শিৱসাগৰৰ শিৱদৌল Sivasagar Sivadol

শিৱসাগৰৰ শিৱদৌল

শিৱসাগৰৰ শিৱদৌল Sivasagar Sivadol (ফটো- পলাশজ্যোতি গগৈ)

এই ঐতিহাসিক শিৱদৌল শিৱসাগৰ জিলাত অৱস্থিত। শিৱসাগৰ নগৰৰ মাজ মজিয়াৰ শিৱসাগৰ পুখুৰীৰ পাৰত ঐতিহ্য  বহন কৰি আছে। শিৱসাগৰৰ শিৱদৌল উত্তৰ-পূৱ  ভাৰতৰ  ভিতৰতে সৰ্ববৃহৎ আৰু জাগৃত  শিৱ পূজাৰ স্থান। স্বৰ্গদেউ শিৱসিংহই প্ৰথমা ৰাণী বৰৰজা ফুলেশ্বৰী কুঁৱৰীৰ মৃত্যুৰ পাছত  তেওঁৰে বিবাহিতা ভনীয়েক দ্ৰৌপদীক বিবাহ কৰাই অম্বিকা কুঁৱৰী বা মদাম্বিকা নাম দি বৰৰজা পাতিছিল। স্বৰ্গদেউ শিৱসিংহৰ পত্নী, ৰাণী অম্বিকাৰ নিৰ্দেশক্ৰমে ১৬৫৫ শক ( ১৭৩১ খৃষ্টাব্দত ) শিৱসাগৰ পুখুৰীৰ পাৰত ভগৱান শিৱৰ পূজা-অৰ্চনাৰ অৰ্থে সোণৰ ক'লচীৰে সৈতে এই  দৌল নিৰ্মাণ কৰাই।  শিৱসাগৰৰ শিৱদৌলৰ উচ্চতা ১২০ হাত আৰু দৌলটিৰ ওপৰৰ ক'লচীৰ উচ্চতা ৭.৫ ফুট। এই শিৱদৌলত দৈনিক পূজা-অৰ্চনা কৰা হয়। শিৱৰাত্ৰিত এই শিৱদৌলৰ চৌপাশ দেশ-বিদেশৰ অগনন ভক্তই ভিৰ কৰেহি।
শিৱসাগৰৰ শিৱদৌল Sivasagar Sivadol (ফটো- পলাশজ্যোতি গগৈ)

 শিৱদৌলৰ কাষতে শিৱৱৰাত্ৰিত মেলাৰ আয়োজন কৰা  হয়। দল উন্নয়ন সমিতি, শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত ১৯৯০ চনমানৰ পৰা শিৱসাগৰৰ শিৱৰাত্ৰিয়ে  এক নতুন গতিৰে যাত্ৰা আৰম্ভ কৰে আৰু দিনে দিনে নতুন নতুন দিশ সামৰি লোৱা হৈছে।



শিৱসাগৰৰ শিৱদৌল Sivasagar Sivadol (ফটো- কল্পজ্যোতি বৰগোহাঁই)

শিৱসাগৰৰ শিৱদৌল Sivasagar Sivadol (ফটো- নৱনীত দত্ত)


শিৱসাগৰৰ ঐতিহ্যমণ্ডিত শিৱদ'লত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় শিৱ উৎসৱ - ২০২১ (ফটো- কল্পজ্যোতি বৰগোহাঁই)


শিৱসাগৰৰ ঐতিহ্যমণ্ডিত শিৱদ'লত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় শিৱ উৎসৱ - ২০২১

শিৱসাগৰৰ শিৱদৌল

শিৱসাগৰৰ শিৱদৌল Sivasagar Sivadol (ফটো:- অংকিতা ভাগৱতী)







Post a Comment (0)
Previous Post Next Post
Live Online

কুইজ টেষ্টত অংশগ্ৰহণ কৰক

পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে অনুশীলন আৰম্ভ কৰক।

টেষ্ট আৰম্ভ কৰক →


নতুন আপডেট

"কৰ্মক্ষেত্ৰত নাৰীৰ সুৰক্ষা"

অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপ SHe-Box

সম্পূৰ্ণ পঢ়ক →


জানো আহক

অসমৰ বিভিন্ন চৰকাৰী চাকৰিৰ পৰীক্ষাসমূহত আহি যোৱা কিছুমান প্ৰশ্নোত্তৰ আগবঢ়োৱা হৈছে, যাৰ দ্বাৰা পৰীক্ষাৰ্থীসকলে কিছু আভাষ পাব পাৰে

(Click কৰি পাত লুটিয়াওক)

Assam Govt Job Syllabus
General AwarenessAssam History, Geography, Culture, & Current Affairs.
EnglishGrammar, Vocabulary, Comprehension.
ReasoningAnalogy, Series, Coding-Decoding.
MathematicsArithmetic, Number System, Percentage.
AssameseLanguage Proficiency & Literature.
ইয়াত ক্লিক কৰি আৰু এনেধৰণৰ প্ৰশ্নোত্তৰ চাব পাৰিব