#জয়সাগৰ_পুখুৰী
✍ কল্পজ্যোতি বৰগোহাঁই

![]() |
জয়সাগৰ পুখুৰী Joysagar Tank (ফটো- নৱনীত দত্ত) |
আহোম স্বৰ্গদেউ ৰূদ্ৰসিংহই(ছু-খ্ৰাং-ফা) তেওঁৰ মাতৃ জয়মতীৰ সোঁৱৰণত ১৬৯৬ খৃষ্টাব্দত এই পুখুৰীটো খন্দাইছিল। এই পুখুৰীটো ভাৰতৰ ভিতৰত মানুহে খান্দি উলিওৱা আটাইতকৈ ডাঙৰ পুখুৰী।
এই জয়সাগৰ পুখুৰীটো মুঠ ৩১৮ একৰ মাটি আগুৰি আছে চাৰিওটা পাৰৰ সৈতে। ইয়াৰে ১৫৫ একৰ এলেকা পৰিস্কাৰ পানীৰে ভৰি আছে। এই জয়সাগৰ পুখুৰীৰ পৰা ৰংপুৰৰ তলাতল ঘৰলৈ পানী যোগান ধৰা হৈছিল আৰু ইয়াৰ দৈঘ্য ২ কিলোমিটাৰমান আছিল। ৰাজকীয়ভাৱে খন্দোৱা যিবিলাক পুখুৰী ১০০(এশ)জন বৈদিক পুৰোহিতক আনি ধন-সোণ, দান-দক্ষিণা দি উৎসৰ্গা কৰোৱাইছিল সেই পুখুৰীবিলাকে সাগৰ আখ্যা পাইছিল। যিবিলাক পুখুৰী এশতকৈ কম বৈদিক ব্ৰাহ্মণ আনি উৎসৰ্গা কৰোৱাইছিল সেইবিলাকে পুখুৰী আখ্যা পাইছিল। জয়সাগৰ পুখুৰীৰ পাৰতে স্বৰ্গদেউ ৰূদ্ৰসিংহই(ছু-খ্ৰাং-ফা) মাতৃ জয়মতীৰ সোঁৱৰণত ১৬৯৭-৯৮ খ্ৰীষ্টাব্দত জয়দৌল নিৰ্মাণ কৰে। জয়সাগৰৰ জয়দৌলৰ আন এটা নাম শ্ৰীকেশৱৰায় বিষ্ণুদৌল । কোনো কোনোৱে এই জয়সাগৰৰ জয়দৌলক জয়সাগৰৰ বৰদৌল বুলিও কয়।
![]() | |
জয়সাগৰৰ জয়দৌল
জয়সাগৰ পুখুৰী Joysagar Tank (ফটো- নৱনীত দত্ত) জয়সাগৰ পুখুৰী Joysagar Tank (ফটো- নৱনীত দত্ত) |
DISTRICT : SIVASAGAR
STATE : ASSAM
COUNTRY : INDIA
পৰ্য্যটকৰ সুবিধাৰ বাবে tourist
SIVASAGAR POLICE STATION শিৱসাগৰ পুলিচ ষ্টেচন - ফোন phone number - 03772222923 / 100
হোটেল HOTEL
হোটেল HOTEL
BRAHMAPUTRA HOTEL ব্ৰক্ষ্মপুত্ৰ হোটেল - ফোন phone number- 0377222220
HOTEL PICCOLO হোটেল পিকলো - ফোন phone number - 03772223126
বৰ সুন্দৰ
ReplyDeleteধন্যবাদ জনালোঁ 🙏
Deleteঅতি সুন্দৰ উপস্থাপন
ReplyDeleteধন্যবাদ জনালোঁ 🙏
Delete