Dolby Atmos Sound System ৰ বিষয়ে
Dolby কোম্পানী আৰম্ভ কৰিছিল Ray Milton Dolby য়ে ১৯৬৫ চনত লণ্ডনত। Ray Milton Dolby আছিল এজন অভিযন্তা আৰু Dolby Sound পদ্ধতি ৰ উদ্ভাৱন কৰিছিল।
Dolby Sound System ৰ প্ৰথম উদ্ভাৱন কৰিছিল Dolby Noise Reduction System ডলবি শব্দ হ্ৰাস কৰা ব্যৱস্থা, ১৯৬৯ চনত Ray Milton Dolby ৰ প্ৰথম পেটেণ্ট দাখিল কৰা হৈছিল।
Ray Milton Dolby য়ে ১৯৬৫ চনত লণ্ডনত ডলবি Laboratory প্ৰতিষ্ঠা কৰিছিল আৰু তাতেই তেওঁ প্ৰথম এনালগ ৰেকৰ্ডিঙত ব্যৱহাৰৰ বাবে শব্দ হ্ৰাস কৰা পদ্ধতি আদি উদ্ভাৱন কৰিছিল, ১৯৭৬ চনত ডলবি কোম্পানীটোৱে কেলিফৰ্ণিয়ালৈ গৈছিল আৰু তাতে Audio and video formats চিনেমাৰ বাবে, Home theater, home video recorders, television broadcasts, video streaming সেৱা সমূহৰ কাম কৰিছিল।
Dolby Sound System কি হয়?
Dolby Sound System হৈছে এনে এক শব্দৰ শৃংখলা যাৰ জৰিয়তে পৰ্দাত চাই থকা ভিডিঅ'ৰ দৰে শব্দৰ বিতৰণ দৰ্শকৰ চাৰিওফালে 3D স্থানৰ পৰা নিখুঁতভাৱে শুনিবলৈ পোৱা যায়। Dolby surround sound ত বাস্তৱিক অভিজ্ঞতা লাভ কৰিবলৈ একে সময়তে একাধিক স্পীকাৰৰ দ্বাৰা সম্ভৱ হৈ পৰিছে।
Dolby Sound System য়ে Dolby কোম্পানীৰ যিকোনো Dolby Sound প্ৰযুক্তিক বুজাব পাৰে কিন্তু Dolby surround sound য়ে ডলবি ডিজিটেল (৫.১ বা ৭.১ চেনেল ব্যৱস্থা)ৰ দৰে বুজাই যত অনুভূমিক শব্দৰ ক্ষেত্ৰত বাস্তৱিক অভিজ্ঞতা প্ৰদান কৰে। নিখুঁতভাৱে 3D শব্দৰ তৰংগত বাস্তৱিক অভিজ্ঞতা লাভ কৰাই।
Dolby Atmos কি হয়?
Dolby Atmos হৈছে Dolby Surround sound ৰ দৰে একেই শব্দৰ বিতৰণ 3D পদ্ধতিত দৰ্শকৰ চাৰিওফালে থকা স্পীকাৰৰ দ্বাৰা শুনিবলৈ পোৱা যায় কিন্তু Dolby Atmos ত উন্নতমানৰ প্ৰচেছিং প্ৰযুক্তিৰ ব্যৱহাৰ, আধুনিক মিক্সিং, অধিক নিখুঁত, স্পষ্ট অনুভূমিক শব্দৰ ক্ষেত্ৰৰ লগতে উলম্বমাত্ৰাত বাস্তৱিক অভিজ্ঞতা প্ৰদান কৰে।
উদাহৰণ স্বৰূপে - পৰ্দাত আপুনি হেলিকপ্টাৰ এখন উৰি যোৱা চাই আছে আৰু ঠিক তেনেকৈ ওপৰৰ পৰা শব্দৰ বাস্তৱ সন্মত অভিজ্ঞতা লাভ কৰিব।
Dolby কোম্পানীৰ উদ্ভাৱন সমূহ -
- Dolby A,
- Dolby NR/B/C/S,
- Dolby SR, Dolby FM,
- Dolby HX Pro, Dolby Advanced Audio,
- Dolby Surround, Dolby Digital,
- Dolby Digital EX,
- Dolby Digital Plus,
- Dolby Digital Live,
- Dolby E, Dolby Stereo,
- Dolby TrueHD,
- Dolby Pulse,
- Dolby AC -4,
- Dolby Atmos,
- Dolby Headphone,
- Dolby Virtual Speaker,
- Dolby Pro Logic,
- Dolby Pro Logic II,
- Dolby Pro Logic IIx,
- Dolby Pro Logic IIz,
- Audistry,
- Dolby Volume,
- Dolby Mobile,
- Dolby Audio Plug-in for Android,
- Dolby Contrast,
- Perceptual Quantizer,
- Dolby Vision, ICtCp,
- Dolby Digital Cinema,
- Dolby Surround 7.1,
- Dolby 3D,
- Dolby Atmos,
- Dolby Cinema,
- Dolby Lake Processor ইত্যাদি ।
Dolby Atmos Home Theater, Dolby Atmos Soundbar, উন্নতমানৰ (Best Dolby Atmos Setup) তৈয়াৰ কৰি ঘৰতে চিনেমা চোৱাৰ অভিজ্ঞতা লাভ কৰিব পৰা যায় (Home Cinema Experience)।
Dolby Atmos Music, Dolby Audio আজিকালি গাড়ীসমূহত উপলব্ধ হৈছে। যেনে - মাৰুতি চুজুকি, টাটা, মহিন্দ্ৰা, হুণ্ডাই, BMW, Tesla ইত্যাদি।
২০২৫ চনৰ অক্টোবৰ মাহলৈকে Dolby Laboratories কোম্পানীৰ Market cap হৈছে - ৬.৪৮ বিলিয়ন আমেৰিকান ডলাৰ।

