মোবাইল Dead হলে কেনেকৈ Recover কৰিব আৰু IMEI নম্বৰ পুনৰ কেনেকৈ মোবাইলত ইনষ্টল কৰিব


নমস্কাৰ বন্ধু-বান্ধৱীসকল, আজি আমি আলোচনা কৰিবলৈ লৈছোঁ মোবাইল Dead হলে কেনেকৈ Recover কৰিব পাৰি, IMEI নম্বৰ পুনৰ মোবাইলত কেনেকৈ Install কৰিব আৰু  কেনেকৈ মোবাইল Dead হব পাৰে! আশাকৰোঁ এই লিখনিৰ দ্বাৰা আপোনালোক উপকৃত হব।


কি কি কাৰণত মোবাইল Dead হব পাৰে?


   মোবাইল বহুকেইটা কাৰণত Dead হব পাৰে। তাৰে ভিতৰত মোবাইলত যদি ক্ষমতাতকৈ অধিক এপ্লিকেচন, ফাইল আদি লোড দিয়া হয়, মোবাইল পৰিলে, short circuit হলে, মোবাইল পানীত পৰিলে ইত্যাদি কাৰণত মোবাইল dead হব পাৰে।


মোবাইল Dead হলে কেনেকৈ Recover কৰিব?


   যদিহে মোবাইল অধিক লোড দিয়াৰ ফলত Dead হলে Software ৰ দ্বাৰা Recover কৰিব পৰা যায় আৰু মোবাইল পৰিলে, short circuit হলে, পানীত পৰিলে Hardware পুনঃমেৰামতিৰ ফলত Recover কৰিব পৰা যায়। মোবাইল dead হলে কেনেকৈ recover কৰিব পৰা যায়, এইক্ষেত্ৰত software ৰ পদ্ধতিৰ বিষয়ে মোৰ অভিজ্ঞতাৰ পৰা বৰ্ণনা কৰিবলৈ চেষ্টা কৰিম, যদিহে মোবাইল পানীত পৰিলে বা ওপৰৰ পৰা পৰি Dead হলে, short circuit হলে মোবাইল Recover কৰিবলৈ মোবাইলৰ Hardware মেৰামতি কৰা দোকানলৈ যোৱাটো প্ৰয়োজন।

যদি মোবাইল dead হলে software ৰ দ্বাৰা recover কৰিবলৈ হলে আপোনাৰ মোবাইলত থকা সকলো তথ্য (Data) হেৰুৱাব আৰু মোবাইল Firmware ROM ইনষ্টল কৰোঁতে নিজৰ স্বইচ্ছাৰে কৰা হয় কোনো কাৰণত যদি মোবাইল একেবাৰে dead হয় তেতিয়া কোনো জগৰীয়া নহয়।


মোবাইল Dead হলে software ৰ দ্বাৰা recover কৰিবলৈ হলে প্ৰথম পৰ্যায়ত প্ৰাথমিকভাৱে কৰিব পাৰে-


১/ যদি মোবাইল Hang হৈ মোবাইল কোম্পানীৰ Logo ওলাই থাকিলে মোবাইলৰ বেটেৰি removable হলে এবাৰ খুলি পুনৰ লগাই volume up switch আৰু lock switch একেলগে ১০ ৰ পৰা ১৫ চেকেণ্ড টিপি থাকিব, তাৰ পিছত বহুকেইটা options ওলাব, যেনে - Fastboot, Recovery ইত্যাদি। আপুনি Recovery Option ত Click কৰিব, (আপুনি volume up আৰু down button ব্যৱহাৰ কৰি option বিলাকলৈ যাব পাৰিব আৰু  Click কৰিবলৈ Power button ব্যৱহাৰ কৰিব লাগিব) তাৰ পিছত ওলাব Reboot System Now, Wipe data / Factory reset ইত্যাদি। Wipe data/ factory reset Click কৰিব লাগিব। তাৰ পিছত ওলাব Confirm wipe of all user data ? THIS CAN NOT BE UNDONE. তাত Yes- delete all user data Option ত Click কৰিব। তাৰ পিছত Power Down Option ত Click কৰিব। তাৰ পিছত Power button Click কৰি মোবাইলৰ Switch On কৰিবলৈ চেষ্টা কৰিব। যদি মোবাইলৰ কোম্পানীৰ Logo ওলায়, অলপ সময় অপেক্ষা কৰিব লাগিব, যিহেতু আপোনাৰ মোবাইলত থকা সকলো তথ্য Delete হৈ যাব আৰু নতুনকৈ ওলাবলৈ কিছু সময়ৰ প্ৰয়োজন হব। তাৰ পিছত মোবাইল On হলে জানিব আপোনাৰ মোবাইল Dead হোৱাৰ পিছত Recover হবলৈ সক্ষম হ'ল।

মোবাইল Dead হলে software ৰ দ্বাৰা recover কৰিবলৈ হলে দ্বিতীয় পৰ্যায়ত কৰিব পাৰে-


২/ যদি ওপৰত উল্লেখ কৰা প্ৰথম পৰ্যায়ত ব্যৰ্থ হ'ল তেতিয়া Software ৰ দ্বাৰা Recover কৰিবলৈ হলে আপোনাক কম্পিউটাৰ, লেপটপ ইত্যাদিৰ প্ৰয়োজন হ'ব। আপোনাৰ মোবাইলৰ বাবে Firmware ROM Download কৰিব লাগিব। ডাউনলোড (Download) কৰিবলৈ Firmwarefile.com এই ৱেবচাইটলৈ গৈ আপোনাৰ মোবাইলৰ বাবে Firmware ROM বিচাৰি Download কৰি লব। Firmware ROM Zip File ত Download হয়। Download হোৱাৰ পিছত Zip File Extract কৰি লব। Extract কৰাৰ পিছত আপোনাৰ মোবাইলৰ বাবে Download কৰা File Click কৰি Flash Tool Option ত Click কৰিব। তাৰ পিছত Scatter Loading File ৰ Choose ত Click কৰি আকৌ আপুনি Download কৰা Firmware ROM File ত Click কৰি Android Scatter File বিচাৰি Click কৰি দিব। তাৰ পিছত Format All+Download Click কৰিব, তাৰ পিছত Download Click কৰিব। তাৰ পিছত আপোনাৰ মোবাইলৰ বেটেৰি খুলি USB Cable ত সংযোগ কৰি দিব। তাৰ পিছত Download Flash হবলৈ আৰম্ভ কৰিব। Download Flash 100% হোৱাৰ পিছত Download Ok ওলাব আৰু USB Cable ৰ পৰা মোবাইল খুলি মোবাইলত বেটেৰি লগাই Switch On কৰিব আৰু Logo টো প্ৰথম ৬ ৰ পৰা ৯ মিনিট মানৰ বাবে ওলাব আৰু আপোনাৰ মোবাইলে কাম কৰিবলৈ আৰম্ভ কৰিব। ৰব, এইখিনিতে কেইটামান কথা আহি পৰিছে।  প্ৰথমতে, যদিহে আপোনাৰ মোবাইল এবাৰ Dead হোৱাৰ পিছত পুনৰ Firmware ROM Install কৰি ব্যৱহাৰ কৰিছে তেন্তে কিছু কিছু ক্ষেত্ৰত সুৰক্ষাৰ কথা আহি পৰে। পুনৰ যিবোৰ মোবাইলত Firmware ROM Install কৰে সেই মোবাইলবোৰত কিছুমান Application ব্যৱহাৰ কৰিব নোৱাৰে, আচলতে পুনৰ Install কৰা মোবাইলৰ Firmware ROM যিহেতু অন্য ৱেবচাইটে যোগান ধৰে, ফলত Custom কৰা থাকে বাবেই সম্ভৱতঃ কিছুমান Payments Application আৰু ব্যৱহাৰকাৰীক সম্পূৰ্ণ সুৰক্ষা প্ৰদান কৰা Application ব্যৱহাৰ কৰিব পৰা নাযায়। দ্বিতীয়তে, Firmware ROM Install কৰাৰ ফলত মোবাইলৰ IMEI নম্বৰ Delete হৈ যায়। IMEI নম্বৰ নহলে SIM ব্যৱহাৰ কৰিব পৰা নাযায়। পুনৰ IMEI নম্বৰ Install কৰিবলৈ অন্য এক Software ৰ সহায় লব লাগিব।


IMEI নম্বৰ Install কৰোঁতে আপোনাৰ মোবাইলৰ বাবে থকা IMEI নম্বৰহে পুনৰ Install কৰিব লাগিব। লোকৰ IMEI নম্বৰ আপোনাৰ মোবাইলত Install কৰাটো এক গুৰুতৰ অপৰাধ। আপোনাৰ মোবাইলৰ পিছফালে থকা IMEI নম্বৰ বা মোবাইলৰ বাকচত থকা IMEI নম্বৰহে বৈধ হয় আপোনাৰ সেই মোবাইলৰ বাবে।


IMEI নম্বৰ পুনৰ কেনেকৈ মোবাইলত Install কৰিব?


   IMEI নম্বৰ পুনৰ Install কৰিবলৈ Miracle Thunder 2.82 Software লাগিব। Miracle Thunder 2.82 Software খুলি Connect Button Click কৰি লব আৰু মোবাইলৰ CPU অনুসৰি যেনে MTK, SPD ইত্যাদি বাচনি কৰি লব। IMEI Option প্ৰথমে Menu ত দেখা নাপাব। IMEI Option দেখা পাবলৈ কীবোৰ্ডত (Keyboard) Ctrl+M একেলগে Click কৰিলে IMEI Option ওলাব। তাৰ পিছত IMEI (Switched Off) Option ত Click কৰি IMEI 1 আৰু IMEI 2 ত আপোনাৰ মোবাইলৰ নিজা IMEI নম্বৰ কেইটা IMEI 1 আৰু IMEI 2 ত লিখি দিব আৰু Rebuild, Auto Chksum ত √ On কৰি USB Cable ৰ দ্বাৰা মোবাইল সংযোগ কৰি Volume ৰ - Minus Switch টিপি থাকিব তাৰ পিছত Waiting for USB Port... Connecting AT Mode / ওলাব তাৰ পিছত IMEI নম্বৰ মোবাইললৈ আহিবলৈ আৰম্ভ কৰিব আৰু পিছত IMEI OK, IMEI OK বুলি ৰঙা আখৰেৰে লেপটপ/ কম্পিউটাৰৰ স্ক্ৰীনত ওলাব। তাৰ পিছত মোবাইল USB Cable ৰ পৰা সংযোগ আঁতৰাই দিব। তাৰ পিছত মোবাইলৰ Switch On কৰি IMEI নম্বৰ পৰীক্ষা কৰিব পাৰিব আৰু মোবাইলত SIM ব্যৱহাৰ কৰিব পাৰিব।


সামৰণি:-

 আজি মোবাইল Dead হলে কেনেকৈ Recover কৰিব পৰা যায়, IMEI নম্বৰ কেনেকৈ মোবাইলত Install কৰিব আৰু মোবাইল কি কি কাৰণত Dead হব পাৰে সেই বিষয়ে তথ্য  যোগান ধৰিবলৈ চেষ্টা কৰিলোঁ। মোবাইল Dead হলে Firmware ROM পুনৰ Install কৰাটো নিজৰ স্বইচ্ছাৰে কৰা হয় আৰু কোনো কাৰণত যদি মোবাইল একেবাৰে Dead হয় তেতিয়া কোনো জগৰীয়া নহয়। IMEI নম্বৰ পুনৰ Install কৰোঁতে সেই একেটা মোবাইলৰ আগৰ IMEI নম্বৰ Install কৰাটো উচিত অন্যথা বেলেগ IMEI নম্বৰ Install কৰাটো অবৈধ আৰু এনে কাম কৰাটো উচিত নহয়। যিসকলে এই প্ৰক্ৰিয়া বুজি পাইছে সেইসকলে নিজেই/ স্বইচ্ছাৰে Firmware ROM, IMEI Install ইত্যাদি নিজেই কৰিব পাৰে বা যদি কিবা বুজি পোৱা নাই তেন্তে মোবাইলৰ দোকানলৈ গৈ এইখিনি কাম কৰাব। বিশেষকৈ মোবাইল Dead হলেহে Firmware ROM, IMEI Install আদি কৰিব বা কৰাব, কোনো কাৰণতে ভাল হৈ থকা মোবাইলত Firmware ROM, IMEI Install কৰিবলৈ চেষ্টা নকৰিব অন্যথা আপোনাৰ ভাল মোবাইলটো বেয়া হৈ যাব পাৰে। ধন্যবাদ।

লগতে চাওক -

● UPI ৰ বিষয়ে Unified Payments Interface

● গুগল টাস্ক মেট এপ্লিকেচনৰ জৰিয়তে টকা উপাৰ্জনৰ পথ অতি শীঘ্ৰেই মুকলি পথত

● জিমেইল একাউন্ট কেনেকৈ খুলিব How to Create gmail account

●  মাৰ্ক জুকাৰবাৰ্গ ফেচবুকৰ জন্ম আৰু উত্থান

● গুগল এডচেন্স কি আৰু গুগল এডচেন্সৰ বিষয়ে কিছু কথা

● আমাজন এফিলিয়েট মার্কেটিং কি আৰু কেনেকৈ আমাজন এফিলিয়েট মার্কেটিং একাউন্ট খুলি অসীমিত টকা উপাৰ্জন কৰিব



Post a Comment

Previous Post Next Post