পথ সুৰক্ষা - জীৱন ৰক্ষা

 

পথ সুৰক্ষা - জীৱন ৰক্ষা

আপুনি জানেনে?

১/ ভাৰতত বছৰি প্ৰায় ১৫ লাখ ঘৰৰ পৰা ওলাই যোৱা মানুহ পথ দুৰ্ঘটনাৰ বাবেই আকৌ জীৱিত হৈ ঘৰলৈ ঘূৰি নাহে।

২/ পথ দুৰ্ঘটনাত প্ৰতিজনৰ চিকিৎসাৰ ব্যয়ৰ নামত আর্থিকভাৱে জুৰুলা হোৱাই নহয়, মানসিকভাৱে বহু কষ্টও ভূগিবলগীয়া হয়।

আহক, দুৰ্ঘটনা এৰাই চালো।

মনত ৰাখিব-

১/ সদায় হেলমেট আৰু চিটবেল্ট পৰিধান কৰি বাহন চলাব। আকস্মিক দুৰ্ঘটনাত মূৰৰ লগতে মুখমণ্ডলৰ আঘাতৰ পৰা পৰিত্ৰাণ পাব।

২/ অত্যাধিক গতিৰে গাড়ী চলাই নিজৰ লগতে আনৰো জীৱন বিপদাপন্ন নকৰিব।

৩/ বাইক ষ্টান্ট শিহৰণ ল'বলৈ গৈ নিশ্চিত মৃত্যুলৈ আগবাঢ়ি নাযাব।

৪/ সুৰাপান কৰি বাহন চালনা কৰি মৃত্যুক হাতবাউলি নিদিব।

৫/ বাহন চালনা কৰোতে মোবাইলত কথা পাতি অন্যমনস্ক হ'লে দুৰ্ঘটনা নিশ্চিত।

৬/ কেঁকুৰি ৰাস্তাত অন্য গাড়ীক অতিক্ৰম নকৰিব।

৭/ বাওঁফালৰ পৰা কোনো গাড়ীক অতিক্ৰম কৰাৰ প্ৰয়াস নকৰিব।

৮/ নিশা গাড়ী চলাওঁতে ডিপাৰ ব্যৱহাৰ কৰিব।

৯/ পথ নিৰ্দেশাৱলী আৰু যান-বাহনৰ নীতি-নিয়ম পালন কৰি সাৱধানে বাহন চালনা কৰক আৰু নিজৰ লগতে অন্যসকলৰ বাবেও পথ সুৰক্ষিত কৰক।

   মাননীয় উচ্চতম ন্যায়ালয়ৰ পথ সুৰক্ষা কমিটিৰ নিৰ্দেশনা অনুসৰি আৰু সংশোধিত যান-বাহন আইনমতে তলত উল্লেখিত কাৰণত কোনো এজন ব্যক্তিৰ ড্ৰাইভিং লাইচেন্স কমেও তিনিমাহৰ বাবে বাতিল কৰা হ'ব।

১/ সীমিত গতিতকৈ অত্যাধিক গতিত বাহন চলালে।

২/ গাড়ী চলাই থাকোতে মোবাইল ফোনত কথা পাতিলে।

৩/ মালবাহী বাহনত অত্যাধিক বোজা বা যাত্ৰী কঢ়িয়ালে।

৪/ সুৰাপান কৰি বাহন চলালে।

৫/ হেলমেট পৰিধান নকৰি দুচকীয়া বাহন চলালে।

৬/ দুচকীয়া বাহনত দুজনতকৈ বেছি কঢ়িয়ালে।

৭/ প্ৰদূষণ মুক্ত প্ৰমাণ পত্ৰ নাথাকিলে।

[ ৩২ তম্ ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ, ১৮ জানুৱাৰীৰ পৰা ১৭ ফেব্ৰুৱাৰী, ২০২১লৈ, পথ সুৰক্ষা - জীৱন ৰক্ষা, জিলা পৰিবহন বিষয়াৰ কাৰ্যালয়ৰ দ্বাৰা প্ৰকাশিত আৰু প্ৰচাৰিত ]

Post a Comment

Previous Post Next Post