অসমৰ চৰকাৰী চাকৰিৰ পৰীক্ষাত অহা কিছুমান প্ৰশ্নোত্তৰ ২

 

Bachelor's Degree Level Posts 2024

১/ কোন দুখন মহাদেশৰ মাজত ভূমধ্যসাগৰ অৱস্থিত?

a) এছিয়া আৰু ইউৰোপ
b) ইউৰোপ আৰু আফ্ৰিকা
c) উত্তৰ আমেৰিকা আৰু আফ্ৰিকা
d) দক্ষিণ আমেৰিকা আৰু আফ্ৰিকা

উত্তৰ:- b) ইউৰোপ আৰু আফ্ৰিকা

২/ সাগৰ দেখিছা নামৰ অসমীয়া কবিতা সংগ্ৰহটো কোনে লিখা?

a) দেৱকান্ত বৰুৱা
b) নৱকান্ত বৰুৱা
c) বাণীকান্ত কাকতি
d) ৰজনীকান্ত বৰদলৈ

উত্তৰ:- a) দেৱকান্ত বৰুৱা

৩/ বৰ্তমান ভাৰতত কোনবিধ গণতন্ত্ৰ প্ৰচলিত?

a) প্রত্যক্ষ গণতন্ত্ৰ
b) প্ৰতিনিধিত্বমূলক গণতন্ত্ৰ
c) সামাজিক গণতন্ত্ৰ
d) অধিনায়কবাদী গণতন্ত্ৰ

উত্তৰ:- b) প্ৰতিনিধিত্বমূলক গণতন্ত্ৰ

৪/ নিম্নলিখিত সমূহৰ কোনটো শুদ্ধ?

a) আগ্নেয়গিৰি পানীৰ তলত বৰ্তি থাকিব নোৱাৰে।
b) সাগৰত কোনো ধৰণৰ পানীৰ সোঁত নাথাকে।
c) পৃথিৱীৰ উপৰিভাগত প্ৰায় ৭০% ভাগ পানীৰে আবৰি আছে।
d) পৃথিৱীৰ উপৰিভাগৰ প্ৰায় অৰ্দ্ধেক অংশ ভূখণ্ড।

উত্তৰ:- c) পৃথিৱীৰ উপৰিভাগত প্ৰায় ৭০% ভাগ পানীৰে আবৰি আছে।

৫/ অসমীয়া সাহিত্যত কোন "ধ্বনি কবি" ৰূপে জনাজাত?

a) বিনন্দ চন্দ্ৰ বৰুৱা
b) আনন্দ চন্দ্ৰ আগৰৱালা
c) মহেন্দ্ৰনাথ ডেকাফুকন
d) মফিজুদ্দিন আহমেদ হাজৰিকা

উত্তৰ:- a) বিনন্দ চন্দ্ৰ বৰুৱা

৬/ শৰাইঘাটৰ যুদ্ধত পৰাজয় বৰণ কৰা মোগল সম্ৰাটজন কোন?

a) ঔৰংজেৱ
b) চাহজাহান
c) বাবৰ
d) হুমায়ুন

উত্তৰ:- a) ঔৰংজেৱ

৭/ নিম্নলিখিত কোনগৰাকী পৰিব্ৰাজকে কামৰূপ ৰাজ্য ভ্ৰমণ কৰিছিল?

a) ফাহিয়ান
b) হিউৱেন চাং
c) আলবেৰুণী
d) মাৰ্ক' প'লো

উত্তৰ:- b) হিউৱেন চাং

৮/ কোনখন দেখে চুৱেজ খাল নিয়ন্ত্ৰণ কৰে?

a) তুৰষ্ক
b) ইজৰাইল
c) ইজিপ্ত
d) ফ্ৰান্স

উত্তৰ:- c) ইজিপ্ত

৯/ কোনে অলিম্পিক খেলত সৰ্বোচ্চ সংখ্যক সোণৰ পদক লাভ কৰিছে?

a) মাৰ্ক স্পিজ
b) মাইকেল ফেল্পছ
c) জেছী অ'ৱেনছ
d) পাভো নুর্মি 

উত্তৰ:- b) মাইকেল ফেল্পছ

১০/ নিম্নলিখিত কোনটো সংগীত উদ্যোগৰ এক আছুতীয়া বঁটা?

a) অষ্কাৰ
b) এমি এৱাৰ্ডছ
c) গোল্ডেন গ্লোব
d) গ্ৰেমী এৱাৰ্ডছ

উত্তৰ:- d) গ্ৰেমী এৱাৰ্ডছ

১১/ কোনো বিধায়িনী সংস্থা অথবা আইনীভাবে গঠিত আন কোনো ন্যায়াধিকৰণে কোনো ৰাজহুৱা বিষয়াৰ অসৎ আচৰণৰ বিৰুদ্ধে ব্যৱস্থা লোৱা ৰাজনৈতিক আৰু আইনী প্ৰক্ৰিয়াক বোলা হয় :

a) অভিযোগনামা
b) পুননিৰ্বাচন
c) বলবৎকৰণ
d) প্ৰণয়ন

উত্তৰ:- a) অভিযোগনামা

১২/ অসম জৈৱ শোধনাগাৰ প্ৰাইভেট লিমিটেডত ব্যৱহৃত প্ৰাথমিক কেঁচামাল হ'ল :

a) বাঁহ
b) পানী মেটেকা
c) কুঁহিয়াৰৰ আবৰ্জনা
d) কলগছ

উত্তৰ:- a) বাঁহ

১৩/ আমাৰ মুখত থকা লালটিয়ে নিম্নলিখিত কোনটোৰ বিভংগনত সহায় কৰে?

a) শ্বেতসাৰ
b) মাংসসাৰ
c) খাদ্যপ্রাণ
d) চৰ্বি

উত্তৰ:- a) শ্বেতসাৰ

১৪/ কোনখন ৰাজ্য ভাৰতৰ হকী দলৰ চৰকাৰী পৃষ্ঠপোষক?

a) পঞ্জাব
b) উৰিষ্যা
c) হাৰিয়ানা
d) উত্তৰ প্ৰদেশ

উত্তৰ:- b) উৰিষ্যা

১৫/ নিম্নলিখিত কোনটো ভাৰতৰ পৰোক্ষ কৰৰ এক উদাহৰণ?

a) উপহাৰ কৰ
b) আয়কৰ
c) সামগ্ৰী আৰু সেৱা কৰ
d) মূলধনী লাভৰ কৰ

উত্তৰ:- c) সামগ্ৰী আৰু সেৱা কৰ

১৬/ নিম্নলিখিত কোনটো হৈছে কাণত পিন্ধা এক অসমীয়া গহণা?

a) গলপতা
b) হৰিণচকুৱা
c) জোনবিৰি
d) থুৰিয়া

উত্তৰ:- d) থুৰিয়া

১৭/ নিম্নলিখিত কোনটো আনবোৰতকৈ পৃথক?

a) সামবেদ
b) ঋকবেদ
c) যজুৰ্বেদ
d) আয়ুৰ্বেদ

উত্তৰ:- d) আয়ুৰ্বেদ

১৮/ বৰ্তমান ভাৰতবৰ্ষৰ কোন অঞ্চল ৰজা ললিতাদিত্য (মুক্তপিদা) ৰ সাম্ৰাজ্য আছিল?

a) উত্তৰ-পূব ভাৰত
b) কাশ্মীৰ অঞ্চল
c) কচ্ছ অঞ্চল
d) দাক্ষিণাত্য অঞ্চল

উত্তৰ:- b) কাশ্মীৰ অঞ্চল

১৯/ কোনখন নদীদ্বীপ টিলাত উমানন্দ মন্দিৰ অৱস্থিত?

a) ভস্মাচল
b) সন্ধ্যাচল
c) নীলাচল
d) চিত্ৰাচল

উত্তৰ:- a) ভস্মাচল

২০/ নিম্নলিখিত কোনটো হৈছে অসমৰ এক তাঁৰযুক্ত বাদ্যযন্ত্ৰ?

a) দগৰ
b) সুতুলি
c) কালিয়া
d) টোকাৰী

উত্তৰ:- d) টোকাৰী
Post a Comment (0)
Previous Post Next Post
Live Online

কুইজ টেষ্টত অংশগ্ৰহণ কৰক

পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে অনুশীলন আৰম্ভ কৰক।

টেষ্ট আৰম্ভ কৰক →


নতুন আপডেট

"কৰ্মক্ষেত্ৰত নাৰীৰ সুৰক্ষা"

অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপ SHe-Box

সম্পূৰ্ণ পঢ়ক →


জানো আহক

অসমৰ বিভিন্ন চৰকাৰী চাকৰিৰ পৰীক্ষাসমূহত আহি যোৱা কিছুমান প্ৰশ্নোত্তৰ আগবঢ়োৱা হৈছে, যাৰ দ্বাৰা পৰীক্ষাৰ্থীসকলে কিছু আভাষ পাব পাৰে

(Click কৰি পাত লুটিয়াওক)

Assam Govt Job Syllabus
General AwarenessAssam History, Geography, Culture, & Current Affairs.
EnglishGrammar, Vocabulary, Comprehension.
ReasoningAnalogy, Series, Coding-Decoding.
MathematicsArithmetic, Number System, Percentage.
AssameseLanguage Proficiency & Literature.
ইয়াত ক্লিক কৰি আৰু এনেধৰণৰ প্ৰশ্নোত্তৰ চাব পাৰিব