শিৱসাগৰৰ শিৱদৌল Sivasagar Sivadol

শিৱসাগৰৰ শিৱদৌল

শিৱসাগৰৰ শিৱদৌল Sivasagar Sivadol (ফটো- পলাশজ্যোতি গগৈ)

এই ঐতিহাসিক শিৱদৌল শিৱসাগৰ জিলাত অৱস্থিত। শিৱসাগৰ নগৰৰ মাজ মজিয়াৰ শিৱসাগৰ পুখুৰীৰ পাৰত ঐতিহ্য  বহন কৰি আছে। শিৱসাগৰৰ শিৱদৌল উত্তৰ-পূৱ  ভাৰতৰ  ভিতৰতে সৰ্ববৃহৎ আৰু জাগৃত  শিৱ পূজাৰ স্থান। স্বৰ্গদেউ শিৱসিংহই প্ৰথমা ৰাণী বৰৰজা ফুলেশ্বৰী কুঁৱৰীৰ মৃত্যুৰ পাছত  তেওঁৰে বিবাহিতা ভনীয়েক দ্ৰৌপদীক বিবাহ কৰাই অম্বিকা কুঁৱৰী বা মদাম্বিকা নাম দি বৰৰজা পাতিছিল। স্বৰ্গদেউ শিৱসিংহৰ পত্নী, ৰাণী অম্বিকাৰ নিৰ্দেশক্ৰমে ১৬৫৫ শক ( ১৭৩১ খৃষ্টাব্দত ) শিৱসাগৰ পুখুৰীৰ পাৰত ভগৱান শিৱৰ পূজা-অৰ্চনাৰ অৰ্থে সোণৰ ক'লচীৰে সৈতে এই  দৌল নিৰ্মাণ কৰাই।  শিৱসাগৰৰ শিৱদৌলৰ উচ্চতা ১২০ হাত আৰু দৌলটিৰ ওপৰৰ ক'লচীৰ উচ্চতা ৭.৫ ফুট। এই শিৱদৌলত দৈনিক পূজা-অৰ্চনা কৰা হয়। শিৱৰাত্ৰিত এই শিৱদৌলৰ চৌপাশ দেশ-বিদেশৰ অগনন ভক্তই ভিৰ কৰেহি।
শিৱসাগৰৰ শিৱদৌল Sivasagar Sivadol (ফটো- পলাশজ্যোতি গগৈ)

 শিৱদৌলৰ কাষতে শিৱৱৰাত্ৰিত মেলাৰ আয়োজন কৰা  হয়। দল উন্নয়ন সমিতি, শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত ১৯৯০ চনমানৰ পৰা শিৱসাগৰৰ শিৱৰাত্ৰিয়ে  এক নতুন গতিৰে যাত্ৰা আৰম্ভ কৰে আৰু দিনে দিনে নতুন নতুন দিশ সামৰি লোৱা হৈছে।

✍ কল্পজ্যোতি বৰগোহাঁই


শিৱসাগৰৰ শিৱদৌল Sivasagar Sivadol (ফটো- কল্পজ্যোতি বৰগোহাঁই)

শিৱসাগৰৰ শিৱদৌল Sivasagar Sivadol (ফটো- নৱনীত দত্ত)


শিৱসাগৰৰ ঐতিহ্যমণ্ডিত শিৱদ'লত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় শিৱ উৎসৱ - ২০২১ (ফটো- কল্পজ্যোতি বৰগোহাঁই)


শিৱসাগৰৰ ঐতিহ্যমণ্ডিত শিৱদ'লত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় শিৱ উৎসৱ - ২০২১

শিৱসাগৰৰ শিৱদৌল

শিৱসাগৰৰ শিৱদৌল Sivasagar Sivadol (ফটো:- অংকিতা ভাগৱতী)







লগতে চাওক

শিৱসাগৰ পুখুৰী Sivasagar Tank

জয়সাগৰ পুখুৰী Joysagar Tank

ৰংঘৰ Rang Ghar

তলাতল ঘৰ Talatal Ghar


DISTRICT : SIVASAGAR
STATE : ASSAM
COUNTRY : INDIA 

পৰ্য্যটকৰ সুবিধাৰ বাবে  tourist

SIVASAGAR POLICE STATION শিৱসাগৰ পুলিচ ষ্টেচন - ফোন phone number - 03772222923 / 100
হোটেল HOTEL
BRAHMAPUTRA HOTEL ব্ৰক্ষ্মপুত্ৰ হোটেল -  ফোন phone number0377222220
HOTEL PICCOLO হোটেল  পিকলো - ফোন phone number  - 03772223126

Post a Comment

Previous Post Next Post