কুইজ Quiz ২০২৪

 

১/ অসম কেশৰী কোন?
উত্তৰ:- অম্বিকাগিৰি ৰায়চৌধুৰী।

২/ হেমকোষ কি?
উত্তৰ:- অভিধান। (হেমকোষ অভিধানৰ বিষয়ে অধিক চাবলৈ ইয়াত ক্লিক কৰক)

৩/ ভাৰতৰ উচ্চতম ন্যায়ালয় ক'ত অৱস্থিত?
উত্তৰ:- নতুন দিল্লী।

৪/ অসমত ডাঙৰ ভূমিকম্প কেতিয়া হৈছিল?
উত্তৰ:- ১৯৫০ চনত।

৫/ 'হালধীয়া চৰায়ে বাওধান খায়' পুথিখন কোনে লিখিছিল?
উত্তৰ:- হোমেন বৰগোহাঞি।

৬/ অসমৰ লোকসভাৰ আসন কিমান?
উত্তৰ:- ১৪ খন।

৭/ পৃথিৱীৰ সকলোতকৈ ডাঙৰ মহাদেশ কি?
উত্তৰ:- এছিয়া মহাদেশ।

৮/ জয়মতী বোলছবিখন কোনে পৰিচালনা কৰিছিল?
উত্তৰ:- জ্যোতিপ্ৰসাদ আগৰৱালা।

৯/ ৰামায়ণ কোনে ৰচনা কৰিছিল?
উত্তৰ:- বাল্মীকি।

১০/ ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিষ্ঠা কেতিয়া হৈছিল?
উত্তৰ:- ২৮ ডিচেম্বৰ, ১৮৮৫ চনত।

১১/ অৰুণাচল প্ৰদেশৰ ৰাজধানী কি?
উত্তৰ:- ইটানগৰ।

১২/ দৰং জিলাৰ পথৰুঘাটৰ ৰণ কেতিয়া হৈছিল?
উত্তৰ:- ২৮ জানুৱাৰী, ১৮৯৪ চন।

১৩/ WHO ক'ত অৱস্থিত?
উত্তৰ:- ছুইজাৰলেণ্ডৰ জেনেভাত অৱস্থিত। (৭ এপ্ৰিল, ১৯৪৮ চনত প্ৰতিষ্ঠা কৰা হৈছিল। WHO ৰ সম্পূৰ্ণ অৰ্থ - World Health Organization)

১৪/ সতী সাধিনি কোন বংশৰ আছিল?
উত্তৰ:- চুতীয়া।

১৫/ উমানন্দ মন্দিৰটো কি মন্দিৰ?
উত্তৰ:- শিৱ মন্দিৰ।

১৬/ ন'বেল বঁটা লাভ কৰা ভাৰতৰ প্ৰথম ব্যক্তিজনৰ নাম কি?
উত্তৰ:- ৰবীন্দ্ৰনাথ ঠাকুৰ। (১৯১৩)

১৭/ ৰাষ্ট্ৰীয় সংগীতৰ লেখক কোন?
উত্তৰ:- ৰবীন্দ্ৰনাথ ঠাকুৰ।

১৮/ ২০২০ ৰ অলিম্পিক ক'ত হৈছিল?
উত্তৰ:- জাপানৰ ট’কিঅ'।

১৯/ শৰাইঘাটৰ যুদ্ধ কিমান চনত হৈছিল?
উত্তৰ:- ১৬৭১ চনত।

২০/ নামঘোষা কোনে লিখিছিল?
উত্তৰ:- মহাপুৰুষ মাধৱদেৱ।

২১/ ছাত্ৰ সন্থাৰ অসম চুক্তি কেতিয়া হৈছিল?
উত্তৰ:- ১৫ আগষ্ট, ১৯৮৫ চনত।

২২/ ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিল?
উত্তৰ:- ২৪ ফেব্ৰুৱাৰী, ১৮২৬ চনত।

২৩/ 'বৰদলৈ ট্ৰফী' কি খেলৰ লগত জড়িত?
উত্তৰ:- ফুটবল খেলৰ লগত জড়িত।

২৪/ ৫৬ নম্বৰ জ্ঞানপীঠ বঁটা কোনে লাভ কৰিছিল?
উত্তৰ - নীলমণি ফুকন।

২৫/ দ্যা আছাম ট্ৰিবিউন দৈনিক ইংৰাজী বাতৰি কাকতৰ প্ৰথম সম্পাদক কোন আছিল?
উত্তৰ:- লক্ষ্মীনাথ ফুকন। ( তেওঁ দ্যা আছাম ট্ৰিবিউন দৈনিক ইংৰাজী বাতৰি কাকতৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল।)

২৬/ উত্তল লেন্সৰ ক্ষমতা প্ৰায় হয়?
উত্তৰ:- ধনাত্মক।

২৭/ কোন দুখন নদীয়ে সুন্দৰবন বদ্বীপ গঠন কৰে?
উত্তৰ:- গংগা আৰু ব্ৰহ্মপুত্ৰ।

২৮/ মানুহৰ পাচন তন্ত্ৰত কিহে পিত্ত নিঃসৰণ কৰে?
উত্তৰ:- যকৃত।

২৯/ অন্তঃস্ৰাৱী গ্ৰন্থিৰ হৰমনবোৰ ক'ত নিঃসৰণ হয়?
উত্তৰ:- তেজ।

৩০/ হেনছেন ৰোগ বুলি কোনটো ৰোগক কোৱা হয়?
উত্তৰ:- কুষ্ঠ।

৩১/ হাইড্ৰক্ল'ৰিক এচিড আমাৰ পাচন তন্ত্ৰৰ কোন অংশত নিঃসৰণ হয়?
উত্তৰ:- পাকস্থলী।

৩২/ মানৱ শৰীৰৰ আটাইতকৈ সৰু অন্তঃস্ৰাৱী গ্ৰন্থিটো কি?
উত্তৰ:- পিনিয়াল।

৩৩/ অজন স্তৰত ছিদ্ৰ হোৱাৰ কাৰণ কি?
উত্তৰ:- CFCs ( Chlorofluorocarbons ).

৩৪/ সূৰ্যৰ পোহৰ পৃথিৱীত স্পৰ্শ কৰিবলৈ প্ৰায় কিমান সময় লাগে?
উত্তৰ:- ৮ মিনিট ২০ চেকেণ্ড।

৩৫/ কোনখন বেদত ৰোগৰ চিকিৎসাৰ বিষয়ে আছে?
উত্তৰ:- অথর্ববেদ।

৩৬/ ধনুষ্টংকাৰ কিহৰ ফলত হয়?
উত্তৰ:- বেক্টেৰিয়া।

৩৭/ কোনকেইটা গ্ৰহৰ উপগ্ৰহ নাই?
উত্তৰ:- বুধ আৰু শুক্র গ্ৰহৰ উপগ্ৰহ নাই।

৩৮/ আকবৰৰ দ্বাৰা দাস প্ৰথা কেতিয়া অন্ত কৰা হৈছিল?
উত্তৰ:- ১৫৬২ চনত।

৩৯/ হর্নবিল উৎসৱ কোনখন ৰাজ্যত উদযাপন কৰা হয়?
উত্তৰ:- নাগালেণ্ড।

৪০/ UNO ৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত?
উত্তৰ:- নিউয়ৰ্ক। (UNO → United Nations Organization.)


৪১/ আৰ্চাৰী কোনখন দেশৰ ৰাষ্ট্ৰীয় খেল?
উত্তৰ:- ভূটান।

৪২/ তলৰ কোনটো বিদ্যুতৰ সৰ্বশ্ৰেষ্ঠ পৰিবাহী?

১/ তাম ২/ এলুমিনিয়াম ৩/ ৰূপ ৪/ লো

উত্তৰ:- ৰূপ।

৪৩/ লোৰ মামৰ অতি সোনকালে ক'ত হয়?
উত্তৰ:- সাগৰৰ পানীত।

৪৪/ ৱাছিং চডাৰ সাধাৰণ নাম কি?
উত্তৰ:- ছডিয়াম কাৰ্বনেট।

৪৫/ ভাৰতৰ প্ৰথম মুখ্য ন্যায়াধীশ কোন আছিল?
উত্তৰ:- এইচ. জে. কানিয়া। (সম্পূৰ্ণ নাম - Harilal Jekisundas Kania)

৪৬/ নামদাং শিলৰ সাঁকো কোনে নিৰ্মাণ কৰিছিল?
উত্তৰ:- স্বৰ্গদেউ ৰুদ্ৰ সিংহ। (১৭০৩)

৪৭/ চিচমোগ্ৰাফ সঁজুলি কি জোখাৰ বাবে ব্যৱহাৰ কৰা হয়?
উত্তৰ:- ভূমিকম্প।

৪৮/ কাৰ্বহাইড্ৰেট শৰীৰত কি হিচাপে সংৰক্ষণ হয়?
উত্তৰ:- গ্লাইকোজেন।

৪৯/ পৃথিৱীৰ আটাইতকৈ ডাঙৰ সতেজ পানীৰ হ্ৰদ কোনটো?
উত্তৰ:- চুপিৰিয়ৰ হ্ৰদ।

৫০/ অৰ্জুন বঁটা লাভ কৰা প্ৰথম ভাৰতীয় ফুটবলাৰ কোন আছিল?
উত্তৰ:- পি. কে. বেনাৰ্জী। (সম্পূৰ্ণ নাম - Pradip Kumar Banerjee)

৫১/ দ্বিতীয় বিশ্বযুদ্ধ কেতিয়া সমাপ্ত হৈছিল?
উত্তৰ:- ১৯৪৫ চনত।

৫২/ কোনখন চহৰক হ্ৰদৰ চহৰ বুলি কোৱা হয়?
উত্তৰ:- উদয়পুৰ।

৫৩/ "The Race of My Life" নামৰ কিতাপখনৰ লেখক কোন?
উত্তৰ:- মিলখা সিং।

৫৪/ শুক্র গ্ৰহ কোন দিশত ঘূৰে?
উত্তৰ:- পূবৰ পৰা পশ্চিমলৈ।

৫৫/ কেলভিন জোখত মানৱ শৰীৰৰ স্বাভাৱিক উষ্ণতা কিমান?
উত্তৰ:- ৩১০ কেলভিন। (310 K)

৫৬/ ভিটামিন D ৰ ৰাসায়নিক নাম কি?
উত্তৰ:- কেলচিফেৰল।

৫৭/ হিন্দু ধর্ম আনুষ্ঠানিকভাৱে গ্ৰহণ কৰা প্ৰথমজন আহোম শাসক কোন আছিল?
উত্তৰ:- জয়ধ্বজ সিংহ।

৫৮/ কাক ভাৰতৰ মেকিয়াভেলি বুলিও জনা যায়?
উত্তৰ:- কৌটিল্য।

৫৯/ কোন মোগল সম্ৰাটে মোগলৰ ৰাজধানী আগ্ৰাৰ পৰা দিল্লীলৈ স্থানান্তৰ কৰিছিল?
উত্তৰ:- শ্বাহ জাহান।

৬০/ ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান কিহৰ বাবে বিখ্যাত?
উত্তৰ:- সোণালী বান্দৰ।

৬১/ শ্ৰীমন্ত শংকৰদেৱে প্ৰথম নামঘৰ ক'ত প্ৰতিষ্ঠা কৰিছিল?
উত্তৰ:- বৰদোৱা।

৬২/ নীলগিৰি পাহাৰৰ সৰ্বোচ্চ শৃংগ কি?
উত্তৰ:- ডোডাবেট্টা।

৬৩/ সোণ আৰু ৰূপৰ বিশুদ্ধকৰণত কোনটো এচিড ব্যৱহাৰ কৰা হয়?
উত্তৰ:- নাইট্ৰিক এচিড ব্যৱহাৰ কৰা হয়।

৬৪/ আম্বেদকাৰ জয়ন্তী কেতিয়া উদযাপন কৰা হয়?
উত্তৰ:- ১৪ এপ্ৰিল।

৬৫/ প্ৰতি বছৰে ৰাষ্ট্ৰীয় ক্ৰিয়া দিৱস কেতিয়া উদযাপন কৰা হয়?
উত্তৰ:- ২৯ আগষ্ট তাৰিখে।

৬৬/ গহনা তৈয়াৰ কৰোঁতে সাধাৰণতে সোণৰ সৈতে কোনটো ধাতু মিহলি কৰা হয়?
উত্তৰ:- তাম।

৬৭/ ভিটামিন C ৰ ৰাসায়নিক নাম কি?
উত্তৰ:- এস্কৰ্বিক এচিড।

৬৮/ কিমান চনত চিপাহী বিদ্ৰোহৰ সূচনা হৈছিল?
উত্তৰ:- ১০ মে, ১৮৫৭ চনত।

৬৯/ গুপ্ত কালত ঔষধৰ ওপৰত কৰা কামৰ বাবে কোনজন জনাজাত আছিল?
উত্তৰ:- চুশ্ৰুত।

৭০/ মানুহৰ শৰীৰত তেজৰ পৰিমাণ শৰীৰৰ ওজনৰ প্ৰায় কিমান শতাংশ?
উত্তৰ:- ৭ শতাংশ।

৭১/ কাক কোষীয় শক্তিৰ ভঁৰাল বুলি কোৱা হয়?
উত্তৰ:- মাইট'কণ্ড্ৰিয়া।

৭২/ আটাইতকৈ সৰু কেন্দ্ৰীয় শাসিত অঞ্চলটোৰ নাম কি?
উত্তৰ:- লাক্ষাদ্বীপ।

৭৩/ গুৱাহাটী উচ্চ ন্যায়ালয় কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল?
উত্তৰ:- ১৯৪৮ চনত।

৭৪/ LED ৰ সম্পূৰ্ণ ৰূপ কি?
উত্তৰ:- LIGHT EMITTING DIODE.

৭৫/ কোন ভাৰতীয় ৰাজ্যৰ সাগৰৰ সৈতে ইয়াৰ দীৰ্ঘতম সীমা আছে?
উত্তৰ:- গুজৰাট।

৭৬/ ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন কেতিয়া প্ৰণয়ন কৰা হৈছিল?
উত্তৰ:- ২০১৩ চনত।

৭৭/ বজৰং পুনিয়া কি খেলৰ সৈতে সম্পৰ্কিত?
উত্তৰ:- মল্লযুদ্ধ। (Wrestling)

৭৮/ কোনখন নদীক বৃদ্ধ গংগা বুলি কোৱা হয়?
উত্তৰ:- গোদাৱৰী।

৭৯/ বেৰী-বেৰী ৰোগ কিহৰ অভাৱৰ ফলত হয়?
উত্তৰ:- Vitamin B1.

৮০/ বেৰোমিটাৰ কোনে উদ্ভাৱন কৰিছিল?
উত্তৰ:- ইভাঞ্জেলিষ্টা টৰিচেলি।

৮১/ ইণ্ডিকা কিতাপখনৰ লেখক কোন আছিল?
উত্তৰ:- মেগাস্থেনিচ।

৮২/ গুৰু নানকৰ জন্ম কিমান চনত হৈছিল?
উত্তৰ:- ১৪৬৯ চনত।

৮৩/ হৰপ্পা সভ্যতাৰ লোকসকল কোনটো জন্তুৰ সৈতে পৰিচিত নাছিল?
উত্তৰ:- ঘোঁৰা।

লগতে চাওক:-

Post a Comment

Previous Post Next Post