CMS কি আৰু WordPress, Joomla, Drupal, Magento আদিৰ কাম সমূহ


    CMS হৈছে এনে এক ছফ্টৱেৰ যাৰ দ্বাৰা অনলাইনৰ ডিজিটেল সমল সমূহ যেনে ফটো, ভিডিঅ', অডিঅ', বিভিন্ন লেখা সমূহৰ ব্যৱস্থাপনা প্ৰণালী। CMS ব্যৱহাৰ হয় ইন্টাৰনেটৰ ৱেবচাইট ব্যৱস্থাপনাৰ ক্ষেত্ৰত আৰু উদ্যোগ সমূহৰ ব্যৱস্থাপনা প্ৰণালী সংৰক্ষণৰ ক্ষেত্ৰত। CMS(চি.এম.এছ)ৰ সম্পূৰ্ণ অৰ্থ হৈছে - Content Management System (সমল (বিষয়বস্তু) ব্যৱস্থাপনা প্ৰণালী)। 

উদ্যোগ ব্যৱস্থাপনা প্ৰণালী (Enterprise Content Management) [ECM]
ৱেব ব্যৱস্থাপনা প্ৰণালী (Web Content Management) [WCM]

   CMS ৰ দ্বাৰা কোনো কোডিংৰ জ্ঞান অবিহনে ব্যক্তিয়ে CMA অৰ্থাৎ Content Management Application ৰ দ্বাৰা সমল যোগ, সংশোধন আৰু আঁতৰাবলৈ সক্ষম হয়। CDA অৰ্থাৎ Content Delivery Application য়ে সমল সংকলন কৰে আৰু ৱেবচাইট আপডেট কৰে।

WordPress, Joomla, Drupal, Magento আদিৰ কাম সমূহ- 
WordPress:- ৱৰ্ডপ্ৰেছ হৈছে মুক্ত সমল ব্যৱস্থাপনা প্ৰণালী। ৱৰ্ডপ্ৰেছ মুকলি কৰা হৈছিল ২৭ মে', ২০০৩ চনত। ৱৰ্ডপ্ৰেছৰ প্ৰতিষ্ঠাতা হৈছে ম্যাট মুলেনওয়েগ (Matt Mullenweg)। ৱৰ্ডপ্ৰেছ জনপ্ৰিয় CMS, বৰ্তমান সময়ত ব্লগাৰ, বাতৰি কাকত আদি সমূহৰ প্ৰথম পচন্দ ৱৰ্ডপ্ৰেছ বুলি কলেও হয়টো ভুল কোৱা নহ'ব। (২০২০ চনৰ ইন্টাৰনেটৰ তথ্য অনুসৰি সমগ্ৰ বিশ্বতে ৩৮ শতাংশ ৱৰ্ডপ্ৰেছৰ ৱেবচাইট আছে।) WordPress লিখা হৈছে PHP ত আৰু ডেভেলপাৰ হৈছে ৱৰ্ডপ্ৰেছ ফাউণ্ডেচন। ৱৰ্ডপ্ৰেছত বহুতো Plugins উপলব্ধ হোৱাৰ হেতুকে বৰ্তমান সময়ত গুৰুত্বপূৰ্ণ CMS হিচাপে পৰিগণিত হৈছে। WordPress.org আৰু WordPress.com ৱৰ্ডপ্ৰেছৰ ৱেবচাইট। ৱৰ্ডপ্ৰেছত ৱেবচাইট খুলিবলৈ প্ৰথমে Hosting ক্ৰয় কৰি Domain Name বাচনি কৰি WordPress Install কৰিব লাগিব। Hostinger.in , Godaddy.com আদিত চাব পাৰিব।

Joomla:- জমলা হৈছে মুক্ত সমল ব্যৱস্থাপনা প্ৰণালী। Joomla মুকলি কৰা হৈছিল ২২ চেপ্তেম্বৰ, ২০০৫ চনত আৰু লিখা হৈছে PHP ত। Joomla ডেভেলপাৰ Open Source Matters inc আৰু Joomla Community । (২০২০ চনৰ ইন্টাৰনেটৰ তথ্য অনুসৰি ২ মিলিয়নতকৈ অধিক ৱেবচাইট জমলাৰ CMS ৰ দ্বাৰা খোলা হৈছে।) Joomla ৰ ৱেবচাইট হৈছে - Joomla.org

Drupal:- দ্ৰুপাল হৈছে মুক্ত ৱেব সমল ব্যৱস্থাপনা ফ্ৰেমৱৰ্ক। Drupal লিখা হৈছে PHP ত আৰু Drupal মুকলি কৰা হৈছিল ১৫ জানুৱাৰী, ২০০০ চনত। দ্ৰুপালৰ ৱেবচাইটৰ ঠিকনা - Drupal.org । Drupal ডেভেলপাৰ - Drupal Community ।

Magento:- মাগেন্টো হৈছে মুক্ত ই-কমাৰ্চ প্লেটফৰ্ম। Magento লিখা হৈছে PHP ত আৰু Magento মুকলি কৰা হৈছিল ৩১ মাৰ্চ, ২০০৮ চনত। Magento ডেভেলপাৰ - Magento Inc. । Magento ৱেবচাইটৰ ঠিকনা - Magento.com

লগতে চাওক -

●  মাৰ্ক জুকাৰবাৰ্গ ফেচবুকৰ জন্ম আৰু উত্থান

● গুগল এডচেন্স কি আৰু গুগল এডচেন্সৰ বিষয়ে কিছু কথা

● আমাজন এফিলিয়েট মার্কেটিং কি আৰু কেনেকৈ আমাজন এফিলিয়েট মার্কেটিং একাউন্ট খুলি অসীমিত টকা উপাৰ্জন কৰিব

Post a Comment (0)
Previous Post Next Post


Live Online

কুইজ টেষ্টত অংশগ্ৰহণ কৰক

পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে অনুশীলন আৰম্ভ কৰক।

টেষ্ট আৰম্ভ কৰক →


নতুন আপডেট

"ইণ্ডিয়া এআই ইমপেক্ট ছামিট ২০২৬"

AI বিপ্লৱত ভাৰতৰ নেতৃত্ব: কি হ'ব ২০২৬ ৰ India AI Impact Summit 2026 ৰ মূল লক্ষ্য? India AI Impact Summit 2026

সম্পূৰ্ণ পঢ়ক →


জানো আহক

অসমৰ বিভিন্ন চৰকাৰী চাকৰিৰ পৰীক্ষাসমূহত আহি যোৱা কিছুমান প্ৰশ্নোত্তৰ আগবঢ়োৱা হৈছে, যাৰ দ্বাৰা পৰীক্ষাৰ্থীসকলে কিছু আভাষ পাব পাৰে

(Click কৰি পাত লুটিয়াওক)

Assam Govt Job Syllabus
General AwarenessAssam History, Geography, Culture, & Current Affairs.
EnglishGrammar, Vocabulary, Comprehension.
ReasoningAnalogy, Series, Coding-Decoding.
MathematicsArithmetic, Number System, Percentage.
AssameseLanguage Proficiency & Literature.
ইয়াত ক্লিক কৰি আৰু এনেধৰণৰ প্ৰশ্নোত্তৰ চাব পাৰিব