আই চি চি মহিলা ক্ৰিকেট বিশ্বকাপ ২০২৫ ভাৰতৰ জয়
ভাৰতীয় মহিলা ক্ৰিকেট দলে মহিলা বিশ্বকাপ ২০২৫ ৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয়। ২ নৱেম্বৰ, ২০২৫ তাৰিখ দেওবাৰে নৱী মুম্বাইৰ ডি ৱাই পাটিল স্প’ৰ্টছ একাডেমীত আই চি চি মহিলা ক্ৰিকেট বিশ্বকাপ খেল অনুষ্ঠিত হৈছিল। ভাৰতৰ মহিলা ক্ৰিকেট দলটোৱে দক্ষিণ আফ্ৰিকাক ৫২ ৰানত পৰাস্ত কৰি আই চি চি মহিলা ক্রিকেট বিশ্বকাপ ২০২৫ চনৰ প্ৰতিযোগিতাৰ প্ৰথমটো খিতাপ লাভ কৰিবলৈ সক্ষম হৈছে। বি চি চি আয়ে (Board of Control for Cricket in India) আই চি চি মহিলা ক্ৰিকেট বিশ্বকাপ ২০২৫ ত জয়ী হোৱা ভাৰতীয় মহিলা ক্ৰিকেট দলটোলৈ ৫১ কোটি টকাৰ পুৰস্কাৰ ঘোষণা কৰিছে।
এই এদিনীয়া মহিলা ক্ৰিকেট বিশ্বকাপত ভাৰতীয় দলটোৰ নেতৃত্ব বহন কৰিছিল হৰমনপ্ৰীত কৌৰে (Harmanpreet Kaur) ।
আই চি চি মহিলা ক্ৰিকেট বিশ্বকাপ ২০২৫ ত ভাৰতে ২৯৮ ৰাণ সংগ্ৰহ কৰে আৰু দক্ষিণ আফ্ৰিকাই ২৪৬ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয়।
ইতিহাসত প্ৰথমবাৰৰ বাবে ভাৰতীয় মহিলা ক্ৰিকেটৰ দলে আই চি চি মহিলা ক্ৰিকেট বিশ্বকাপ ২০২৫ ৰ জয়ৰ এই খিতাপ লাভ কৰে। মহিলা ক্ৰিকেট বিশ্বকাপৰ ত্ৰয়োদশ সংস্কৰণত (13th Edition Women's Cricket World Cup) জয়ী হোৱা ভাৰতীয় মহিলা ক্ৰিকেট দলটোৰ সদস্যসকল হৈছে ক্ৰমে - হৰমনপ্ৰীত কৌৰ (কেপ্তেইন), স্মৃতি মান্ধনা, দীপ্তি শৰ্মা, হাৰ্লিন দেওল, ৰাধা যাদৱ, জেমিমাহ ৰড্ৰিগেছ, অৰুন্ধতী ৰেড্ডী, ৰিচা ঘোষ, স্নেহ ৰাণা, ক্ৰান্তি গৌড়, শ্ৰী চৰাণী, অমনজোত কৌৰ, উমা চেত্ৰী, শ্বাফলী ভাৰ্মা, ৰেণুকা সিং ঠাকুৰ।
ICC Women’s Cricket World Cup 2025
India wins ICC Women’s World Cup 2025
International Cricket Council women cricket world cup
