Instagram ৰ পৰা টকা উপাৰ্জন কেনেকৈ কৰিব ?

 how to earn money from instagram

নমস্কাৰ বন্ধু-বান্ধৱীসকল, আজি আমি আলোচনা কৰিম Instagram ৰ পৰা টকা কেনেকৈ উপাৰ্জন কৰিব পাৰি, তাৰ আগতে জনপ্ৰিয় সামাজিক গণমাধ্যম Instagram ৰ বিষয়ে কিছু কথা জানো আহকচোন।

Instagram মুকলি কৰা হৈছিল ৬ অক্টোবৰ, ২০১০ চনত। Instagram আমেৰিকান ফটো আৰু ভিডিঅ' ভাগ-বতৰা কৰা সামাজিক গণমাধ্যম আৰু Instagram ৰ মালিকীস্বতঃ ফেচবুকৰ। ২০১২ চনৰ এপ্ৰিল মাহত ফেচবুকে ১ বিলিয়ন ডলাৰ দি Instagram ক্ৰয় কৰে। Instagram পোন প্ৰথমে ৬ অক্টোবৰ, ২০১০ চনত মুকলি কৰা হৈছিল কেৱল iOS ত, এপ্ৰিল, ২০১২ চনত Android ত আৰু Desktop ত ব্যৱহাৰ কৰিব পৰাকৈ ২০১২ চনৰ নৱেম্বৰ মাহত মুকলি কৰা হৈছিল। Instagram তৈয়াৰ কৰিছিল আমেৰিকান কম্পিউটাৰ প্ৰগ্ৰেমাৰ Kevin Systrom আৰু ব্ৰাজিলিয়ান-আমেৰিকান উদ্যোক্তা, ছফ্টৱেৰ ইঞ্জিনীয়াৰ Mike Krieger য়ে।

Instagram ৰ পৰা টকা উপাৰ্জন কেনেকৈ কৰিব?

   Instagram ৰ পৰা টকা উপাৰ্জন কৰিবলৈ নিৰ্দিষ্ট এক লক্ষ্য আগত ৰাখি আগুৱাই যাব লাগিব। বিভিন্ন বিষয়ৰ ভিতৰত এটা বিষয় বাছি উলিয়াই সেই বিষয়ৰ ওপৰত কাম কৰি গলে সফলতা লাভ কৰাটো ১০০ শতাংশ নিশ্চিত। Instagram ৰ যিটো পদ্ধতিক আমি Instagram Influencer বুলি কওঁ। বিষয় সমূহ যেনে - Traveling, Fashion, Beauty, Health and Fitness, Lifestyle, Business, Photography, Food, Animals ইত্যাদি। এইকেইটা বিষয়ৰ উপৰিও আৰু বহুতো বিষয় আছে, মই বৰ্তমান এইকেইটা বিষয় উল্লেখ কৰিছোঁ, যিহেতু এইকেইটা বিষয়বস্তু বেছিকৈ জনপ্ৰিয়।

প্ৰথমে এক নিৰ্দিষ্ট বিষয়বস্তু লক্ষ্য কৰি ফটো, ভিডিঅ' Instagram ত ভাগ-বতৰা (Share) কৰি আগবাঢ়ি যাব লাগিব। ধৰা হল (Traveling) ভ্ৰমণ বিষয়বস্তু নিৰ্বাচন কৰি লোৱা হল। আপুনি ভ্ৰমণ কৰিবলৈ যেনিয়েই যায় সেই ঠাই সমূহৰ ফটো-ভিডিঅ' দৈনিক বা নিয়মীয়াকৈ দি থাকিব লগতে (#Hashtag) সঠিক প্ৰয়োগ কৰিব। ভ্ৰমণৰ ফটো-ভিডিঅ' চাই ভ্ৰমণ কৰি ভালপোৱা লোকসকলে Instagram ত লাহে লাহে আপোনাক ফ'ল (Follow) কৰিবলৈ আৰম্ভ কৰিব আৰু আপুনি আপোনাৰ কৰ্ম অব্যাহত ৰাখিব। এনেদৰে আপোনাৰ Instagram ৰ Followers ৰ সংখ্যা বৃদ্ধি পাব আৰু আপুনি ভ্ৰমণৰ ফটো-ভিডিঅ' সমূহৰ লগতে আপোনাৰ নিজৰ ফটোও Instagram ত আপলোড কৰিব তেতিয়া এটা Identity Create হব আপোনাৰ ভ্ৰমণপ্ৰেমী Instagram Followers সকলৰ মাজত, আপোনাৰ প্ৰতিটো Instagram Post Skip নকৰাকৈ চাবলৈ ধৰিব আৰু Like, Comment, নতুন নতুন Followers ৰ সংখ্যাও বৃদ্ধি পাবলৈ সক্ষম হব। এইখিনি সময়ৰ পৰাই আপুনি টকা উপাৰ্জনৰ পথৰ দুৱাৰদলিত আহি উপস্থিত হবহি, আপুনি বিভিন্ন Travel Agency, Hotels, Resort আদি সমূহৰ সৈতে বিজ্ঞাপনৰ চুক্তিবদ্ধৰ বাবে কথা পাতিব পাৰে আৰু আপোনাৰ Instagram ৰ Post Engagement চাই উচিত মূল্যৰ বিনিময়ত বিজ্ঞাপন দিবলৈ সাজু হব পাৰে।

সামৰণি:- এই লিখনিৰ দ্বাৰা Instagram ৰ পৰা টকা উপাৰ্জন কৰাৰ সম্পৰ্কে বন্ধু-বান্ধৱীসকলে এক সাম্যক ধাৰণা লাভ কৰিছে বুলি অনুমান কৰিছোঁ। বৰ্তমান ইণ্টাৰনেট ব্যৱহাৰকাৰীলৈ চাই সামাজিক গণমাধ্যম সমূহত ব্যৱহাৰকাৰী দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে আৰু নিবনুৱা সমস্যাও বৃদ্ধি পাই আহিছে। গতিকে সামাজিক গণমাধ্যমসমূহেও নিবনুৱা সমস্যা কিছু পৰিমাণে হলেও সমাধান কৰিব পাৰে সামাজিক গণমাধ্যম সমূহত টকা উপাৰ্জনৰ পদ্ধতি সমূহৰ দ্বাৰা।

লগতে চাওক -

● আমাজন এফিলিয়েট মার্কেটিং কি আৰু কেনেকৈ আমাজন এফিলিয়েট মার্কেটিং একাউন্ট খুলি অসীমিত টকা উপাৰ্জন কৰিব


1 Comments

  1. <a href="https://hertrust.in/>Insta ত Facebook YouTube r নিচিনা monitisation কৰিব নোৱাৰি নেকি</a>

    ReplyDelete
Previous Post Next Post