জয়সাগৰ পুখুৰী Joysagar Tank

#জয়সাগৰ_পুখুৰী
জয়সাগৰ পুখুৰী Joysagar Tank
জয়সাগৰ পুখুৰী Joysagar Tank (ফটো- নৱনীত দত্ত)

আহোম স্বৰ্গদেউ ৰূদ্ৰসিংহই(ছু-খ্ৰাং-ফা) তেওঁৰ মাতৃ জয়মতীৰ সোঁৱৰণত ১৬৯৬ খৃষ্টাব্দত এই পুখুৰীটো খন্দাইছিল। এই পুখুৰীটো ভাৰতৰ ভিতৰত মানুহে খান্দি উলিওৱা আটাইতকৈ ডাঙৰ পুখুৰী। 

এই জয়সাগৰ পুখুৰীটো মুঠ ৩১৮ একৰ মাটি আগুৰি আছে চাৰিওটা পাৰৰ সৈতে। ইয়াৰে ১৫৫ একৰ এলেকা পৰিস্কাৰ পানীৰে ভৰি আছে। এই জয়সাগৰ পুখুৰীৰ পৰা ৰংপুৰৰ তলাতল ঘৰলৈ পানী যোগান ধৰা হৈছিল আৰু ইয়াৰ দৈঘ্য ২ কিলোমিটাৰমান আছিল। ৰাজকীয়ভাৱে  খন্দোৱা যিবিলাক  পুখুৰী ১০০(এশ)জন বৈদিক পুৰোহিতক আনি ধন-সোণ, দান-দক্ষিণা দি উসৰ্গা কৰোৱাইছিল সেই পুখুৰীবিলাকে সাগৰ আখ্যা পাইছিল। যিবিলাক পুখুৰী এশতকৈ কম বৈদিক ব্ৰাহ্মণ আনি উসৰ্গা কৰোৱাইছিল সেইবিলাকে পুখুৰী আখ্যা পাইছিল। জয়সাগৰ পুখুৰীৰ পাৰতে স্বৰ্গদেউ ৰূদ্ৰসিংহই(ছু-খ্ৰাং-ফা) মাতৃ জয়মতীৰ সোঁৱৰণত ১৬৯৭-৯৮ খ্ৰীষ্টাব্দত জয়দৌল নিৰ্মাণ কৰে। জয়সাগৰৰ জয়দৌলৰ আন এটা নাম শ্ৰীকেশৱৰায় বিষ্ণুদৌল । কোনো কোনোৱে এই জয়সাগৰৰ জয়দৌলক জয়সাগৰৰ বৰদৌল বুলিও কয়।

জয়সাগৰৰ জয়দৌল
জয়সাগৰৰ জয়দৌল
(ফটো- পুৰঞ্জন দত্ত)
 (Image Source Link-  https://www.facebook.com/photo?fbid=2030340863896010&set=a.1724794134450686 )


জয়সাগৰ পুখুৰী Joysagar Tank
জয়সাগৰ পুখুৰী Joysagar Tank (ফটো- নৱনীত দত্ত)

জয়সাগৰ পুখুৰী Joysagar Tank
জয়সাগৰ পুখুৰী Joysagar Tank (ফটো- নৱনীত দত্ত)











4 Comments

  1. বৰ সুন্দৰ

    ReplyDelete
    Replies
    1. ধন্যবাদ জনালোঁ 🙏

      Delete
  2. অতি সুন্দৰ উপস্থাপন

    ReplyDelete
    Replies
    1. ধন্যবাদ জনালোঁ 🙏

      Delete
Post a Comment
Previous Post Next Post


Live Online

কুইজ টেষ্টত অংশগ্ৰহণ কৰক

পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে অনুশীলন আৰম্ভ কৰক।

টেষ্ট আৰম্ভ কৰক →


নতুন আপডেট

"ইণ্ডিয়া এআই ইমপেক্ট ছামিট ২০২৬"

AI বিপ্লৱত ভাৰতৰ নেতৃত্ব: কি হ'ব ২০২৬ ৰ India AI Impact Summit 2026 ৰ মূল লক্ষ্য? India AI Impact Summit 2026

সম্পূৰ্ণ পঢ়ক →


জানো আহক

অসমৰ বিভিন্ন চৰকাৰী চাকৰিৰ পৰীক্ষাসমূহত আহি যোৱা কিছুমান প্ৰশ্নোত্তৰ আগবঢ়োৱা হৈছে, যাৰ দ্বাৰা পৰীক্ষাৰ্থীসকলে কিছু আভাষ পাব পাৰে

(Click কৰি পাত লুটিয়াওক)

Assam Govt Job Syllabus
General AwarenessAssam History, Geography, Culture, & Current Affairs.
EnglishGrammar, Vocabulary, Comprehension.
ReasoningAnalogy, Series, Coding-Decoding.
MathematicsArithmetic, Number System, Percentage.
AssameseLanguage Proficiency & Literature.
ইয়াত ক্লিক কৰি আৰু এনেধৰণৰ প্ৰশ্নোত্তৰ চাব পাৰিব