজ্যৰ সীমামুৰীয়া জলপথ ;স্হলপথ ;আৰু পৰ্বতীয়া পথসমুহত স-সৈন্য খাৰ গুলি সহ সকলো সময়তে প্ৰস্তত কৰি ৰখাটো দেশৰ অপৰিহাৰ্য প্ৰশাসনীয় নিবন্ধ আছিল ৷বিদেশী শত্ৰু কিম্বা বিদেশী নাও জাহাজ আদি যাতে ৰাজ্যলৈ বিনা অনুমতিত সোমাব নোৱাৰে তাৰ কাৰণে যোগীঘোপা ;শৰাইঘাট ;পাণ্ডু ;গুৱাহাটী কাজলী কলিয়াবৰ আদি প্ৰধান নৌ ঘাটি বোৰত হিলৈ বৰতোপ ব্ৰহ্মপুত্ৰৰ দুয়ো পাৰে সকলো সময়তে সাজু কৰি থৈছিল ৷ ( তামুলী ফুকনৰ বুৰঞ্জী )


লগতে চাওক

জয়সাগৰ পুখুৰী Joysagar Tank

ৰংঘৰ Rang Ghar






Post a Comment (0)
Previous Post Next Post


Live Online

কুইজ টেষ্টত অংশগ্ৰহণ কৰক

পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে অনুশীলন আৰম্ভ কৰক।

টেষ্ট আৰম্ভ কৰক →


নতুন আপডেট

"ইণ্ডিয়া এআই ইমপেক্ট ছামিট ২০২৬"

AI বিপ্লৱত ভাৰতৰ নেতৃত্ব: কি হ'ব ২০২৬ ৰ India AI Impact Summit 2026 ৰ মূল লক্ষ্য? India AI Impact Summit 2026

সম্পূৰ্ণ পঢ়ক →