১/ তোক কাটিলে মই কান্দো, তোকো নাকাটি থাকিব নোৱাৰো।
উত্তৰ:- পিয়াঁজ
২/ আছে গুটি বাকলি নাই, মুখত দিলে পমি যায়।
উত্তৰ:- বৰফ
৩/ আগ তিতা, গুৰি মৌ, কি কৰিলা ভেবেলী বৌ।
উত্তৰ:- কুঁহিয়াৰ
৪/ ঘৰৰ ওপৰত ঘৰ, তাতে পৰি মৰ।
উত্তৰ:- আঁঠুৱা
৫/ কি পানীত মাছ নাই?
উত্তৰ:- চকুৰ পানীত
৬/ আহিলা গ'লা, গ'লা-আহিলা, আকৌ নাহিলা।
উত্তৰ:- দাঁত
৭/ লোৰ দামুৰী কাঠৰ গাই, যিমান দিয়া সিমান খায়।
উত্তৰ:- খুন্দনা
৮/ বাঘ নহয় মানুহ খাই, চৰাই নহয় উৰি যায়।
উত্তৰ:- মহ
৯/ পানীত জন্মে, পানীত মৰে।
উত্তৰ:- নিমখ
১০/ তিনিটা আখৰৰ বস্তুটোক সকলোৱে পঢ়ে, প্ৰথমটো এৰি দিলে গৰম অনুভৱ কৰে।
উত্তৰ:- কিতাপ
১১/ চফা হ'লে ক'লা, লেতেৰা হ'লে বগা। এইটোনো কি চেপেটা বস্তু ল'ৰাহঁতক সুধা।
উত্তৰ:- চিলেট
১২/ অলপ পানীত বগলীটো চৰে, পানীকন শুকালে বগলীটো মৰে।
উত্তৰ:- কলম
১৩/ গৰুৰ দৰে ঘাঁহ খায়, পক্ষীৰ দৰে উৰি যায়।
উত্তৰ:- ফৰিং
১৪/ কি পাতৰ আগ নাই?
উত্তৰ:- টিনপাত
১৫/ খালে থিয় হৈ থাকে, নাখালে শুই থাকে?
উত্তৰ:- বস্তা
১৬/ সৰুকালত দুই শিং ডেকা হ'লে সৰে, বুঢ়া কালত দুনাই গজে, আকাশত চৰে।
উত্তৰ:- জোন
১৭/ পেট ডাঙৰ মুখ সৰু, গিলি খায় মানুহ-গৰু।
উত্তৰ:- ঘৰ
১৮/ গছত সেউজীয়া হয়, বজাৰলৈ নিলে ক'লা হয়, খালে ৰঙা হয় কি?
উত্তৰ:- চাহপাত
১৯/ বৃক্ষ নহওঁ মই বৃক্ষৰ সন্তান, মানুহৰ সেৱা কৰোঁ নাই অভিমান।
উত্তৰ:- কাঠ
২০/ অসম দেশৰ বিষম কথা, কি গছৰ পাত গোটা?
উত্তৰ:- পিয়াজ
২১/ এজনী কলী গাই, ঘাটে ঘাটে পানী খায়?
উত্তৰ:- বৰশী
২২/ এঠেঙীয়া বগলী, নিতৌ নাচে গধুলি?
উত্তৰ:- বিচনী
২৩/ পেট আছে পেটু নাই, মুখ আছে জিভা নাই?
উত্তৰ:- কলহ
২৪/ মাক জুটুলী পুতুলী, পুতেক চোকা টেকেলা?
উত্তৰ:- জলকীয়া গছ (মাক) আৰু জলকীয়া (পুতেক)
২৫/ ইয়াতে মাৰিলো টিপা, গড়গাঁও পালেগে শিপা।
উত্তৰ:- ভূমিকম্প
২৬/ খাওঁতে খায়, পেটো নভৰে মুখেও নাপায়।
উত্তৰ:- উজুটি
২৭/ গছৰ ওপৰত গুটি, গুটিৰ ওপৰত গছ, এইটো কি নিলাজৰ সঁচ।
উত্তৰ:- আনাৰস
২৮/ টুপ টুপ টুপলি, পানী পালে মুকলি।
উত্তৰ:- জাল
২৯/ হাবিত কাঁহে ওলাই নাহে।
উত্তৰ:- কুঠাৰ
৩০/ কলিংগৰ লিংগ কাটি পাঠাৰ কাটি পা, লবংগৰ বংগ কাটি মজা মাৰি খা।
উত্তৰ:- কঁঠাল
৩১/ খাল বিল শুকাই গ'ল, গছৰ আগত পানী ৰ'ল।
উত্তৰ:- নাৰিকল
৩২/ ৰজাৰ লাঠী, ঘন ঘন গাঁঠি।
উত্তৰ:- কুঁহিয়াৰ
৩৩/ তিনিকোণীয়া মাজত খাল, ঘাৰত ধৰি মাৰিবলৈ ভাল।
উত্তৰ:- জাকৈ
৩৪/ ডেকাত কুঁজা, বুঢ়াত পোন, তাক নাখায় থাকে কোন?
উত্তৰ:- ঢেকীয়া
৩৫/ গছত লাগে, আনোতাই আনে, ৰান্ধোতাই ৰান্ধে, খাওঁতাই খাই কিন্ত পেলাই দিয়ে।
উত্তৰ:- তেজপাত
৩৬/ মাত আছে মানুহ নাই, ঘৰ আছে দুৱাৰ নাই।
উত্তৰ:- ৰেডিঅ'
৩৭/ চাৰি ভাইৰ কাণ কটা, দুই ভাইৰ পেট ফুটা।
উত্তৰ:- তাঁতৰ খুটা
৩৮/ খেতিয়কে খেতি কৰে গুটি নাই, ফুল নাই কেৱল মাথোন পাতেৰে ভৰে।
উত্তৰ:- পান
৩৯/ ঘন ঘন গাঁঠিৰে ডিঙিত পিন্ধি মণি, ওপৰলৈ চাই আছে কোনে চুলি মেলি?
উত্তৰ:- তামোল গছ
৪০/ কমাৰৰ ঘৰৰ মাটি, বতাহ খাই উজান ভাটি।
উত্তৰ:- নাক
৪১/ আকাশত ঘৰ, পাতালত দুৱাৰ, ওলাই চাই ৰজাৰ কোঁৱৰ।
উত্তৰ:- টুনি চৰাইৰ বাহ।
Tags:
সাঁথৰ
তিনিটা আখৰ মিলি জন্তুৰ নাম , প্ৰথম দুটা মিলি লৰাৰ নাম আৰু শেষৰ দুটা মিলি ছোৱালীৰ নাম
ReplyDeleteহৰিণা
DeleteOi dad aru belag hathor dibo
ReplyDeleteদিম 🙏
Deleteকমতাত আছে,অসমত নাই
ReplyDeleteকলকতাত দুই ঠাইত পায় ;
কামাখ্যাত আছে কিন্তু গুৱাহাটীত নাই
কি বাৰু কোৱাচোন ভাই।
ক আখৰটো, কলিকতাত দুবাৰ আছে।
DeleteBohutu bala lagisa hathot
ReplyDeleteধন্যবাদ 🙏
Deleteধন্যবাদ
ReplyDeleteস্বাগতম জনালোঁ 🙏
Delete
ReplyDeleteঅতি সুন্দৰ।
ধন্যবাদ জনালোঁ
Deleteবহুত ভাল লাগিল সাঁথৰ গিটা পঢ়ি
ReplyDeleteধন্যবাদ জনালোঁ
Delete