শিক্ষকৰ যোগ্যতা পৰীক্ষা TET Exam 2024: পেপাৰ-২ প্ৰশ্ন আৰু উত্তৰ

 

The Teacher Eligibility Test (TET) 2024 Paper-2 in Assam was held on January 19, 2025, and the results were announced on May 30, 2025. This blog post primarily focuses on the questions and answers of the TET Exam 2024 Paper 2. I hope it will serve as a valuable resource for upcoming TET candidates.

1. Fill up the blank with the correct option :

Prizes will be given to _____ of the players.


(A) all 
(B) each 
(C) every 
(D) individual

উত্তৰ:- (B) each

2. যেতিয়া শিক্ষকে ছবিযুক্ত 'ফ্লেছ কার্ড' ব্যৱহাৰ কৰি শব্দ শিকায় তেতিয়া তেওঁ কি প্রয়োগ কৰে? 


(A) ক্লাছিকেল কণ্ডিচনিং তত্ত্ব 
(B) ইনচাইটফুল লার্নিং তত্ত্ব 
(C) গেছটল্ট তত্ত্ব 
(D) এইবোৰৰ কোনোটোৱেই নহয় 

উত্তৰ:- (A) ক্লাছিকেল কণ্ডিচনিং তত্ত্ব 

3.কাছাৰ পৰ্বত কিহৰ কাৰণে জনাজাত? 


(A) গ্রেফাইট 
(B) খনিজ লোণ 
(C) চূণশিল 
(D) কয়লা 

উত্তৰ:- (C) চূণশিল 

4. Fill up the blank with the correct tense of the bracketed verb from the given options :

“It is time you _____ (answer) their letter.”


(A) answer 
(B) answered 
(C) gave answer 
(D) should answer

উত্তৰ:- (B) answered

5. অসমত 'লোককল্যাণ দিৱস' কাৰ মৃত্যু বার্ষিকীত পালন কৰা হয়? 


(A) গোপীনাথ বৰদলৈ 
(B) তৰুণ ৰাম ফুকন 
(C) নবীনচন্দ্ৰ বৰদলৈ 
(D) ভুৱনেশ্বৰ বৰুৱা 

উত্তৰ:-  (A) গোপীনাথ বৰদলৈ 

6. এক প্রগতিশীল শ্ৰেণীকোঠাৰ ব্যৱস্থাপনাত এগৰাকী শিক্ষকে শিক্ষণৰ এনে পৰিৱেশ প্ৰদান কৰে যিটো -


(A) আৱিষ্কাৰক স্বীকৃতি দিয়ে 
(B) সীমাবদ্ধ 
(C) অন্তর্ভুক্তিৰ প্ৰক্ৰিয়াক নিৰুৎসাহিত কৰে 
(D) পুনৰাবৃত্তিক উৎসাহিত কৰে 

উত্তৰ:-  (A) আৱিষ্কাৰক স্বীকৃতি দিয়ে 

7. 'ভগাৰজা' বুলি খ্যাত শাসকজন আছিল -


(A) চুতিয়াম্ফা 
(B) চুতাম্লা
(C) চুৰাম্‌ফা 
(D) চুন্যৎফা 

উত্তৰ:-  (C) চুৰাম্‌ফা

8. A আৰু B এ একেলগে এটা কাম 12 দিনত সম্পূৰ্ণ কৰিব পাৰে, সেই কামটো B আৰু C এ একেলগে 15 দিনত সম্পূৰ্ণ কৰিব পাৰে আৰু সেই একেটা কাম C আৰু A এ একেলগে সম্পূৰ্ণ কৰিবলৈ 20 দিন সময় লাগে। তেনেহ'লে C এ অকলে কামটো সম্পূৰ্ণ কৰিবলৈ কিমান দিন লাগিব?


(A) 25 দিন 
(B) 40 দিন 
(C) 30 দিন 
(D) 60 দিন

উত্তৰ:-  (D) 60 দিন 

9. From the options given below, choose the word or phrase that is most nearly the same in meaning to the word ‘Altercation’.


(A) Choice 
(B) Charge 
(C) Heated dispute 
(D) Distribution

উত্তৰ:-  (C) Heated dispute

10. চানা গ্ৰেড VIII-ৰ ছাত্ৰী। তাই ক্ৰিকেটৰ দৰে খেল খেলি ভাল পায়। সেয়ে তাইৰ বান্ধৱী আৰু সহপাঠীসকলে তাইক ‘টমবয়’ আখ্যা দিয়ে - তাৰ বাবে তাইৰ কোনো অসুবিধা নাই। কিন্তু তাইৰ বান্ধৱী কিছুমানে এইবুলি ধেমালি কৰে যে তাই ল'ৰাৰ দৰে আচৰণ কৰে আৰু ছোৱালীৰ দৰে কাপোৰ নিপিন্ধে। এজন শিক্ষক হিচাপে আপুনি কিদৰে শ্ৰেণীকোঠাত লিংগ-বৈষম্য হোৱাটো প্ৰতিৰোধ কৰিব?


(A) কিশোৰ-কিশোৰীৰ আধুনিক পিন্ধন ৰুচি আৰু লিংগ অনুযায়ী তাৰ প্ৰচলন আলোচনা কৰিব

(B) ল'ৰা আৰু ছোৱালীয়ে কেনে পোছাক পিন্ধিব এই বিষয়ত আলোচনা কৰিব

(C) শৰীৰ সম্পৰ্কত ছাত্ৰ-ছাত্ৰীৰ সৈতে ধনাত্মক আলোচনা কৰি লিংগৰ লগত জড়িত ব্যক্তি-পৰিচয়ৰ কথা আলোচনা কৰিব

(D) চানাৰ মাকৰ লগত কথা পাতি সমস্যাৰ সমাধান কৰিব

উত্তৰ:-  (C) শৰীৰ সম্পৰ্কত ছাত্ৰ-ছাত্ৰীৰ সৈতে ধনাত্মক আলোচনা কৰি লিংগৰ লগত জড়িত ব্যক্তি-পৰিচয়ৰ কথা আলোচনা কৰিব

11. উচ্চতম ন্যায়ালয়ৰ মৌলিক অধিকাৰ সাব্যস্ত কৰাৰ সন্দৰ্ভত ভাৰতীয় সংবিধানৰ 32 নং দফাত উচ্চতম ন্যায়ালয়ৰ ওচৰ চপাৰ সুবিধা আছে। ই নিম্নলিখিত কোনটো ক্ষেত্ৰাধিকাৰৰ ভিতৰত পৰে?


(A) প্ৰাথমিক ক্ষেত্ৰাধিকাৰ
(B) পৰামৰ্শমূলক ক্ষেত্ৰাধিকাৰ
(C) আপীলযুক্ত ক্ষেত্ৰাধিকাৰ
(D) সমাধানৰ প্ৰকৃতিৰ ওপৰত ই নিৰ্ভৰশীল

উত্তৰ:- (A) প্রাথমিক ক্ষেত্রাধিকাৰ

12. কছাৰীসকলৰ ৰাজধানী ডিমাপুৰ কোন আহোম ৰজাই দখল কৰিছিল? 


(A) ৰুদ্র সিংহ 
(B) গদাধৰ সিংহ 
(C) চুহুংমুঙ  
(D) ৰাজেশ্বৰ সিংহ 

উত্তৰ:- (C) চুহুংমুঙ

13. Choose the option with the correct narration of the given sentence :


He said, “I saw you a few days ago.”

(A) He said that he had seen me a few days ago.
(B) He said that he had seen me a few days before.
(C) He said he had seen me a few days ago.
(D) None of these

উত্তৰ:- (B) He said that he had seen me a few days before.

14. এটা নিৰ্বাচনত দুজন প্ৰাৰ্থীয়ে অংশগ্ৰহণ কৰিছিল। মুঠ ভোটাৰৰ 10% ভোটাৰে ভোটদান নকৰিলে আৰু 3300 জন ভোটাৰে NOTA (অবৈধ)ত ভোট দিলে। যদি জয়লাভ কৰা প্ৰাৰ্থীজনে বৈধ ভোটৰ 60% ভোট লাভ কৰি 6000 ভোটত জয়লাভ কৰে, তেনেহ'লে সেই নিৰ্বাচনৰ ভোটাৰ তালিকাত কিমান ভোটাৰ আছিল নিৰ্ণয় কৰা।


(A) 37000 
(B) 25000 
(C) 33300 
(D) 30000

উত্তৰ:- (A) 37000

15. মূল্যায়ন উদ্দেশ্যপূৰ্ণ হয় যদি -


(A) ই ছাত্ৰ-ছাত্ৰীৰ ভিতৰত ভয় আৰু মানসিক চাপৰ সৃষ্টি কৰে

(B) ই শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীৰ মতামত গ্ৰহণ প্ৰক্ৰিয়াও হয়

(C) ই মাথোঁ বছৰৰ অন্তত এবাৰহে লোৱা হয়

(D) তুলনামূলক মূল্যায়নৰ দ্বাৰা ল'ৰা-ছোৱালীৰ কৃতিত্বৰ মাজত পাৰ্থক্য কৰা হয়

উত্তৰ:- (B) ই শিক্ষক আৰু ছাত্র-ছাত্রীৰ মতামত গ্রহণ প্রক্রিয়াও হয়

16. এটা শ্ৰেণীৰ 24 জন ছাত্ৰৰ গড় বয়স 14 বছৰ 3 মাহ। নতুনকৈ নাম ভৰ্তি হোৱা 6 জন ছাত্ৰক লৈ 30 জন ছাত্ৰৰ গড় বয়স 13 বছৰ 4 মাহ। নতুনকৈ অহা ছাত্ৰকেইজনৰ ভিতৰত এজন ছাত্ৰৰ বয়স 12 বছৰ 7 মাহ। তেনেহ'লে নতুনকৈ অহা বাকী 5 জন ছাত্ৰৰ গড় বয়স কিমান?


(A) 10 বছৰ 1 মাহ 
(B) 10 বছৰ 5 মাহ
(C) 12 বছৰ 3 মাহ 
(D) 9 বছৰ 1 মাহ

উত্তৰ:- (D) 9 বছৰ 1 মাহ

17. শিশু বিকাশৰ জ্ঞানে কিদৰে শিক্ষকক শিক্ষাৰ্থীৰ প্ৰয়োজনসমূহৰ বুজ লোৱাত সহায় কৰে?


(A) বিকাশৰ ক্ষেত্ৰৰ জ্ঞান, শিক্ষণ আৰু বিকাশৰ মাজৰ উপযুক্ত সম্পৰ্কৰ জ্ঞানে শিক্ষকসকলক শিশুৰ শিক্ষণ স্তৰৰ বিষয়ে বুজি পোৱাত সহায় কৰাৰ লগতে গুণকাৰী শিকন শিক্ষণৰ অভ্যাস বিকাশ কৰোঁতে সহায় কৰিব।

(B) পৰিয়ালৰ ইতিহাস আৰু বংশগতিৰ বিষয়ে জনাটো অতি গুৰুত্বপূৰ্ণ। এজন শিক্ষক শিক্ষাৰ্থীসকলৰ স্বাস্থ্যজনিত স্থিতি বুজিলৈ তেওঁলোকৰ প্ৰকৃত চাহিদাবোৰ মূল্যায়ন কৰিব পাৰিব।

(C) বছৰৰ আৰম্ভণিতে ছাইকোমেট্ৰিক পৰীক্ষা কৰিলে ল'ৰা-ছোৱালীৰ প্ৰয়োজনৰ মূল্যায়ন সম্ভৱপৰ হৈ উঠে।

(D) ছামেটিভ পৰীক্ষাৰ দ্বাৰা ল'ৰা-ছোৱালীৰ শিক্ষাৰ বিকাশৰ বুজ ল'ব পাৰে। সেই অনুসৰি শিক্ষকসকলে তেওঁলোকৰ প্ৰয়োজনীয়তা নিৰ্ণয় কৰিব পাৰে আৰু উন্নত শিক্ষাবিজ্ঞানৰ পৰিকল্পনা কৰিব পাৰে।

উত্তৰ:- (A) বিকাশৰ ক্ষেত্ৰৰ জ্ঞান, শিক্ষণ আৰু বিকাশৰ মাজৰ উপযুক্ত সম্পৰ্কৰ জ্ঞানে শিক্ষকসকলক শিশুৰ শিক্ষণ স্তৰৰ বিষয়ে বুজি পোৱাত সহায় কৰাৰ লগতে গুণকাৰী শিকন শিক্ষণৰ অভ্যাস বিকাশ কৰোঁতে সহায় কৰিব।

18. বশিষ্ঠাশ্ৰমৰ কাৰণে যদি সন্ধ্যাচল হয়, চিত্ৰাচল পাহাৰ যদি নৱগ্ৰহ মন্দিৰৰ কাৰণে হয়, গৰুড়াচল পাহাৰ যদি পোৱা মক্কাৰ কাৰণে হয়, তেন্তে মণিকূট পাহাৰ কিহৰ লগত জড়িত?


(A) শ্ৰী সূৰ্য মন্দিৰ 
(B) দীৰ্ঘেশ্বৰী মন্দিৰ
(C) মদন কামদেৱ মন্দিৰ 
(D) হয়গ্ৰীৱ মাধৱ মন্দিৰ

উত্তৰ:- (D) হয়গ্ৰীৱ মাধৱ মন্দিৰ

19. মানৱতাবাদী দৃষ্টিভংগীৰ পৰা চালে শিক্ষণ মাথোঁ কাৰণ-কাৰক সম্বন্ধতেই নাথাকে। এই দৃষ্টিভংগীৰ মতে প্ৰতিগৰাকী শিক্ষাৰ্থীয়েই একক গুণসম্পন্ন আৰু সেয়ে শিশুকেন্দ্ৰিক পাঠ্যক্ৰম, বিষয়বস্তু আৰু শিক্ষণ-প্ৰণালীৰ ওপৰত গুৰুত্ব দিয়া হয়। ই কোন মানৱতাবাদী বৈশিষ্ট্যসমূহক প্ৰকাশ কৰে?


(A) ব্যক্তিত্ব, ব্যক্তিগত কাৰ্য আৰু আত্ম-উপলব্ধি

(B) বিকাশ, ব্যক্তিগত উত্তৰণ আৰু আত্ম-উপলব্ধি

(C) আত্ম-উপলব্ধি, স্বয়ংক্ৰিয়তা আৰু সহানুভূতিশীলতা

(D) সহানুভূতিশীলতা, ব্যক্তিত্ব আৰু আত্ম-উপলব্ধি

উত্তৰ:- (A) ব্যক্তিত্ব, ব্যক্তিগত কাৰ্য আৰু আত্ম-উপলব্ধি

20. 


  উত্তৰ:- (B) 1

21. মেহেৰে নিৰ্দেশবোৰ ভালদৰে বুজি নাপায়, নিজৰ কথাখিনি প্ৰকাশ কৰাত অসুবিধা পায় আৰু বুজাত ভুল হয়। তাইৰ ইংৰাজী শিক্ষকে প্ৰথমে ভাবিছিল যে ইংৰাজী ভাষাৰ কাৰণে তাই বুজিবলৈ অসুবিধা পাইছে। কিন্তু তাইৰ অসমীয়া শিক্ষকেও একেটা কথাই লক্ষ্য কৰিলে। এই পৰিস্থিতিত ইয়াৰ সম্ভাৱ্য পৰ্যালোচনা কি হ'ব?


(A) এফেচিয়া 
(B) ডিছগ্ৰাফিয়া
(C) ডিছপ্ৰেক্সিয়া 
(D) ডিছলেক্সিয়া

উত্তৰ:- (A) এফেচিয়া

22. 1952 চনৰ প্ৰথম লোকসভা নিৰ্বাচনত জয়ী হোৱা অসমৰ একমাত্ৰ মহিলা কোন আছিল?


(A) বনিলি খংমেন
(B) ৰাণী মঞ্জুলা দেৱী
(C) মফিদা আহমেদ
(D) ৰেণুকা দেৱী বৰকটকী

উত্তৰ:- (A) বনিলি খংমেন

23. কিমান বয়সত শিশুৱে বিমূৰ্তকৰণ বিষয়ে জানি অনুমান কৰিব পাৰে?


(A) 18 বছৰ আৰু তাৰ ঊৰ্ধ্বত
(B) 9–11 বছৰ
(C) 5–9 বছৰ
(D) 11 বছৰ আৰু তাৰ ঊৰ্ধ্বত

উত্তৰ:- (D) 11 বছৰ আৰু তাৰ ঊৰ্ধ্বত

24. এজন গুৱালৰ লগত 25 লিটাৰ বিশুদ্ধ গাখীৰ আছিল। এই বিশুদ্ধ গাখীৰখিনিৰ প্ৰতি লিটাৰ ক্ৰয়মূল্য 63 টকা। তেওঁ এই 25 লিটাৰ গাখীৰত 5 লিটাৰ পানী (বিনামূলীয়া) মিহলি কৰিলে। অৱশেষত গুৱালজনে সেই 30 লিটাৰ পানী-মিহলি গাখীৰ ক্ৰয়মূল্যত বিক্ৰী কৰিলে লাভ বা লোকচানৰ শতাংশ নিৰ্ণয় কৰা।


(A) 25% লাভ 
(B) 25% লোকচান
(C) 20% লাভ 
(D) লাভ বা লোকচান নাই

উত্তৰ:- (C) 20% লাভ

25. Fill up the blank with the correct option:


A stream runs _____ our house.

(A) by 
(B) over
(C) across 
(D) on

উত্তৰ:- (A) by

26. যি কিশোৰ-কিশোৰীয়ে বিকল্পৰ কথা নাভাবি লক্ষ্য আৰু আদৰ্শৰ সন্ধানত আগুৱাই সংশয়ৰ সন্মুখীন হৈছে, তেওঁলোক উপনীত হৈছে -


(A) পৰিচয় ব্যাপনত
(B) পৰিচয় পূৰ্ববন্ধনত
(C) পৰিচয় স্থগিতত
(D) পৰিচয় আৰ্জনত

উত্তৰ:- (B) পৰিচয় পূৰ্ববন্ধনত

27. Fill up the blank with the correct tense of the bracketed verb from the given options:


“He said he _____ (see) the Taj Mahal already.”

(A) saw 
(B) had seen
(C) have seen 
(D) see

উত্তৰ:- (B) had seen

28. শিক্ষাৰ্থীৰ জ্ঞান বিকাশৰ কাৰণে শিক্ষকে কিহৰ ওপৰত গুৰুত্ব দিব লাগে?


(A) শিক্ষাৰ্থীয়ে যাতে সকলো মুখস্থ কৰে সেয়া নিশ্চিত কৰা।

(B) শিক্ষাৰ্থীয়ে পোৱা নম্বৰৰ নথি প্ৰস্তুত কৰা।

(C) সক্ৰিয় অংশগ্ৰহণৰ বাবে শিক্ষাৰ্থীক অন্তৰ্ভুক্ত কৰা।

(D) শিক্ষাৰ্থীৰ ধাৰণাসমূহ আয়ত্ত কৰাত তত্ত্বাৱধান কৰা।

উত্তৰ:- (D) শিক্ষাৰ্থীৰ ধাৰণাসমূহ আয়ত্ত কৰাত তত্ত্বাৱধান কৰা।

29. এটা পানীৰ টেংকি 10 লিটাৰ/ঘণ্টা বেগত এটা টেপেৰে পূৰ্ণ কৰিব পাৰে। সেই টেংকিটোৰ তলৰ অংশত থকা নিৰ্গমন টেপৰ সহায়ত টেংকিটো 12 ঘণ্টাত খালী কৰিব পাৰি। যদি দুয়োটা টেপ খুলি দিয়া হয়, তেনেহ'লে সম্পূৰ্ণ টেংকিটো খালী হ'বলৈ 20 ঘণ্টা সময় লাগে। টেংকিটোৰ ধাৰণক্ষমতা নিৰ্ণয় কৰা।


(A) 600 লিটাৰ 
(B) 300 লিটাৰ
(C) 75 লিটাৰ 
(D) 60 লিটাৰ

উত্তৰ:- (B) 300 লিটাৰ

30. মাধ্যমিক পৰ্যায়ৰ শিক্ষয়িত্ৰী প্ৰণালীয়ে ছাত্ৰ-ছাত্ৰীসকলক উৎসাহ দিবলৈ নিজৰ পাঠ তৈয়াৰ কৰোঁতে তেওঁলোকৰ দৈনন্দিন জীৱনৰ অভিজ্ঞতাক দৃষ্টান্ত হিচাপে দৰ্শায়। তেওঁ ছাত্ৰ-ছাত্ৰীসকলক তথ্য সংগ্ৰহ কৰাত, পৰ্যবেক্ষণ আৰু সিদ্ধান্ত লোৱাত সহায় কৰে। তেওঁ ছাত্ৰ-ছাত্ৰীসকলক শিক্ষণ অভিজ্ঞতাক প্ৰতিফলিত আৰু নথিভুক্ত কৰিবলৈ নিৰ্দেশিত প্ৰশ্ন আৰু পৰীক্ষা তালিকা প্ৰদান কৰে। তেওঁৰ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে নিজেও আত্মপৰীক্ষা কৰে। প্ৰণালীয়ে এখন ‘শিক্ষয়িত্ৰী ডায়েৰী’ত কথাবোৰ লিখি ৰাখে যাতে নিজৰ শিক্ষণ-পদ্ধতি কিমান প্ৰাসংগিক হৈছে তাৰ হিচাপ থাকে।


প্ৰণালীয়ে নিম্নলিখিত মূল্যায়নৰ কোনটো গ্ৰহণ কৰিছে?

(A) শিক্ষণৰ মূল্যায়ন আৰু মূল্যায়নৰ বাবে শিক্ষণ।

(B) মূল্যায়নৰ বাবে শিক্ষণ আৰু মূল্যয়নেই শিক্ষা হিচাপে।

(C) শিক্ষণৰ মূল্যায়ন আৰু মূল্যয়নেই শিক্ষা হিচাপে।

(D) শিক্ষণৰ মূল্যায়ন, মূল্যায়নৰ বাবে শিক্ষণ আৰু মূল্যয়নেই শিক্ষা হিচাপে।

উত্তৰ:- (B) মূল্যায়নৰ বাবে শিক্ষণ আৰু মূল্যয়নেই শিক্ষা হিচাপে।

31. 


  উত্তৰ:- (C) -3

32. NEP 2020 ত সামগ্ৰিকভাৱে প্ৰমূল্যৰ তালিকা দিয়া হৈছে। এগৰাকী শিক্ষকৰ দৃষ্টিত বৈষম্যমূলক সামাজিক সংস্কৃতি - যি জাতি, লিংগ, বৰ্ণ, ধৰ্ম, অঞ্চল আৰু অক্ষমতাৰ দ্বাৰা প্ৰৰোচিত - হ্ৰাস কৰাত এটি বিদ্যালয়ৰ সংস্কৃতি কি উপাদানেৰে গঠিত হোৱা উচিত?


(A) সকলো শিক্ষাৰ্থীক সমদৃষ্টিৰে চোৱা, পক্ষপাতিত্ব নকৰা আৰু নিয়ম মানি নচলা ছাত্ৰ-ছাত্ৰীক নিলম্বন কৰা।

(B) কঠোৰ ব্যৱস্থাগ্ৰহণৰ দ্বাৰা বৈষম্যমূলক সংস্কৃতিৰ অৱসান ঘটোৱা, কেতিয়াবা শাস্তি দিব লগা হয় যেতিয়া সেই পন্থা একেবাৰে অনিবাৰ্য হৈ পৰে।

(C) সন্মানসূচক সংস্কৃতিৰ অৱলম্বন কৰা, শিক্ষণ প্ৰক্ৰিয়াত ভুল হোৱাটো স্বাভাৱিক, কোনো ধৰণৰ শাৰীৰিক শাস্তিৰ পথ নোলোৱা।

(D) কাহিনীৰ মাজেৰে শিশুসকলক নীতিশিক্ষা প্ৰদান কৰি সকলো মানুহ যে একেই হয়, সেই ধাৰণাৰ প্ৰৱৰ্তন কৰি শিক্ষাৰ্থীসকলে বিদ্যালয়ত কেনে আচৰণ কৰা উচিত সেই বিষয়ে শিক্ষাদান কৰা।

উত্তৰ:- (C) সন্মানসূচক সংস্কৃতিৰ অৱলম্বন কৰা, শিক্ষণ প্ৰক্ৰিয়াত ভুল হোৱাটো স্বাভাৱিক, কোনো ধৰণৰ শাৰীৰিক শাস্তিৰ পথ নোলোৱা।

33. Choose the option with the correct narration of the given sentence:


He says, “I am ill today.”

(A) He says that he is ill to day. 
(B) He said that he is ill to day.
(C) He said that he was ill to day. 
(D) None of these

উত্তৰ:- (A) He says that he is ill to day.

34. আপোনাৰ শ্ৰেণীত শিক্ষাৰ্থী A ৰ সৈতে শিক্ষাৰ্থী C ৰ কিবা এটা সমস্যা আছে আৰু দুয়ো সঘনাই কাজিয়াত লিপ্ত হয় আৰু শ্ৰেণীত শিক্ষকৰ অনুপস্থিতিত শ্ৰেণীকোঠাৰ পৰিৱেশ ব্যাহত কৰে। ঘূৰ্ণন পদ্ধতিৰে বহা ব্যৱস্থা অনুযায়ী অহা সোমবাৰে দুয়ো একেলগে বহিব লাগিব। শিক্ষাৰ্থী C য়ে শ্ৰেণীকক্ষত আপোনাক ব্যক্তিগতভাৱে তেওঁৰ বহা স্থান সলনি কৰিবলৈ অনুৰোধ কৰিলে। আপোনাৰ মতে আশানুৰূপ কি পদক্ষেপ গ্ৰহণ কৰিলে শ্ৰেণীকোঠাৰ ভিতৰত সংঘাত নোহোৱাকৈ থাকিব?


(A) শিক্ষাৰ্থীয়ে সমস্যা কৰেই, এনেবোৰ ঘটনাক সঁহাৰি দিয়াৰ প্ৰয়োজন নাই, তাৰোপৰি এনে কৰিলে ঋণাত্মক দৃষ্টান্তহে দাঙি ধৰা হ'ব আৰু বাকীবোৰেও নিজৰ আসন যেতিয়াই ইচ্ছা তেতিয়াই সলনি কৰিব।

(B) ঘূৰ্ণন পদ্ধতিৰে বহা ব্যৱস্থাই নিশ্চিত কৰে যাতে কেৱল বন্ধুৰ মাজতেই সেয়া আৱদ্ধ নাথাকে, এনে ক্ষেত্ৰত শ্ৰেণীকোঠাৰ নিয়মানুৱৰ্তিতা ৰক্ষা কৰিবলৈ শিক্ষাৰ্থী A আৰু C ক অকলশৰীয়াকৈ বহাৰ ব্যৱস্থা কৰিলে সম্ভাৱনীয় সমস্যা এৰাই চলিব পৰা যাব।

(C) যিহেতু এয়া শ্ৰেণীকোঠাৰ নিয়ম, ইয়াক এগৰাকী শিক্ষাৰ্থীৰ ব্যক্তিগত অনুৰোধমৰ্মে সলনি কৰিব নোৱাৰি। শিক্ষাৰ্থী A আৰু C ৰ লগত কথা পাতি তেওঁলোকৰ সমস্যা সমাধানৰ ব্যৱস্থা কৰাই সমীচীন হ'ব।

(D) আসন ব্যৱস্থাই শ্ৰেণীকক্ষৰ সামাজিক গতিশীলতা আৰু শিক্ষাৰ্থীৰ শিক্ষাৰ ওপৰত প্ৰভাৱ পেলায়। শিক্ষাৰ্থী A আৰু Cৰ লগত আলোচনা কৰি দুয়োকে নিজা পছন্দ অনুযায়ী বহিবলৈ দিব পাৰি, আৰু লগতে তেওঁলোকৰ সমস্যাবোৰৰ কাৰণ উলিয়াই তেওঁলোকক বুজাত সহায় কৰিব পাৰি।

উত্তৰ:- (D) আসন ব্যৱস্থাই শ্ৰেণীকক্ষৰ সামাজিক গতিশীলতা আৰু শিক্ষাৰ্থীৰ শিক্ষাৰ ওপৰত প্ৰভাৱ পেলায়। শিক্ষাৰ্থী A আৰু Cৰ লগত আলোচনা কৰি দুয়োকে নিজা পছন্দ অনুযায়ী বহিবলৈ দিব পাৰি, আৰু লগতে তেওঁলোকৰ সমস্যাবোৰৰ কাৰণ উলিয়াই তেওঁলোকক বুজাত সহায় কৰিব পাৰি।

35. Fill up the blank with the correct option:


Macbeth is a tragedy of a man who was _____ with great qualities.

(A) empowered 
(B) endowed
(C) obsessed 
(D) possessed

উত্তৰ:- (B) endowed

36. আভ্যন্তৰীণভাৱে উৎসাহ দিবৰ বাবে এগৰাকী শিক্ষকে ‘শিকাৰ হকে শিকা’ৰ দিশত কি কৰিব পাৰে?


(A) ভয় আৰু মানসিক চাপ সৃষ্টি কৰি।

(B) প্ৰতিদ্বন্দ্বিতামূলক পৰীক্ষণৰ দ্বাৰা।

(C) নিজৰ কামৰ দিশত আগুৱাবলৈ আৰু তাৰ ওপৰত দখল আনিবলৈ তেওঁলোকক সহায় কৰি।

(D) টফিৰ দৰে বাস্তৱ পুৰস্কাৰৰ কথা কৈ।

উত্তৰ:- (C) নিজৰ কামৰ দিশত আগুৱাবলৈ আৰু তাৰ ওপৰত দখল আনিবলৈ তেওঁলোকক সহায় কৰি।

37. প্ৰতি বছৰে মাঘ মাহ (ফেব্ৰুৱাৰী)ৰ পূৰ্ণিমাৰ দিনা কি দিৱস পালন কৰা হয়?


(A) সতী সাধনী দিৱস 
(B) জয়মতী দিৱস
(C) বীৰ চিলাৰায় দিৱস 
(D) চাহ দিৱস

উত্তৰ:- (C) বীৰ চিলাৰায় দিৱস

38. 'অসমীয়া উপন্যাসৰ সম্ৰাট' বুলি কাক জনা যায়?


(A) ৰজনীকান্ত বৰদলৈ
(B) হীৰেন ভট্টাচাৰ্য
(C) লক্ষ্মীনাথ বেজবৰুৱা
(D) ছৈয়দ আব্দুল মালিক

উত্তৰ:- (A) ৰজনীকান্ত বৰদলৈ

39. 'লিংগ' হ'ল এক -


(A) জৈৱিক সত্তা
(B) শাৰীৰিক গঠন
(C) জন্মগত বৈশিষ্ট্য
(D) সামাজিক গঠন

উত্তৰ:- (D) সামাজিক গঠন

40. ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদৰ মতে অসম বিধানসভাৰ কাৰ্যকাল 5 বছৰ বুলি নিৰ্ধাৰণ কৰা হৈছে?


(A) অনুচ্ছেদ 181 
(B) অনুচ্ছেদ 172
(C) অনুচ্ছেদ 161 
(D) অনুচ্ছেদ 150

উত্তৰ:- (B) অনুচ্ছেদ 172

41. বাক্সা জিলা সৃষ্টি কৰোঁতে কোন কোন জিলাৰ অংশ লোৱা হৈছিল?


(A) বৰপেটা, নলবাৰী, কামৰূপ আৰু দৰং
(B) গোৱালপাৰা আৰু কোকৰাঝাৰ
(C) বঙাইগাঁও আৰু কোকৰাঝাৰ
(D) দৰং, বৰপেটা আৰু নলবাৰী

উত্তৰ:- (A) বৰপেটা, নলবাৰী, কামৰূপ আৰু দৰং

42. জৈৱিক প্ৰতিভাৰ বাবে নহয়, সামাজিক ভূমিকাৰ বাবে নিৰ্ধাৰিত বৈশিষ্ট্যবোৰক কোৱা হয় -


(A) লিংগ ভূমিকাৰ মনোভাৱ
(B) লিংগ ভূমিকাৰ চাপ
(C) লিংগ ভূমিকাৰ ষ্টেৰিঅ'টাইপ
(D) লিংগ ভূমিকাৰ ৰোগনিৰ্ণয়

উত্তৰ:- (C) লিংগ ভূমিকাৰ ষ্টেৰিঅ'টাইপ

Direction : Each of the questions (Question Nos. 43 to 47 ) is based on the passage given below.
The questions are to be answered on the basis of what is stated or implied in the passage. Choose the most appropriate response that accurately and completely answers the question.


Back in the day, the Assyrians were one of the Near East’s biggest superpowers, controlling a landmass that stretched from Iran to Egypt. They accomplished this feat with military technologies that helped them win any open-air battle or penetrate any fortified city. Back in the ninth to the seventh centuries BCE, attack was all about the siege ramp, an elevated structure that hauled battering ramps up to the enemy’s city walls and let the Neo-Assyrian soldiers wreak havoc on their enemies.

Constructed in Israel, the Assyrian siege ramp at Lachish is the only surviving physical example of their military prowess in the entire area that they campaigned in, or ruled over. Now, for the first time, a team of archaeologists led by Professor Yosef Garfinkel and Dr. Madeleine Mumcuoglu of the Institute of Archaeology at the Hebrew University of Jerusalem (HU) has reconstructed how the Assyrian army may have built the ramp and used it to conquer the city of Lachish. The team drew on a rich number of sources about this historical event to provide this complete picture. The outstanding amount of data includes biblical texts (2 Kings 18:9–19:37; 2 Chronicles 32; Isaiah 36 - 37), iconography (stone reliefs depicting Assyrian battle scenes) and Akkadian inscriptions, archaeological excavations, and 21st century drone photographs.

Lachish was a flourishing Canaanite city in the second millennium BCE and had been the second most important city in the Kingdom of Judah. In 701 BCE, Lachish was attacked by the Assyrian army, led by King Sennacherib. Garfinkel’s analysis provides a vivid account of the construction of the massive ramp that was built by the Assyrians so that they could haul battering ramps up to the hilltop city of Lachish, breach its walls, and totally overrun the city. There have been several conflicting views on how the formidable task of constructing the ramp was achieved. However, the rigorous method employed by Garfinkel and his team, including photogrammetric analysis of aerial photographs and creating a detailed digital map of the relevant landscape, produced a practical model that accounts for all available information about that battle.

The research suggests that its construction began about 80 metres away from the walls of the city of Lachish, close to where stones required for the ramp could be quarried. In about 25 days, the ramp, which was the shape of a giant triangular wedge, could have reached the city walls. “This model assumes the Assyrians were very efficient, otherwise, it would have taken months to complete”, said Garfinkel.

43. What is the main purpose of the passage?


(A) To describe warfare tactics of ancient Assyrians that made them formidable foes

(B) To provide a description of the construction of the Assyrian siege ramp at Lachish

(C) To describe an archaeological dig supervised by Professor Yosef Garfinkel

(D) To show that a lot of extant historical texts support evidence of Assyrian military
campaigns

উত্তৰ:- (B) To provide a description of the construction of the Assyrian siege ramp at Lachish

44. Which of the following can be inferred from the passage?


(A) Iconography and inscriptions are a rich source of the history of an area

(B) Lachish was the second most important city in the Kingdom of Canaanite after Judah

(C) Assyrian siege ramp at Lachish is one of the few surviving physical examples of Assyrians’ military ingenuity

(D) Garfinkel and his team have come up with one of the most credible descriptions of the building of the ramp at Lachish

উত্তৰ:- (D) Garfinkel and his team have come up with one of the most credible descriptions of the building of the ramp at Lachish

45. Which of the following words from the passage means ‘destruction’?


(A) Havoc 
(B) Breach
(C) Quarried 
(D) Excavations

উত্তৰ:- (A) Havoc

46. Which of the following can be inferred from the passage?


(A) Without photogrammetric analysis of aerial photographs of the area, Garfinkel and his team would have struggled to piece together the chronology of events

(B) The siege ramp and battering ramps came into use on the battlefields less than two thousand years ago

(C) Assyrians were the Near East’s biggest superpower, controlling a landmass that stretched from Iran to Egypt

(D) None of these

উত্তৰ:- (D) None of these

47. Which of the following cannot be inferred about the Assyrians?


(A) Their military prowess was formidable

(B) They did not just rely on brute force to win battles

(C) They were avid students of the history of warfare

(D) They were quite adept and fast at building ramps

উত্তৰ:- (C) They were avid students of the history of warfare

48. ছাত্ৰ-ছাত্ৰীৰ মূল্যায়নক শিক্ষকসকলে শিক্ষাদানত কোন অন্তৰ্দৃষ্টি বিকশিত কৰিবলৈ ব্যৱহাৰ কৰিব পাৰে?


(A) উচ্চতৰ শ্ৰেণীলৈ উত্তীৰ্ণ হ'ব লগা ছাত্ৰ-ছাত্ৰীক চিনাক্ত কৰা
(B) বিদ্যালয়ৰ মানৰ লগত সংগতি নথকা ছাত্ৰ-ছাত্ৰীক উত্তীৰ্ণ নকৰা
(C) শিক্ষাৰ্থীৰ প্ৰয়োজন অনুযায়ী শিক্ষাদান কৰা পদ্ধতিৰ সালসলনি কৰা
(D) ছাত্ৰ-ছাত্ৰীক 'উজ্জ্বল' আৰু 'দুৰ্বল' শ্ৰেণীত ভাগ কৰা

উত্তৰ:- (C) শিক্ষাৰ্থীৰ প্ৰয়োজন অনুযায়ী শিক্ষাদান কৰা পদ্ধতিৰ সালসলনি কৰা

49. নগা পাহাৰ আৰু কাৰ্বি আংলং উপত্যকা পৃথক কৰা নদীখন হৈছে -

(A) কপিলী 
(B) বৰাক
(C) ধনশিৰি 
(D) দৈয়াং

উত্তৰ:- (C) ধনশিৰি

50. ৩১ মাৰ্চ তাৰিখত কাৰ জন্মবাৰ্ষিকীৰ দিনটো অসমত 'ছাত্ৰ দিৱস' হিচাপে পালন কৰা হয়?


(A) কৃষ্ণকান্ত সন্দিকৈ 
(B) উপেন্দ্ৰনাথ ব্ৰহ্ম
(C) আনন্দৰাম বৰুৱা 
(D) বাণীকান্ত কাকতি

উত্তৰ:- (B) উপেন্দ্ৰনাথ ব্ৰহ্ম

51. দুটা সংখ্যাৰ ল.সা.গু. সংখ্যা দুটাৰ গ.সা.উ.ৰ 12 গুণ। ল.সা.গু. আৰু গ.সা.উ.ৰ যোগফল 403। যদি দুয়োটা সংখ্যা ল.সা.গু.ৰ মানতকৈ সৰু হয়, তেনেহ'লে সংখ্যা দুটাৰ যোগফল নিৰ্ণয় কৰা।


(A) 403 
(B) 217 
(C) 248 
(D) 372

উত্তৰ:- (B) 217

52. From the options given below, choose the word that is most nearly opposite to the word ‘Succinct’.


(A) Curt 
(B) Pithy
(C) Terse 
(D) Lengthy

উত্তৰ:- (D) Lengthy 
 


Post a Comment (0)
Previous Post Next Post