অসমৰ চৰকাৰী চাকৰিৰ পৰীক্ষাত অহা কিছুমান প্ৰশ্নোত্তৰ ৩

 

Bachelor's Degree Level Posts 2024

১/ ভাৰতবৰ্ষৰ সংবিধানত অৱশিষ্ট ক্ষমতাৰ ধাৰণা কোনখন দেশৰ পৰা লোৱা হৈছে?

a) বেলজিয়াম
b) কানাডা
c) ফ্ৰান্স
d) চুইজাৰলেণ্ড

উত্তৰ:- b) কানাডা

২/ চাণক্য কোন গৰাকী সম্ৰাটৰ ৰাজকীয় উপদেষ্টা আছিল?

a) সমুদ্ৰগুপ্ত
b) অশোক
c) চন্দ্ৰগুপ্ত মৌৰ্য
d) স্কন্দগুপ্ত

উত্তৰ:- c) চন্দ্ৰগুপ্ত মৌৰ্য

৩/ নিম্নলিখিত কোনখন দেশৰ বৰ্তমান সময়ত অস্তিত্ব নাই?

a) চুইজাৰলেণ্ড
b) চেক'শ্লোভেকিয়া
c) জাৰ্মান
d) পোলেণ্ড

উত্তৰ:- b) চেক'শ্লোভেকিয়া

৪/ প্ৰাইড এণ্ড প্ৰিজুডিছ খন কোনে লিখিছিল?

a) জেন অ'ষ্টিন
b) বাৰবাৰা কাৰ্টিলেণ্ড
c) আগাথা ক্ৰিষ্টি
d) ভাৰ্জিনিয়া উল্ফ

উত্তৰ:- a) জেন অ'ষ্টিন

৫/ নিম্নলিখিত কোনগৰাকী এক মল্লযোদ্ধা?

a) বাইচুং ভূটীয়া
b) লাভলিনা বৰগোহাঁই
c) সুশীল কুমাৰ
d) কৰ্নাম মালেশ্বৰী

উত্তৰ:- c) সুশীল কুমাৰ

৬/ নদী এখনে চুটি পথ ল'বলৈ গতি সলনি কৰিলে গঠন হোৱা এটা বক্র জলভাগক বোলা হয় :

a) দ্বীপপূঞ্জ
b) যোজক
c) অশ্বখুৰা হ্ৰদ
d) ব-দ্বীপ

উত্তৰ:- c) অশ্বখুৰা হ্ৰদ

৭/ বিকল্পৰ তালিকাত কোনটো অমিল?

a) অধ্যায়
b) আগকথা
c) সূচী
d) কিতাপ

উত্তৰ:- d) কিতাপ

৮/ কালবেলিয়া ভাৰতৰ কোন অঞ্চলৰ লোকনৃত্যৰ ৰূপ?

a) কুমায়ুন অঞ্চল
b) ছোটানাগপুৰ অঞ্চল
c) কোংকণ অঞ্চল
d) থৰ মৰুভূমি অঞ্চল

উত্তৰ:- d) থৰ মৰুভূমি অঞ্চল

৯/ কোনখন নগৰীত পদ্মনাভস্বামী মন্দিৰ অৱস্থিত?

a) বেংগালুৰু
b) চেন্নাই
c) মাদুৰাই
d) থিৰুৱনন্তপুৰম

উত্তৰ:- d) থিৰুৱনন্তপুৰম

১০/ জম্মু আৰু কাশ্মীৰ অঞ্চলত নিম্নলিখিত কোনটো পৰ্বতমালা আছে?

a) পীৰ পাঞ্জাল পৰ্বতমালা
b) সাতপুৰা পৰ্বতমালা
c) ধৌলাধাৰ পৰ্বতমালা
d) মিচিমি পাহাৰ

উত্তৰ:- a) পীৰ পাঞ্জাল পৰ্বতমালা

১১/ কিৰা আৰু ঘো কোন দেশৰ জাতীয় সাজ-পোছাক?

a) নেপাল
b) কম্ব'ডিয়া
c) ভূটান
d) ভিয়েটনাম

উত্তৰ:- c) ভূটান

১২/ ভবেন্দ্ৰনাথ শইকীয়াৰ উপন্যাস অন্তৰীপৰ কাহিনীৰ আধাৰত কোনখন অসমীয়া বোলচবি নিৰ্মিত হৈছে?

a) প্ৰতিধ্বনি
b) কৃষ্ণচূড়া
c) বৰুৱাৰ সংসাৰ
d) অগ্নিস্নান

উত্তৰ:- d) অগ্নিস্নান

১৩/ নিম্নলিখিত কোনটো উক্তি শুদ্ধ?

a) চিক্কিমৰ সীমা অসমৰ সৈতে স্পৰ্শ কৰে।
b) চিক্কিম অসমৰ পশ্চিম দিশত অৱস্থিত।
c) অসমৰ সীমাই চিক্কিম আৰু মেঘালয়ৰ সীমাক স্পৰ্শ কৰে।
d) বাংলাদেশ আৰু চিক্কিমে অসমৰ সীমা স্পৰ্শ কৰে।

উত্তৰ:- b) চিক্কিম অসমৰ পশ্চিম দিশত অৱস্থিত।

১৪/ কোন দেশত খ্ৰীষ্টফাৰ কলম্বাছৰ জন্ম হৈছিল?

a) স্পেইন
b) ইংলেণ্ড
c) পৰ্তুগাল
d) ইটালী

উত্তৰ:- d) ইটালী

১৫/ নিম্নলিখিত কোনটো মহাভাৰতৰ এটা অংশ?

a) উপনিষদ
b) পুৰাণ
c) বেদ
d) গীতা

উত্তৰ:- d) গীতা

১৬/ আইচিচি পুৰুষ অ'ডিআই বিশ্বকাপ ক্ৰিকেট সম্পৰ্কীয় নিম্নলিখিত কোনটো উক্তি অশুদ্ধ?

a) ভাৰতে এই কাপ দুবাৰ জয়লাভ কৰিছে।
b) অষ্ট্ৰেলিয়াই সৰ্বোচ্চ বাৰ জয়লাভ কৰিছে।
c) প্ৰথমখন টুৰ্ণামেণ্টত ইংলেণ্ডে এই কাপ জয়লাভ কৰিছিল।
d) বাংলাদেশে এই কাপ কেতিয়াও জয়লাভ কৰা নাই।

উত্তৰ:- c) প্ৰথমখন টুৰ্ণামেণ্টত ইংলেণ্ডে এই কাপ জয়লাভ কৰিছিল।

১৭/ অলিম্পিকৰ পতাকাখনত নিম্নলিখিত কোনটো বৰণ দেখা নাযায়?

a) সেউজীয়া
b) হালধীয়া
c) সুমথিৰা
d) ক'লা

উত্তৰ:- c) সুমথিৰা

১৮/ লাডাখৰ চিয়াছেন কোনটোৰ এক উদাহৰণ?

a) শীতল মৰুভূমি
b) হিমবাহ
c) মালভূমি
d) তুষাৰবৃত পাহাৰ

উত্তৰ:- b) হিমবাহ

১৯/ টাইকোৱাণ্ডো নামৰ সমৰ কলাটোৰ উৎপত্তি কোন দেশত হৈছিল?

a) থাইলেণ্ড
b) চীন
c) কোৰিয়া
d) ভিয়েটনাম

উত্তৰ:- c) কোৰিয়া

২০/ দালাল ষ্ট্ৰীট কোনখন মহানগৰত অৱস্থিত?

a) ক'লকাতা
b) চেন্নাই
c) হায়দৰাবাদ
d) মুম্বাই

উত্তৰ:- d) মুম্বাই
Post a Comment (0)
Previous Post Next Post


Live Online

কুইজ টেষ্টত অংশগ্ৰহণ কৰক

পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে অনুশীলন আৰম্ভ কৰক।

টেষ্ট আৰম্ভ কৰক →


নতুন আপডেট

"ইণ্ডিয়া এআই ইমপেক্ট ছামিট ২০২৬"

AI বিপ্লৱত ভাৰতৰ নেতৃত্ব: কি হ'ব ২০২৬ ৰ India AI Impact Summit 2026 ৰ মূল লক্ষ্য? India AI Impact Summit 2026

সম্পূৰ্ণ পঢ়ক →


জানো আহক

অসমৰ বিভিন্ন চৰকাৰী চাকৰিৰ পৰীক্ষাসমূহত আহি যোৱা কিছুমান প্ৰশ্নোত্তৰ আগবঢ়োৱা হৈছে, যাৰ দ্বাৰা পৰীক্ষাৰ্থীসকলে কিছু আভাষ পাব পাৰে

(Click কৰি পাত লুটিয়াওক)

Assam Govt Job Syllabus
General AwarenessAssam History, Geography, Culture, & Current Affairs.
EnglishGrammar, Vocabulary, Comprehension.
ReasoningAnalogy, Series, Coding-Decoding.
MathematicsArithmetic, Number System, Percentage.
AssameseLanguage Proficiency & Literature.
ইয়াত ক্লিক কৰি আৰু এনেধৰণৰ প্ৰশ্নোত্তৰ চাব পাৰিব