ৰংঘৰ Rang Ghar

ৰংঘৰ Rang Ghar

#ৰংঘৰ
ৰংঘৰ:-  স্বৰ্গদেউ প্ৰমত্ত সিংহৰ ৰাজত্ব কালত (চাওফা চুনেনফাই) ১৭৪৬ চনত ৰংঘৰ নিৰ্মাণ কৰাইছিল। ৰংঘৰ হৈছে এটা ঐতিহাসিক দুমহলীয়া পকী গৃহ, আহোম ৰজাৰ শাসন কালত পেভিলিয়ন ৰূপে ব্যৱহাৰ কৰা হৈছিল। এই ঐতিহাসিক ৰংঘৰৰ পৰাই এসময়ত ৰাজপৰিয়াল আৰু ৰাজ বিষয়াসকলে ৰঙালী বিহুৰ সময়ত অনুষ্ঠিত হোৱা ম'হ যুঁজ, শেন যুঁজকে আদিকৰি বহুতো বিনোদনমূলক কাৰ্য্যসূচী উপভোগ কৰিছিল। ৰংঘৰটো শিৱসাগৰ চহৰৰ পৰা ৩ কিলোমিটাৰ আঁতৰত ৰূপহী পথাৰত অৱস্থিত।

Rang Ghar ৰংঘৰ


স্থাপত্য আৰু ভাস্কৰ্য:- ৰংঘৰৰ আকৃতি আঠকোণীয়া দুটা বাহু দীঘলীয়া। ৰংঘৰৰ চাল অৰ্দ্ধ-বৃত্তাকৃতিৰ, চালৰ ওপৰত দুফালে দুটা মগৰ আকৃতিৰ মূৰ, মধ্যভাগত তিনিটা সৰু সৰু দ'ল। এই ওপৰভাগৰ অংশখিনি নাওঁৰ আকৃতিৰ দৰে। ৰংঘৰৰ ৰং ইটামটিয়া গেৰুৱা আৰু নিৰ্মাণ কাৰ্য্যত ব্যৱহাৰ হোৱা সামগ্ৰী সমূহ হৈছে - মাটিমাহ, বৰা চাউল, হাঁহ কণী, বৰালি মাছ ইত্যাদি।

ৰংঘৰৰ চাৰিসীমা হৈছে:- পূবে তলাতল ঘৰ, পশ্চিমে ৰূপহী পথাৰ, উত্তৰে শিৱসাগৰ নগৰ আৰু দক্ষিণে জেৰেঙা পথাৰ।


Ranghar Key Plan ৰংঘৰ


প্ৰতি বছৰৰ পহিলা ব'হাগৰ দিনটোত স্বৰ্গদেউৰ প্ৰতীকীৰে তলাতল ঘৰৰ প্ৰাঙ্গনৰ পৰা হাতীৰ পিঠিত উঠি স্বৰ্গদেউ বিহু উপভোগৰ বাবে ৰংঘৰলৈ যাত্ৰা কৰে। সেই দিনটোত ৰংঘৰ বাকৰি সাংস্কৃতিক সমন্বয়ৰ থলীলৈ পৰিণত হয়। বিভিন্ন জাতি-জনগোষ্ঠীৰ সাংস্কৃতিক সমাহাৰে চৌপাশ মুখৰিত কৰি তোলে।

কুইজ:-

১/ ৰংঘৰ কোনে সাজিছিল ?

উত্তৰ:- প্ৰমত্ত সিংহই।

২/ ৰংঘৰ কিমান চনত নিৰ্মাণ কৰা হৈছিল?

উত্তৰ:- ১৭৪৬ চনত ৰংঘৰ নিৰ্মাণ কৰা হৈছিল।

৩/ ৰংঘৰ ক'ত অৱস্থিত?

উত্তৰ:- শিৱসাগৰ নগৰৰ পৰা ৩ কিলোমিটাৰমান আঁতৰত তলাতল ঘৰৰ দক্ষিণে, জয়সাগৰৰ পশ্চিমে, অসম ট্ৰাঙ্ক ৰোডৰ কাষত অৱস্থিত।

TET Exam 2024 পেপাৰ-১

ৰুদ্ৰ সিংহই ৰংঘৰ প্ৰথমতে বাঁহ আৰু কাঠেৰে তৈয়াৰ কৰিছিল। পাচত কোনে ইটা আৰু ইটাগঁথা মিশ্রণেৰে ইয়াক তৈয়াৰ কৰিছিল?


(A) শিৱ সিংহ
(B) প্রমত্ত সিংহ
(C) ৰাজেশ্বৰ সিংহ
(D) লক্ষ্মী সিংহ

উত্তৰ:- (B) প্রমত্ত সিংহ



পহিলা ব'হাগৰ দিনটোত ৰংঘৰৰ সন্মুখভাগ ( ফটো :- উদীপ্ত বৰগোহাঁই )





Post a Comment (0)
Previous Post Next Post