১/ কৰ্মই উপাসনা হাঁহিয়েই জীৱন । - বিষ্ণুপ্ৰসাদ ৰাভা
২/ ভাগ্যক কাহানিও বিশ্বাস নকৰিবা, বিশ্বাস কৰিবা শক্তিক । - ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা
৩/ স্কুল মোৰ মন্দিৰ, পঢ়াই মোৰ লক্ষ্য, শিক্ষক মোৰ ভগৱান, কিতাপেই মোৰ বন্ধু - মহাত্মা গান্ধী
৪/ শিক্ষাৰ উদ্দেশ্য হ'ল মানুহক মানুহ ৰূপে গঢ়ি তোলা, মানুহৰ পৰিচয় প্ৰকাশত শিক্ষাৰ অৱদান তুলনাবিহীন। - ৰাজা ৰামমোহন ৰায়
৫/ কিতাপ নথকা ঘৰ, খিৰিকী নথকা কোঠালিৰ দৰে। - এইচ. মেনন
৬/ আনে কি কৰিছে ভবাতকৈ নিজে কি কৰিছোঁ ভৱাহে বেছি দৰকাৰ। - ৰাজা ৰামমোহন ৰায়
৭/ অন্য মানুহে খাবলৈহে জীয়াই থাকে, আনহাতে মই জীয়াই থাকিবলৈহে খাওঁ। - চক্ৰেটিছ
৮/ আমি গোটোৱা সকলোবোৰ সম্পত্তিৰ ভিতৰত জ্ঞান মাথো অবিনাশী। - চক্ৰেটিছ
৯/ খং নকৰিবা, নিজৰ সৰ্বনাশ হ'ব, অহংকাৰ নকৰিবা, পতন হ'ব, কাকো ঘৃণা নকৰিবা, নিজেও ঘৃণিত হ'বা, ফাঁকি নিদিবা, ফাঁকত পৰিবা। - স্বামী বিবেকানন্দ
১০/ ফুল আৰু পখিলাক বাহ্যিক ৰূপেৰে জুখিবা, মানুহক নুজুখিবা। - ৰবীন্দ্ৰনাথ ঠাকুৰ
১১/ কম কথা কোৱা বেছি কাম কৰা মানুহে সফলতা লাভ কৰিব পাৰে। - ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ
১২/ এটা বন্দুকৰ গুলিতকৈ এবটল চিয়াঁহীৰ মূল্য বেছি। - মাদাৰ টেৰেছা
১৩/ আমি যাক সৃষ্টি কৰিব নোৱাৰো তাক ধ্বংস কৰাৰ অধিকাৰো আমাৰ নাই। - গুৰু নানক
১৪/ গৃহ হ'ল শিক্ষাৰ আৰম্ভণি বিন্দু । - ৰোচেন ক্ৰেজ
১৫/ মানুহ হোৱা আৰু আনকো মানুহ কৰিবলৈ চেষ্টা কৰা। - স্বামী বিবেকানন্দ
১৬/ শিক্ষা জাতিৰ মেৰুদণ্ড। এই মেৰুদণ্ড ভাঙিলে জাতিৰ উন্নতিৰ সকলো পথেই অবৰুদ্ধ হয়। - ৰাজা ৰামমোহন ৰায়
১৭/ নিৰক্ষৰতা মানেই জ্ঞানবিহীন নহয়। - ৰবীন্দ্ৰনাথ ঠাকুৰ
১৮/ শিক্ষকসকল হ'ল ৰাষ্ট্ৰৰ মান আৰু আমাৰ প্ৰকৃত খনিকৰ। - জৰ্জ ৱাশ্বিংটন
১৯/ ৰুটি আৰু মদ শেষ হৈ যায়, প্ৰিয়াৰ চকু ঘোলা হৈ পৰিব কিন্তু কিতাপ হ'ল অনন্ত যৌৱন ৰূপে থাকি যাব যদিহে এখন মহৎ কিতাপ হয়। - ওমৰ খায়াম
২০/ শিক্ষক হ'ল এডাল মমৰ নিচিনা, যি নিজে গলি আনক পোহৰ দিয়ে। - জৱাহৰলাল নেহৰু
২১/ যিসকলে স্বাধীনতাক ভাল পাওঁ বুলি কয় অথচ আন্দোলনৰ বিৰোধিতা কৰে, তেওঁলোক হ'ল বিজুলী-ঢেৰেকণি নোহোৱাকৈ বৰষুণ বিচৰা মানুহ। তেওঁ লোকে সাগৰ বিচাৰে , কিন্তু সাগৰৰ জলৰাশিৰ গৰ্জন নিবিচাৰে । - ফ্ৰেডেৰিক ডগলাছ
২২/ চৰিত্ৰ গঠন কৰাই হ'ল শিক্ষাৰ উদ্দেশ্য ।- হাৰ্চলি
২৩/ সৰু মনৰ ডাঙৰ মানুহতকৈ ডাঙৰ মনৰ সৰু মানুহ শ্ৰেষ্ঠ । - ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণ
২৪/ জ্ঞানতকৈ পবিত্ৰ বস্তু এই জগতত একো নাই । - আনন্দ চন্দ্ৰ আগৰৱালা
0 Comments