জিমেইল একাউন্ট কেনেকৈ খুলিব How to Create gmail account

 নমস্কাৰ বন্ধু-বান্ধৱী সকল, আজি আমি আলোচনা কৰিম কেনেকৈ এটা জিমেইল (গুগল মেইল) একাউন্ট খুলিব পাৰি। তাৰ আগতে আহকচোন জানি লওঁ জিমেইলৰ সম্পৰ্কে কিছু কথা।

     জিমেইল হৈছে গুগলৰ বিনামূলীয়া ইমেইল সেৱা। জিমেইল সেৱা উপভোগ কৰিব পাৰে সকলো ইণ্টাৰনেট ব্যৱহাৰকাৰীয়ে আৰু গুগলৰ সকলোধৰণৰ সেৱা লাভ কৰিব পাৰে জিমেইল ব্যৱহাৰকাৰীয়ে।

     জিমেইল মুকলি কৰা হৈছিল ১ এপ্ৰিল, ২০০৪ চনত আৰু POP, IMAP Protocol প্ৰক্ৰিয়াৰ দ্বাৰা পৰিচালিত হৈছিল। জিমেইল আবিষ্কাৰ কৰিছিল আমেৰিকান কম্পিউটাৰ ইঞ্জিনীয়াৰ পাউল বুচেইটে (Paul Buchheit)। জিমেইল ১০৫ টা ভাষাত উপলব্ধ আৰু জিমেইল লিখা হৈছে জাভা, চি প্লাছ প্লাছ, জাভাস্ক্ৰিপ্ট(ইউ আই)।

জিমেইল একাউণ্ট কেনেকৈ খুলিব STEP BY STEP 

HOW TO CREATE GMAIL ACCOUNT STEP BY STEP IN ASSAMESE :- 

     জিমেইল মোবাইলত খুলিলে gmail application খুলি একাউণ্ট খুলিব পাৰি আৰু কম্পিউটাৰত জিমেইল একাউণ্ট খুলিবলৈ হলে mail.google.com এই ৱেবচাইটত ক্লিক কৰি gmail account খুলিব পাৰিব।

STEP 1 :- প্ৰথম পেজত জিমেইল Sign in কৰিবলৈ ওলাব, তাৰ ঠিক তলত Create account ওলাব তাত ক্লিক কৰিব।
Create account ক্লিক কৰোঁতে দুটা options ওলাব এটা For myself আৰু আনটো To manage my business । যদি নিজৰ ব্যক্তিগত জিমেইল খুলে তেন্তে For myself options ত ক্লিক কৰিব আৰু যদি ব্যৱসায়, অনুষ্ঠান-প্ৰতিষ্ঠানৰ বাবে জিমেইল খুলে তেন্তে To manage my business options ত ক্লিক কৰিব। (মই ব্যক্তিগত জিমেইল For myself ক্লিক কৰিছোঁ।)

STEP 2 :- দ্বিতীয় পৰ্যায়ত Create your Google Account ত First name, Last name দি User name ত জিমেইলৰ ঠিকনাটো আপোনাৰ প্ৰয়োজন অনুসৰি কেনেকৈ বিচাৰে লিখি দিব। ( যদি আপুনি বিচৰা জিমেইলৰ ঠিকনা অন্য কোনো ব্যক্তি বা প্ৰতিষ্ঠানে ব্যৱহাৰ কৰা নাই তেন্তে তেনে জিমেইলৰ ঠিকনা নিশ্চয় আপুনি লব পাৰিব।)

তাৰ পিছত পাছৱৰ্ড দিব, পাছৱৰ্ড ৮ তাতকৈ অধিক Characters লগতে নম্বৰ আৰু Symbols দিব তেতিয়া আপোনাৰ জিমেইলৰ পাছৱৰ্ড অধিক সুৰক্ষিত হব।

STEP 3 :- তৃতীয় পৰ্যায়ত Welcome to Google বুলি ওলাব তাত ফোন নম্বৰ(optional), Recovery email address (যদিহে আছে) তেতিয়া দি দিব। Recovery email address দিলে আৰু ফোন নম্বৰ দিলে gmail account অধিক সুৰক্ষিত হয়। তাৰ পিছত date of birth দিব আৰু gender দি Next ক্লিক কৰিব।

STEP 4 :- যদিহে ফোন নম্বৰ দিছিল তেন্তে verifying your phone number ওলাব, Send options ত ক্লিক কৰি ফোন নম্বৰ verify কৰি লব।

STEP 5 :- Get more from your number ওলাব, তাৰ তলত থকা Yes, I'm in option ত ক্লিক কৰিব।

STEP 6 :- Privacy and Terms ওলাব, পঢ়ি তললৈ থকা I agree option ত ক্লিক কৰিব। তাৰ পিছত আপোনাৰ জিমেইল একাউণ্ট খোল খাব আৰু জিমেইলৰ বিনামূলীয়া সেৱা সমূহ গ্ৰহণ কৰিব পাৰিব।


লগতে চাওক :-

1 Comments

Previous Post Next Post