১৭/০১/২০২৬
অসম চৰকাৰৰ 'শিল্পী বঁটা-২০২৬'
প্ৰশ্ন : ২০২৬ বৰ্ষৰ 'শিল্পী বঁটা'ৰ বাবে নিৰ্বাচিত ব্যক্তিসকল কোন কোন?
উত্তৰ: সদ্যপ্ৰয়াত কণ্ঠশিল্পী সমৰ হাজৰিকা (মৰণোত্তৰভাৱে) আৰু কামৰূপী লোকগীতৰ শিল্পী শ্ৰীমতী ধনদা পাঠক।
প্ৰশ্ন : 'কৃষ্ণকান্ত সন্দিকৈ স্মাৰক বঁটা' কাৰ নামত ঘোষণা কৰা হৈছে?
উত্তৰ: মনেশ্বৰ দেউৰী।
প্ৰশ্ন : ড° অমলেন্দু চক্ৰৱৰ্তীক কোনটো সন্মানীয় বঁটাৰে বিভূষিত কৰা হৈছে?
উত্তৰ: গোপীনাথ বৰদলৈ ৰাষ্ট্ৰীয় সংহতি বঁটা।
প্ৰশ্ন : 'নটসূৰ্য ফণী শৰ্মা বঁটা'ৰ বাবে মনোনীত হোৱা শিল্পীগৰাকী কোন?
উত্তৰ: কৰুণা ডেকা।
প্ৰশ্ন : অৰূপ মান্নাক কোনটো বিশেষ বঁটাৰে সন্মানিত কৰা হৈছে?
উত্তৰ: ড° ভবেন্দ্ৰ নাথ শইকীয়া বঁটা।
প্ৰশ্ন : অৱনী ৰঞ্জন পাঠকলৈ কোনটো বঁটা আগবঢ়োৱা হৈছে?
উত্তৰ: বিজু ফুকন বঁটা।
২৫/০১/২০২৬
২০২৬ চনৰ পদ্মশ্ৰী বঁটাপ্ৰাপক (অসম) সম্পৰ্কীয় প্ৰশ্নোত্তৰ-
প্ৰশ্ন : ২০২৬ বৰ্ষত অসমৰ কিমানগৰাকী ব্যক্তিয়ে পদ্মশ্ৰী বঁটা লাভ কৰিছে?
উত্তৰ: পাঁচগৰাকী।
প্ৰশ্ন : কবিন্দ্ৰ পুৰকায়স্থক কোনটো ক্ষেত্ৰত মৰণোত্তৰভাৱে পদ্মশ্ৰী বঁটা প্ৰদান কৰা হৈছে?
উত্তৰ: ৰাজহুৱা সেৱা।
প্ৰশ্ন : সত্ৰীয়া সংস্কৃতিৰ সাধক হৰিচৰণ শইকীয়াই কোনটো ক্ষেত্ৰত পদ্মশ্ৰী লাভ কৰিছে?
উত্তৰ: কলা।
প্ৰশ্ন : কৃষি আৰু ৰেচম উদ্যোগলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে কোনে পদ্মশ্ৰী লাভ কৰিছে?
উত্তৰ: ড° যোগেশ দেউৰী।
প্ৰশ্ন : ২০২৬ চনত পদ্মশ্ৰী বঁটা লাভ কৰা অসমৰ ভাস্কৰ্য শিল্পী আৰু কলা নিৰ্দেশকগৰাকী কোন?
উত্তৰ: নুৰুদ্দিন আহমেদ।
প্ৰশ্ন : পখিলা লেকথেপীক কি হিচাপে পদ্মশ্ৰী সন্মানেৰে বিভূষিত কৰা হৈছে?
উত্তৰ: লোকশিল্পী।
৭/০২/২০২৬
প্ৰশ্ন: অসমৰ কোনখন আৰক্ষী থানাই শেহতীয়াকৈ ৰাজ্যখনৰ ভিতৰতে 'শ্ৰেষ্ঠ থানা'ৰ সন্মান লাভ কৰিছে?
উত্তৰ: শিৱসাগৰ জিলাৰ ডিমৌ আৰক্ষী থানাই।
প্ৰশ্ন: এই 'শ্ৰেষ্ঠ থানা'ৰ সন্মান কোনে প্ৰদান কৰিছে?
উত্তৰ: ভাৰত চৰকাৰৰ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে (Ministry of Home Affairs) এই সন্মান আগবঢ়াইছে।
_________________________________________________
১০/০২/২০২৬
প্ৰশ্ন : শেহতীয়াকৈ ৩৫০ কিলোমিটাৰ Open Sea Relay সম্পন্ন কৰি ইতিহাস ৰচনা কৰা অসমৰ সাতোঁৰবিদগৰাকীৰ নাম কি?
উত্তৰ: সাতোঁৰবিদগৰাকীৰ নাম হৈছে এলভিছ আলী হাজৰিকা।
প্ৰশ্ন : এই কঠিন প্ৰত্যাহ্বানটো তেওঁ কোন ঠাইৰ সাগৰত সম্পন্ন কৰিছিল?
উত্তৰ: তেওঁ গোৱাৰ উপকূলৰ মুকলি সাগৰত এই কৃতিত্ব অৰ্জন কৰিছিল।
প্ৰশ্ন : এলভিছ আলী হাজৰিকাই এই ৩৫০ কিলোমিটাৰ অতিক্ৰম কৰিবলৈ কিমান সময় লৈছিল?
উত্তৰ: এই ৩৫০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিবলৈ তেওঁ চাৰিদিনত একেৰাহে মুঠ ৮০ ঘণ্টা সময় লৈছিল।
প্ৰশ্ন : এই অভিলেখটো কেতিয়া আৰু কিমান দিনৰ ভিতৰত গঢ়া হৈছিল?
উত্তৰ: ২০২৬ চনৰ ৬ ফেব্ৰুৱাৰীৰ পৰা ৯ ফেব্ৰুৱাৰী লৈ এই চাৰিটা দিনৰ ভিতৰত এই ঐতিহাসিক অভিলেখ গঢ়া হৈছিল।
১২/০২/২০২৬
সদৌ অসম সাংবাদিক সন্থাৰ ২০২৬ বৰ্ষৰ সাংবাদিকতা বঁটা
প্ৰশ্ন ১: ২০২৬ বৰ্ষৰ 'প্ৰফুল্ল চন্দ্ৰ বৰুৱা সোঁৱৰণী জীৱনজোৰা সাধনা বঁটা' কাক প্ৰদান কৰা হৈছে?
উত্তৰ: প্ৰবীণ সাংবাদিক তথা সাংবাদিক পেঞ্চনাৰ নৰেন বৰালৈ।
প্ৰশ্ন ২: 'ৰাধিকা মোহন ভাগৱতী সোঁৱৰণী সাংবাদিকতা বঁটা'ৰ বাবে কাক নিৰ্বাচিত কৰা হৈছে?
উত্তৰ: 'প্ৰতিদিন টাইম'ৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াক।
প্ৰশ্ন ৩: ডি ৱাই ৩৬৫ (DY365) ৰ মুখ্য সম্পাদক অদীপ কুমাৰ ফুকনলৈ কোনটো বঁটা আগবঢ়োৱা হৈছে?
উত্তৰ: শ্বহীদ সাংবাদিক মাণিক দেউৰী সোঁৱৰণী সাংবাদিকতা বঁটা।
প্ৰশ্ন ৪: 'প্ৰান্তিক'ৰ কাৰ্যবাহী সম্পাদক ইমৰাণ হুছেইনক কোনটো সন্মানেৰে বিভূষিত কৰা হৈছে?
উত্তৰ: সাংবাদিক হৰি বৰ্মন সোঁৱৰণী সাংবাদিকতা বঁটা।
____________________________________________________________
১৩/০২/২০২৬
প্ৰশ্ন ১: IPL 2026 ৰ বাবে ৰাজস্থান ৰয়েলছৰ নতুন অধিনায়ক কোন?
উত্তৰ: অসমৰ তাৰকা অলৰাউণ্ডাৰ ৰিয়ান পৰাগ। তেওঁ সঞ্জু ছেমছনৰ স্থানত এই দায়িত্ব গ্ৰহণ কৰিব।
প্ৰশ্ন ২: মধ্য অসম ৰেডিঅ' শ্ৰোতা সংঘই প্ৰৱৰ্তন কৰা 'লোকশিল্পী বঁটা-২০২৬' কোনগৰাকী ব্যক্তিক প্ৰদান কৰা হৈছে?
উত্তৰ: এই সন্মানীয় বঁটা বিশিষ্ট লোকশিল্পী প্ৰতিভা দেৱীক আনুষ্ঠানিকভাৱে প্ৰদান কৰা হৈছে।
১৪/০২/২০২৬
প্ৰশ্ন ১: ১৪ ফেব্ৰুৱাৰী ২০২৬ তাৰিখে মৰাণত কি বিশেষ কাৰ্যসূচী অনুষ্ঠিত হৈছিল?
উত্তৰ: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মৰাণৰ ইমাৰজেন্সী লেণ্ডিং ফিল্ডত (Emergency Landing Field) ভাৰতীয় বায়ুসেনাৰ এক আকৰ্ষণীয় এয়াৰ শ্ব’ উপভোগ কৰে। য’ত ছুখই (Sukhoi) আৰু ৰাফেলৰ (Rafale) দৰে যুদ্ধ বিমানে আকাশমাৰ্গত বিভিন্ন কৌশল প্ৰদৰ্শন কৰিছিল। মৰাণৰ লেণ্ডিং ফিল্ডৰ জৰিয়তে জৰুৰীকালীন অৱস্থাত বায়ুসেনাৰ সক্ষমতা পৰীক্ষা কৰা।
প্ৰশ্ন ২: গুৱাহাটীৰ যোগাযোগ ব্যৱস্থাত বৈপ্লৱিক পৰিৱৰ্তন অনা কোনখন সেতু প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিলে?
উত্তৰ: বহু প্ৰতীক্ষিত গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী কুমাৰ ভাস্কৰ বৰ্মা সেতু। এই সেতুখনে ব্ৰহ্মপুত্ৰৰ দুই পাৰৰ মাজত যাতায়াত অতি সহজ কৰি তুলিব।
প্ৰশ্ন ৩: আমিনগাঁৱত থকা নতুন 'ডাটা চেণ্টাৰ'টো কোনে নিৰ্মাণ কৰিছে আৰু ইয়াৰ উদ্বোধন ক’ৰ পৰা হ’ল?
উত্তৰ: আমিনগাঁৱত এই ডাটা চেণ্টাৰটো এন আই চি (NIC)-এ নিৰ্মাণ কৰিছে। প্ৰধানমন্ত্ৰীয়ে গুৱাহাটীৰ লাচিত ঘাটৰ পৰাই ইয়াক আনুষ্ঠানিকভাৱে মুকলি কৰে। NIC ডাটা চেণ্টাৰৰ জৰিয়তে অসমক তথ্য-প্ৰযুক্তিৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলা।
উত্তৰ-পূৰ্বাঞ্চলৰ বাবে নিৰ্মিত 'ৰাষ্ট্ৰীয় তথ্য কেন্দ্ৰ' (NDC) টো ক'ত অৱস্থিত?
উত্তৰ: এই কেন্দ্ৰটো অসমৰ কামৰূপ জিলাৰ আমিনগাঁৱত অৱস্থিত।
এই কেন্দ্ৰটো কোনে মুকলি কৰিছে আৰু কেতিয়া?
উত্তৰ: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ২০২৬ চনৰ ১৪ ফেব্ৰুৱাৰী তাৰিখে এই অত্যাধুনিক কেন্দ্ৰটো আনুষ্ঠানিকভাৱে মুকলি কৰে।
এই প্ৰকল্পটো কাৰ দ্বাৰা বিকশিত কৰা হৈছে?
উত্তৰ: এই কেন্দ্ৰটো NIC (National Informatics Centre) আৰু NICSI (NIC Services Inc.) ৰ দ্বাৰা যুটীয়াভাৱে বিকশিত কৰা হৈছে।
প্ৰশ্ন ৪: গুৱাহাটীৰ পৰিৱেশ অনুকূল যাতায়াতৰ বাবে প্ৰধানমন্ত্ৰীয়ে কি বিশেষ সেৱা আগবঢ়াইছে?
উত্তৰ: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে গুৱাহাটীৰ যাতায়াতৰ সুবিধাৰ বাবে ১০০খন নতুন বৈদ্যুতিক বাছ (Green Buses) মুকলি কৰিছে।
কেন্দ্ৰীয় গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ৰ 'পি এম ই-বাছ সেৱা' (PM e-Bus Sewa) আঁচনিৰ অধীনত এই সেৱা আৰম্ভ কৰা হৈছে।
কুমাৰ ভাস্কৰ বৰ্মা সেতু:
প্ৰশ্ন ১: গুৱাহাটী আৰু উত্তৰ গুৱাহাটীক সংযোগ কৰা নতুন দলংখনৰ নাম কি?
উত্তৰ: এই দলংখনৰ নাম হৈছে 'কুমাৰ ভাস্কৰ বৰ্মা সেতু'। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এই দলংখন ১৪ ফেব্ৰুৱাৰী ২০২৬ তাৰিখে ৰাইজৰ বাবে উৎসৰ্গা কৰিছে।
প্ৰশ্ন ২: এই দলংখন নিৰ্মাণ কৰিবলৈ মুঠ কিমান টকা ব্যয় হৈছে?
উত্তৰ: এই বিশাল প্ৰকল্পটোত মুঠ ৩০৩০ কোটি টকা ব্যয় কৰা হৈছে।
প্ৰশ্ন ৩: কুমাৰ ভাস্কৰ বৰ্মা সেতুৰ দৈৰ্ঘ্য আৰু প্ৰস্থ কিমান?
উত্তৰ: মূল দলঙৰ দৈৰ্ঘ্য: ১.২৪ কিলোমিটাৰ।
মূল দলঙৰ প্ৰস্থ: ৩৩ মিটাৰ।
উৰণ সেতুৰ দৈৰ্ঘ্য: ২.৭৬ কিলোমিটাৰ।
সংযোগ পথৰ দৈৰ্ঘ্য: ৩.৬৫ কিলোমিটাৰ।
প্ৰশ্ন ৪: এই দলংখনৰ নিৰ্মাণত ব্যৱহাৰ হোৱা বিশেষ প্ৰযুক্তি বা সামগ্ৰী কি?
উত্তৰ: এই দলংখনত ২০০ মিটাৰকৈ মাল্টি-স্পেন এক্সট্ৰাড’জড্ (Multi-span Extradosed) সজ্জা ব্যৱহাৰ কৰা হৈছে। লগতে ইয়াৰ স্থায়িত্বৰ বাবে M70 গ্ৰেডৰ উচ্চ মানদণ্ডৰ কংক্ৰীট ব্যৱহাৰ কৰা হৈছে।
১৫/০২/২০২৬
অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটা (২০২০-২১) বিষয়ক তথ্যৰ আধাৰত প্ৰয়োজনীয় প্ৰশ্নোত্তৰসমূহ তলত দিয়া হ’ল:
১৫/০২/২০২৬
২০২০ বৰ্ষৰ বঁটা বিষয়ক প্ৰশ্নোত্তৰ:
প্ৰশ্ন ১: ২০২০ বৰ্ষৰ অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটাত কোনখন ছবিয়ে 'শ্ৰেষ্ঠ চলচ্চিত্ৰ'ৰ সন্মান লাভ কৰিছে?
উত্তৰ: বেলকনিত ভগৱান।
প্ৰশ্ন ২: 'বেলকনিত ভগৱান' ছবিখনৰ বাবে কোনে শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰিছে?
উত্তৰ: বিশ্বজিৎ বৰা।
প্ৰশ্ন ৩: ২০২০ বৰ্ষৰ শ্ৰেষ্ঠ অভিনেতা আৰু অভিনেত্ৰী কোন আছিল?
উত্তৰ: শ্ৰেষ্ঠ অভিনেতা হৰিশ খান্না (বেলকনিত ভগৱান) আৰু শ্ৰেষ্ঠ অভিনেত্ৰী মন্দাকিনী গোস্বামী (মন্টুৰ মনটো)।
প্ৰশ্ন ৪: ২০২০ চনৰ শ্ৰেষ্ঠ নেপথ্য কণ্ঠশিল্পী (পুৰুষ আৰু মহিলা) কোন কোন?
উত্তৰ: পুৰুষ কণ্ঠশিল্পী শংকুৰাজ কোঁৱৰ আৰু মহিলা কণ্ঠশিল্পী জুবলী বৰুৱা।
প্ৰশ্ন ৫: 'ছেমখৰ' ছবিখনৰ বাবে কোনে শ্ৰেষ্ঠ চিনেমাট’গ্ৰাফীৰ বঁটা লাভ কৰিছে?
উত্তৰ: প্ৰদীপ দৈমাৰী।
২০২১ বৰ্ষৰ বঁটা বিষয়ক প্ৰশ্নোত্তৰ:
প্ৰশ্ন ৬: ২০২১ বৰ্ষৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ হিচাপে বিবেচিত ছবিখনৰ নাম কি?
উত্তৰ: শব্দ নিঃশব্দ কোলাহল।
প্ৰশ্ন ৭: ২০২১ বৰ্ষৰ শ্ৰেষ্ঠ অভিনেতা কোন আৰু তেওঁ কোনখন ছবিৰ বাবে এই বঁটা পাইছে?
উত্তৰ: জীত বৰুৱা, 'শব্দ নিঃশব্দ কোলাহল' ছবিখনৰ বাবে।
প্ৰশ্ন ৮: 'বুলু ফিল্ম' ছবিখনৰ বাবে কোনে শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰিছে?
উত্তৰ: প্ৰণামী বৰা।
প্ৰশ্ন ৯: ২০২১ বৰ্ষৰ শ্ৰেষ্ঠ নৱাগত পৰিচালক কোন?
উত্তৰ: প্ৰাঞ্জল কুমাৰ শইকীয়া (ছবি: অকমান)।
প্ৰশ্ন ১০: কোনগৰাকী প্ৰখ্যাত কবিয়ে ২০২১ বৰ্ষৰ শ্ৰেষ্ঠ গীতিকাৰৰ বঁটা (মৰণোত্তৰভাৱে) লাভ কৰিছে?
উত্তৰ: হীৰেন ভট্টাচাৰ্য (ছবি: ছেভেন্থ ষ্ট্ৰিং)।
প্ৰশ্ন ১১: ২০২০ আৰু ২০২১ বৰ্ষৰ বাবে ঘোষণা কৰা এই ৰাজ্যিক চলচ্চিত্ৰ বঁটা কিমান সংস্কৰণ আছিল?
উত্তৰ: নৱম (৯ম) সংস্কৰণ।
প্ৰশ্ন ১২: ২০২০ আৰু ২০২১ বৰ্ষৰ 'অন্য ভাষাৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ' কোন দুখন?
উত্তৰ: ২০২০ চনৰ বাবে 'ছেমখৰ' আৰু ২০২১ চনৰ বাবে 'বুম্বা ৰাইড'।
প্ৰশ্ন ১৩: 'মন্টুৰ মনটো' ছবিখনৰ বাবে কোনে শ্ৰেষ্ঠ চিত্ৰনাট্যকাৰৰ বঁটা লাভ কৰিছে?
উত্তৰ: জিণ্টু ভট্টাচাৰ্য আৰু ৰমেন বৰা।
প্ৰশ্ন ১৪: 'অনুৰ' ছবিখনৰ বাবে ২০২১ চনৰ শ্ৰেষ্ঠ সহ অভিনেতা আৰু সহ অভিনেত্ৰী কোন হৈছিল?
উত্তৰ: শ্ৰেষ্ঠ সহ অভিনেতা বলৰাম দাস আৰু শ্ৰেষ্ঠ সহ অভিনেত্ৰী ৰাজশ্ৰী শৰ্মা।
প্ৰশ্ন ১৫: ২০২১ চনৰ 'জুৰীৰ বিশেষ বঁটা' কাক প্ৰদান কৰা হৈছে?
উত্তৰ: স্বাগতা ভড়ালীক (শব্দ, নিঃশব্দ, কোলাহল)।
প্ৰশ্ন ১৬: বিশিষ্ট সংগীত শিল্পী জে পি দাসক কোনটো বিশেষ বঁটাৰে সন্মানিত কৰা হৈছে?
উত্তৰ: বিশিষ্ট সংগীত শিল্পী জে পি দাসক জয়ন্ত হাজৰিকা বঁটাৰে সন্মানিত কৰা হৈছে।
প্ৰশ্ন ১৭: ২০২০ বৰ্ষৰ 'প্ৰমথেশ বৰুৱা জীৱনজোৰা সাধনা বঁটা' কোনজন ব্যক্তিক প্ৰদান কৰা হৈছে?
উত্তৰ: বিশিষ্ট অভিনেতা দীনেশ দাসলৈ ২০২০ বৰ্ষৰ প্ৰমথেশ বৰুৱা জীৱনজোৰা সাধনা বঁটা আগবঢ়োৱা হৈছে।
____________________________________________________________
যুৱ সাংবাদিক সন্থা অসমৰ অষ্টম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আৰু জীৱন জোৰা সাধনা বঁটা
১৫/০২/২০২৬
১. যুৱ সাংবাদিক সন্থা, অসমৰ এইবেলি কিমান সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়?
উত্তৰ: যুৱ সাংবাদিক সন্থা, অসমৰ এইবেলি অষ্টম (৮ম) বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়।
২. প্ৰতিষ্ঠা দিৱস তথা বিশেষ সম্বৰ্ধনা অনুষ্ঠানটি ক’ত অনুষ্ঠিত হৈছিল?
উত্তৰ: এই অনুষ্ঠানটি গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত হৈছিল।
৩. এই অনুষ্ঠানত কোনগৰাকী বিশিষ্ট ব্যক্তিক ‘জীৱন জোৰা সাধনা বঁটা’ প্ৰদান কৰা হয়?
উত্তৰ: অসমৰ প্ৰবীণ তথা বিশিষ্ট সাংবাদিক হাইদৰ হছেইনক জীৱন জোৰা সাধনা বঁটাৰে সন্মানিত কৰা হয়।
৪. হাইদৰ হছেইনক কিহৰ বাবে এই বিশেষ সন্মান জনোৱা হৈছে?
উত্তৰ: সাংবাদিকতাৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা তেওঁৰ সুদীৰ্ঘ কালৰ অৱদানৰ বাবে তেওঁক এই ‘জীৱন জোৰা সাধনা বঁটা’ প্ৰদান কৰা হৈছে।
__________________________________________________
১৬/০২/২০২৬
প্ৰশ্ন: India AI Impact Summit 2026 ত অসমৰ পৰা অংশগ্ৰহণ কৰা প্ৰতিষ্ঠানটোৰ নাম কি আছিল?
উত্তৰ: আখৰ এ আই (Aakhor AI)
কাব্যানীল তালুকদাৰ আৰু ইন্দ্ৰনীল তালুকদাৰ দুই ভাতৃয়ে মিলি Borno Labs নামৰ মুখ্য প্ৰতিষ্ঠানৰ অন্তৰ্গত Aakhor AI ৰ উদ্ভাৱন কৰে।
____________________________________________________
২১/০২/২০২৬
প্ৰশ্ন: অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমে শেহতীয়াকৈ অসমলৈ অনা বিশেষ ভেনিটি ভেনখনৰ নাম কি?
উত্তৰ: ভেনিটি ভেনখনৰ নাম হৈছে 'জয়মতী'।
প্ৰশ্ন : 'জয়মতী' ভেনিটি ভেনখন ক’ত নিৰ্মাণ কৰা হৈছে আৰু ইয়াৰ আনুমানিক ব্যয় কিমান?
উত্তৰ: ভেনখন মুম্বাইত নিৰ্মাণ কৰা হৈছে আৰু ইয়াৰ নিৰ্মাণ ব্যয় প্ৰায় ৭০ কোটি টকা।
_________________________________________________
২২/০২/২০২৬
আইৰণমেন ৭০.৩
প্ৰশ্ন : শ্ৰীলংকাত আইৰণমেন ৭০.৩ ট্ৰায়াথলন সম্পূৰ্ণ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই অনা খেলুৱৈগৰাকীৰ নাম কি?
উত্তৰ: খেলুৱৈগৰাকীৰ নাম হৈছে দীপন মেধি।
প্ৰশ্ন : আইৰণমেন ৭০.৩ ট্ৰায়াথলনত সাধাৰণতে কোন তিনিটা ক্ৰীড়া ইভেণ্ট অন্তৰ্ভুক্ত থাকে?
উত্তৰ: এই ট্ৰায়াথলনত ১.৯ কিলোমিটাৰ সাঁতোৰ, ৯০ কিলোমিটাৰ চাইক্লিং আৰু ২১ কিলোমিটাৰ দৌৰ অন্তৰ্ভুক্ত থাকে।
প্ৰশ্ন : দীপন মেধিয়ে কিমান সময়ৰ ভিতৰত এই প্ৰতিযোগিতাখন সম্পূৰ্ণ কৰিছিল?
উত্তৰ: নিৰ্ধাৰিত ৮ ঘণ্টা সময়সীমাৰ বিপৰীতে তেওঁ মাত্ৰ ৫ ঘণ্টা ১১ মিনিটত এই লক্ষ্য অতিক্ৰম কৰিছিল।
________________________________________________
২৩/০২/২০২৬
প্ৰশ্ন : ১২ ফেব্ৰুৱাৰীৰ পৰা ২২ ফেব্ৰুৱাৰী ২০২৬ লৈকে জাৰ্মানীৰ ৰাজধানী বাৰ্লিনত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত (76th Berlin International Film Festival) সন্মানীয় বঁটা লাভ কৰা ৰীমা দাসৰ শেহতীয়া ছবিখনৰ নাম কি?
উত্তৰ: ছবিখনৰ নাম হৈছে 'নট এ হিৰো' (Not a Hero)।
প্ৰশ্ন : বাৰ্লিন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত Not a Hero ছবিখনে কোনটো বিশেষ বঁটা লাভ কৰিছে?
উত্তৰ: ছবিখনে সন্মানীয় Crystal Bear Special Mention বঁটা লাভ কৰিছে।
প্ৰশ্ন: উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো ব্যক্তিগত ৰেল ষ্টেচন ক'ত অৱস্থিত আৰু কেতিয়া মুকলি কৰা হৈছিল?
উত্তৰ: উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো ব্যক্তিগত ৰেল ষ্টেচন বা ৰেল টাৰ্মিনেল অসমৰ কামৰূপ জিলাৰ বাইহাটা চাৰিআলিত অৱস্থিত। এই বিশেষ প্ৰকল্পটো ২৩ ফেব্ৰুৱাৰী, ২০২৬ তাৰিখে আনুষ্ঠানিকভাৱে মুকলি কৰা হৈছে। বাইহাটা চাৰিআলিৰ ব্যৱসায়ী কনক ডেকাই নিজ ব্যৱসায়িক ক্ষেত্ৰলৈ নিৰ্মাণ কৰিছে ৰেল কৰিডৰ। এই প্ৰকল্পটো প্ৰায় ২৪৫ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে। এই ৰেল কৰিডৰটোৰ জৰিয়তে বহুতো বহুজাতিক কোম্পানীয়ে Logistic সেৱা যেনে সামগ্ৰী অনা-নিয়া কৰা সুবিধা লাভ কৰিব। (এই ৰেল টাৰ্মিনেল মুকলি কৰে কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাই)।
___________________________________
২৪/০২/২০২৬
প্ৰশ্ন: গুৱাহাটী বিশ্ববিদ্যালয়ৰ কোনগৰাকী অধ্যাপকে শেহতীয়াকৈ ISRO ৰ পৰা গৱেষণা প্ৰকল্প লাভ কৰিছে?
উত্তৰ: ৰসায়ন বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ড° অৰবিন্দ বৰুৱাই।
প্ৰশ্ন: এই গৱেষণা প্ৰকল্পটো ISRO (Indian Space Research Organisation) ৰ কোনটো শাখাৰ অধীনত অনুমোদন জনোৱা হৈছে?
উত্তৰ: Human Space Flight Centre (HSFC)।
প্ৰশ্ন: এই ISRO ৰ গৱেষণা প্ৰকল্পটোৰ বাবে কিমান টকাৰ পুঁজি সাহায্য আগবঢ়োৱা হৈছে?
উত্তৰ: ২৮.৭ লাখ টকা।
প্ৰশ্ন: এই ISRO ৰ গৱেষণাৰ মূল বিষয়বস্তু কি?
উত্তৰ: মহাকাশ কেন্দ্ৰৰ দৰে পৰিৱেশত শস্যৰ স্বাস্থ্য নিৰীক্ষণৰ বাবে এক Nanotechnology-enabled bio-sensing platform বিকশিত কৰা।
২৫/০২/২০২৬
প্ৰশ্ন: বিশ্বখ্যাত বক্সাৰ লাভলীনা বৰগোহাঁই ক্ৰীড়া ক্ষেত্ৰ (Lovlina Borgohain Sports Arena) ক’ত অৱস্থিত আৰু ইয়াৰ শুভ উদ্বোধন কেতিয়া হৈছিল?
উত্তৰ: লাভলীনা বৰগোহাঁই ক্ৰীড়া ক্ষেত্ৰখন লখিমপুৰ জিলাত অৱস্থিত। ইয়াৰ শুভ উদ্বোধন ২০২৬ চনৰ ২৫ ফেব্ৰুৱাৰী তাৰিখে কৰা হৈছিল।
প্ৰশ্ন: এই ক্ৰীড়া প্ৰকল্পটো কোনে উদ্বোধন কৰে?
উত্তৰ: অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই ক্ৰীড়া ক্ষেত্ৰখন শুভ উদ্বোধন কৰে।
____________________________
২৬/০২/২০২৬
প্ৰশ্ন: অসম বিধানসভাত শেহতীয়াকৈ সংযোজন কৰা 'ALISA' কি আৰু ইয়াৰ মুখ্য উদ্দেশ্যসমূহ কি কি?
উত্তৰ: ALISA ৰ সম্পূৰ্ণ নাম হৈছে AI for Legislative Intelligence System of Assam। ই অসম বিধানসভাৰ এক যুগান্তকাৰী পদক্ষেপ, যাৰ জৰিয়তে সংসদীয় কাম-কাজত কৃত্ৰিম বুদ্ধিমত্তাৰ (Artificial Intelligence) প্ৰয়োগ কৰা হৈছে। ইয়াৰ মূল উদ্দেশ্যসমূহ হৈছে - তথ্যৰ সংৰক্ষণ আৰু বিশ্লেষণ, গৱেষণাৰ সুবিধা, সজাগতা আৰু ইতিবাচকতাৰ দিশ সমূহ সামৰি লব এই ALISA ই।
২৭/০২/২০২৬
Filmfare Awards Assamese 2026
প্রশ্ন: শেহতীয়াকৈ হার্টথ্রব জুবিন গাৰ্গক ফিল্মফেয়াৰৰ ফালৰ পৰা কি বিশেষ সন্মানেৰে বিভূষিত কৰা হৈছে?
উত্তৰ: জুবিন গাৰ্গক ফিল্মফেয়াৰ ২০২৬ৰ জীৱনজোৰা সাধনা বঁটা (Lifetime Achievement Award) প্ৰদান কৰা হৈছে।
আমাৰ সকলোৰে হিয়াৰ আমঠু জুবিন গাৰ্গক Filmfare Awards Assamese 2026 ৰ জীৱনজোৰা সাধনা বঁটা, ৰুদ্ৰ চলচ্চিত্ৰ খনৰ 'আগলি অনুভৱে' শীৰ্ষক গীতটোৰ বাবে শ্ৰেষ্ঠ নেপথ্য গায়কৰ বঁটা আৰু 'ৰৈ ৰৈ বিনালে' ৰ বাবে এক বিশেষ স্বীকৃতি বঁটাৰে অতিৰিক্তভাৱে সন্মানিত কৰা হৈছে।
___________________________________
০৭/০৩/২০২৬
SHe-Box
এতিয়াৰে পৰা অসম চৰকাৰৰ সকলো চৰকাৰী বিভাগতে SHe-Box ৰ সুবিধা ব্যৱস্থা কাৰ্যকৰী কৰা হ’ব। ACS বিষয়া হেমাশ্ৰী হাজৰিকাক SHe-Box পৰিচালনাৰ অতিৰিক্ত দায়িত্ব অৰ্পণ কৰা হৈছে। কৰ্মস্থলীত মহিলাসকলৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ আৰু নিৰ্যাতনৰ অভিযোগসমূহ পঞ্জীয়ন কৰিবলৈ এই ব্যৱস্থা হাতত লোৱা হৈছে। SHe-Box ৰ সম্পূৰ্ণ অৰ্থ হৈছে - Sexual Harassment electronic Box
______________________________
১০/০৩/২০২৬
অসমৰ বিজ্ঞান নগৰী (Science City) কোন ঠাইত অৱস্থিত আৰু কেতিয়া মুকলি কৰা হৈছিল?
উত্তৰ:- অসমৰ অত্যাধুনিক বিজ্ঞান নগৰী (Science City) গুৱাহাটীৰ সমীপৱৰ্তী সোণাপুৰৰ টেপেচীয়াত অৱস্থিত।
এই বিজ্ঞান নগৰীখন ২০২৬ চনৰ ১০ মাৰ্চ তাৰিখে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ দ্বাৰা আনুষ্ঠানিকভাৱে মুকলি কৰা হৈছিল।
বৰ্তমান অসমৰ আটাইতকৈ দীঘল উৰণীয়া সেতুখনৰ নাম কি আৰু ই ক’ত অৱস্থিত?
উত্তৰ:- এই উৰণীয়া সেতুখনৰ নাম হৈছে মহাৰাজ পৃথু উৰণীয়া সেতু। ই গুৱাহাটী মহানগৰীত অৱস্থিত।
এই সেতুখন কেতিয়া মুকলি কৰা হৈছিল, ইয়াৰ দৈৰ্ঘ্য কিমান আৰু এই উৰণীয়া সেতুখনে কোন কোন ঠাইক সংযোগ কৰিছে?
উত্তৰ:- এই সেতুখন ১০ মাৰ্চ, ২০২৬ তাৰিখে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিছিল। ইয়াৰ মুঠ দৈৰ্ঘ্য প্ৰায় ৫.৫ কিলোমিটাৰ আৰু এই উৰণীয়া সেতুখনে গুৱাহাটীৰ দীঘলীপুখুৰীৰ পৰা নুনমাটিক পোনপটীয়াকৈ সংযোগ কৰিছে।
