মাৰ্ক জুকাৰবাৰ্গ ফেচবুকৰ জন্ম আৰু উত্থান


 নমস্কাৰ বন্ধু-বান্ধৱী সকল, আজি আলোচনা কৰিবলৈ লৈছো জনপ্ৰিয় চচিয়েল মিডিয়া ফেচবুকৰ জন্মদাতা মাৰ্ক জুকাৰবাৰ্গ আৰু ফেচবুকৰ বিষয়ে কিছু কথা। 

মাৰ্ক জুকাৰবাৰ্গৰ সম্পূৰ্ণ নাম মাৰ্ক ইলিয়ত জুকাৰবাৰ্গ। মাৰ্ক জুকাৰবাৰ্গৰ জন্ম হৈছিল ১৪ মে',১৯৮৪ চনত নিডয়ৰ্ক চহৰত। শিক্ষা লাভ কৰিছিল হাভাৰ্ড বিশ্ববিদ্যালয়ত। মাৰ্ক জুকাৰবাৰ্গ এজন ইন্টাৰনেট উদ্যোগি। মাৰ্ক জুকাৰবাৰ্গৰ অভিভাৱক/দেউতাক এডৱাৰ্ড জুকাৰবাৰ্গ এজন দন্ত চিকিৎসক আৰু দন্ত কাৰ্য্যালয়ৰ প্ৰযুক্তিৰ একত্ৰীকৰণৰ এজন অগ্ৰণী আছিল আৰু মাতৃ কাৰেণ কেম্পনাৰ এগৰাকী মনোৰোগ বিশেষজ্ঞ আছিল। মাৰ্ক জুকাৰবাৰ্গৰ তিনিগৰাকী ভগ্নী আছিল ক্ৰমে - আৰিইলি, ডনা আৰু ৰান্দী জুকাৰবাৰ্গ। মাৰ্ক জুকাৰবাৰ্গক পিতৃয়ে ১৯৯০ চনৰ পিছত আটাৰী বেচিক প্ৰ'গ্ৰেমিং শিকাইছিল আৰু পিছৰ পৰ্যায়ত ছফ্টৱেৰ ডেভেলপাৰ ডেভিদ নিউমানক ব্যক্তিগতভাৱে টিউচন কৰিবলৈ নিযুক্তি প্ৰদান কৰে। মাৰ্ক জুকাৰবাৰ্গৰ প্ৰতিভা সৰুৰে পৰাই ফুটি উঠিছিল, তেওঁ দেউতাকৰ দাঁতৰ অনুশীলন তেওঁলোকৰ ঘৰৰ পৰা দাঁতৰ কাৰ্য্যালয়ৰ মাজত "জুকনেট" নামৰ এটা ছফ্টৱেৰ প্ৰ'গ্ৰামৰ দ্বাৰা সকলো কম্পিউটাৰক পৰস্পৰ যোগাযোগ কৰিবলৈ অনুমতি দিয়ে।

   মাৰ্ক জুকাৰবাৰ্গে ২০০২ চনত হাভাৰ্ড বিশ্ববিদ্যালয়ত পাঠ্যক্ৰম আৰম্ভ কৰা সময়লৈকে "প্ৰ'গ্ৰামিং প্ৰডিজি" হিচাপে খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছিল। 

মাৰ্ক জুকাৰবাৰ্গে কম্পিউটাৰ বিজ্ঞান আৰু মনস্তত্ব অধ্যয়ন কৰিছিল। মাৰ্ক জুকাৰবাৰ্গে হাভাৰ্ড বিশ্ববিদ্যালয়ত পঢ়ি থকা সময়তে (Facemash) ফেচমেছ নামৰ প্ৰ'গ্ৰাম সৃষ্টি কৰিছিল যত শিক্ষাৰ্থীসকলৰ ফটোৰ বাছনিৰ পৰা সৰ্বশ্ৰেষ্ঠ দেখা ব্যক্তি বাছনি কৰি দিয়ে, পিছলৈ বহুতো শিক্ষাৰ্থীয়ে অভিযোগ কৰিছিল যে অনুমতি অবিহনে তেওঁলোকৰ ফটো ব্যৱহাৰ কৰা হৈছে, ফলত মাৰ্ক জুকাৰবাৰ্গে ৰাজহুৱাকৈ ক্ষমা বিছাৰিছিল। মাৰ্ক জুকাৰবাৰ্গে পিছলৈ ৪ ফেব্ৰুৱাৰী, ২০০৪ চনত thefacebook.com আৰম্ভ কৰে। "ফেচবুক" নামটো ২০০২ চনত মাৰ্ক জুকাৰবাৰ্গে স্নাতক ডিগ্ৰী লাভ কৰা ফিলিপছ এক্সিটাৰ একাডেমীত শিক্ষাৰ্থীসকলৰ "ফটো ঠিকনাৰ কিতাপ" প্ৰকাশ কৰা হৈছিল, শিক্ষাৰ্থীসকলে "ফেচবুক" বুলি কৈছিল। ২০০৫ চনত thefacebook.com ৰ নামটো সালসলনি কৰি facebook.com কৰিলে। 

   ২০১০ চনৰ ২১ জুলাইত মাৰ্ক জুকাৰবাৰ্গে প্ৰকাশ কৰিছিল যে ফেচবুক প্ৰতিষ্ঠানটোৰ ৫০০ মিলিয়ন ব্যবহাৰকাৰীৰ সংখ্যা হৈছেগৈ, এনেদৰে বহুতো ঘাট-প্ৰতিঘাটৰ মাজেৰে ফেচবুকৰ বৰ্তমান ব্যৱহাৰকাৰীৰ সংখ্যা (২০২০ চনৰ তথ্য অনুসৰি) ১.৬৯ বিলিয়ন হৈছেগৈ। 

   ফেচবুকে Instagram, WhatsApp, Oculus (ভিডিঅ' গেম ডেভেলপাৰ) আদি ক্ৰয় কৰিবলৈ সক্ষম হৈছে।

  ফেচবুক ব্যৱহাৰকাৰীৰ সংখ্যা বৃদ্ধিৰ ফলত বিজ্ঞাপনৰ ক্ষেত্ৰতো ফেচবুক আগবাঢ়ি আহিল আৰু আমেৰিকান জিডিপিত (মুঠ ঘৰুৱা উৎপাদন) প্ৰতি বছৰে ৮৩৫ মিলিয়ন ডলাৰ অৰিহণা যোগায়।
 
   ফেচবুকৰ প্ৰতিষ্ঠাপক সকল হৈছে - মাৰ্ক জুকাৰবাৰ্গ, এডৱাৰ্ড সাভেৰিন, এন্দ্ৰিও মেকলুম, দুষ্টিন মস্কভিতজ আৰু শ্ৰীৰিশ সুঘেছ। ফেচবুকৰ বৰ্তমান মুখ্য কাৰ্যবাহী বিষয়া হৈছে - মাৰ্ক জুকাৰবাৰ্গ।        

লগতে চাওক -

● গুগল এডচেন্স কি আৰু গুগল এডচেন্সৰ বিষয়ে কিছু কথা

● আমাজন এফিলিয়েট মার্কেটিং কি আৰু কেনেকৈ আমাজন এফিলিয়েট মার্কেটিং একাউন্ট খুলি অসীমিত টকা উপাৰ্জন কৰিব

Post a Comment (0)
Previous Post Next Post


Live Online

কুইজ টেষ্টত অংশগ্ৰহণ কৰক

পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে অনুশীলন আৰম্ভ কৰক।

টেষ্ট আৰম্ভ কৰক →


নতুন আপডেট

Good Samaritan আইনৰ বিষয়ে

আপুনি জানেনে কি আছে এইখন আইনত? Good Samaritan আইনে কোনসকল লোকক আইনী সুৰক্ষা প্ৰদান কৰে?

সম্পূৰ্ণ পঢ়ক →