বাহুবলীৰ শক্তিত ভাৰতৰ গৌৰৱময় যাত্ৰা — মহাকাশলৈ উৎক্ষেপণ CMS-03 উপগ্ৰহ

 


২ নৱেম্বৰ, ২০২৫ তাৰিখে সন্ধিয়া ৫:২৬ বজাত ইছৰোৰ (ISRO) অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাৰ সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ (SDSC) পৰা ভাৰতীয় নৌসেনাৰ বাবে নিৰ্মাণ কৰা উপগ্ৰহ CMS-03 (GSAT-7R)উৎক্ষেপণ কৰা হয়। ভাৰতৰ থলুৱা প্ৰযুক্তিৰ দ্বাৰা নিৰ্মাণ কৰা LVM3-M5 যাক বাহুবলী ৰকেট নামেৰে জনা যায়, সেই বাহুবলী ৰকেটত ৪৪১০ কিলোগ্ৰাম ওজনৰ উপগ্ৰহ CMS-03 মহাকাশলৈ ইছৰোৰ মহাকাশ বিজ্ঞানীসকলৰ প্ৰচেষ্টাত পঠোৱা হয়।

CMS-03 উপগ্ৰহক GSAT-7R নামেৰে জনা যায়। ভাৰতৰ পৰা বৰ্তমানলৈকে উৎক্ষেপণ কৰা উপগ্ৰহ সমূহৰ ভিতৰত CMS-03 উপগ্ৰহ হৈছে আটাইতকৈ গধুৰ (৪৪১০ কিলোগ্ৰাম)। CMS-03 উপগ্ৰহৰ দ্বাৰা ভাৰতীয় নৌসেনাৰ সহায়ক হব। CMS-03 উপগ্ৰহ মূলতঃ যোগাযোগ ব্যৱস্থাৰ উপগ্ৰহ। যাৰ জৰিয়তে ভাৰতীয় নৌসেনাই ভাৰত মহাসাগৰৰ অঞ্চলসমূহত যোগাযোগ ব্যৱস্থা উন্নত কৰিব পাৰে আৰু নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰি তুলিবলৈ সক্ষম হ'ব।

CMS-03 উপগ্ৰহ যিহেতু মাল্টি-ব্ৰেণ্ড যোগাযোগৰ উপগ্ৰহ যত ভাৰতীয় নৌসেনাৰ চাবমেৰিন, জাহাজ, বিমান, কামাণ্ড চেণ্টাৰৰ মাজত Video, Voice, Data ইত্যাদিৰ সুৰক্ষিত আৰু Encrypted যোগাযোগ স্থাপন কৰিবলৈ সক্ষম হ'ব। এই CMS-03 (GSAT-7R) উপগ্ৰহটো কমেও ১৫ বছৰৰ বাবে সেৱা আগবঢ়াব পৰাকৈ কাৰ্যক্ষম কৰা হৈছে।

LVM3-M5 ৰ সম্পূৰ্ণ অৰ্থ হৈছে - Launch Vehicle Mark-3 Mission 5 আৰু CMS-03 ৰ সম্পূৰ্ণ অৰ্থ হৈছে - Communication Satellite-03

Post a Comment (0)
Previous Post Next Post
Live Online

কুইজ টেষ্টত অংশগ্ৰহণ কৰক

পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে অনুশীলন আৰম্ভ কৰক।

টেষ্ট আৰম্ভ কৰক →


নতুন আপডেট

"কৰ্মক্ষেত্ৰত নাৰীৰ সুৰক্ষা"

অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপ SHe-Box

সম্পূৰ্ণ পঢ়ক →


জানো আহক

অসমৰ বিভিন্ন চৰকাৰী চাকৰিৰ পৰীক্ষাসমূহত আহি যোৱা কিছুমান প্ৰশ্নোত্তৰ আগবঢ়োৱা হৈছে, যাৰ দ্বাৰা পৰীক্ষাৰ্থীসকলে কিছু আভাষ পাব পাৰে

(Click কৰি পাত লুটিয়াওক)

Assam Govt Job Syllabus
General AwarenessAssam History, Geography, Culture, & Current Affairs.
EnglishGrammar, Vocabulary, Comprehension.
ReasoningAnalogy, Series, Coding-Decoding.
MathematicsArithmetic, Number System, Percentage.
AssameseLanguage Proficiency & Literature.
ইয়াত ক্লিক কৰি আৰু এনেধৰণৰ প্ৰশ্নোত্তৰ চাব পাৰিব