APSC GENERAL STUDIES Paper-I 2025 Series A

 
APSC CCE Prelims 2025 General Studies Paper 1 Series A question paper
APSC CCE Prelims 2025 GS Paper 1 (Series A) official question paper and solved answers.

 
To help aspirants preparing for the upcoming APSC exams, we have shared the 2025 General Studies Paper-I question paper (Series A) along with its answers on our blog. This 2-hour paper consists of 100 questions carrying 200 marks. Through this small effort, we hope candidates will get a clear idea of the latest exam pattern and greatly benefit from it.

1. 2024 চনত অসমীয়া ভাষাক ধ্রুপদী ভাষা হিচাপে স্বীকৃতি প্রদান কৰা হৈছে। এই সংক্রান্তত নিম্নোক্ত উক্তিবোৰ বিবেচনা কৰক:


1. এই স্বীকৃতি মহীশূৰস্থিত কেন্দ্ৰীয় ভাবতীয় ভাষা সংস্থা (CIIL)ৰ পৰা আহিছে।

2. এই স্বীকৃতিয়ে অসমীয়া ভাষাৰ বাবে এখন কেন্দ্রীয় বিশ্ববিদ্যালয় প্রতিষ্ঠা কৰা বাট সুগম কৰিলে।

3. এই স্বীকৃতি ধ্রুপদী অসমীয়া ভাষাৰ বাবে এটি উন্নত কেন্দ্র প্রতিষ্ঠাত সহায়ক হ'ব।

4. এই স্বীকৃতিৰ ফলস্বৰূপে অসম সাহিত্য সভাই ভাৰত চৰকাৰৰ পৰা প্ৰত্যক্ষভাৱে বিত্তীয় অনুদান লাভ কৰিব।

ওপৰত উল্লিখিতবোৰৰ পৰা নিম্নোক্ত সংকেতবোৰ ব্যৱহাৰ কৰি শুদ্ধ উক্তিটো/উক্তিবোৰ বাছনি কৰক।

(A) কেৱল 1
(B) 2 আৰু 3
(C) কেৱল 3
(D) 1 আৰু 4

উত্তৰ:- (C) কেৱল 3

2. বাওঁফালে উল্লেখ কৰা কীর্তিস্তম্ভবোৰৰ সৈতে সোঁফালে উল্লেখ কৰা সেইবোৰৰ স্থান নিৰূপণ কৰক:


কীর্তিস্তম্ভ — স্থান

a. শিলত কটা মন্দিৰ — 1. জয়সাগৰ
b. ভুবনেশ্ববী মন্দিব — 2. তেজপুৰ
c. মহাভৈৰৱ মন্দিৰ — 3. মাইবং
d. ঘনশ্যাম মন্দিৰ (দ'ল) — 4. গুৱাহাটী

নিম্নোক্ত সংকেতবোৰ ব্যৱহাৰ কৰি শুদ্ধ যোৰটো বাছনি কৰক।

(A) a-3, b-4, c-1, d-2
(B) a-3, b-4, c-2, d-1
(C) a-2, b-3, c-1, d-4
(D) a-4, b-2, c-1, d-3

উত্তৰ:- (B) a-3, b-4, c-2, d-1

3. 2026 চনত মায়াংক চক্রবর্তীয়ে পোনপ্ৰথমবাৰৰ বাবে অসম আৰু উত্তৰ-পূব ভাৰতৰ বাবে কি কৃতিত্ব অর্জন কৰিছিল?


(A) দবাখেলৰ গ্ৰেণ্ডমাষ্টাৰ
(B) সমগ্র ইংলণ্ড মুকলি বেডমিন্টন প্রতিযোগিতাত বিজেতা
(C) কনিষ্ঠ ল'ৰাৰ উইম্বলডন টেনিচ প্রতিযোগিতাত বিজেতা
(D) 19 বছৰ অনূর্ধ্ব T20 বিশ্বকাপত ভাৰতৰ হৈ খেলিছিল

উত্তৰ:- (A) দবাখেলৰ গ্ৰেণ্ডমাষ্টাৰ

4. 1904 চনত প্রকাশিত ছাৰ জি. এ. গ্ৰীয়েৰচনে সংকলিত আৰু সম্পাদনা কৰা ঐতিহাসিক কর্মটি LSI হিচাপে জনপ্রিয়। LSI-ৰ সম্পূর্ণ ৰূপটো কি?


(A) Languages Survey of India
(B) Linguistic Survey of India
(C) Lingual Survey of India
(D) Languages and Speeches of India

উত্তৰ:- (B) Linguistic Survey of India

5. অসমৰ প্ৰাক্তন মুখ্যমন্ত্রীসকলৰ নাম বিবেচনা কৰক :


1. মহেন্দ্র মোহন চৌধুৰী

2. যোগেন্দ্র নাথ হাজৰিকা

3. কেশৱ চন্দ্ৰ গগৈ

4. আনোৱাৰা টাইমুৰ

এখেতসকলৰ মাজৰ কোন কোনগৰাকী এটা সময়ত অসমৰ বিধানসভাৰ অধ্যক্ষও আছিল? নিম্নোক্ত সংকেতবোৰ ব্যৱহাৰ কৰি শুদ্ধ উত্তৰটো বাছনি কৰক।

(A) 1 আৰু 4
(B) 2, 3 আৰু 4
(C) 1 আৰু 2
(D) কেৱল 2 আৰু 3

উত্তৰ:- (C) 1 আৰু 2

6. ড০ ভূপেন হাজৰিকাক তেওঁৰ জীৱনকালত নিম্নোক্ত কোনটো/কোনবোৰ অসামৰিক সম্মান প্রদান কৰা হৈছিল?


1. পদ্মশ্রী

2. পদ্মভূষণ

3. পদ্মবিভূষণ

4. ভাৰত ৰত্ন

নিম্নোক্ত সংকেতবোৰ ব্যৱহাৰ কৰি শুদ্ধ উত্তৰটো বাছনি কৰক।

(A) 1 আৰু 2
(B) 1 আৰু 3
(C) কেৱল 1
(D) 3 আৰু 4

উত্তৰ:- (A) 1 আৰু 2

7. তালিকা-I ত দিয়া গ্রন্থবোৰৰ নামৰ সৈতে তালিকা-II ত দিয়া লেখকসকলৰ নাম সংযুক্ত কৰক:


তালিকা-I — তালিকা-II

a. এ কম্প্রিহেন্চিভ হিষ্টৰী অৱ আসাম — 1. ড০ সূর্য কুমাৰ ভূঞা

b. দ্য কম্প্রিহেন্চিভ হিষ্টৰী অৱ আসাম — 2. পদ্মেশ্বৰ গগৈ

c. আসাম ইন্ দ্য দেজ অৱ কম্পেনী — 3. স্বর্ণলতা বৰুৱা

d. দ্য টাই এণ্ড দ্য টাই কিংডম — 4. হেৰম্ব কান্ত বৰপূজাৰী

নিম্নোক্ত সংকেতবোৰ ব্যৱহাৰ কৰি শুদ্ধ যোৰটো বাছনি কৰক।

(A) a-2, b-1, c-4, d-3
(B) a-3, b-4, c-2, d-1
(C) a-4, b-3, c-1, d-2
(D) a-2, b-4, c-3, d-1

উত্তৰ:- (B) a-3, b-4, c-2, d-1

8. হৰমুজ প্রণালীৰ প্ৰসংগত, নিম্নোক্ত উক্তিবোৰ বিবেচনা কৰক :


1. আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰাণ দুয়োখন দেশে হৰমুজ প্রণালীৰ মালিকীস্বত্ব ভাগবাঁটোৱাৰা কৰি আছে।

2. প্ৰণালীটোৰ সমীপতে অৱস্থিত হোৱা হেতুকে হৰমুজ প্রণালীৰ ওপৰত ইৰাণ আৰু ওমান দুয়োখন দেশৰ ভৌগোলিক নিয়ন্ত্রণ আছে।

3. হৰমুজ প্রণালীৰ ওপৰত নিয়ন্ত্ৰণৰ অৰ্থে আমেৰিকা যুক্তৰাষ্ট্ৰ, ইজৰাইল, ইৰাণ যুদ্ধ (2026) সংঘটিত হৈ আছে।

4. এইটো পাৰস্য উপসাগৰ আৰু ওমান উপসাগৰৰ মাজৰ এটা জলপথ।

নিম্নোক্ত সংকেতবোৰ ব্যৱহাৰ কৰি শুদ্ধ উক্তিটো/উক্তিবোৰ বাছনি কৰক।

(A) কেৱল 1 আৰু 2
(B) 1, 2 আৰু 3
(C) 2 আৰু 4
(D) কেৱল 3

উত্তৰ:- (C) 2 আৰু 4

9. তালিকা-I ত দিয়া নৃত্যশৈলীৰ সৈতে তালিকা-II ত দিয়া নৃ-গোষ্ঠীয় সম্প্রদায়বোৰৰ নাম সংযুক্ত কৰক :


তালিকা-I — তালিকা-II

a. ফাৰকান্তি নৃত্য — 1. গাৰো

b. বুহুৱা নৃত্য — 2. টিৱা

c. ৱাংগালা নৃত্য — 3. ৰাভা

d. লেংখুন নৃত্য — 4. সোণোৱাল কছাৰী

নিম্নোক্ত সংকেতবোৰ ব্যৱহাৰ কৰি শুদ্ধ যোৰটো বাছনি কৰক।

(A) a-2, b-4, c-3, d-1
(B) a-1, b-2, c-4, d-3
(C) a-3, b-1, c-2, d-4
(D) a-3, b-4, c-1, d-2

উত্তৰ:- (D) a-3, b-4, c-1, d-2

10. তালিকা-I ত দিয়া অসমৰ নৱ-বৈষ্ণৱবাদৰ সংহতিবোৰৰ সৈতে তালিকা-II ত দিয়া নির্দিষ্ট সংহতিৰ অধীনত থকা সত্ৰৰ নাম সংযুক্ত কৰক:


তালিকা-I — তালিকা-II

a. ব্রহ্ম সংহতি — 1. নৰোৱা সত্র
b. পুৰুষ সংহতি — 2. কমলাবাৰী সত্ৰ
c. নিকা সংহতি — 3. আউনিআটি সত্র
d. কাল সংহতি — 4. মায়ামৰা সত্ৰ

নিম্নোক্ত সংকেতবোৰ ব্যৱহাৰ কৰি শুদ্ধ যোৰটো বাছনি কৰক।

(A) a-4, b-1, c-3, d-2
(B) a-3, b-4, c-1, d-2
(C) a-1, b-3, c-2, d-4
(D) a-3, b-1, c-2, d-4

উত্তৰ:- (D) a-3, b-1, c-2, d-4

11. তালিকা-I ত দিয়া আন্দোলনবোৰৰ সৈতে তালিকা-II ত দিয়া সেই আন্দোলনবোৰক নেতৃত্ব দিয়া সংগঠক/সংগঠনৰ নাম সংযুক্ত কৰক :


তালিকা-I — তালিকা-II

a. চিপকো আন্দোলন — 1. ছিংভূমৰ জনগোষ্ঠীসমূহ

b. নর্মদা বচাও আন্দোলন — 2. পাণ্ডুৰংগা হেগড়ে

c. এপিকো আন্দোলন — 3. সুন্দৰলাল বহুগুণা

d. জাংগল বচাও আন্দোলন — 4. মেধা পাট্‌কাৰ আৰু বাবা আমটে

নিম্নোক্ত সংকেতবোৰ ব্যৱহাৰ কৰি শুদ্ধ যোৰটো বাছনি কৰক।

(A) a-2, b-3, c-4, d-1
(B) a-3, b-2, c-4, d-1
(C) a-3, b-4, c-1, d-2
(D) a-1, b-3, c-4, d-2

উত্তৰ:- (C) a-3, b-4, c-1, d-2

12. তালিকা-I ত দিয়া ভাৰতীয় শাস্ত্রীয় সাহিত্যকৰ্মৰ সৈতে তালিকা-II ত দিয়া লেখকৰ নাম সংযুক্ত কৰক :


তালিকা-I — তালিকা-II

a. গোৰা — 1. শৰৎ চন্দ্ৰ চট্টোপাধ্যায়

b. দ্য গাইড্ — 2. মুন্সী প্রেমচন্দ

c. দেৱদাস — 3. আৰ. কে. নাৰায়ণ

d. গোদান — 4. ৰবীন্দ্ৰনাথ ঠাকুৰ

নিম্নোক্ত সংকেতবোৰ ব্যৱহাৰ কৰি শুদ্ধ যোৰটো বাছনি কৰক।

(A) a-2, b-4, c-1, d-3
(B) a-4, b-3, c-1, d-2
(C) a-2, b-1, c-4, d-3
(D) a-3, b-2, c-1, d-4

উত্তৰ:- (B) a-4, b-3, c-1, d-2

13. নিম্নোক্তবোৰ ব্ৰহ্মপুত্ৰৰ কিছুমান উপনদী। সেইবোৰক দুটা ভাগত শ্রেণীভুক্ত কৰক-(ⅰ) কোনবোৰ ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰে আছে আৰু (ii) কোনবোৰ ব্ৰহ্মপুত্ৰৰ দক্ষিণপাৰত আছে।


1. কলং                  2. বৰগাং 
3. আই                   4. কৃষ্ণাই 
5. বেলশিৰি            6. মানাহ 
7. দিচাং                 ৪. দিক্রং 
9. জাঁজি                10. কাকডোঙ্গা

নিম্নোক্তবোৰৰ পৰা শুদ্ধ গুচ্ছবোৰ বাছনি কৰক।

(A) উত্তৰপাৰত থকা: 1, 3, 5, 8, 9 | দক্ষিণপাৰত থকা: 2, 4, 6, 7, 10

(B) উত্তৰপাৰত থকা: 3, 5, 7, 9, 10 | দক্ষিণপাৰত থকা: 1, 2, 4, 6, 8

(C) উত্তৰপাৰত থকা: 3, 4, 9, 1, 2 | দক্ষিণপাৰত থকা: 5, 6, 7, 8, 10

(D) উত্তৰপাৰত থকা: 2, 3, 5, 6, 8 | দক্ষিণপাৰত থকা: 1, 4, 7, 9, 10

উত্তৰ:- (D) উত্তৰপাৰত থকা: 2, 3, 5, 6, 8 | দক্ষিণপাৰত থকা: 1, 4, 7, 9, 10

14. নিম্নোক্ত উক্তিবোৰ বিবেচনা কৰক:


1. ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে সমসাময়িক ভূ-ৰাজনৈতিক বাস্তৱতাক প্রতিবিম্বিত কৰে।

2. G20য়ে বিশ্বৰ সৰ্বমুঠ দেশীয় উৎপাদন আৰু জনসংখ্যাৰ এটা বৃহৎ অংশ প্রতিনিধিত্ব কৰা দেশবোৰক অন্তর্ভুক্ত কৰে।

3. আন্তর্জাতিক মুদ্রা নিধিয়ে নিম্ন আয়ৰ দেশবোৰক দীর্ঘম্যাদী উন্নয়নমূলক বিত্ত যোগান ধৰে।

ওপৰত দিয়া উক্তিসমূহৰ পৰা কোনটো/কোনবোৰ শুদ্ধ?

(A) কেৱল 2
(B) কেৱল 1 আৰু 2
(C) কেৱল 2 আৰু 3
(D) 1, 2 আৰু 3

উত্তৰ:- (A) কেৱল 2

15. 2025 চনত ব্রাজিলৰ ৰিঅ'-ডি-জেনেৰিঅ'ত অনুষ্ঠিত 17তম ব্রিক্স (BRICS) সম্মিলনত ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীদেৱে তলত উল্লেখ কৰা ধৰণে কেতবোৰ পৰামৰ্শ আগবঢ়াইছিল:


1. অতি গুৰুত্বপূর্ণ খনিজ দ্ৰব্যৰ যোগান শৃংখলক নিৰাপদ আৰু স্থিতিস্থাপক কৰা

2. কৃত্রিম বুদ্ধিমত্তাৰ দায়িত্বপূর্ণ ব্যৱহাৰ উন্নত কৰা

3. আঞ্চলিক নিৰাপত্তাৰ বাবে এটা একত্রিত ব্রিক্স সামৰিক বাহিনী গঠন কৰা

4. এটা বিজ্ঞান আৰু গৱেষণা ভঁৰাল স্থাপন কৰা

নিম্নোক্ত সংকেতবোৰ ব্যৱহাৰ কৰি শুদ্ধ পৰামৰ্শবোৰ বাছনি কৰক।

(A) 1, 2 আৰু 3
(B) 1, 3 আৰু 4
(C) 1, 2 আৰু 4
(D) 2, 3 আৰু 4

উত্তৰ:- (C) 1, 2 আৰু 4

16. নিম্নোক্তবোৰ বিবেচনা কৰক:


1. ভাৰতে 85% তকৈ অধিক খাৰুৱা তেল আমদানি কৰে।

2. ৰাছিয়াই হৈছে ভাৰতলৈ খাৰুৱা তেলৰ সৰ্ববৃহৎ যোগানকাৰী।

3. ভাৰতৰ কৌশলগত পেট্ৰ'লৰ ভাণ্ডাৰে কেৱল 9 দিনৰ জৰুৰীকালীন প্রয়োজনীয়তাহে পূৰাব পাৰে।

4. তৈল বিপণনকাৰী কোম্পানীবোৰেও দেশৰ প্রায় 2 মাহৰ প্ৰয়োজনীয়তা পূৰাব পৰাকৈ পৃথকভাৱে এটা ভাণ্ডাৰ ৰক্ষা কৰে।

নিম্নোক্ত সংকেতবোৰ ব্যৱহাৰ কৰি শুদ্ধ উত্তৰটো বাছনি কৰক।

(A) কেৱল 1 আৰু 2
(B) কেৱল 1 আৰু 3
(C) কেৱল 1, 3 আৰু 4
(D) 1, 2, 3 আৰু 4

উত্তৰ:- (D) 1, 2, 3 আৰু 4

17. 'প্রত্যক্ষ বায়ু বন্দী (Direct Air Capture)' হৈছে এটা উদীয়মান প্রযুক্তি। নিম্নোক্ত কোনটো 'প্রত্যক্ষ বায়ু বন্দী'ৰ ক্ষেত্ৰত সত্য?


(A) ভঁৰাল বা অন্য ব্যৱহাৰৰ কাৰণে কাৰ্বন ডাই অক্সাইড (CO₂) পৃথকীকৰণ কৰিবলৈ ব্যৱহাৰ কৰা এইটো এটা প্রযুক্তি।

(B) এই প্রযুক্তিয়ে আমাক বায়ুমণ্ডলৰ পৰা CO₂ উলিয়াবলৈ আৰু সেইবোৰ সাগৰত এৰি দিবলৈ সহায় কৰে।

(C) এই প্রযুক্তিয়ে CO₂ ক বায়ুৰ পৰা কাৰ্বন আৰু অক্সিজেনলৈ ৰাসায়নিকভাৱে ভঙাত সহায় কৰে।

(D) ওপৰৰ এটাও নহয়

উত্তৰ:- (A) ভঁৰাল বা অন্য ব্যৱহাৰৰ কাৰণে কাৰ্বন ডাই অক্সাইড (CO₂) পৃথকীকৰণ কৰিবলৈ ব্যৱহাৰ কৰা এইটো এটা প্রযুক্তি।

18. নিম্নোক্ত কোনটো উক্তি 'সেউজ জলবায়ু নিধি (Green Climate Fund)'ৰ ক্ষেত্ৰত সত্য নহয়?


(A) এইটো বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ জলবায়ু বিত্ত যোগানকাৰী।

(B) ভাৰতবৰ্ষই 'সেউজ জলবায়ু নিধি'ৰ অধীনত প্ৰকল্পৰ বাবে বিত্ত লাভ কৰে।

(C) ৰাষ্ট্ৰসংঘ জলবায়ু পৰিৱৰ্তন কাঠামো সম্মিলনৰ কাঠামোৰ অধীনত এই নিধি প্ৰতিষ্ঠা কৰা হৈছিল।

(D) 'সেউজ জলবায়ু নিধি'ৰ মুখ্য কাৰ্যালয় চুইজাৰলেণ্ডৰ জেনেভাত অৱস্থিত।

উত্তৰ:- (D) 'সেউজ জলবায়ু নিধি'ৰ মুখ্য কাৰ্যালয় চুইজাৰলেণ্ডৰ জেনেভাত অৱস্থিত।

19. কোৱান্টাম কম্পিউটাৰ (কোৱান্টাম গণনা)ৰ সন্দৰ্ভত নিম্নোক্ত উক্তিবোৰ বিবেচনা কৰক :


1. এইটো এটা দ্রুতগতিত বিকশিত ক্ষেত্ৰ যিটোৱে কোৱান্টাম বলবিদ্যাক দ্বৈত বিচ (binary bits)ৰ পৰিৱৰ্তে কিউবিট্‌চ (qubits) ব্যৱহাৰ কৰি তথ্য প্ৰক্ৰিয়াকৰণ কৰিবলৈ ব্যৱহাৰ কৰে।

2. বিশ্বৰ বৃহৎ কম্পিউটাৰ কোম্পানীবোৰে কোৱান্টাম কম্পিউটাৰৰ ব্যৱহাৰিক আৰ্হি নিৰ্মাণ কৰিবলৈ প্রতিযোগিতা কৰি আছে।

3. মাইক্ৰচফ্টৰ 'মেজৰাণা 1 (Majorana 1)' হৈছে স্থানাকৃতিক কিউবিট্‌চৰ দ্বাৰা চালিত বিশ্বৰ প্ৰথম কোৱান্টাম প্রক্রিয়ক (quantum processor)।

নিম্নোক্ত সংকেতবোৰ ব্যৱহাৰ কৰি শুদ্ধ উত্তৰটো বাছনি কৰক।

(A) কেৱল 1
(B) কেৱল 1 আৰু 2
(C) 1, 2 আৰু 3
(D) ওপৰৰ এটাও নহয়

উত্তৰ:- (C) 1, 2 আৰু 3

20. চলিথকা ফিফা বিশ্বকাপ, 2026 (ফুটবল)-ৰ ক্ষেত্ৰত কোনটো/কোনবোৰ উক্তি সত্য?


1. প্রতিযোগিতাখনত মুঠ 32টা দলে অংশগ্রহণ কৰিছে।

2. প্রতিযোগিতাখন আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা আৰু মেক্সিকোৱে যৌথভাৱে আয়োজন কৰিছে।

3. পোনপ্ৰথমবাৰৰ বাবে ফিফা বিশ্বকাপত তিনিখন দেশে অংশগ্ৰহণ কৰিছে।

নিম্নোক্ত সংকেতবোৰৰ পৰা শুদ্ধ উত্তৰটো বাছনি কৰক।

(A) কেৱল 1
(B) কেৱল 2 আৰু 3
(C) কেৱল 1 আৰু 2
(D) 1, 2 আৰু 3

উত্তৰ:- (B) কেৱল 2 আৰু 3

21. 'বেগ্রাম হাতীদাঁতৰ শিল্প (Begram Ivories)' প্ৰচলনৰ ইতিহাস -


(A) প্রথম শতাব্দী অথবা দ্বিতীয় শতাব্দীত হ'ব পাৰে

(B) তৃতীয় শতাব্দীৰ পৰা পঞ্চম শতাব্দীৰ ভিতৰত হ'ব পাৰে

(C) খ্রীষ্টপূর্ব তৃতীয় শতাব্দীৰ পৰা খ্ৰীষ্টপূর্ব প্রথম শতাব্দীৰ ভিতৰত হ'ব পাৰে

(D) ষষ্ঠ শতাব্দীৰ পৰা সপ্তম শতাব্দীৰ ভিতৰত হ'ব পাৰে

উত্তৰ:- (A) প্রথম শতাব্দী অথবা দ্বিতীয় শতাব্দীত হ'ব পাৰে

22. উড়িষ্যাৰ উদয়গিৰি আৰু খণ্ডগিৰি পাহাৰৰ শিলত কটা গুহাবোৰ নিম্নোক্ত কোনটোৰ সৈতে জড়িত?


(A) বৌদ্ধধৰ্মৰ মহাযান পন্থা
(B) বৌদ্ধধৰ্মৰ হীনযান পন্থা
(C) জৈন ধর্ম
(D) আজিৱিক সম্প্রদায় (Ajivikas)

উত্তৰ:- (C) জৈন ধর্ম

23. বংশখেৰা লিপি নিম্নোক্ত কোনগৰাকী ৰজাৰ সৈতে জড়িত?


(A) অশোক
(B) কনিষ্ক
(C) হর্ষবর্ধন
(D) ধর্মপাল

উত্তৰ:- (C) হর্ষবর্ধন

24. ঋগবেদত উল্লেখ থকা প্ৰাচীন নদী সৰস্বতী নিম্নোক্ত নদীবোৰৰ কোনটোৰ সৈতে জড়িত?


(A) গঙ্গা
(B) যমুনা
(C) শতদ্রু
(D) ঘগ্গৰ-হাক্রা

উত্তৰ:- (D) ঘগ্গৰ-হাক্রা

25. প্রাচীন অসমৰ নিম্নোক্ত শিলালিপিবোৰৰ কোনটো ভাস্কববর্মনে প্ৰৱৰ্তন কৰিছিল?


(A) ডুবি তাম্রফলক
(B) নাগাজৰী শিলালিপি
(C) তেজপুৰ তাম্রফলক
(D) বৰগাঁও তাম্রফলক

উত্তৰ:- (A) ডুবি তাম্রফলক



Post a Comment (0)
Previous Post Next Post
Live Online

কুইজ টেষ্টত অংশগ্ৰহণ কৰক

পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে অনুশীলন আৰম্ভ কৰক।

টেষ্ট আৰম্ভ কৰক →