গোলকীয় বজাৰ: স্থানীয় বজাৰৰ পৰা বিশ্বৰ বিপণীলৈ GI Tag ৰ জৰিয়তে অসমীয়া সামগ্ৰীৰ নতুন পৰিচয়

 

ভৌগোলিক স্বীকৃতি বা জি আই টেগ (GI Tag) হৈছে কোনো এখন ঠাইৰ সামগ্ৰীৰ ওপৰত প্ৰদান কৰা বিশেষ চিহ্ন বা নাম। যিয়ে সেই ঠাইৰ বা অঞ্চলটোৰ সামগ্ৰীবিধত নিৰ্দিষ্ট স্বীকৃতি প্ৰদান কৰে আৰু সেই সামগ্ৰীৰ দ্বাৰা সেই ঠাই বা অঞ্চলে এটা সুকীয়া পৰিচয় লাভ কৰে।

এটা অঞ্চলৰ যি উৎপাদিত সামগ্ৰীয়ে গুণগত মানদণ্ডৰ ফালৰ পৰা আৰু অন্যান্য গুণৰ ফালৰ পৰা সুকীয়া বৈশিষ্ট্যৰ অধিকাৰী হোৱাৰ বাবেই GI Tag বা ভৌগোলিক স্বীকৃতি লাভ কৰে। GI Teg ৰ স্বীকৃতি পোৱা সামগ্ৰীবিধে সেই অঞ্চলটোৰ পৰিচয় বিশ্বৰ আগত চিনাকি দিয়ে।

GI Tag ৰ স্বীকৃতি পোৱা সামগ্ৰীৰ উৎপাদন বাণিজ্যিকভাৱে কেৱল নিৰ্দিষ্ট অঞ্চলটোতহে কৰিবৰ বাবে অনুমতি প্ৰদান কৰে আৰু সকলো ফালৰ পৰা আইনী সুৰক্ষা প্ৰদান কৰে।

ভৌগোলিক স্বীকৃতি (GI Tag) লাভ কৰা অসমৰ সামগ্ৰীসমূহ হৈছে:- 

১/ অসমৰ মুগা শিল্প (২০০৭)
২/ অসমৰ অৰ্থডক্স চাহ (২০০৭)
৩/ কাৰ্বি-আংলংৰ আদা (২০১৫)
৪/ তেজপুৰৰ লিচু (২০১৫)
৫/ জহা চাউল (২০১৭)
৬/ বোকা চাউল (২০১৮)
৭/ কাজিনেমু (২০১৯)
৮/ চকোৱা চাউল (২০২০)
৯/ গামোচা (২০২২)
১০/ জুডিমা (২০২১)
১১/ বিহু ঢোল (২০২৪)
১২/ জাপি (২০২৪)
১৩/ সৰ্থেবাৰীৰ কাঁহ শিল্প (২০২৪)
১৪/ আশাৰিকান্দিৰ টেৰাকোটা শিল্প (২০২৪)
১৫/ পানী মেটেকা শিল্প (২০২৪)
১৬/ মিচিং হস্ততাঁত সামগ্ৰী (২০২৪)
১৭/ মাজুলীৰ সাঁচিপাতৰ চিত্ৰকলা (২০২৪)
১৮/ মাজুলীৰ মুখাশিল্প (২০২৪)
১৯/ অসমীয়া গহনা (২০২৫)
২০/ বড়ো সকলৰ জি আই টেগ লাভ কৰা সামগ্ৰীসমূহ -

খাদ্য আৰু কৃষি -

বড়ো অনলা 
বড়ো নাৰ্জী 
বড়ো মাখাম 
বড়ো কেৰাদাপিনী 
বড়ো গংগাৰ দুঞ্জীয়া 
বড়ো খোৱাখাও

পানীয় -

মাইব্ৰা জৌ বিদ্বি 
বড়ো জৌ গিছি
বড়ো জৌ গোৱাৰণ

সাজ-পাৰ -
বড়ো দখনা
বড়ো এৰী চিল্ক 
বড়ো জৌম্গ্রা 
বড়ো গাম্ছা 
আৰনাই 

বাদ্যযন্ত্ৰ -
বড়ো থৰখা 
বড়ো খাম 
বড়ো চেৰজা
বড়ো চিফুং 
বড়ো গগণা 
বড়ো যোথা 
বড়ো খাৰ্ডউই

২১/ অসমৰ বিহু পেঁপা (২০২৬)
২২/ অসমৰ বাঁহৰ শিল্প (২০২৬)
২৩/ কাৰ্বি আংলং হস্ততাঁত সামগ্ৰী (২০২৬)
২৪/ দেউৰী হস্ততাঁত সামগ্ৰী (২০২৬)  


Post a Comment (0)
Previous Post Next Post