GoDaddy ত Domain Name Renewal কেনেকৈ কৰিব?


   GoDaddy হৈছে আমেৰিকান ব্যৱসায়িক ইণ্টাৰনেট সংস্থা, যত Web Hosting আৰু Domain পঞ্জীয়ন কৰা হয়। GoDaddy ৰ সম্পৰ্কে কিছু কথা আৰু GoDaddy ৰ পৰা Domain Name কেনেকৈ কিনিব আৰু গুগল ব্লগাৰত GoDaddy ৰ Domain Name কেনেকৈ সংযোগ কৰিব আদিৰ বিষয়ে পূৰ্বতে আলোচনা কৰি অহা হৈছে। আজি আলোচনা কৰিম GoDaddy ত Domain Name কেনেকৈ Renewal কৰা হয়।

   GoDaddy ত Domain Name Renewal কৰিবলৈ হলে প্ৰথমে - আপোনাৰ মোবাইল বা লেপটপ/কম্পিউটাৰত ইণ্টাৰনেট ব্ৰাউজাৰ খুলি Search কৰিব Godaddy.com বা Godaddy.in, (মই লেপটপত GoDaddy Domain Name Renewal প্ৰক্ৰিয়া দেখুৱাইছো।), ইণ্টাৰনেট ব্ৰাউজাৰত Search কৰাৰ পিছত যিকোনো এটা ৱেবচাইটত Godaddy.com বা Godaddy.in ত ক্লিক কৰিব। (Godaddy.com বা Godaddy.in ত ক্লিক কৰিলে একেটা ৱেবচাইটেই পাব, in.godaddy.com বুলি URL ত দেখাব)।

 তাৰ পিছত GoDaddy ৱেবচাইটত প্ৰৱেশ কৰি Sign In Option ত ক্লিক কৰা মাত্ৰকেই ওলাব New Customer আৰু Registered Users । আপুনি যিহেতু GoDaddy ত Domain Name Renewal কৰিবলৈ আহিছে গতিকে ইতিমধ্যে আপোনাৰ GoDaddy ত একাউন্ট আছেই, সেয়ে Registered Users ৰ তললৈ থকা Sign In বুটামত ক্লিক কৰিব।


 তাৰ পিছত Username or Customer আৰু Password দি Sign In Option ত ক্লিক কৰিব।

 এই প্ৰক্ৰিয়াৰ পিছত আপোনাৰ GoDaddy ত Sign In হ'ব আৰু ওপৰলৈ থকা আপোনাৰ ব্যৱহাৰকাৰী নাম (Username) ক্লিক কৰিব। Username ত ক্লিক কৰি দিয়াৰ লগে লগেই ওলাব ACCOUNT :- My Products, Renewals & Billing, Account Setting ইত্যাদি। আপুনি Domain Name Renewal কৰিবলৈ Renewals & Billing Option ত ক্লিক কৰিব।



 Renewals & Billing Option ত ক্লিক কৰা পিছতেই ওলাব Manage Your Billing আৰু তললৈ আপোনাৰ Domain Name ওলাব। আপুনি যিটো Domain Name Renew কৰিব সেই Domain Name টোৰ কাষতে থকা বাকচত (√ চিন) ক্লিক কৰি ওপৰলৈ থকা Add to Cart Option ত ক্লিক কৰিব। 

Add to Cart Option ত ক্লিক কৰা পিছতে Screen ৰ কাষতে ওলাব Basket (1) আৰু তললৈ Your Items - Subtotal, Domain Renewal (Domain Name) লগতে কেইবছৰৰ বাবে Domain Renewal কৰিব বাচনি কৰি Continue to Cart বুটামত ক্লিক কৰিব। 

Continue to Cart বুটামত ক্লিক কৰা পিছত Puchase আৰু তলত Domain Name আৰু Renew Year ওলাব, তাৰ পিছত Checkout Option ত ক্লিক কৰিব। 

Checkout Option ত ক্লিক কৰা পিছত Payment Options সমূহ ওলাব, (মই UPI যোগেদি Payment কৰিম, সেয়ে UPI যোগেদি Payment কৰা পদ্ধতিৰ বিষয়ে উল্লেখ কৰিছোঁ)।


Payment Options ৰ তললৈ থকা UPI Option ত ক্লিক কৰিব। 

UPI Option ত ক্লিক কৰা পিছত Domain Name, Renewal Year, Total (INR) আদি ওলাব, Complete Purchase বুটামত ক্লিক কৰিব। 

Complete Purchase বুটামত ক্লিক কৰা পিছত ইণ্টাৰনেট ব্ৰাউজাৰৰ Pop up Window ত Order No, Billing Information, Payment Information আদি ওলাব। Payment Information ত Credit Cards, Debit Cards, Net Banking, Mobile Payments, Wallet, UPI আদি Options ওলাব। Payment Information ৰ তললৈ থকা UPI Option ত ক্লিক কৰিব।

 UPI Option ত ক্লিক কৰাৰ পিছত Virtual Payment Address ওলাব তাত আপোনাৰ UPI ID দি দিব আৰু Make Payment বুটামত ক্লিক কৰিব।

 (Virtual Payment Address ৰ লগতে Pay By QR Code ৰ যোগেদিও Payment কৰিব পাৰে)। Virtual Payment Address ৰ তলত লিখা থাকে - You will recieve a payment request from CCAvenue in your UPI payment App. Kindly authorize and confirm the request to complete payment । Make payment বুটামত ক্লিক কৰা পিছত আপোনাৰ UPI ID সংযোগ হৈ থকা মোবাইলৰ এপ্লিকেচন খুলি Payment request পৰীক্ষা কৰি UPI ID যোগেদি Pay কৰিব।


 (UPI ID যোগেদি Pay কৰোঁতে সকলো চালি-জাৰি চাইহে Pay কৰিব। GoDaddy Renewal total payment আৰু UPI ID request Money একেই হৈছেনে চাব আৰু Payment Gateway আদি চাইহে Pay কৰিব)। UPI এপ্লিকেচনৰ যোগেদি Payment প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছত লেপটপ/কম্পিউটাৰত Loading... হৈ থাকিব আৰু সেই সময়ত ইণ্টাৰনেট ব্ৰাউজাৰ Back আৰু Refresh নকৰিব।

 তাৰ পিছত Gateway Timeout ওলাব আৰু Close Window কৰি দিব। Close Window কৰি দিয়াৰ পিছত Receipt ওলাব আৰু Order, Date, Number, Payment আদি ওলাব।




 এনেকৈয়ে GoDaddy ত Domain Name Renewal কৰা হয়। (GoDaddy ত Payment হোৱাৰ পিছত সকলো Update হওঁতে কিছু সময়ৰ প্ৰয়োজন হয়, গতিকে কিছু সময় অপেক্ষা কৰিব।) ধন্যবাদ।

লগতে চাওক -

● মোবাইল Dead হলে কেনেকৈ Recover কৰিব আৰু IMEI নম্বৰ পুনৰ কেনেকৈ মোবাইলত ইনষ্টল কৰিব

● গুগল টাস্ক মেট এপ্লিকেচনৰ জৰিয়তে টকা উপাৰ্জনৰ পথ অতি শীঘ্ৰেই মুকলি পথত

● জিমেইল একাউন্ট কেনেকৈ খুলিব How to Create gmail account

●  মাৰ্ক জুকাৰবাৰ্গ ফেচবুকৰ জন্ম আৰু উত্থান

● গুগল এডচেন্স কি আৰু গুগল এডচেন্সৰ বিষয়ে কিছু কথা

● আমাজন এফিলিয়েট মার্কেটিং কি আৰু কেনেকৈ আমাজন এফিলিয়েট মার্কেটিং একাউন্ট খুলি অসীমিত টকা উপাৰ্জন কৰিব




Post a Comment

Previous Post Next Post