Udgam Portal কি আৰু কেনেকৈ ব্যৱহাৰ কৰিব? [Step-by-Step Guide]

 

UDGAM Portal (Unclaimed Deposits-Gateway to Access inforMation) Reserve Bank of India ভাৰতীয় ৰিজাৰ্ভ বেংকে আৰম্ভ কৰিছে। Udgam Portal ৰ যোগেদি মানুহে বিভিন্ন বেংকত ১০ বছৰ বা অধিক সময় ধৰি নিষ্ক্ৰিয় হৈ থকা কোনো দাবী নকৰা ধন বিচাৰি পাবলৈ সক্ষম হ'ব।

২০২৫ চনত ভাৰতৰ বেংক সমূহত ৬৭,০০০ হাজাৰ কোটি কোনো দাবী নকৰা টকা অধিক সময় ধৰি নিষ্ক্ৰিয় হৈ আছে। তাৰে Public Sector Bank সমূহত আছে - ৫৮,৩৩০ কোটি আৰু Private Sector Bank সমূহত আছে - ৮,৬৭৩ কোটি টকা।

Udgam Portal ২০২৩ চনৰ ২৮ ছেপ্টেম্বৰৰ পৰা বেংকৰ দাবিহীন জমা টকা অনুসন্ধানৰ সুবিধা উপলব্ধ কৰা হৈছে।

How to use Udgam Portal
Udgam Portal কেনেকৈ ব্যৱহাৰ কৰিব -

Udgam Portal step-by-step guide -


1. Udgam Portal Website udgam.rbi.org.in/unclaimed-deposits/#/login লিংকত ক্লিক কৰিব।

2. Login Page পোৱাৰ পাছত যদি আপোনাৰ Udgam Portal ত কোনো একাউণ্ট নাই তেন্তে Register ত ক্লিক কৰিব। 


3. Register পেজত আহি Register using mobile number দিব, First Name, Last Name, Password, Re-enter Password, Enter Captcha আদি দি তলত থকা Disclaimer, Privacy Policy, This portal is for my own legitimate purpose ত ক্লিক কৰিব আৰু Next → বুটাম টিপিব। 


4. Confirm OTP ওলাব, আপুনি Register কৰোঁতে দিয়া ফোন নম্বৰত OTP যাব, সেইটো ইয়াত দিব আৰু Register বুটামত ক্লিক কৰিব। 


5. OTP দি Register বুটামত ক্লিক কৰাৰ লগে লগে Registration successful ওলাব আৰু আপোনাৰ Udgam Portal Website ৰ পেজ Login Account লৈ redirect হ'ব। Login Account ত আপুনি Register কৰা ফোন নম্বৰ Password আৰু Captcha code দি Next বুটামত ক্লিক কৰিব। 


6. তাৰ পিছত আকৌ Confirm OTP ওলাব, OTP দি Login বুটামত ক্লিক কৰিব।



7. Login বুটাম ক্লিক কৰাৰ পিছতে আপোনাৰ Udgam Portal apply online কৰিবলৈ আপুনি সক্ষম হ'ব। Login বুটাম ক্লিক কৰাৰ পিছত আপুনি Udgam Online Account দেখিবলৈ পাব, তাত Individual আৰু Non-Individual দুটা Options পাব। Individual ত থকা Search for Unclaimed Deposits ত Account Holder Name, Banks Name,  Name of Banks ত ক্লিক কৰি All Option ও ক্লিক কৰিব পাৰে বা অন্যান্য এটা বা ততোধিক বেংক select কৰি লব পাৰিব। বৰ্তমান ২৯ টা বেংক Listed হৈ আছে। 




8. Enter Minimum one input from the below search criteria ত Pan, Voter ID, Driving License Number, Passport Number, Date of birth আদি দিব পাৰে আৰু তললৈ থকা Show additional search criteria Box ত ক্লিক কৰি Address যেনে Building Name, Street Name, Colony or City দিব পাৰে আৰু Select State/UT Option ত ৰাজ্যৰ নাম Select কৰি Search বুটামত ক্লিক কৰি বেংকত দাবী নকৰা জমা ধন চাব পাৰিব।






জমা ধনৰ তথ্য লাভ কৰিলে Udgam পৰ্টেলৰ তথ্য লৈ আপোনাৰ জমা ধন থকা উক্ত বেংকলৈ গৈ ধন লাভ কৰিবলৈ সক্ষম হ'ব।

Udgam Portal ত থকা Non-Individual ত HUF (Hindu Undivided Family), Proprietorship, Partnership firm, Company ইত্যাদি চাব পাৰিব।

ভাৰতীয় বেংক সমূহত থকা দাবীহীন জমা টকা কি?


দাবীহীন জমা টকা সেইবোৰ যিবোৰ বেংক একাউণ্টত ১০ বছৰ বা ততোধিক সময়লৈকে থকা টকা। বেংক একাউণ্ট সমূহত ১০ বছৰ বা অধিক সময়লৈকে একাউণ্টৰ গৰাকীয়ে কোনো ধৰণৰ কাৰ্যকলাপ নকৰা ফলত সেই একাউণ্টৰ টকা সমূহ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ (RBI) দ্বাৰা পৰিচালিত Depositor Education and Awareness (DEA) ফাণ্ডলৈ হস্তান্তৰ কৰে। Udgam পৰ্টেলৰ যোগেদি বেংক একাউন্টৰ গৰাকীয়ে বা তেওঁলোকৰ আইনী উত্তৰাধিকাৰীয়ে (Nominee) বেংক একাউণ্টত থকা জমা টকাৰ তথ্য লাভ কৰিব পাৰে আৰু যি সমূহ বেংকত জমা টকা আছে সেই সমূহ বেংকলৈ গৈ Udgam পৰ্টেলৰ পৰা লাভ কৰা তথ্য সহকাৰে পাবলগীয়া টকা আৰু সুতৰ সৈতে দাবী কৰিব পাৰে।

Udgam Portal ৰ সুবিধা সমূহ:- 


1. Udgam Portal ত অতি সহজে নিষ্ক্ৰিয় বা দাবীহীন জমা টকা যেনে -ফিক্সড ডিপজিট, চেভিংছ একাউণ্ট ইত্যাদিৰ তথ্য পাবলৈ সক্ষম হ'ব।

2. বহুদিনৰ মূৰত কিছুমান বেংক একাউণ্টৰ গৰাকীয়ে বেংকত জমা টকাৰ কথা পাহৰি যায়, এনে ক্ষেত্ৰত পিছত মনত পৰিলে বা বিচাৰি চাবলৈ Udgam Portal  ব্যৱহাৰ কৰিব পাৰে ফলত সেই টকা উদ্ধাৰ কৰিবলৈ সক্ষম হ'ব।

3. Udgam Portal ব্যৱহাৰ কৰিবলৈ অতি সহজ, কিয়নো আজিকালি সকলোৰে হাতে হাতে একোটাকৈ স্মাৰ্টফোন থাকেই, খুব কম সংখ্যকৰ হাততহে স্মাৰ্টফোন নাথাকে। স্মাৰ্টফোন, লেপটপ, কম্পিউটাৰ ইত্যাদিত Udgam Portal ব্যৱহাৰকাৰী সকলে অতি সহজে আৰু বিনামূলীয়াকৈ সুবিধা লাভ কৰিব।

4. Udgam Portal যিহেতু ভাৰতীয় ৰিজাৰ্ভ বেংকৰ (RBI) দ্বাৰা পৰিচালিত হয়, ফলত অনলাইন ব্যৱস্থা নিৰাপদ বুলি গণ্য কৰিব পাৰি আৰু বহুতো বেংকৰ তথ্য একত্ৰিত কৰি ব্যৱহাৰকাৰীক তথ্য যোগান ধৰে। সেয়ে Udgam Portal ৰ অনুসন্ধান প্ৰক্ৰিয়া সহজ, নিৰাপদ আৰু তথ্যৰ গোপনীয়তা ৰক্ষা কৰে।

5. বেংক একাউণ্টৰ গৰাকীয়ে বা উত্তৰাধিকাৰীয়ে (Nominee) বেংকৰ পৰা পাবলগীয়া টকাৰ তথ্য বিচাৰি বেলেগ বেলেগ বেংকলৈ যোৱাৰ প্ৰয়োজন নাথাকে কাৰণ RBI ৰ দ্বাৰা পৰিচালিত Udgam Portal ত বহুতো বেংকৰ তথ্য একে ঠাইতে উপলব্ধ হৈছে, ফলত সময় আৰু যাতায়তৰ খৰছ ৰাহি হয়।

Udgam Portal ত Listed হৈ থকা বেংক সমূহৰ তালিকা -

Axis Bank Ltd.
Citibank N.A.
DBS Bank India Ltd.
Dhanlaxmi Bank Ltd.
HSBC Ltd.
IndusInd Bank Ltd.
Jammu and Kashmir Bank Ltd.
Karnataka Bank Ltd.
South Indian Bank Ltd.
Tamilnad Mercantile Bank Ltd.
The Karur Vysya Bank Ltd.

Post a Comment

Previous Post Next Post