অসমৰ অভয়াৰণ্য কেইখন আৰু কি কি?

 

অসমৰ অভয়াৰণ্য ১৭ খন

অসমৰ অভয়াৰণ্য কেইখন হৈছে -
১/ বৰাইল অভয়াৰণ্য
২/ ভেঁৰজান-বৰাজান-পদুমনি অভয়াৰণ্য
৩/ চক্ৰশিলা অভয়াৰণ্য
৪/ নামবৰ-দৈগ্ৰুং অভয়াৰণ্য
৫/ গৰমপানী অভয়াৰণ্য
৬/ বৰনদী অভয়াৰণ্য
৭/ পূব কাৰ্বি আংলং অভয়াৰণ্য
৮/ হোলোঙাপাৰ গিবন অভয়াৰণ্য
৯/ আমচোং অভয়াৰণ্য
১০/ সোণাই-ৰূপাই অভয়াৰণ্য
১১/ নামবৰ অভয়াৰণ্য
১২/ বুঢ়া চাপৰি অভয়াৰণ্য
১৩/ মাৰাট লংৰি অভয়াৰণ্য
১৪/ পবিতৰা অভয়াৰণ্য
১৫/ দ্বীপৰ বিল বন্যপ্রাণী অভয়াৰণ্য
১৬/ পানী দিহিং অভয়াৰণ্য
১৭/ লাওখোৱা অভয়াৰণ্য

১/ বৰাইল অভয়াৰণ্য:-

বৰাইল অভয়াৰণ্য অসমৰ কাছাৰ জিলাত অৱস্থিত। কাছাৰ জিলাৰ উত্তৰ কাছাৰ সংৰক্ষিত বনাঞ্চল আৰু বৰাইল সংৰক্ষিত বনাঞ্চল লগ হৈ বৰাইল অভয়াৰণ্য গঠিত হৈছে। বৰাইল অভয়াৰণ্যক ২০০৪ চনত স্বীকৃতি দিয়া হয়। বৰাইল অভয়াৰণ্যত হাতী, ভালুক, সুগৰী পহু, হলৌ বান্দৰ, ৰাংকুকুৰ, বনৰীয়া মেকুৰী, ঢেঁকীয়াপতিয়া বাঘ, গোধাফুটুকী বাঘ, টুপীমূৰীয়া বান্দৰ, বনৰীয়া গাহৰি, কেৰ্কেটুৱা, বিভিন্ন প্ৰজাতিৰ অৰ্কিড, ঘাঁহ, বাঁহ, বৰটোকোলা, ফেঁটীসাপ, গুঁই, পাতি শগুণ, পাইথন, কাও ধনেশ ইত্যাদি পোৱা যায়। বৰাইল অভয়াৰণ্যৰ মাটিকালি হৈছে - ৩২৬.২৪ বৰ্গ কিলোমিটাৰ।

২/ ভেঁৰজান-বৰাজান-পদুমনি অভয়াৰণ্য:-

ভেঁৰজান-বৰাজান-পদুমনি অভয়াৰণ্য অসমৰ তিনিচুকীয়া জিলাত অৱস্থিত। ভেঁৰজান-বৰাজান-পদুমনি অভয়াৰণ্যখন ভেঁৰজান, বৰাজান আৰু পদুমনি এই তিনিটা ব্লক লগ হৈ গঠিত হৈছে বাবে এই অভয়াৰণ্যখনৰ নাম ভেঁৰজান-বৰাজান-পদুমনি অভয়াৰণ্য। ভেঁৰজান-বৰাজান-পদুমনি অভয়াৰণ্যত নাহৰফুটুকী বাঘ, গাহৰি নেজীয়া বান্দৰ, লাজুকী বান্দৰ, বনৰীয়া গাহৰি, অসমীয়া বান্দৰ, সেন্দুৰী বান্দৰ, বনকুকুৰা, ভীমৰাজ, পাকৈঢোৰা, কলীমূৰী হাঁহ, মাছোৰোকা, ভদৰকলি, হেটুলুকা, শৰালি, কুটুম চৰাই, বাৰী সুন্দৰী, ৰাজ ভাটৌ, হাইঠা, ৰঙামূৰীয়া বাঢ়ৈটোকা, ফেঁচু, জিঞাখাটী, গলমণিকা ইত্যাদি পোৱা যায়। ভেঁৰজান-বৰাজান-পদুমনি অভয়াৰণ্যৰ মাটিকালি হৈছে - ৭.২২ বৰ্গ কিলোমিটাৰ।

৩/ চক্ৰশিলা অভয়াৰণ্য:-

চক্ৰশিলা অভয়াৰণ্য অসমৰ ধুবুৰী আৰু কোকৰাঝাৰ জিলাত অৱস্থিত। ১৯৬৬ চনত চক্ৰশিলা পাহাৰক সংৰক্ষিত বনাঞ্চল ঘোষণা কৰা হৈছিল আৰু ১৪ জুলাই, ১৯৯৪ চনত অসম চৰকাৰে চক্ৰশিলা অভয়াৰণ্যৰ স্বীকৃতি প্ৰদান কৰে। চক্ৰশিলা অভয়াৰণ্যত সোণালী বান্দৰ, ঢেঁকীয়াপতিয়া বাঘ, কেটেলা পহু, মলুৱা বান্দৰ, শৰ পহু, নেউল, সুগৰী পহু, বনৰৌ, বন মেকুৰী, বন গাহৰি, বন গৰু, শিয়াল, নাহৰফুটুকী বাঘ, মেঠোন, জহামাল, সাপ, কাছ, ঘঁৰিয়াল, চুঙা বাদুলী, ফলাহাৰী বাদুলী, ভীমৰাজ, ডাউক, দহিকতৰা, ধনেশ, চিলনী, বৰটোকোলা, হেঁটুলুকা, শৰালি, পানীকাউৰী, কপৌ, চেকচেকী, কণামুচৰি, বিভিন্ন প্ৰজাতিৰ বাঁহ আৰু বহুতো উদ্ভিদ ইত্যাদি পোৱা যায়। চক্ৰশিলা অভয়াৰণ্যৰ মাটিকালি হৈছে - ৪৫.৫৬৮ বৰ্গ কিলোমিটাৰ।

৪/ নামবৰ-দৈগ্ৰুং অভয়াৰণ্য:-

  নামবৰ-দৈগ্ৰুং অভয়াৰণ্য অসমৰ গোলাঘাট জিলাত অৱস্থিত। এই বনাঞ্চলখনক ২০০৩ চনত বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে স্বীকৃতি দিয়া হয়। নামবৰ-দৈগ্ৰুং অভয়াৰণ্যত নাহৰফুটুকী বাঘ, শৰ পহু, বনৰীয়া গাহৰি, হাতী, গাহৰি নেজীয়া বান্দৰ, সেন্দুৰী বান্দৰ, টুপীমূৰীয়া বান্দৰ, সুগৰী পহু, নেউল, মেথোন, খটীয়া পহু, দল-হৰিণা, শিয়াল, হলৌ বান্দৰ, লাজুকী বান্দৰ, কাছ, মলুৱা বান্দৰ, অজগৰ, হেপা, মেচেকা, গুঁই, বনৰৌ, বনকুকুৰা, হাড়গিলা, হুদু, দেওহাঁহ, ভীমৰাজ, হাইঠা, পৰঘুমা, শেন, মাটিকপৌ, বাদুলি, ৰাজধনেশ, বাঢ়ৈটোকা, শিলকপৌ, মইনা, উদ্ভিদ কিছুমান - আজাৰ, নাহৰ, বনচোম, গমাৰি, বিভিন্ন ধৰণৰ অৰ্কিড ইত্যাদি পোৱা যায়। নামবৰ-দৈগ্ৰুং অভয়াৰণ্যৰ মাটিকালি হৈছে - ৯৭.১৫ বৰ্গ কিলোমিটাৰ।

৫/ গৰমপানী অভয়াৰণ্য:-

   গৰমপানী অভয়াৰণ্য অসমৰ কাৰ্বি আংলং জিলাত অৱস্থিত। অসম চৰকাৰে ১৯৫২ চনত গৰমপানী অভয়াৰণ্য হিচাপে স্বীকৃতি প্ৰদান কৰে। গৰমপানী অভয়াৰণ্যত বহুতো গৰমপানীৰ উঁহ পোৱাৰ বাবে মূলতঃ অভয়াৰণ্যখনৰ নাম গৰমপানী অভয়াৰণ্য। গৰমপানী অভয়াৰণ্যত নাহৰফুটুকী বাঘ, ঢেঁকীয়াপতিয়া বাঘ, ধনেশ পক্ষী, হলৌ বান্দৰ, ঈগল, ভীমৰাজ, নেউল, শালিকা, অজগৰ, ফেঁটীসাপ, কপৌ, বুলবুলি চৰাই, ফেঁচা, সোণালী বান্দৰ, মাছৰোকা ইত্যাদি জীৱ জন্তু পোৱা যায় আৰু বিভিন্ন প্ৰজাতিৰ অৰ্কিড পোৱা যায়। গৰমপানী অভয়াৰণ্যৰ মাটিকালি হৈছে - ৬.০৫ বৰ্গ কিলোমিটাৰ।

৬/ বৰনদী অভয়াৰণ্য:-

   বৰনদী অভয়াৰণ্য অসমৰ বাক্সা জিলা আৰু ওদালগুৰি জিলাত অৱস্থিত। ১৯৪২ চনত বৰনদী বনাঞ্চলক 'বৰনদী সংৰক্ষিত বনাঞ্চল' হিচাপে স্বীকৃতি দিয়া হৈছিল আৰু পিছলৈ ১৯৮০ চনৰ ২২ আগষ্টত অসম চৰকাৰে খাগৰিকটা শহা আৰু নল-গাহৰি সংৰক্ষণৰ উদ্দেশ্যে বৰনদী অভয়াৰণ্য হিচাপে স্বীকৃতি প্ৰদান কৰে। বৰনদী অভয়াৰণ্যত নল-গাহৰি, খাগৰিকটা শহা, ঢেঁকীয়াপতিয়া বাঘ, ৰাংকুকুৰ, হলৌ বান্দৰ, ভালুক, বনৰীয়া মেকুৰী, হাতী, সোণালী বান্দৰ, সুগৰী পহু, কেৰ্কেটুৱা, বনৰীয়া গাহৰি, গোধাফুটুকী বাঘ, ময়ূৰ চৰাই, উলুম'ৰা, হয়কলি, কাও ধনেশ, মাছোৰোকা ইত্যাদি জীৱ জন্তু পোৱা যায়। বৰনদী অভয়াৰণ্যৰ মাটিকালি হৈছে - ২৬.২২ বৰ্গ কিলোমিটাৰ।

৭/ পূব কাৰ্বি আংলং অভয়াৰণ্য:-

   পূব কাৰ্বি আংলং অভয়াৰণ্য অসমৰ কাৰ্বি আংলং জিলাত অৱস্থিত। অসম চৰকাৰে ২০০০ চনৰ ২৭ জুলাইত পূব কাৰ্বি আংলং অভয়াৰণ্যৰ স্বীকৃতি প্ৰদান কৰে। কাৰ্বি আংলং জিলাৰ মিকিৰ পাহাৰ সংৰক্ষিত বনাঞ্চল আৰু ওচৰে-পাজৰে থকা কিছু অৰণ্য সামৰি এই পূব কাৰ্বি আংলং অভয়াৰণ্য গঠিত হৈছে। পূব কাৰ্বি আংলং অভয়াৰণ্যত হলৌ বান্দৰ, শৰ পহু, হাতী, বনৰীয়া গাহৰি, বনৰীয়া মেকুৰী, সুগৰী পহু, মলুৱা বান্দৰ, কেৰ্কেটুৱা, অসমীয়া বান্দৰ, পাহাৰীয়া কাছ, ফেঁটীসাপ, গুঁই, পাইথন, বৰটোকোলা, হাড়গিলা, গলমণিকা, পাটিশগুন, হাইঠা ইত্যাদি জীৱ জন্তু পোৱাৰ উপৰিও ইয়াত বিভিন্ন ধৰণৰ উদ্ভিদ যেনে - গমাৰি, শিলিখা, ঔটেঙা, নাহৰ, শলখ, চেগুন, আম, কঁঠাল, পমা, খকন, তৃণজাতীয় উদ্ভিদ, লতাজাতীয় উদ্ভিদ, ভেলেউ ইত্যাদি পোৱা যায়। পূব কাৰ্বি আংলং অভয়াৰণ্যৰ মাটিকালি হৈছে - ২২১.৮১ বৰ্গ কিলোমিটাৰ।

Post a Comment

Previous Post Next Post