খেল কুইজ Sports Quiz ২০২৪

খেল কুইজ Sports Quiz

প্ৰশ্ন:- ভাৰতৰ প্ৰথম অলিম্পিক পদক লাভ কৰা মহিলা বক্সাৰ গৰাকীৰ নাম কি?
উত্তৰ:- মেৰী কম।

প্ৰশ্ন:- ভলিবল কোনে আবিষ্কাৰ কৰিছিল?
উত্তৰ:- উইলিয়াম মৰগানে আবিষ্কাৰ কৰিছিল ১৮৯৫ চনত।

প্ৰশ্ন:- কি খেল আগতে "মিণ্টনেট" হিচাপে পৰিচিত আছিল?
উত্তৰ:- ভলিবল।

প্ৰশ্ন:- প্ৰথম দক্ষিণ এছিয়ান গেমছ কত অনুষ্ঠিত হৈছিল আৰু কিমান চনত অনুষ্ঠিত হৈছিল?
উত্তৰ:- কাঠমাণ্ডু, নেপালত অনুষ্ঠিত হৈছিল, ১৯৮৪ চনত।

প্ৰশ্ন:- ৰুভাৰছ কাপ (Rovers Cup) কি খেলৰ সৈতে সম্পৰ্কিত?
উত্তৰ:- ফুটবল।

প্ৰশ্ন:- WISPA কি খেলৰ সৈতে সম্পৰ্কিত?
উত্তৰ:- স্কোৱাছ খেলৰ সৈতে সম্পৰ্কিত। (WISPA ৰ সম্পূৰ্ণ অৰ্থ হৈছে - Women's International Squash Players Association) ।

 লগতে চাওক:-

প্ৰশ্ন:- এজৰা কাপ (Ezra Cup) কি খেলৰ সৈতে সম্পৰ্কিত?
উত্তৰ:- প'ল (Polo) খেলৰ সৈতে জড়িত।

প্ৰশ্ন:- কি খেলত "মৌলানা আবুল কালাম আজাদ" (MAKA) ট্ৰফী দিয়া হয়?
উত্তৰ:- আন্ত বিশ্ববিদ্যালয় খেলত।

প্ৰশ্ন:- "আগাখান ট্ৰফী" কি খেলৰ সৈতে সম্পৰ্কিত?
উত্তৰ:- শো জাম্পিং (Show Jumping) খেলৰ সৈতে জড়িত।

প্ৰশ্ন:- বিশ্বৰ সৰ্বোচ্চ হকী স্থল ক'ত অৱস্থিত?
উত্তৰ:- শিলাৰোত অৱস্থিত। চিমলাৰ পৰা শিলাৰোলৈ দূৰত্ব প্ৰায় ৫২ কিলোমিটাৰ।

প্ৰশ্ন:- অলিম্পিক পদক প্ৰাপ্ত প্ৰথম ভাৰতীয় মহিলা গৰাকীৰ নাম কি আৰু কিমান চনত এই পদক পাবলৈ সক্ষম হৈছিল?
উত্তৰ:- কৰ্ণাম মালেশ্বৰী। (২০০০ চনত চিডনীত অনুষ্ঠিত হোৱা অলিম্পিক খেলত এই পদক পাবলৈ সক্ষম হৈছিল।)

প্ৰশ্ন:- আমেৰিকা যুক্তৰাষ্ট্ৰৰ জাতীয় খেল কি?
উত্তৰ:- বেচবল (Baseball) ।

প্ৰশ্ন:- "ৰাইডাৰ কাপ" কি খেলৰ সৈতে সম্পৰ্কিত?
উত্তৰ:- গলফ খেলৰ সৈতে জড়িত।

প্ৰশ্ন:- "ইলেক্ট্ৰা গোল্ড কাপ" কি খেলৰ সৈতে সম্পৰ্কিত?
উত্তৰ:- টেবুল টেনিছ।

প্ৰশ্ন:- বিখ্যাত ফুটবল খেলুৱৈ মাৰাডোনাই কোনখন দেশক প্ৰতিনিধিত্ব কৰে?
উত্তৰ:- আৰ্জেন্টিনা।

প্ৰশ্ন:- অলিম্পিক শিখাৰ প্ৰতীক কি?
উত্তৰ:- ধাৰাবাহিকতা।

প্ৰশ্ন:- ২০১৪ চনত ফিফা বিশ্বকাপত ট্ৰফী কোনে লাভ কৰিছিল?
উত্তৰ:- জাৰ্মানী।

প্ৰশ্ন:- ২০১০ চনত ফিফা বিশ্বকাপত ট্ৰফী কোনে লাভ কৰিছিল?
উত্তৰ:- স্পেইন।

প্ৰশ্ন:- পুৰুষৰ বিশ্বকাপ হকী ২০১৮ চনত ক'ত অনুষ্ঠিত হৈছিল?
উত্তৰ:- ভুৱনেশ্বৰ, ভাৰত।

প্ৰশ্ন:- ভাৰতে প্ৰথম ক'ত আৰু কিমান চনত অলিম্পিক হকীত স্বৰ্ণ জয়ী হৈছিল?
উত্তৰ:- ১৯২৮ চনত, আমষ্টাৰডামত।

প্ৰশ্ন:- কি খেলৰ সৈতে চেম্পিয়ন ট্ৰফী জড়িত?
উত্তৰ:- হকী।

প্ৰশ্ন:- কি খেলত সুমন বালাই ভাৰতক প্ৰতিনিধিত্ব কৰিছিল?
উত্তৰ:- মহিলা হকী খেলত সুমন বালাই ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।

প্ৰশ্ন:- "আজলান শ্বাহ কাপ" কি খেলৰ সৈতে জড়িত?
উত্তৰ:- হকী খেলৰ সৈতে জড়িত।

প্ৰশ্ন:- ২০১৬ চনত অলিম্পিক গেমছ ক'ত অনুষ্ঠিত কৰা হৈছিল?
উত্তৰ:- ৰিঅ' ডি জেনেৰিঅ', ব্ৰাজিল।

প্ৰশ্ন:- L.B.W. শব্দটো কি খেলৰ সৈতে জড়িত?
উত্তৰ:- ক্ৰিকেট খেলৰ সৈতে জড়িত।

প্ৰশ্ন:- "ডেভিছ কাপ" কি খেলৰ সৈতে জড়িত?
উত্তৰ:- লন টেনিছ খেলৰ সৈতে জড়িত।

প্ৰশ্ন:- প্ৰথম কমনৱেলথ গেম কিমান চনত আৰু ক'ত অনুষ্ঠিত হৈছিল?
উত্তৰ:- ১৯৩০ চনত, হেমিল্টন, কানাডা।

প্ৰশ্ন:- প্ৰথম এছিয়ান গেমছ ক'ত অনুষ্ঠিত হৈছিল?
উত্তৰ:- নতুন দিল্লীত।

প্ৰশ্ন:- প্ৰথম যুৱ অলিম্পিক গেমছ ক'ত অনুষ্ঠিত হৈছিল?
উত্তৰ:- চিংগাপুৰত।

প্ৰশ্ন:- ২০১৮ চনৰ শীতকালীন অলিম্পিক ক'ত অনুষ্ঠিত কৰা হৈছিল?
উত্তৰ:- পিংগচাঙত।

প্ৰশ্ন:- ফিফা ৱৰ্ল্ডকাপ ২০১৮ চনত ক'ত অনুষ্ঠিত কৰা হৈছিল?
উত্তৰ:- ৰাছিয়া।

প্ৰশ্ন:- ২০২১ চনত অনুষ্ঠিত টকিঅ' ২০২০ গ্ৰীষ্মকালীন অলিম্পিকত ভাৰোত্তোলনৰ মহিলাৰ ৪৯ কে:জি: শাখাত ৰূপৰ পদক লাভ কৰা ভাৰতীয় মহিলা খেলুৱৈ গৰাকীৰ নাম কি আছিল?
উত্তৰ:- সাইখোম মীৰাবাই চানু।

প্ৰশ্ন:- ২০২১ চনত অনুষ্ঠিত টকিঅ' ২০২০ গ্ৰীষ্মকালীন অলিম্পিকত এথলেটিকছৰ পুৰুষৰ জেভেলিন থ্ৰ'ত স্বৰ্ণ পদক অৰ্জন কৰা ভাৰতীয় খেলুৱৈ জনৰ নাম কি আছিল?
উত্তৰ:- নীৰজ চোপ্ৰা।

প্ৰশ্ন:- ২০২১ চনত অনুষ্ঠিত টকিঅ' ২০২০ গ্ৰীষ্মকালীন অলিম্পিকত বেডমিণ্টনত ব্ৰঞ্জৰ পদক অৰ্জন কৰা ভাৰতীয় মহিলা খেলুৱৈ গৰাকীৰ নাম কি আছিল?
উত্তৰ:- পি. ভি. সিন্ধু। সম্পূৰ্ণ নাম - পুষৰলা ভেংকট সিন্ধু।

প্ৰশ্ন:- অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰা প্ৰথম অসমীয়া মহিলা, বক্সাৰ গৰাকীৰ নাম কি আছিল?
উত্তৰ:- লাভলীনা বৰগোঁহাই। ২০২১ চনত অনুষ্ঠিত টকিঅ' ২০২০ গ্ৰীষ্মকালীন অলিম্পিকত অংশগ্ৰহণ কৰিছিল।

প্ৰশ্ন:- ২০২১ চনত অনুষ্ঠিত টকিঅ' ২০২০ গ্ৰীষ্মকালীন অলিম্পিকত মহিলাৰ ৱেল্টাৰৱেইট শ্ৰেণীত ব্ৰঞ্জৰ পদক লাভ কৰা অসমীয়া খেলুৱৈ গৰাকীৰ নাম কি আছিল?
উত্তৰ:- লাভলীনা বৰগোহাঁই।

প্ৰশ্ন:- ভাৰতে পোনপ্ৰথমবাৰৰ বাবে কিমান চনত অলিম্পিক ক্ৰীড়া সমাৰোহত অংশগ্ৰহণ কৰিছিল?
উত্তৰ:- ১৯০০ চনত ভাৰতে পোনপ্ৰথমবাৰৰ বাবে অলিম্পিক ক্ৰীড়া সমাৰোহত অংশগ্ৰহণ কৰিছিল।

প্ৰশ্ন:- ২০০৬ চনৰ আৰ্চাৰী বিশ্বকাপত ব্যক্তিগত শাখাত সোণৰ পদক লাভ কৰা অসমৰ খেলুৱৈ জনৰ নাম কি আছিল?
উত্তৰ:- জয়ন্ত তালুকদাৰ।

প্ৰশ্ন:- সন্মানীয় অৰ্জুন বঁটা লাভ কৰা অসমৰ তৃতীয়গৰাকী এথলীটৰ নাম কি আছিল?
উত্তৰ:- জয়ন্ত তালুকদাৰ।তেওঁ ২০০৭ চনত সন্মানীয় অৰ্জুন বঁটা লাভ কৰিছিল।

প্ৰশ্ন:- অলিম্পিকলৈ যোৱা সৰ্বকনিষ্ঠ ভাৰতীয় বক্সাৰ জনৰ নাম কি আছিল?
উত্তৰ:- শিৱ থাপা। (২০১২ চনত লণ্ডন অলিম্পিক)।

প্ৰশ্ন:- ২০১২ চনত কাজাখাস্তানত অনুষ্ঠিত Asian Olympic Qualifiersত সোণৰ পদক লাভ কৰা অসমৰ বক্সাৰ জনৰ নাম কি আছিল?
উত্তৰ:- শিৱ থাপা।

প্ৰশ্ন:- ২০২১ চনত কৰ্ণাটকৰ বেলাৰীত অনুষ্ঠিত পঞ্চম এলিট মেনছ নেচনেল বক্সিং চেম্পিয়নশ্বিপত স্বৰ্ণ পদক অৰ্জন কৰা অসমৰ বক্সাৰ গৰাকীৰ নাম কি আছিল?
উত্তৰ:- শিৱ থাপা।

প্ৰশ্ন:- ২০২১ বৰ্ষত তেলেংগানাত অনুষ্ঠিত হোৱা ৬০ তম ৰাষ্ট্ৰীয় মুকলি এথলেটিকছ চেম্পিয়নশ্বিপত ১০০ মিটাৰ দৌৰত ৰূপৰ পদক আৰু ২০০ মিটাৰ দৌৰত সোণৰ পদক অৰ্জন কৰা অসমৰ খেলুৱৈ জনৰ নাম কি আছিল?
উত্তৰ:- অম্লান বৰগোহাঁই।

প্ৰশ্ন:- ২০২১ চনৰ ১০ ৰ পৰা ১২ ছেপ্টেম্বৰলৈ উত্তৰ প্ৰদেশৰ বুডাউ’ত অনুষ্ঠিত হোৱা "ফাৰ্ষ্ট ইলাইট কাপ অপেন নেচনেল টাইকোৱাণডো চেম্পিয়নশ্বিপ"ত ৪১ কিঃগ্ৰাঃ শাখাত অংশগ্ৰহণ কৰি স্বৰ্ণ লাভেৰে অসমলৈ গৌৰৱ কঢ়িয়াই অনা খেলুৱৈ জনৰ নাম কি আছিল?
উত্তৰ:- ধ্ৰুপদ কাশ্যপ।

প্ৰশ্ন:- ভাৰতৰ ক্ৰিয়া ক্ষেত্ৰৰ সৰ্বোচ্চ সন্মান মেজৰ ধ্যান চাঁদ খেলৰত্ন বঁটা ২০২১ ৰ বাবে মনোনীত অসমৰ মহিলা খেলুৱৈ গৰাকীৰ নাম কি?
উত্তৰ:- লাভলীনা বৰগোহাঁই।

প্ৰশ্ন:- অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনমত অনুষ্ঠিত ৱাই এছ আৰ অল ইণ্ডিয়া অপেন ফাইড ৰেটিং চেছ টুৰ্ণামেন্ট ২০২১ত প্ৰথম স্থান দখল কৰি অসমলৈ গৌৰৱ কঢ়িয়াই অনা খেলুৱৈ জনৰ নাম কি?
উত্তৰ:- আৰোহণ নাথ। ৭ বছৰ অনুৰ্ধৰ এই দবা প্ৰতিযোগিতাত প্রথম স্থান দখল কৰি কণমানি শিশুটিয়ে সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয়।

প্ৰশ্ন:- অৰ্জুন বঁটা লাভ কৰা প্ৰথম ভাৰতীয় ফুটবলাৰ কোন আছিল?
উত্তৰ:- পি. কে. বেনাৰ্জী। (সম্পূৰ্ণ নাম - Pradip Kumar Banerjee)

প্ৰশ্ন:- বজৰং পুনিয়া কি খেলৰ সৈতে সম্পৰ্কিত?
উত্তৰ:- মল্লযুদ্ধ। (Wrestling)

প্ৰশ্ন:- ফিফা (FIFA) কি খেলৰ সৈতে সম্পৰ্কিত সংগঠন?
উত্তৰ:- ফুটবল

প্ৰশ্ন:- ধ্যান চান্দ (Dhyan Chand) কি খেলৰ সৈতে সম্পৰ্কিত?
উত্তৰ:- হকী

প্ৰশ্ন:- Rohinton Baria Trophy কি খেলৰ সৈতে সম্পৰ্কিত?
উত্তৰ:- ক্ৰিকেট

প্ৰশ্ন:- নোমুৰা কাপ (Nomura Cup) কি খেলৰ সৈতে সম্পৰ্কিত?
উত্তৰ:- গল্ফ

প্ৰশ্ন:- নাৰাং কাপ (Narang Cup) কি খেলৰ সৈতে সম্পৰ্কিত?
উত্তৰ:- বেডমিণ্টন

প্ৰশ্ন:- 'Butterfly' শব্দ কি খেলৰ সৈতে সম্পৰ্কিত?
উত্তৰ:- সাঁতোৰ

প্ৰশ্ন:- Ramanujan Trophy কি খেলৰ সৈতে সম্পৰ্কিত?
উত্তৰ:- টেবুল টেনিছ

প্ৰশ্ন:- কোনখন দেশে Uber Cup 2022 জিকিছে?
উত্তৰ:- দক্ষিণ কোৰিয়া

প্ৰশ্ন:- ৰিলায়েন্স কাপ কি খেলৰ সৈতে জড়িত?
উত্তৰ:- ক্ৰিকেট

প্ৰশ্ন:- ৩৬তম ৰাষ্ট্ৰীয় ক্ৰীড়া ক'ত অনুষ্ঠিত হৈছে?
উত্তৰ:- গুজৰাট

প্ৰশ্ন:- এছিয়ান বক্সিং চেম্পিয়নশ্বিপ ২০২২ বৰ্ষত মহিলাৰ ৭৫ কেজিৰ শাখাত স্বৰ্ণ জয় কৰা খেলুৱৈ গৰাকীৰ নাম কি?
উত্তৰ:- লাভলীনা বৰগোহাঁই

প্ৰশ্ন:- ডায়মণ্ড লীগ ২০২৩ ৰ খিতাপ অৰ্জন কৰা খেলুৱৈ গৰাকীৰ নাম কি?
উত্তৰ:- নীৰজ চোপ্ৰা (৮৭.৬৬ মিটাৰ থ্রোৰে ২০২৩ ৰ ডায়মণ্ড লীগৰ খিতাপ অর্জন কৰে)।


1 Comments

Previous Post Next Post