গুগল এডচেন্স কি আৰু গুগল এডচেন্সৰ বিষয়ে কিছু কথা

গুগল এডচেন্স কি আৰু গুগল এডচেন্সৰ বিষয়ে কিছু কথা
গুগল এডচেন্স কি আৰু গুগল এডচেন্সৰ বিষয়ে কিছু কথা

 "ৰমেনে দেওবৰীয়া বজাৰত হাইস্কুলৰ বন্ধু কণপিতৌক লগ পাই সুধিলে, তই যে গুগলত ব্লগ খুলিছ কিবা পইচা-পাতি পাইছ নে? কণপিতৌৱে কলে "পাইছোঁ"। ৰমেনে সুধিলে, পইচা গুগলে কেনেকৈ দিয়ে? তেতিয়া কণপিতৌৱে বুজালে গুগল এডচেন্সৰ বিষয়ে। কণপিতৌয়ে ৰমেনক যি বুজালে,সেয়া মই আজি লিখিবলৈ আৰম্ভ কৰিছোঁ। আশাকৰোঁ আপোনালোক এই লেখাৰ পৰা উপকৃত হব। 

Google AdSense কি?

=>   Google AdSense হৈছে গুগলৰ দ্বাৰা পৰিচালিত এক মাধ্যম, যি মাধ্যমৰ যোগেদি বিজ্ঞাপন পৰিচালনা, প্ৰচাৰ আদি ৱেবছাইট, ইউটিউব, এপ্লিকেচন আদিৰ মাধ্যমত কৰা হয়। Google Ads ত বিজ্ঞাপনদাতাই অনুৰোধ কৰা বিজ্ঞাপন বিভিন্ন ভাগত বিভক্ত কৰি Google AdSense ৰ দ্বাৰা বিজ্ঞাপন Google AdSense ৰ অনুমোদিত ৱেবচাইট, ইউটিউব চেনেল, এপ্লিকেচন আদিত প্ৰচাৰ কৰা হয়। Google AdSense ৰ বিজ্ঞাপন Artificial Intelligence ৰ সহায়ত ব্যক্তি বিশেষে বাচনি কৰি বিজ্ঞাপন দেখুৱাই। Google AdSense গুগলৰ দ্বাৰা পৰিচালিত আৰু সুৰক্ষাৰ সকলো দিশ গুগলে প্ৰদান কৰে।

   বিজ্ঞাপন সমূহ যেনে - ফটো, ভিডিঅ', লিংক, আখৰৰ বিজ্ঞাপন ইত্যাদি।

Google AdSense প্ৰাথমিকভাৱে মুকলি কৰা হৈছিল ১৮ জুন, ২০০৩ চনত।

Google AdSense Operating System :- Web Based Application 

Google AdSense ৰ প্ৰকাৰ - Online Advertising

Google AdSense ৰ কাম কি?

=>    Google Ads ত বিজ্ঞাপনদাতাৰ পৰা পোৱা বিজ্ঞাপন Google AdSense ৰ দ্বাৰা অনুমোদিত সকলো ৱেবচাইট, ইউটিউব, এপ্লিকেচন আদিত বিজ্ঞাপন প্ৰচাৰ কৰে। বিজ্ঞাপনদাতাৰ পৰা পোৱা বিজ্ঞাপন প্ৰচাৰৰ টকা ৱেবচাইট সমূহৰ সৈতে, ইউটিউব চেনেল সমূহৰ সৈতে, এপ্লিকেচন সমূহৰ সৈতে ভাগ-বতৰা কৰে। Google AdSense য়ে কোনজন ইণ্টাৰনেট ব্যৱহাৰকাৰীক কি বিজ্ঞাপন দেখুৱাব লাগে, কোনজন ব্যক্তিয়ে কি বিজ্ঞাপন দেখিলে বিজ্ঞাপনত ক্লিক কৰিব, আদি সকলো Artificial Intelligence ৰ দ্বাৰা বাছি উলিয়াই বিজ্ঞাপন ৱেবচাইট সমূহত,  ইউটিউব চেনেল সমূহত, এপ্লিকেচন সমূহত প্ৰচাৰ কৰে। বিজ্ঞাপনদাতাৰ পৰা পোৱা টকাৰ এটা অংশ ইউটিউব, ৱেবচাইট, এপ্লিকেচন সমূহৰ সৈতে ভাগ-বতৰা কৰে, এটা অংশ Google AdSense য়ে ৰাখে। Google Blogger য়ে Google AdSense ৰ ৬৮ শতাংশ ৱেবচাইট সমূহৰ সৈতে ভাগ-বতৰা কৰে। ইউটিউবে Google AdSense ৰ ৫১ শতাংশ  ইউটিউব চেনেল সমূহৰ সৈতে ভাগ-বতৰা কৰে।

Google AdSense য়ে আমাক কেনেকৈ টকা দিয়ে?

=>   Google AdSense ৰ দ্বাৰা অনুমোদিত ৱেবচাইট, ইউটিউব, এপ্লিকেচন সমূহত বিজ্ঞাপন ক্লিক কৰা, চোৱা আদিৰ হিচাপ অনুসৰি টকা দিয়ে। Google AdSense ৰ পৰা টকা কমেও ১০০ ডলাৰৰ পৰা আৰম্ভ কৰি বেংক একাউণ্টলৈ পঠিয়াই। Google AdSense ৰ একাউন্টত কমেও ১০০ ডলাৰ হলে টকা উলিয়াব পাৰি আৰু ১০০ ডলাৰতকৈ অধিক হলেও টকা উলিয়াব পাৰি। মাহৰ শেষত Google AdSense য়ে টকা বেংক একাউন্টলৈ প্ৰেৰণ কৰে।

Google AdSense ত Apply কেনেকৈ কৰিব?

=>   Google AdSense ত Apply কৰিবলৈ Google AdSense ৰ ৱেবচাইট www.google.com/adsense/ ত ক্লিক কৰি SIGN UP NOW ত ক্লিক কৰিব।


SIGN UP NOW ক্লিক কৰাৰ পিছত Google AdSense SIGN UP পেজ খোল খাব।

● SIGN UP পেজত ― Your Website ত আপোনাৰ ৱেবচাইটৰ URL দিব। 

● Your email address দিব

● Get helpful AdSense info at that email address ত yes, send me customised help and performance suggestions ক্লিক কৰিব আৰু Save and continue কৰি দিব।


● পিছত পেজত ওলোৱা Select your country or territory ত দেশ বাচনি কৰি (India) তলত থকা Please review and accept our terms and conditions পঢ়ি yes, I have read and accept the agreement ত ক্লিক কৰি Create Account ক্লিক কৰিব।


● Google AdSense Account খোল খাব আৰু Payment Address details ওলাব। Customer info ত Account type, name and address, city, postal code, State phone number আদি দি Submit কৰিব লাগিব।


● Submit কৰা পিছত AdSense Code দিব, সেই code ৱেবচাইটৰ <head> আৰু </head> টেগৰ মাজত দিব লাগিব।

WordPress ব্যৱহাৰকাৰীৰ বাবে সহায় হোৱাকৈ এটি লিংক আগবঢ়ালোঁ ― https://support.google.com/adsense/answer/7527509?hl=en  / এই লিংকত ক্লিক কৰি WordPress ব্যৱহাৰকাৰীয়ে চাব পাৰিব কেনেকৈ WordPress ৱেবচাইটত Google AdSense লিংক সংযোগ কৰিব।

● Google AdSense ৰ AdSense Code ৱেবচাইটৰ <head> আৰু </head> টেগৰ মাজত দিয়াৰ পিছত তলত থকা I've posted the code into my site ক্লিক কৰি Done ত ক্লিক কৰিব। তাৰ পিছত The code was found ওলাব। Got it ক্লিক কৰিব।

● We're reviewing your site বুলি Google AdSense ৰ মুখ্যপৃষ্ঠাত ওলাব আৰু কমেও দুসপ্তাহ পৰ্যন্ত সময় লব পাৰে আৰু Google AdSense ৰ Notification আপুনি Google AdSense Account Opening কৰোঁতে দিয়া gmail address ত প্ৰেৰণ কৰিব।

Google AdSense ৰ পৰা টকা কেনেকৈ উপাৰ্জন কৰিব?

=>   Google AdSense ৰ পৰা টকা উপাৰ্জন কৰিবলৈ সঠিক নীতি-নিয়ম জনাটো অতি প্ৰয়োজন। দক্ষতা অনুসৰি Google AdSense ৰ পৰা টকা উপাৰ্জন কৰিবলৈ সক্ষম হব।

Google AdSense ৰ পৰা টকা উপাৰ্জন কৰিবলৈ ৱেবছাইট, ইউটিউব চেনেল, মোবাইল এপ্লিকেচন থাকিব লাগিব। ৱেবচাইটত Article লিখি দৰ্শকক বিভিন্ন তথ্য যোগান, জ্ঞান প্ৰদান, Tools আদিৰ দ্বাৰা দৰ্শকক সন্তুষ্টি প্ৰদান কৰিব পাৰিলেই Google AdSense ৰ পৰা টকা উপাৰ্জন কৰিব পাৰিব। Google AdSense য়ে আপোনাৰ ৱেবচাইটৰ Content ৰ দৰ্শকৰ ওপৰত ভিত্তি কৰি, বিজ্ঞাপন ক্লিক কৰা, চোৱা আদি সকলো চালি-জাৰি চাই টকা প্ৰদান কৰিব। ইউটিউব চেনেলৰ ক্ষেত্ৰতো ৱেবচাইটৰ সম্পৰ্কে উল্লেখ কৰা কথাখিনিৰ সৈতে একেই আৰু ৱেবচাইট, ইউটিউব চেনেল, মোবাইল এপ্লিকেচনৰ শ্ৰেণী অনুসৰি টকা কম-বেছি পৰিমাণে প্ৰদান কৰে।

Google AdSense Verification Pin কি?

=>   Google AdSense একাউন্টত পোন প্ৰথমবাৰৰ বাবে ১০ ডলাৰ টকা উপাৰ্জন হলে Google AdSense ৰ দ্বাৰা Pin Verification Code Google AdSense একাউন্টত দিয়া ঠিকনাত চিঠিৰ মাধ্যমত প্ৰেৰণ কৰা হয়। Google AdSense Pin Verification এইবাবেই কৰা হয় যাতে Google AdSense Account সুৰক্ষিত আৰু ঠিকনা যে সঠিক সেইয়া প্ৰমাণিত হয়। Google AdSense Pin Verification হোৱাৰ পিছত Google AdSense Account ত জমা হোৱা টকা বেংক একাউন্টলৈ ১০০ ডলাৰ হলে প্ৰেৰণ কৰিব।

Google AdSense Approval কি?

=>    Google AdSense ত Apply কৰিবলৈ ৱেবচাইট, ইউটিউব চেনেল, এপ্লিকেচন আদি থাকিব লাগিব। Google AdSense ত Apply কৰা ৱেবচাইট, ইউটিউব চেনেল, এপ্লিকেচন আদি Google AdSense ৰ বাবে যোগ্য নে অযোগ্য আটাইবিলাক দিশ চাই Google AdSense য়ে Approved কৰে।

      Google AdSense ত Approval পাবলৈ ৱেবচাইট হলে অতি কমেও ২৫ ৰ পৰা ৩০ টা Article থাকিব লাগিব, প্ৰতিদিনে ১০ জনৰ পৰা যিমান হয় Unique Visitors থকাটো প্ৰয়োজনীয়, ৱেবচাইটত About Us, Privacy Policy, Contact Us, Disclaimer, Terms and Conditions আদিৰ পেজ থকাটো বাঞ্চনীয়।  ইউটিউব চেনেলত এবছৰৰ ভিতৰত এহেজাৰ Subscriber আৰু চাৰিহাজাৰ ঘণ্টা Watch Time থকাটো বাঞ্চনীয়।

Google AdSense Account Disable কেনেকৈ হব পাৰে?

=>   Google AdSense ৰ বিজ্ঞাপন নিজা ৱেবচাইট, ইউটিউব চেনেল, এপ্লিকেচনত চাই, নিজেই ক্লিক কৰি থাকিলে CTR ১০ শতাংশৰ ওপৰত হলে Google AdSense Account Disable হব পাৰে। একেজন মানুহে অধিক Google AdSense Account তৈয়াৰ কৰিলে, Sexual Content আপলোড দিলে, Illegal Content আপলোড দিলে Google AdSense Account Disable হব পাৰে। Google AdSense Account Disable কেতিয়াবা ১ এমাহৰ বাবে Suspend হব পাৰে আৰু Permanently Suspend হব পাৰে। Google AdSense কৰ্তৃপক্ষক অনুৰোধ কৰিব পাৰে আৰু অনুৰোধ গ্ৰহণ কৰিবও পাৰে নাইবা প্ৰত্যাখান কৰিবও পাৰে। Google AdSense Account প্ৰত্যাখান কৰিলে পুনৰ Google AdSense Account খুলিব নোৱাৰিব একেই নাম, ঠিকনা, ফোন নম্বৰ, মেইল ID আদি দি।

সামৰণি:- 

উপৰোক্ত লিখনিৰ দ্বাৰা Google AdSense ৰ বিষয়ে আপোনালোকে কিছু কথা জানিবলৈ সক্ষম হৈছে বুলি ধাৰণা কৰিছোঁ আৰু সময় সাপেক্ষে লিখনিটো সম্পাদনা কৰি Google AdSense ৰ বিষয়ে অধিক তথ্য সামৰি লোৱা হব। Google AdSense ৰ দ্বাৰা বহুলোকে আর্থিকভাৱে স্বাৱলম্বী হব পৰিছে তাৰ বিনিময়ত নিজ নিজ জ্ঞান ভাগ-বতৰা কৰি, মনোৰঞ্জন আদি প্ৰদান কৰি। গতিকে Google AdSense ত আপোনালোকৰ ৱেবচাইট, ইউটিউব চেনেল, এপ্লিকেচন আদি সংযোগ কৰি টকা উপাৰ্জন কৰিব পাৰিব। ( মোবাইল এপ্লিকেচনত Google AdSense সংযোগ কৰিবলৈ AdMob ৰ যোগেদি কৰিব লাগিব।)

লগতে চাওক -

● আমাজন এফিলিয়েট মার্কেটিং কি আৰু কেনেকৈ আমাজন এফিলিয়েট মার্কেটিং একাউন্ট খুলি অসীমিত টকা উপাৰ্জন কৰিব

2 Comments

  1. Bahu upokrito holo... Dhonyabaad. Axomiya bhaxar baa axomiya-English ekeloge thoka website google adsense approve hoyne? Kindly jonabo

    ReplyDelete
    Replies
    1. হয়, ধন্যবাদ জনালোঁ

      Delete
Previous Post Next Post