৭৫+ কুইজ Quiz ২০২৬

 

১/ অসম কেশৰী কোন?
উত্তৰ:- অম্বিকাগিৰি ৰায়চৌধুৰী।

২/ হেমকোষ কি?
উত্তৰ:- অভিধান। (হেমকোষ অভিধানৰ বিষয়ে অধিক চাবলৈ ইয়াত ক্লিক কৰক)

৩/ ভাৰতৰ উচ্চতম ন্যায়ালয় ক'ত অৱস্থিত?
উত্তৰ:- নতুন দিল্লী।

৪/ অসমত ডাঙৰ ভূমিকম্প কেতিয়া হৈছিল?
উত্তৰ:- ১৯৫০ চনত।

৫/ 'হালধীয়া চৰায়ে বাওধান খায়' পুথিখন কোনে লিখিছিল?
উত্তৰ:- হোমেন বৰগোহাঞি।

৬/ অসমৰ লোকসভাৰ আসন কিমান?
উত্তৰ:- ১৪ খন।

৭/ পৃথিৱীৰ সকলোতকৈ ডাঙৰ মহাদেশ কি?
উত্তৰ:- এছিয়া মহাদেশ।

৮/ জয়মতী বোলছবিখন কোনে পৰিচালনা কৰিছিল?
উত্তৰ:- জ্যোতিপ্ৰসাদ আগৰৱালা।

৯/ ৰামায়ণ কোনে ৰচনা কৰিছিল?
উত্তৰ:- বাল্মীকি।

১০/ ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিষ্ঠা কেতিয়া হৈছিল?
উত্তৰ:- ২৮ ডিচেম্বৰ, ১৮৮৫ চনত।

১১/ অৰুণাচল প্ৰদেশৰ ৰাজধানী কি?
উত্তৰ:- ইটানগৰ।

১২/ দৰং জিলাৰ পথৰুঘাটৰ ৰণ কেতিয়া হৈছিল?
উত্তৰ:- ২৮ জানুৱাৰী, ১৮৯৪ চন।

১৩/ WHO ক'ত অৱস্থিত?
উত্তৰ:- ছুইজাৰলেণ্ডৰ জেনেভাত অৱস্থিত। (৭ এপ্ৰিল, ১৯৪৮ চনত প্ৰতিষ্ঠা কৰা হৈছিল। WHO ৰ সম্পূৰ্ণ অৰ্থ - World Health Organization)

১৪/ সতী সাধিনি কোন বংশৰ আছিল?
উত্তৰ:- চুতীয়া।

১৫/ উমানন্দ মন্দিৰটো কি মন্দিৰ?
উত্তৰ:- শিৱ মন্দিৰ।

১৬/ ন'বেল বঁটা লাভ কৰা ভাৰতৰ প্ৰথম ব্যক্তিজনৰ নাম কি?
উত্তৰ:- ৰবীন্দ্ৰনাথ ঠাকুৰ। (১৯১৩)

১৭/ ৰাষ্ট্ৰীয় সংগীতৰ লেখক কোন?
উত্তৰ:- ৰবীন্দ্ৰনাথ ঠাকুৰ।

১৮/ ২০২০ ৰ অলিম্পিক ক'ত হৈছিল?
উত্তৰ:- জাপানৰ ট’কিঅ'।

১৯/ শৰাইঘাটৰ যুদ্ধ কিমান চনত হৈছিল?
উত্তৰ:- ১৬৭১ চনত।

২০/ নামঘোষা কোনে লিখিছিল?
উত্তৰ:- মহাপুৰুষ মাধৱদেৱ।

২১/ ছাত্ৰ সন্থাৰ অসম চুক্তি কেতিয়া হৈছিল?
উত্তৰ:- ১৫ আগষ্ট, ১৯৮৫ চনত।

২২/ ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিল?
উত্তৰ:- ২৪ ফেব্ৰুৱাৰী, ১৮২৬ চনত।

২৩/ 'বৰদলৈ ট্ৰফী' কি খেলৰ লগত জড়িত?
উত্তৰ:- ফুটবল খেলৰ লগত জড়িত।

২৪/ ৫৬ নম্বৰ জ্ঞানপীঠ বঁটা কোনে লাভ কৰিছিল?
উত্তৰ - নীলমণি ফুকন।

২৫/ দ্যা আছাম ট্ৰিবিউন দৈনিক ইংৰাজী বাতৰি কাকতৰ প্ৰথম সম্পাদক কোন আছিল?
উত্তৰ:- লক্ষ্মীনাথ ফুকন। ( তেওঁ দ্যা আছাম ট্ৰিবিউন দৈনিক ইংৰাজী বাতৰি কাকতৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল।)

২৬/ উত্তল লেন্সৰ ক্ষমতা প্ৰায় হয়?
উত্তৰ:- ধনাত্মক।

২৭/ কোন দুখন নদীয়ে সুন্দৰবন বদ্বীপ গঠন কৰে?
উত্তৰ:- গংগা আৰু ব্ৰহ্মপুত্ৰ।

২৮/ মানুহৰ পাচন তন্ত্ৰত কিহে পিত্ত নিঃসৰণ কৰে?
উত্তৰ:- যকৃত।

২৯/ অন্তঃস্ৰাৱী গ্ৰন্থিৰ হৰমনবোৰ ক'ত নিঃসৰণ হয়?
উত্তৰ:- তেজ।

৩০/ হেনছেন ৰোগ বুলি কোনটো ৰোগক কোৱা হয়?
উত্তৰ:- কুষ্ঠ।

৩১/ হাইড্ৰক্ল'ৰিক এচিড আমাৰ পাচন তন্ত্ৰৰ কোন অংশত নিঃসৰণ হয়?
উত্তৰ:- পাকস্থলী।

৩২/ মানৱ শৰীৰৰ আটাইতকৈ সৰু অন্তঃস্ৰাৱী গ্ৰন্থিটো কি?
উত্তৰ:- পিনিয়াল।

৩৩/ অজন স্তৰত ছিদ্ৰ হোৱাৰ কাৰণ কি?
উত্তৰ:- CFCs ( Chlorofluorocarbons ).

৩৪/ সূৰ্যৰ পোহৰ পৃথিৱীত স্পৰ্শ কৰিবলৈ প্ৰায় কিমান সময় লাগে?
উত্তৰ:- ৮ মিনিট ২০ চেকেণ্ড।

৩৫/ কোনখন বেদত ৰোগৰ চিকিৎসাৰ বিষয়ে আছে?
উত্তৰ:- অথর্ববেদ।

৩৬/ ধনুষ্টংকাৰ কিহৰ ফলত হয়?
উত্তৰ:- বেক্টেৰিয়া।

৩৭/ কোনকেইটা গ্ৰহৰ উপগ্ৰহ নাই?
উত্তৰ:- বুধ আৰু শুক্র গ্ৰহৰ উপগ্ৰহ নাই।

৩৮/ আকবৰৰ দ্বাৰা দাস প্ৰথা কেতিয়া অন্ত কৰা হৈছিল?
উত্তৰ:- ১৫৬২ চনত।

৩৯/ হর্নবিল উৎসৱ কোনখন ৰাজ্যত উদযাপন কৰা হয়?
উত্তৰ:- নাগালেণ্ড।

৪০/ UNO ৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত?
উত্তৰ:- নিউয়ৰ্ক। (UNO → United Nations Organization.)


৪১/ আৰ্চাৰী কোনখন দেশৰ ৰাষ্ট্ৰীয় খেল?
উত্তৰ:- ভূটান।

৪২/ তলৰ কোনটো বিদ্যুতৰ সৰ্বশ্ৰেষ্ঠ পৰিবাহী?

১/ তাম ২/ এলুমিনিয়াম ৩/ ৰূপ ৪/ লো

উত্তৰ:- ৰূপ।

৪৩/ লোৰ মামৰ অতি সোনকালে ক'ত হয়?
উত্তৰ:- সাগৰৰ পানীত।

৪৪/ ৱাছিং চডাৰ সাধাৰণ নাম কি?
উত্তৰ:- ছডিয়াম কাৰ্বনেট।

৪৫/ ভাৰতৰ প্ৰথম মুখ্য ন্যায়াধীশ কোন আছিল?
উত্তৰ:- এইচ. জে. কানিয়া। (সম্পূৰ্ণ নাম - Harilal Jekisundas Kania)

৪৬/ নামদাং শিলৰ সাঁকো কোনে নিৰ্মাণ কৰিছিল?
উত্তৰ:- স্বৰ্গদেউ ৰুদ্ৰ সিংহ। (১৭০৩)

৪৭/ চিচমোগ্ৰাফ সঁজুলি কি জোখাৰ বাবে ব্যৱহাৰ কৰা হয়?
উত্তৰ:- ভূমিকম্প।

৪৮/ কাৰ্বহাইড্ৰেট শৰীৰত কি হিচাপে সংৰক্ষণ হয়?
উত্তৰ:- গ্লাইকোজেন।

৪৯/ পৃথিৱীৰ আটাইতকৈ ডাঙৰ সতেজ পানীৰ হ্ৰদ কোনটো?
উত্তৰ:- চুপিৰিয়ৰ হ্ৰদ।

৫০/ অৰ্জুন বঁটা লাভ কৰা প্ৰথম ভাৰতীয় ফুটবলাৰ কোন আছিল?
উত্তৰ:- পি. কে. বেনাৰ্জী। (সম্পূৰ্ণ নাম - Pradip Kumar Banerjee)

৫১/ দ্বিতীয় বিশ্বযুদ্ধ কেতিয়া সমাপ্ত হৈছিল?
উত্তৰ:- ১৯৪৫ চনত।

৫২/ কোনখন চহৰক হ্ৰদৰ চহৰ বুলি কোৱা হয়?
উত্তৰ:- উদয়পুৰ।

৫৩/ "The Race of My Life" নামৰ কিতাপখনৰ লেখক কোন?
উত্তৰ:- মিলখা সিং।

৫৪/ শুক্র গ্ৰহ কোন দিশত ঘূৰে?
উত্তৰ:- পূবৰ পৰা পশ্চিমলৈ।

৫৫/ কেলভিন জোখত মানৱ শৰীৰৰ স্বাভাৱিক উষ্ণতা কিমান?
উত্তৰ:- ৩১০ কেলভিন। (310 K)

৫৬/ ভিটামিন D ৰ ৰাসায়নিক নাম কি?
উত্তৰ:- কেলচিফেৰল।

৫৭/ হিন্দু ধর্ম আনুষ্ঠানিকভাৱে গ্ৰহণ কৰা প্ৰথমজন আহোম শাসক কোন আছিল?
উত্তৰ:- জয়ধ্বজ সিংহ।

৫৮/ কাক ভাৰতৰ মেকিয়াভেলি বুলিও জনা যায়?
উত্তৰ:- কৌটিল্য।

৫৯/ কোন মোগল সম্ৰাটে মোগলৰ ৰাজধানী আগ্ৰাৰ পৰা দিল্লীলৈ স্থানান্তৰ কৰিছিল?
উত্তৰ:- শ্বাহ জাহান।

৬০/ ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান কিহৰ বাবে বিখ্যাত?
উত্তৰ:- সোণালী বান্দৰ।

৬১/ শ্ৰীমন্ত শংকৰদেৱে প্ৰথম নামঘৰ ক'ত প্ৰতিষ্ঠা কৰিছিল?
উত্তৰ:- বৰদোৱা।

৬২/ নীলগিৰি পাহাৰৰ সৰ্বোচ্চ শৃংগ কি?
উত্তৰ:- ডোডাবেট্টা।

৬৩/ সোণ আৰু ৰূপৰ বিশুদ্ধকৰণত কোনটো এচিড ব্যৱহাৰ কৰা হয়?
উত্তৰ:- নাইট্ৰিক এচিড ব্যৱহাৰ কৰা হয়।

৬৪/ আম্বেদকাৰ জয়ন্তী কেতিয়া উদযাপন কৰা হয়?
উত্তৰ:- ১৪ এপ্ৰিল।

৬৫/ প্ৰতি বছৰে ৰাষ্ট্ৰীয় ক্ৰিয়া দিৱস কেতিয়া উদযাপন কৰা হয়?
উত্তৰ:- ২৯ আগষ্ট তাৰিখে।

৬৬/ গহনা তৈয়াৰ কৰোঁতে সাধাৰণতে সোণৰ সৈতে কোনটো ধাতু মিহলি কৰা হয়?
উত্তৰ:- তাম।

৬৭/ ভিটামিন C ৰ ৰাসায়নিক নাম কি?
উত্তৰ:- এস্কৰ্বিক এচিড।

৬৮/ কিমান চনত চিপাহী বিদ্ৰোহৰ সূচনা হৈছিল?
উত্তৰ:- ১০ মে, ১৮৫৭ চনত।

৬৯/ গুপ্ত কালত ঔষধৰ ওপৰত কৰা কামৰ বাবে কোনজন জনাজাত আছিল?
উত্তৰ:- চুশ্ৰুত।

৭০/ মানুহৰ শৰীৰত তেজৰ পৰিমাণ শৰীৰৰ ওজনৰ প্ৰায় কিমান শতাংশ?
উত্তৰ:- ৭ শতাংশ।

৭১/ কাক কোষীয় শক্তিৰ ভঁৰাল বুলি কোৱা হয়?
উত্তৰ:- মাইট'কণ্ড্ৰিয়া।

৭২/ আটাইতকৈ সৰু কেন্দ্ৰীয় শাসিত অঞ্চলটোৰ নাম কি?
উত্তৰ:- লাক্ষাদ্বীপ।

৭৩/ গুৱাহাটী উচ্চ ন্যায়ালয় কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল?
উত্তৰ:- ১৯৪৮ চনত।

৭৪/ LED ৰ সম্পূৰ্ণ ৰূপ কি?
উত্তৰ:- LIGHT EMITTING DIODE.

৭৫/ কোন ভাৰতীয় ৰাজ্যৰ সাগৰৰ সৈতে ইয়াৰ দীৰ্ঘতম সীমা আছে?
উত্তৰ:- গুজৰাট।

৭৬/ ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন কেতিয়া প্ৰণয়ন কৰা হৈছিল?
উত্তৰ:- ২০১৩ চনত।

৭৭/ বজৰং পুনিয়া কি খেলৰ সৈতে সম্পৰ্কিত?
উত্তৰ:- মল্লযুদ্ধ। (Wrestling)

৭৮/ কোনখন নদীক বৃদ্ধ গংগা বুলি কোৱা হয়?
উত্তৰ:- গোদাৱৰী।

৭৯/ বেৰী-বেৰী ৰোগ কিহৰ অভাৱৰ ফলত হয়?
উত্তৰ:- Vitamin B1.

৮০/ বেৰোমিটাৰ কোনে উদ্ভাৱন কৰিছিল?
উত্তৰ:- ইভাঞ্জেলিষ্টা টৰিচেলি।

৮১/ ইণ্ডিকা কিতাপখনৰ লেখক কোন আছিল?
উত্তৰ:- মেগাস্থেনিচ।

৮২/ গুৰু নানকৰ জন্ম কিমান চনত হৈছিল?
উত্তৰ:- ১৪৬৯ চনত।

৮৩/ হৰপ্পা সভ্যতাৰ লোকসকল কোনটো জন্তুৰ সৈতে পৰিচিত নাছিল?
উত্তৰ:- ঘোঁৰা।

৮৪/ ৰাষ্ট্ৰীয় হস্তশিল্প বঁটা ২০২৩ আৰু ২০২৪ বৰ্ষৰ অসমৰ কোন দুজন ব্যক্তিয়ে লাভ কৰিছে?
উত্তৰ:- ৰাষ্ট্ৰীয় হস্তশিল্প বঁটা ২০২৩ বৰ্ষৰ বঁটা অসমৰ ছাবিনা তেৰনপীয়ে লাভ কৰিছে আৰু ৰাষ্ট্ৰীয় হস্তশিল্প বঁটা ২০২৪ বৰ্ষৰ বঁটা অসমৰ বাপুকণ পায়েঙে লাভ কৰিছে। (ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে ২০২৫ চনৰ ৯ ডিচেম্বৰত এই ৰাষ্ট্ৰীয় হস্তশিল্প বঁটা প্ৰদান কৰিছে।)

লগতে চাওক:-
Post a Comment (0)
Previous Post Next Post


Live Online

কুইজ টেষ্টত অংশগ্ৰহণ কৰক

পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে অনুশীলন আৰম্ভ কৰক।

টেষ্ট আৰম্ভ কৰক →


নতুন আপডেট

"ইণ্ডিয়া এআই ইমপেক্ট ছামিট ২০২৬"

AI বিপ্লৱত ভাৰতৰ নেতৃত্ব: কি হ'ব ২০২৬ ৰ India AI Impact Summit 2026 ৰ মূল লক্ষ্য? India AI Impact Summit 2026

সম্পূৰ্ণ পঢ়ক →


জানো আহক

অসমৰ বিভিন্ন চৰকাৰী চাকৰিৰ পৰীক্ষাসমূহত আহি যোৱা কিছুমান প্ৰশ্নোত্তৰ আগবঢ়োৱা হৈছে, যাৰ দ্বাৰা পৰীক্ষাৰ্থীসকলে কিছু আভাষ পাব পাৰে

(Click কৰি পাত লুটিয়াওক)

Assam Govt Job Syllabus
General AwarenessAssam History, Geography, Culture, & Current Affairs.
EnglishGrammar, Vocabulary, Comprehension.
ReasoningAnalogy, Series, Coding-Decoding.
MathematicsArithmetic, Number System, Percentage.
AssameseLanguage Proficiency & Literature.
ইয়াত ক্লিক কৰি আৰু এনেধৰণৰ প্ৰশ্নোত্তৰ চাব পাৰিব