ভৌগোলিক স্বীকৃতি বা জি আই টেগৰ বিষয়ে Geographical Indication

 

ভৌগোলিক স্বীকৃতি বা জি আই টেগ (GI Tag) হৈছে কোনো এখন ঠাইৰ সামগ্ৰীৰ ওপৰত প্ৰদান কৰা বিশেষ চিহ্ন বা নাম। যিয়ে সেই ঠাইৰ বা অঞ্চলটোৰ সামগ্ৰীবিধত নিৰ্দিষ্ট স্বীকৃতি প্ৰদান কৰে আৰু সেই সামগ্ৰীৰ দ্বাৰা সেই ঠাই বা অঞ্চলে এটা সুকীয়া পৰিচয় লাভ কৰে৷ এটা অঞ্চলৰ যি উৎপাদিত সামগ্ৰীয়ে গুণগত মানদণ্ডৰ ফালৰ পৰা আৰু অন্যান্য গুণৰ ফালৰ পৰা সুকীয়া বৈশিষ্ট্যৰ অধিকাৰী হোৱাৰ বাবেই GI Tag বা ভৌগোলিক স্বীকৃতি লাভ কৰে। GI Teg ৰ স্বীকৃতি পোৱা সামগ্ৰীবিধে সেই অঞ্চলটোৰ পৰিচয় বিশ্বৰ আগত চিনাকি দিয়ে।
GI Tag ৰ স্বীকৃতি পোৱা সামগ্ৰীৰ উৎপাদন বাণিজ্যিকভাৱে কেৱল নিৰ্দিষ্ট অঞ্চলটোতহে কৰিবৰ বাবে অনুমতি প্ৰদান কৰে আৰু সকলো ফালৰ পৰা আইনী সুৰক্ষা প্ৰদান কৰে।

ভৌগোলিক স্বীকৃতি (GI Tag) লাভ কৰা অসমৰ সামগ্ৰীসমূহ হৈছে:- 

১/ অসমৰ চাহ
২/ অসমৰ মুগা
৩/ কাৰ্বি-আংলংৰ আদা
৪/ তেজপুৰৰ লিচু
৫/ জহা চাউল
৬/ বোকা চাউল
৭/ কাজিনেমু
৮/ চকোৱা চাউল
৯/ গামোচা
১০/ জুডিমা
১১/ বিহু ঢোল
১২/ জাপি
১৩/ সৰ্থেবাৰীৰ কাঁহ শিল্প
১৪/ আশাৰিকান্দিৰ টেৰাকোটা শিল্প
১৫/ পানী মেটেকা শিল্প
১৬/ মিচিং হস্ততাঁত সামগ্ৰী
Post a Comment (0)
Previous Post Next Post


Live Online

কুইজ টেষ্টত অংশগ্ৰহণ কৰক

পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে অনুশীলন আৰম্ভ কৰক।

টেষ্ট আৰম্ভ কৰক →


নতুন আপডেট

Good Samaritan আইনৰ বিষয়ে

আপুনি জানেনে কি আছে এইখন আইনত? Good Samaritan আইনে কোনসকল লোকক আইনী সুৰক্ষা প্ৰদান কৰে?

সম্পূৰ্ণ পঢ়ক →