অসমৰ চৰকাৰী চাকৰিৰ পৰীক্ষাত অহা কিছুমান প্ৰশ্নোত্তৰ ৪

 

Bachelor's Degree Level Posts 2024

১/ যদি A + B ৰ অৰ্থ A টো B ৰ উত্তৰ দিশত আছে; A%B ৰ অৰ্থ A, B ৰ পূবত আছে; A - B ৰ অৰ্থ A, B ৰ পশ্চিমত আছে, তেন্তে (নেপচুন % শনি + ইউৰেনাছ - বৃহস্পতি)ত নেপচুন সাপেক্ষে ইউৰেনাছ কোনটো দিশত অৱস্থান কৰিব?

a) দক্ষিণ-পশ্চিম
b) উত্তৰ-পূব
c) উত্তৰ-পশ্চিম
d) দক্ষিণ-পূব

উত্তৰ:- a) দক্ষিণ-পশ্চিম

২/ কোনো এখন নগৰৰ জনসংখ্যা প্ৰতি বছৰে 10% ৰ হাৰত বৃদ্ধি পায়। নগৰখনৰ বৰ্তমান জনসংখ্যা 10,000 হ'লে 3 বছৰৰ অন্তত নগৰখনৰ মুঠ জনসংখ্যা হ'ব :

a) 13,310
b) 15,310
c) 13,510
d) 13,000

উত্তৰ:- a) 13,310

৩/ এটা টেংকি 6 ডাল পাইপৰ সহায়েৰে 80 মিনিটত পূৰ্ণ কৰিব পাৰি। টেংকিটো 8 ডাল পাইপৰ সহায়েৰে পূৰ্ণ কৰিবলৈ কিমান সময়ৰ প্ৰয়োজন হ'ব?

a) 45 মিনিট
b) 60 মিনিট
c) 48 মিনিট
d) 70 মিনিট

উত্তৰ:- b) 60 মিনিট

৪/ এজন মানুহে বছৰি 6% সৰল সুতত ₹ 1,00,000 টকা 2 বছৰৰ বাবে ধাৰলৈ ল'লে আৰু বছৰি 6% চক্ৰবৃদ্ধি সুতত 2 বছৰৰ বাবে সেই ধন বিনিয়োগ কৰিলে। ধাৰলৈ লোৱা ধন সুতে-মূলে পৰিশোধ কৰাৰ পাছত মানুহজনে অৰ্জন কৰা মুঠ লাভৰ পৰিমাণ হৈছে :

a) ₹ 360
b) ₹ 120
c) ₹ 480
d) ₹ 240

উত্তৰ:- a) ₹ 360

৫/ এটা দলত থকা কেইজনমান ল'ৰাৰ মাজত 72 সংখ্যক টফি বিতৰণ কৰা হ'ল। দলৰ প্ৰতিজন ল'ৰাৰ ভাগত পৰা টফিৰ সংখ্যা দলত থকা মুঠ লৰাৰ সংখ্যাৰ দুগুণৰ সমান। দলটোত থকা ল'ৰাৰ মুঠ সংখ্যা হৈছে:

a) 6
b) 7
c) 8
d) 9

উত্তৰ:- a) 6

৬/ এগৰাকী আইতাই বনভোজত ৰান্ধি আছিল। বনভোজটোত চামিল আছিল আইতাগৰাকীৰ পুত্ৰ আৰু পুত্ৰবধু, নিজ নিজ পত্নীৰে সৈতে তেওঁলোকৰ চাৰিজন পুত্ৰ আৰু চাৰিপুত্ৰৰ প্ৰতিজনৰে এজনকৈ পুত্ৰ আৰু দুজনীকৈ জীয়াৰী। বনভোজটোত মুঠতে মহিলাৰ সংখ্যা কিমান আছিল?

a) 8
b) 12
c) 14
d) 10

উত্তৰ:- c) 14

৭/ এজন মানুহে ₹ x হাৰত x সংখ্যক সামগ্ৰী ক্ৰয় কৰিলে। দোকানীজনে তেওঁক মুঠ ₹ x পৰিমাণৰ ৰেহাই প্ৰদান কৰাৰ পাছত তেওঁ ₹ 156 পৰিশোধ কৰিলে। ৰেহাই প্ৰদানৰ পাছত প্ৰতিটো সামগ্ৰীৰ ক্ৰয়মূল্য হৈছে :

a) ₹ 13
b) ₹ 12
c) ₹ 16
d) ₹ 14

উত্তৰ:- b) ₹ 12

৮/ যোৱাকালি সূৰ্যোদয়ৰ ঠিক পিছতে ৰাজীবে সমীৰক লগ পাই কথা পাতি থাকোঁতে ৰাজীবে লক্ষ্য কৰিলে যে সমীৰৰ ছাঁটো ৰাজীৱৰ সোঁহাতৰ ফালে আছে। সমীৰে কোন দিশত মুখ কৰি আছিল?

a) দক্ষিণ
b) পূব
c) পশ্চিম
d) উত্তৰ

উত্তৰ:- d) উত্তৰ

৯/ দুটা ঘণ্টা A আৰু B ৰ A ঘণ্টাটো প্ৰতি 30 মিনিটৰ মূৰে মূৰে আৰু B ঘণ্টাটো প্ৰতি 25 মিনিটৰ মূৰে মূৰে বাজি উঠে। যদি দুয়োটা ঘণ্টাই 6 am ত একেলগে বাজি উঠিছিল, তেন্তে ঘণ্টা দুটা একেলগে বাজি উঠা ঠিক পৰৱৰ্তী সময়টো হ'ব :

a) 8 : 00 am
b) 8 : 30 am
c) 9 : 00 am
d) 9 : 30 am

উত্তৰ:- b) 8 : 30 am

১০/ নিম্নলিখিত কোনটো অশুদ্ধভাবে যোৰা মিলোৱা হৈছে?

a) প্ৰথম শ্ৰেণীৰ লিভাৰ : প্লায়াৰ্ছ
b) দ্বিতীয় শ্ৰেণীৰ লিভাৰ : নখ কটা যতন
c) তৃতীয় শ্ৰেণীৰ লিভাৰ : বাদাম ভঙা যতন
d) দ্বিতীয় শ্ৰেণীৰ লিভাৰ : বটলৰ সাঁফৰ খোলা যতন

উত্তৰ:- c) তৃতীয় শ্ৰেণীৰ লিভাৰ : বাদাম ভঙা যতন

১১/ প্ৰদত্ত চিত্ৰৰ জল প্ৰতিফলন চিত্ৰটো চিনাক্ত কৰক।


a) 

b)

c)

d)


উত্তৰ:- b) 

১২/ প্ৰদত্ত চিত্ৰই নিম্নলিখিত কোনটোক সৰ্বোত্তমভাবে চিত্ৰিত কৰিব?




a) মেকুৰী, শকত, এন্দুৰ
b) খাদ্য, বস্ত্ৰ, বন্ধু
c) অসম, ভাৰত, এছিয়া
d) জ্যামিতি, উদ্ভিদবিদ্যা, অৰ্থশাস্ত্ৰ

উত্তৰ:- a) মেকুৰী, শকত, এন্দুৰ

১৩/ এক ছয়পিঠিয়া পাশা গুটিত বিন্দুসমূহ এনেদৰে আছে যাতে প্ৰতি বিপৰীত পিঠিৰ বিন্দুৰ মুঠ যোগফল সদায় সমান। নিম্নলিখিত কোন যোৰা বিন্দুসংখ্যা পৰস্পৰ বিপৰীত পিঠিত নাই?

a) 1, 4
b) 2, 5
c) 1, 6
d) 3, 4

উত্তৰ:- a) 1, 4

১৪/ কোনো এক জ্যামিতিক চিত্ৰত সমকোণত ছেদ কৰাকৈ দুযোৰ সমান্তৰাল ৰেখাখণ্ড আছে। ইয়াৰে এযোৰৰ প্ৰতিটোৰ দৈৰ্ঘ্য 8 চে. মি. আৰু আনযোৰৰ দৈৰ্ঘ্য 6 চে. মি. । যদি দীঘল যোৰৰ বাহুবোৰৰ প্ৰতিটোক 2 চে. মি. কৈ বৃদ্ধি আৰু চুটি যোৰৰ প্রতিটোক 2 চে. মি. কৈ হ্ৰাস কৰা হয়, তেন্তে নিম্নলিখিত কোনটো উক্তি শুদ্ধ হ'ব?

a) চিত্ৰটোৰ ক্ষেত্ৰফল হ্ৰাস পাব
b) চিত্ৰটোৰ পৰিসীমা বৃদ্ধি পাব
c) চিত্ৰটোৰ পৰিসীমা হ্ৰাস পাব
d) চিত্ৰটোৰ ক্ষেত্ৰফল বৃদ্ধি পাব

উত্তৰ:- a) চিত্ৰটোৰ ক্ষেত্ৰফল হ্ৰাস পাব

১৫/ প্ৰদত্ত চিত্ৰৰ কোনটো অংশই প্ৰশিক্ষণৰ বাবে পঠিয়াবলগা বিবাহিত পৰিচাৰিকাক প্ৰতিনিধিত্ব কৰিব?




a) 2
b) 4
c) 3
d) 7

উত্তৰ:- b) 4

১৬/ গ্ৰিডত থকা @ চিহ্নটো কিহে প্ৰতিস্থাপন কৰিব?




a) 196
b) 184
c) 214
d) 658

উত্তৰ:- b) 184

১৭/ প্ৰদত্ত চিত্ৰৰ শুদ্ধ দাপোন প্ৰতিবিম্বটো চিনাক্ত কৰক।


a)

b)

c)

d)



উত্তৰ:- c) 


১৮/ নিম্নলিখিত কোনটো চিত্ৰই আমাৰ সমাজৰ লেখক, শিক্ষক আৰু সংগীতজ্ঞ সকলক সৰ্বোত্তম ভাবে প্ৰতিনিধিত্ব কৰিব?

a) 

b)

c)

d)



উত্তৰ:- a) 


১৯/ দ্বৈত প্ৰণালীৰ দুটা সংখ্যা 11 আৰু 10 ৰ যোগফল দ্বৈত প্ৰণালীত প্ৰকাশ কৰিলে প্ৰাপ্ত সংখ্যাটো :

a) 101
b) 110
c) 010
d) 111

উত্তৰ:- a) 101

২০/ এটা ত্ৰিভূজৰ তিনিটা কোণৰ মান 1 : 3 : 5 অনুপাতত আছে। ত্ৰিভূজটোৰ বৃহত্তম কোণৰ মান :

a) 70°
b) 90°
c) 120°
d) 100°

উত্তৰ:- d) 100°

২১/ কোনো 9 টা পৰ্যবেক্ষণৰ গড় মান 9, প্ৰথম 5 টাৰ গড় মান 10 আৰু শেষৰ পাঁচটাৰ গড় মান 8 । পঞ্চম পৰ্যবেক্ষণৰ মান কি আছিল?

a) 8
b) 7
c) 9
d) 10

উত্তৰ:- c) 9

Post a Comment (0)
Previous Post Next Post


নতুন আপডেট

"কৰ্মক্ষেত্ৰত নাৰীৰ সুৰক্ষা"

অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপ SHe-Box

সম্পূৰ্ণ পঢ়ক →


জানো আহক

অসমৰ বিভিন্ন চৰকাৰী চাকৰিৰ পৰীক্ষাসমূহত আহি যোৱা কিছুমান প্ৰশ্নোত্তৰ আগবঢ়োৱা হৈছে, যাৰ দ্বাৰা পৰীক্ষাৰ্থীসকলে কিছু আভাষ পাব পাৰে

(Click কৰি পাত লুটিয়াওক)

Assam Govt Job Syllabus
General AwarenessAssam History, Geography, Culture, & Current Affairs.
EnglishGrammar, Vocabulary, Comprehension.
ReasoningAnalogy, Series, Coding-Decoding.
MathematicsArithmetic, Number System, Percentage.
AssameseLanguage Proficiency & Literature.
ইয়াত ক্লিক কৰি আৰু এনেধৰণৰ প্ৰশ্নোত্তৰ চাব পাৰিব