Tata Motors ৰ ছিয়েৰা গাড়ীখন পোন প্ৰথমবাৰৰ বাবে ১৯৯১ চনত মুকলি কৰা হৈছিল। সেই সময়ত ৰতন টাটাৰ নেতৃত্বত নিৰ্মাণ কৰা টাটা ছিয়েৰা আছিল সেই সময়ৰ Tata Motors ৰ প্ৰথমখন Off road SUV (Sports Utility Vehicle)। টাটা ছিয়েৰা গাড়ীখন ১৯৮৮ চনত মুকলি কৰা Tata Telcoline নামৰ Pickup ট্ৰাক খনৰ পৰা সন্মুখৰ ডিজাইন, ইঞ্জিন আৰু ভিতৰৰ Dashboard লোৱা হৈছিল। Tata Telcoline Pickup ট্ৰাকখন পিছলৈ Tata Xenon নামেৰে মুকলি কৰা হৈছিল।
Tata Motors Passenger Vehicles ৰ অন্তৰ্গত টাটা ছিয়েৰা (Tata Sierra) গাড়ীখন ২০২৫ চনৰ ২৫ নৱেম্বৰ তাৰিখে মুকলি কৰা হ'ব। টাটা ছিয়েৰা ২০২৫ ৰ নতুন সংস্কৰণ নিৰ্মান কৰা হৈছে Omega Arc Platform ত। যিটো Land Rover D8 Platform ৰ ওপৰত ভিত্তি কৰি তৈয়াৰ কৰা হৈছে। Land Rover D8 Platform ত Land Rover, Jaguar ইত্যাদি বাহন নিৰ্মাণ কৰা হয়। বৰ্তমানৰ টাটাৰ Omega Arc Platform ত নিৰ্মাণ কৰা গাড়ী হৈছে - টাটা ছিয়েৰা, টাটা চাফাৰী, টাটা হেৰিয়াৰ আদি।
টাটা ছিয়েৰা যেতিয়া ১৯৯১ চনত মুকলি কৰা হৈছিল সেই সময়ত টাটা ছিয়েৰা গাড়ীখন Tata X2 Platform ত নিৰ্মাণ কৰা হৈছিল। এই Tata X2 Platform আছিল Body-on-frame অৰ্থাৎ গাড়ীৰ Body নিৰ্মাণ কৰোঁতে পৃথকে পৃথকে তৈয়াৰ কৰি ফ্ৰেমত গাঁথনি স্থাপন কৰা হয়। Tata Hexa গাড়ীখনেই আছিল টাটাৰ body-on-frame ত তৈয়াৰ কৰা শেষৰখন SUV । বৰ্তমানৰ Tata Omega Arc Platform (Optimal Modular Efficient Global Advanced Architecture) হৈছে Land Rover D8 Platform ৰ পৰা আহৰণ কৰা আধুনিক Monocoque Chassis । Monocoque Chassis ত গাড়ীখনৰ ফ্ৰেম গঠন একত্ৰিত কৰে। যত একক গাঁথনিতে গাড়ীৰ body নিৰ্মাণ কৰা হয়।
টাটা ছিয়েৰা গাড়ীখন পেট্ৰল, ডিজেল আৰু বৈদ্যুতিক চালিত হ'ব। টাটা ছিয়েৰা বৈদ্যুতিক চালিত (EV) টাটাৰ Gen 2 EV Platform ত তৈয়াৰ কৰা হৈছে।
টাটা ছিয়েৰা গাড়ীখনত তিনিখন স্ক্ৰীন দেখা পোৱা গৈছে আৰু ABS, ESC (Electronic Stability Control), EBD, একাধিক Airbags, গতিবেগৰ এলাৰ্ট চিষ্টেম ইত্যাদি।
টাটা ছিয়েৰা গাড়ীখনৰ মূল্য বৰ্তমানলৈকে নিৰ্ধাৰণ কৰা নাই যদিও বিশেষজ্ঞ সকলৰ মতে ভাৰতীয় মূল্য ১৫ লাখৰ পৰা ২৫ লাখ টকা হ'ব পাৰে বুলি জানিবলৈ দিছে।
