তলাতল ঘৰ Talatal Ghar


তলাতল ঘৰ Talatal Ghar

Talatal Ghar তলাতল ঘৰ



তলাতল ঘৰ
:-  তলাতল ঘৰটো আহোম স্বৰ্গদেউ সকলৰ দ্বাৰা নিৰ্মিত এটা সাত মহলী়য়া ৰাজমহল। আহোম ৰজা স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই  (  চাওফা চ্যু-ৰাম-ফা ) ১৭৫১-১৭৬৯ ৰাজত্ব কালত ১৭৬৫ খ্ৰীষ্টাব্দত  ঘনশ্যাম খনিকৰৰ তত্বাবধানত শিৱসাগৰ ( ৰংপুৰত ) ৰাজমহল নিৰ্মাণ কৰাইছিল । এই ৰাজমহলটো আহোম স্থাপত্য কলাৰ আশ্চৰ্যকৰ নিদৰ্শন । পদ্মনাথ  গোহাঞি বৰুৱাৰ অসম  বুৰঞ্জীত উল্লেখ থকা মতে – আহোম সম্ৰাটৰ  এই ভূতলীয়া  তলাতল ঘৰ সাত  মহলীয়া  অদ্ভূত কৌশলৰ পকী ঘৰ । তলৰ তৃতীয়  তলাৰ পৰা পূব মুখে এটা পাতালী নলা দিখৌ নৈত ওলাইছিলগৈ । তলাতল ঘৰৰ  প্ৰতিটো কক্ষ একোটা সৰু পথেৰে  সংলগ্ন । তলাতল ঘৰ আহোম ৰাজ্যৰ ঐতিহাসিক কৃৰ্তিচিহ্ন সমূহৰ ভিতৰত আকাৰত  অতি বৃহৎ। এই ৰাজমহলৰ পশ্চিম দিশত এটি আঠকোণীয়া মন্দিৰ আছে ।


তলাতল ঘৰৰ পশ্চিম দিশত থকা আঠকোণীয়া মন্দিৰ 



স্থাপত্য আৰু ভাস্কৰ্য্য :- তলাতল  ঘৰৰ তিনিটা মহল  মাটিৰ তলত আৰু চাৰিটা মহল মাটিৰ ওপৰত  আছে ।সমতলৰ তলাত সোমাই  বাওঁ  পাকে ঘূৰিলে সোঁ দুৱাৰেদি ওপৰ তিনিতলা আৰু তললৈ তিনি তলা । সমতলৰ  তলাত সোমাই বাওঁপাকে ঘূৰিলে সোঁ দুৱাৰেদি ওপৰ তিনি  তলা আৰু তললৈ তিনি তলা । সমতলৰ তলাত সোমাই বাওঁ পাকে ঘূৰিলে সোঁ পাকে  সোঁ দুৱাৰেদি ওপৰ তিনি তলালৈ উঠা যায় আৰু সোঁ পাকে বাওঁ দুৱাৰেদি তলৰ তিনিতলালৈ নমা যায় । তলাতল ঘৰৰ দুটা  গোপন সুৰংগ আছিল । তলাতল ঘৰৰ পৰা দিখৌ নৈৰ লগত সংযোগ কৰা  সুৰংগৰ দৈঘ্য আছিল ৩  কিলেমিটাৰ আৰু তলাতল ঘৰৰ পৰা গড়গাঁৱকাৰেংঘৰৰ  লগত সংযোগ কৰা সুৰংগৰ দৈঘ্য আছিল ১৫ কিলোমিটাৰ ।




অতি বিশাল এই তলাতল ঘৰৰ তলৰ মহলা কেইটাত ঘোঁৰাশাল, গুডামঘৰ,  পূজাঘৰ, লিগিৰিঘৰ আদি আছিল । তদুপৰি বৰ চৰাঘৰ, দেউ ঘৰ,  ৰজা  আৰু ৰাণী সকলৰ শোৱনী কোঠা, পানীঘৰ, বেজৰ ঘৰ, মৰংঘৰ, বৰঘৰ আদি বিভিন্ন কোঠালী আছিল । ৰংপুৰ নগৰৰ  প্ৰায় তিনি কিলোমিটাৰমান পৰিসীমাৰ এটা গড়ে তলাতল ঘৰটো ঘেৰি আছিল  । এই ৰাজপ্ৰসাদলৈ সোমাই যোৱাৰ পথত ন-দুৱাৰ, বৰদুৱাৰ, পানী  দুৱাৰ,  লিগিৰী  দুৱাৰ, নাচনী দুৱাৰ, গোঁসাইফলীয়া দুৱাৰ, কমলাবৰীয়া দুৱাৰ, দ্বৰীকা দুৱাৰ আদি বিভিন্ন দুৱাৰ আছিল ।
তলাতল ঘৰৰ  চাৰিটা মহল কাঠেৰে নিৰ্মিত  আছিল যিবোৰ সম্পূৰ্ণৰূপে ধ্বংস হয় । শেহতীয়াকৈ প্ৰত্নতাত্বিক খনন কাৰ্যৰ দ্বাৰা কাঠৰ  স্তম্ভ, পোৰা ইটাৰ তিনিস্তম্ভৰ যুক্ত ভগ্নাৱশেষ, স্তম্ভৰ  গাতৰ চিহ্ন, উত্তৰ আৰু পশ্চিম  দিশত একোটিকৈ পদপথ উদ্ধাৰ কৰা হৈছে ।

কুইজ
১/ তলাতল ঘৰ কোনে নিৰ্মাণ কৰিছিল?
উত্তৰ:- স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই।
২/ তলাতল ঘৰ কিমান চনত নিৰ্মাণ কৰা হৈছিল?
উত্তৰ:- ১৭৬৫ খ্ৰীষ্টাব্দত।
৩/ তলাতল ঘৰ কিমান চনত নিৰ্মাণ আৰম্ভ কৰা হৈছিল আৰু কিমান চনত নিৰ্মাণ সম্পূৰ্ণ হৈছিল?
উত্তৰ:- ১৭৫১ চনত নিৰ্মাণ আৰম্ভ কৰি ১৭৬৯ চনত নিৰ্মাণ সম্পূৰ্ণ হৈছিল।
৪/ তলাতল ঘৰৰ স্থাপত্যবিদ জনৰ নাম কি?
উত্তৰ:- ঘনশ্যাম।
(তলাতল ঘৰটো প্ৰথমে স্বৰ্গদেউ ৰুদ্ৰ সিংহই ১৬৯৮ চনত নিৰ্মাণ কৰি উলিয়াইছিল।)







Post a Comment (0)
Previous Post Next Post


Live Online

কুইজ টেষ্টত অংশগ্ৰহণ কৰক

পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে অনুশীলন আৰম্ভ কৰক।

টেষ্ট আৰম্ভ কৰক →


নতুন আপডেট

"ইণ্ডিয়া এআই ইমপেক্ট ছামিট ২০২৬"

AI বিপ্লৱত ভাৰতৰ নেতৃত্ব: কি হ'ব ২০২৬ ৰ India AI Impact Summit 2026 ৰ মূল লক্ষ্য? India AI Impact Summit 2026

সম্পূৰ্ণ পঢ়ক →


জানো আহক

অসমৰ বিভিন্ন চৰকাৰী চাকৰিৰ পৰীক্ষাসমূহত আহি যোৱা কিছুমান প্ৰশ্নোত্তৰ আগবঢ়োৱা হৈছে, যাৰ দ্বাৰা পৰীক্ষাৰ্থীসকলে কিছু আভাষ পাব পাৰে

(Click কৰি পাত লুটিয়াওক)

Assam Govt Job Syllabus
General AwarenessAssam History, Geography, Culture, & Current Affairs.
EnglishGrammar, Vocabulary, Comprehension.
ReasoningAnalogy, Series, Coding-Decoding.
MathematicsArithmetic, Number System, Percentage.
AssameseLanguage Proficiency & Literature.
ইয়াত ক্লিক কৰি আৰু এনেধৰণৰ প্ৰশ্নোত্তৰ চাব পাৰিব