ৱেব ব্ৰাউজাৰ কি আৰু শীৰ্ষত থকা ৭ টা ৱেব ব্ৰাউজাৰ


ৱেব ব্ৰাউজাৰ কি ?  What is Web Browser ?
শীৰ্ষত থকা ৭ টা ৱেব ব্ৰাউজাৰ


ৱেব ব্ৰাউজাৰ কি ?

ৱেব ব্ৰাউজাৰ হৈছে এনে এক এপ্লিকেচন ছফ্টৱেৰ, World Wide Web ৰ পৃষ্ঠাসমূহ আহৰণ আৰু কম্পিউটাৰত প্ৰদৰ্শন কৰাত সহায় কৰে। ৱেবচাইটত প্ৰৱেশ কৰিবলৈ ৱেব ব্ৰাউজাৰৰ সহায় লোৱা হয়। ইণ্টাৰনেটত থকা সমগ্র তথ্য Web Browser ৰ সহায়ত নিৰীক্ষণ কৰিব পাৰি।

পোন প্ৰথমে ৱেব ব্ৰাউজাৰ টিম বাৰনাৰ্চ লি'য়ে ১৯৯০ চনত উন্নত কৰিছিল।



শীৰ্ষত থকা ৭ টা ৱেব ব্ৰাউজাৰ



গুগল ক্ৰম (Google Chrome ):-

গুগল ক্ৰম বিশ্ববিখ্যাত ইণ্টাৰনেট সেৱা প্ৰদানকাৰী সংস্থা গুগলৰ দ্বাৰা নিৰ্মিত ব্ৰাউজাৰ। গুগল ক্ৰম ২ ছেপ্টেম্বৰ, ২০০৮ চনত মুকলি কৰা হৈছিল। গুগল ক্ৰম উন্নত কৰিছে Google LLC, গুগল ক্ৰম ২০০৮ চনত মাইক্ৰচফ্ট উইণ্ডোজ (Microsoft Windows) আৰু পিছলৈ লিনাক্স (Linux), মেক অ'এছ, আই'অ'এছ (iOS) আৰু Android ৰ বাবে মুকলি কৰা হৈছিল। গুগল ক্ৰম ৪৭ টা ভাষাত উপলব্ধ আৰু অপাৰেটিং চিষ্টেম Android KitKat ৰ পৰা আৰম্ভ কৰি বৰ্তমান Android ৰ সকলো অপাৰেটিং চিষ্টেমত গুগল ক্ৰম ব্ৰাউজাৰ উপলব্ধ। ক্ৰম অপাৰেটিং চিষ্টেম, আই'অ'এছ, লিনাক্স, মেক অ'এছ, উইণ্ডোজ ৭ আৰু বৰ্তমানৰ উইণ্ডোজ সংস্কৰণত গুগল ক্ৰম ব্ৰাউজাৰ উপলব্ধ। C, C++, Java (Android Application ৰ বাবে) আৰু JavaScript, Paithon আদিৰ দ্বাৰা গুগল ক্ৰম লিখা হৈছে। গুগল ক্ৰমৰ প্ৰকাৰ মোবাইল ব্ৰাউজাৰ আৰু ৱেব ব্ৰাউজাৰ। গুগল ক্ৰম গুগল প্লে ষ্টৰৰ পৰা ৫ বিলিয়নতকৈ অধিক লোকে ডাউনলোড কৰিছে। 

গুগল ক্ৰমৰ ৱেবছাইটৰ লিংক - https://www.google.com/chrome/


মজিলা ফায়াৰ ফক্স (Mozilla Firefox) :-

 মজিলা ফায়াৰ ফক্স মজিলা ফাউণ্ডেচন আৰু ইয়াৰ অৱদানকাৰীসকলৰ দ্বাৰা ২৩ ছেপ্টেম্বৰ, ২০০২ চনত মুকলি কৰা হৈছিল। মজিলা ফায়াৰ ফক্স বিনামূলীয়া আৰু সকলোৰে বাবে মুক্ত ব্ৰাউজাৰ। মজিলা ফায়াৰ ফক্স ব্ৰাউজাৰ উইণ্ডোজ ৭ আৰু নতুন নতুন উইণ্ডোজ সংস্কৰণত উপলব্ধ। লিনাক্স, মেক অ'এছ আদিৰ বাবে মজিলা ফায়াৰ ফক্স ব্ৰাউজাৰ উপলব্ধ।
Android আৰু iOS ৰ বাবে মজিলা ফায়াৰ ফক্স উপলব্ধ। মজিলা ফায়াৰ ফক্স C, C++, JavaScript, Rust, CSS, HTML ত লিখা হৈছে। মজিলা ফায়াৰ ফক্স ৯০ টা ভাষাত উপলব্ধ। মজিলা ফায়াৰ ফক্স Linux, IA-32: 65.3 MB
Linux, x64: 63.2 MB
Mac OS: 66.1 MB
Windows, IA-32: 47.3 MB
Windows, x64: 48.7 MB

মজিলা ফায়াৰ ফক্স গুগল প্লে ষ্টৰৰ পৰা ১০০ মিলিয়নতকৈ অধিক লোকে ডাউনলোড কৰিছে।

মজিলা ফায়াৰ ফক্স ৱেবচাইটৰ লিংক - https://www.mozilla.org/en-US/firefox/new/




অপেৰা মিনি (Opera mini) :-

অপেৰা মিনি মোবাইল ৱেব ব্ৰাউজাৰ উন্নত কৰিছিল Opera Software AS য়ে। পিছলৈ Windows 10, Windows Phone 8.1, Symbian, Bada, Blackberry আদিৰ বাবে অপেৰা মিনি ৱেব ব্ৰাউজাৰ ব্যৱহাৰৰ বাবে উপযোগী কৰি তুলিছিল। অপেৰা মিনি Android আৰু iOS ৰ বাবে মোবাইল ৱেব ব্ৰাউজাৰ উন্নত কৰি থকা হৈছে। অপেৰা মিনি ১০ আগষ্ট, ২০০৫ চনত মুকলি কৰা হৈছিল। অপেৰা মিনি লিখা হৈছে C++, Java, Pike ৰ দ্বাৰা আৰু ৯০ টা বিভিন্ন ভাষাত অপেৰা মিনি ৱেব ব্ৰাউজাৰ উপলব্ধ। অপেৰা মিনি বিনামূলীয়া ৱেব ব্ৰাউজাৰ। অপেৰা মিনি গুগল প্লে ষ্টৰৰ পৰা ১০০ মিলিয়নতকৈ অধিক লোকে ডাউনলোড কৰিছে। 

অপেৰা মিনি ৱেবচাইটৰ লিংক - https://www.opera.com/


ইউচি ব্ৰাউজাৰ (UC Browser) :-


UC Browser চাইনীজ ৱেব ব্ৰাউজাৰ। উন্নত কৰিছিল চীন/ চিংগাপুৰৰ মোবাইল ইণ্টাৰনেট কোম্পানী UC Web আৰু UC Browser ক্ৰয় কৰিলে বিশ্ববিখ্যাত অনলাইন ই-কমাৰ্চ প্ৰতিষ্ঠানৰ মূল অলিবাবা গ্ৰুপে। 

UC Web মুকলি কৰা হৈছিল ২০০৪ চনৰ এপ্ৰিল মাহত। 

UC Browser HTML5 আৰু CSS3 ত লিখা হৈছে।

UC Browser বহুকেইটা ভাষাত উপলব্ধ। ইংৰাজী, হিন্দী, বাংলা, তেলেগু, ৰাছিয়ান, উৰ্দু, চীনা, ভিয়েটনামিজ, পৰ্তুগীজ, ইণ্ডোনেছিয়ান, স্পেনিছ, আৰবীক, ভূজপুৰী আৰু ফৰাচী ভাষাত উপলব্ধ।

UC Browser গুগল প্লে ষ্টৰৰ পৰা ৫০০ মিলিয়নতকৈ অধিক লোকে ডাউনলোড কৰিছে। 

UC Browser ৱেবচাইটৰ লিংক - https://www.ucweb.com/


ইণ্টাৰনেট এক্সপ্লোৰাৰ (Internet Explorer) :-

ইণ্টাৰনেট এক্সপ্লোৰাৰ ১৬ আগষ্ট, ১৯৯৫ চনত মুকলি কৰা হৈছিল। ইণ্টাৰনেট এক্সপ্লোৰাৰত ৱেব ব্ৰাউজাৰ আৰু Feed Reader হিচাপে ব্যৱহাৰ কৰিব পাৰি। মাইক্ৰচফ্টয়ে ইণ্টাৰনেট এক্সপ্লোৰাৰ উন্নত কৰে আৰু ৯৫ টা ভাষাত ইণ্টাৰনেট এক্সপ্লোৰাৰ উপলব্ধ। ইণ্টাৰনেট এক্সপ্লোৰাৰ অপাৰেটিং চিষ্টেম Windows, Mac OS x, Solaris, HP - UX) আদিত উপলব্ধ। ইণ্টাৰনেট এক্সপ্লোৰাৰ Windows Phone 7, Windows Phone 8.1 আদিত উপলব্ধ। 

ইণ্টাৰনেট এক্সপ্লোৰাৰ ৱেবচাইটৰ লিংক - https://www.microsoft.com/en-in/download/internet-explorer.aspx

মাইক্ৰচফ্ট ইড'জি (Microsoft Edge) :-

মাইক্ৰচফ্ট ইড'জি ৱেব ব্ৰাউজাৰ উন্নত কৰিছিল মাইক্ৰচফ্টয়ে। মাইক্ৰচফ্ট ইড'জি পোন প্ৰথমবাৰৰ বাবে মুকলি কৰা হৈছিল Windows 10 আৰু xbox One ত ২০১৫ চনত। Android আৰু iOS ত ২০১৭ চনত, mac OS ত ২০১৯ চনত। 

মাইক্ৰচফ্ট ইড'জি ২৯ জুলাই, ২০১৫ চনত মুকলি কৰা হৈছিল।

মাইক্ৰচফ্ট ইড'জি গুগল প্লে ষ্টৰৰ পৰা ১০ মিলিয়নতকৈ অধিক লোকে ডাউনলোড কৰিছে।

মাইক্ৰচফ্ট ইড'জি ৱেবচাইটৰ লিংক - https://www.microsoft.com/en-us/edge


এপল চাফাৰী (Apple Safari) :- 

এপল চাফাৰী বিশ্ববিখ্যাত ইলেকট্ৰনিক সামগ্ৰী নিৰ্মাতা কোম্পানী এপলৰ দ্বাৰা নিৰ্মিত ৱেব ব্ৰাউজাৰ। চাফাৰী ৱেব ব্ৰাউজাৰ ৭ জানুৱাৰী, ২০০৩ চনত মুকলি কৰা হৈছিল। এপল চাফাৰী ৱেব ব্ৰাউজাৰ mac OS, iOS, iPad OS আদিৰ বাবে উপলব্ধ। এপলৰ ডিভাইছ সমূহৰ বাবে এপল চাফাৰী ব্ৰাউজাৰ উপলব্ধ আৰু C++, Objective-C আৰু Swift ত লিখা হৈছে। এপল চাফাৰী ব্ৰাউজাৰ বিনামূলীয়া ছফ্টৱেৰ। 

এপল চাফাৰী ব্ৰাউজাৰ ৱেবচাইটৰ লিংক - https://www.apple.com/in/safari/


লগতে চাওক -

● মোবাইল Dead হলে কেনেকৈ Recover কৰিব আৰু IMEI নম্বৰ পুনৰ কেনেকৈ মোবাইলত ইনষ্টল কৰিব

● গুগল টাস্ক মেট এপ্লিকেচনৰ জৰিয়তে টকা উপাৰ্জনৰ পথ অতি শীঘ্ৰেই মুকলি পথত

● জিমেইল একাউন্ট কেনেকৈ খুলিব How to Create gmail account

●  মাৰ্ক জুকাৰবাৰ্গ ফেচবুকৰ জন্ম আৰু উত্থান

● গুগল এডচেন্স কি আৰু গুগল এডচেন্সৰ বিষয়ে কিছু কথা

● আমাজন এফিলিয়েট মার্কেটিং কি আৰু কেনেকৈ আমাজন এফিলিয়েট মার্কেটিং একাউন্ট খুলি অসীমিত টকা উপাৰ্জন কৰিব



Post a Comment

Previous Post Next Post