২ নৱেম্বৰ, ২০২৫ তাৰিখে সন্ধিয়া ৫:২৬ বজাত ইছৰোৰ (ISRO) অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাৰ সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ (SDSC) পৰা ভাৰতীয় নৌসেনাৰ বাবে নিৰ্মাণ কৰা উপগ্ৰহ CMS-03 (GSAT-7R)উৎক্ষেপণ কৰা হয়। ভাৰতৰ থলুৱা প্ৰযুক্তিৰ দ্বাৰা নিৰ্মাণ কৰা LVM3-M5 যাক বাহুবলী ৰকেট নামেৰে জনা যায়, সেই বাহুবলী ৰকেটত ৪৪১০ কিলোগ্ৰাম ওজনৰ উপগ্ৰহ CMS-03 মহাকাশলৈ ইছৰোৰ মহাকাশ বিজ্ঞানীসকলৰ প্ৰচেষ্টাত পঠোৱা হয়।
CMS-03 উপগ্ৰহক GSAT-7R নামেৰে জনা যায়। ভাৰতৰ পৰা বৰ্তমানলৈকে উৎক্ষেপণ কৰা উপগ্ৰহ সমূহৰ ভিতৰত CMS-03 উপগ্ৰহ হৈছে আটাইতকৈ গধুৰ (৪৪১০ কিলোগ্ৰাম)। CMS-03 উপগ্ৰহৰ দ্বাৰা ভাৰতীয় নৌসেনাৰ সহায়ক হব। CMS-03 উপগ্ৰহ মূলতঃ যোগাযোগ ব্যৱস্থাৰ উপগ্ৰহ। যাৰ জৰিয়তে ভাৰতীয় নৌসেনাই ভাৰত মহাসাগৰৰ অঞ্চলসমূহত যোগাযোগ ব্যৱস্থা উন্নত কৰিব পাৰে আৰু নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰি তুলিবলৈ সক্ষম হ'ব।
CMS-03 উপগ্ৰহ যিহেতু মাল্টি-ব্ৰেণ্ড যোগাযোগৰ উপগ্ৰহ যত ভাৰতীয় নৌসেনাৰ চাবমেৰিন, জাহাজ, বিমান, কামাণ্ড চেণ্টাৰৰ মাজত Video, Voice, Data ইত্যাদিৰ সুৰক্ষিত আৰু Encrypted যোগাযোগ স্থাপন কৰিবলৈ সক্ষম হ'ব। এই CMS-03 (GSAT-7R) উপগ্ৰহটো কমেও ১৫ বছৰৰ বাবে সেৱা আগবঢ়াব পৰাকৈ কাৰ্যক্ষম কৰা হৈছে।
LVM3-M5 ৰ সম্পূৰ্ণ অৰ্থ হৈছে - Launch Vehicle Mark-3 Mission 5 আৰু CMS-03 ৰ সম্পূৰ্ণ অৰ্থ হৈছে - Communication Satellite-03
