Blind Spot Mirror ৰে যাত্ৰীসকলক পথত অধিক সুৰক্ষিত কৰি তুলিব পাৰে।
নমস্কাৰ বন্ধু-বান্ধৱীসকল। আপোনালোকে বাৰু জানেনে ভাৰতৰ পথ দুৰ্ঘটনা সমূহত কেতিয়াবা কেতিয়াবা চালকে আইনাত পিছফালৰ পৰা আহি থকা যান বাহন নেদেখাৰ কাৰণৰ ফলত সংঘটিত হয় আৰু ইয়াৰ বাবে সমাধান আছেনে? হয় আছে। তাৰ বাবে Blind spot Mirror ৰ ব্যৱহাৰ আৰু সজাগতাই আমাৰ বাবে মূল কাম হ'ব।
Blind Spot কি হয়?
Blind spot হৈছে যেতিয়া চালকে বাহন চলাই যোৱাৰ পথত বাহনৰ পিছফালৰ যিবোৰ ঠাই বাহনৰ কাষৰ সোঁফালে থকা আৰু বাওঁফালে থকা আইনা আৰু পাছফালে চোৱা আইনা Rear view mirror ত দৃশ্যমান নহয় সেইবোৰ ঠাইক Blind spot বুলি কোৱা হয়।
Blind Spot Mirror কি হয় আৰু ই আমাক কেনেদৰে সহায় কৰে?
Blind Spot Mirror হৈছে বাহনৰ সোঁফাল - বাওঁফালে থকা আইনাৰ কাষতে স্থাপন কৰিব পৰা সৰু আকৃতিৰ উত্তল দাপোন যিয়ে বাহনৰ কাষৰ আৰু পিছফালৰ যিবোৰ ঠাই Side mirror ত দৃশ্যমান নহয় সেইবোৰ ঠাই দৃশ্যমান কৰে।
Blind spot Mirror য়ে চালকক যাত্ৰা পথত অধিক সুৰক্ষা প্ৰদান কৰে। চালকে পথৰ লেন সলনি কৰা সময়ত, Overtake কৰা সময়ত, পথৰ ট্ৰেফিকৰ ক্ষেত্ৰত, পাৰ্কিঙৰ ক্ষেত্ৰত দৃশ্যমানতা বৃদ্ধি কৰি সহায় কৰে ফলত পথ দুৰ্ঘটনা হ্ৰাস কৰি চালকৰ আত্মবিশ্বাস আৰু সজাগতা বৃদ্ধি কৰে।
ভাৰতৰ কেৰেলা ৰাজ্য যাক আমি ভাৰতৰ ৰাজ্য সমূহৰ ভিতৰত আটাইতকৈ বেছি শিক্ষিত হাৰ থকা ৰাজ্য বুলি গণ্য কৰা হয় তেনে কেৰেলাৰ ৰাজ্য চৰকাৰে গধুৰ বাহন যেনে - ট্ৰাক, বাছ ইত্যাদিত Blind spot mirror লগোৱাটো বাধ্যতামূলক কৰিছে।
পশ্চিম বংগৰ ৰাজধানী কলিকতাৰ দৰে চহৰতো পথ সুৰক্ষাৰ বাবে কলিকতাৰ যান বাহন আৰক্ষীয়ে বাছত Blind spot mirror লগোৱাটো পদক্ষেপ গ্ৰহণ কৰিছে।
মুঠতে Blind spot mirror ৰ ব্যৱহাৰ আৰু সজাগতা নোহোৱাৰ বাবে বৃহৎ সংখ্যক পথ দুৰ্ঘটনাৰ কাৰণ হৈ পৰিছে।
(আগতে মই কিছুমান গাড়ী আৰু বাইকত কাষৰ মূল দুখন আইনাত লাগি থকা সৰু সৰু আৰু ঘূৰণীয়া আকৃতিৰ (উত্তল দাপোন - Convex mirror) আইনা দেখিছোঁ কিন্তু বেছিভাগে সেই সৰু সৰু ঘূৰণীয়া আকৃতিৰ আইনা কিয় লগাইছে বুলি জানিবলৈও চেষ্টা নকৰে আৰু মই ভাবো তেতিয়া কিবা ডিজাইনৰ বাবে লগাইছিল বুলি কিন্তু Blind Spot Mirror ৰ বিষয়ে যেতিয়া বুজি উঠিলোঁ তেতিয়া ইয়াৰ যাত্ৰা পথৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ কথা জানিব পাৰিলো। হয়, Blind spot mirror য়ে যাত্ৰা পথত আপোনাৰ সৈতে সুৰক্ষিত যাত্ৰাৰ সাৰথি হ'ব। মাথোঁ আপুনি blind spot mirror লগাব লাগিব আপোনাৰ বাহনখনত, সেয়া লাগিলে দুচকীয়া বাহনেই হওক বা চাৰিচকীয়া বাহনেই হওক।)
আজিকালি অত্যাধুনিক গাড়ী সমূহত Blind Spot Monitoring Technology (BSM) উপলব্ধ হৈছে।
কিছুমান গাড়ী নিৰ্মাতা কোম্পানী যেনে - Tata, Mahindra, Kia, Hyundai, Honda, MG ইত্যাদিত Blind Spot Monitoring Technology (BSM) উপলব্ধ হৈছে।


