অসমৰ ৰাষ্ট্ৰীয় উদ্যান ৭ খন।
অসমৰ ৰাষ্ট্ৰীয় উদ্যান কেইখন হৈছে -
১/ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান।
২/ ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান।
৩/ ওৰাং ৰাষ্ট্ৰীয় উদ্যান।
৪/ মানস ৰাষ্ট্ৰীয় উদ্যান।
৫/ নামেৰি ৰাষ্ট্ৰীয় উদ্যান।
৬/ দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান।
৭/ ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান।
১/ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান:-
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অসমৰ নগাঁও জিলা আৰু গোলাঘাট জিলাত অৱস্থিত। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ১৯৭৪ চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি লাভ কৰিছিল আৰু ২০০৬ চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বাঘ সংৰক্ষণ ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰে। ১৯৮৫ চনত ইউনেস্কয়ে (UNSCO) কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক "বিশ্ব ঐতিহ্য অঞ্চল" হিচাপে ঘোষণা কৰে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এশিঙীয়া গঁড়, বাঘ, হলৌ বান্দৰ, শিহু, বনৰীয়া ম'হ, হাতী, বনৰীয়া গাহৰি, পহু, বন কুকুৰা আদি পোৱা যায়। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি হৈছে - ৮৫৮.৯৮ বৰ্গ কিলোমিটাৰ।
২/ ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান:-
ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান অসমৰ তিনিচুকীয়া জিলা আৰু ডিব্ৰুগড় জিলাত অৱস্থিত। ১৯৯৯ চনত ডিব্ৰু-ছৈখোৱা অভয়াৰণ্যক - ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানলৈ স্বীকৃতি প্ৰদান কৰা হৈছিল। ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত শিহু, বাঘ, বনৰীয়া ম'হ, হাতী, ঘোঁৰা, বান্দৰ, উদ আদি পোৱা যায়। ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি হৈছে - ৩৪০ বৰ্গ কিলোমিটাৰ।
৩/ ওৰাং ৰাষ্ট্ৰীয় উদ্যান:-
ওৰাং ৰাষ্ট্ৰীয় উদ্যান অসমৰ শোণিতপুৰ জিলা আৰু দৰং জিলাত অৱস্থিত। ১৯৯৯ চনত ওৰাং অভয়াৰণ্যক - ওৰাং ৰাষ্ট্ৰীয় উদ্যানলৈ স্বীকৃতি প্ৰদান কৰা হৈছিল। ওৰাং ৰাষ্ট্ৰীয় উদ্যানত এশিঙীয়া গঁড়, হাতী, বাঘ, বনৰীয়া ম'হ, নল গাহৰি, শহা পহু, খটিয়া পহু আদি পোৱা যায়। ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি হৈছে - ৭৮.৯১ বৰ্গ কিলোমিটাৰ।
৪/ মানস ৰাষ্ট্ৰীয় উদ্যান:-
মানস ৰাষ্ট্ৰীয় উদ্যান অসমৰ বাক্সা জিলাত অৱস্থিত। ১৯৭৩ চনত মানস ৰাষ্ট্ৰীয় উদ্যানক ব্যাঘ্ৰ প্ৰকল্প হিচাপে ঘোষণা কৰে আৰু ১৯৮৫ চনত ইউনেস্কয়ে (UNSCO) বিশ্ব ঐতিহ্য অঞ্চল (World Heritage Site) হিচাপে স্বীকৃতি প্ৰদান কৰে। ১৯৯০ চনত মানস ৰাষ্ট্ৰীয় অভয়াৰণ্যক মানস ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি প্ৰদান কৰে। মানস ৰাষ্ট্ৰীয় উদ্যানত এশিঙীয়া গঁড়, হাতী, বনৰীয়া ম'হ, বাঘ, বান্দৰ, হৰিণা, পহু, নল গাহৰি, ভালুক, বন-কুকুৰা আৰু বহুতো দুষ্পাপ্য জীৱ-জন্তু পোৱা যায়। মানস ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি হৈছে - ৫০০ বৰ্গ কিলোমিটাৰ।
৫/ নামেৰি ৰাষ্ট্ৰীয় উদ্যান:-
নামেৰি ৰাষ্ট্ৰীয় উদ্যান অসমৰ শোণিতপুৰ জিলাত অৱস্থিত। ১৯৮৫ চনত নামেৰি অভয়াৰণ্য হিচাপে স্বীকৃতি প্ৰদান কৰা হয় আৰু ১৯৯৮ চনত নামেৰি ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি প্ৰদান কৰা হয়। ২০০০ চনত নামেৰি ৰাষ্ট্ৰীয় উদ্যানক ব্যাঘ্ৰ প্ৰকল্প হিচাপে ঘোষণা কৰে। নামেৰি ৰাষ্ট্ৰীয় উদ্যানত বান্দৰ, শিয়াল, বন ৰৌ, হৰিণা, বাঘ, পহু, হাতী আৰু বহুতো জীৱ-জন্তু আছে। নামেৰি ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি হৈছে - ২০০ বৰ্গ কিলোমিটাৰ।
৬/ দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান:-
দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান অসমৰ ডিব্ৰুগড় জিলা আৰু তিনিচুকীয়া জিলাত অৱস্থিত। ২০০৪ চনত দিহিং পাটকাইক দিহিং পাটকাই অভয়াৰণ্য হিচাপে স্বীকৃতি দিয়া হৈছিল আৰু ২০২০ চনৰ ১৩ ডিচেম্বৰত দিহিং পাটকাই অভয়াৰণ্য ৰাজ্যপালৰ অনুমোদন ক্ৰমে ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি দিয়া হৈছিল, আৰু ২০২১ চনৰ ৯ জুন তাৰিখে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান হিচাপে আনুষ্ঠানিকভাৱে ঘোষণা কৰা হয় । দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত হাতী, বান্দৰ, বাঘ, বনৰীয়া ম'হ, ভালুক, পহু, বিভিন্ন প্ৰজাতিৰ অৰ্কিড আৰু বহুতো জীৱ-জন্তু, চৰাই আদি পোৱা যায়। দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি হৈছে - ২৩১.৬৫ বৰ্গ কিলোমিটাৰ।
৭/ ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান:-
ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান অসমৰ কোকৰাঝাৰ জিলাত অৱস্থিত। ২০২১ চনৰ ৫ জুন তাৰিখে ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান হিচাপে কোকৰাঝাৰ জিলাৰ গোঁসাইগাওঁৰ সংৰক্ষিত বনাঞ্চলখনে স্বীকৃতি লাভ কৰে। ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান সোণালী বান্দৰৰ বাবে বিখ্যাত। ইয়াৰ লগতে ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানখনত বাঘ, ফুটুকী হৰিণ, হাতী, ম'হ, ১৭০ বিধ বিভিন্ন প্ৰজাতিৰ চৰাই, ১৫০ টা বিভিন্ন প্ৰজাতিৰ পখিলা, হৰ্নবিল, ভিন ভিন প্ৰজাতিৰ অৰ্কিডৰ লগতে ৩৮০ বিধ নানা প্ৰজাতিৰ গছ-গছনি পোৱা যায়। ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি হৈছে - ৪২২ বৰ্গ কিলোমিটাৰ।
Get DLF Share price detailed and news for your profit.
ReplyDeleteনজনা কিছু কথা জানক আমাৰ Website ত
ReplyDelete
ReplyDeleteCLICK HERE বিনাামুলীয়া Mock test
I am interested
ReplyDelete