আমাজন এফিলিয়েট মার্কেটিং কি আৰু কেনেকৈ আমাজন এফিলিয়েট মার্কেটিং একাউন্ট খুলি অসীমিত টকা উপাৰ্জন কৰিব

to earn money online   make money online with amazon affiliate


What is amazon affiliate marketing and how to make money from amazon affiliate marketing in Assamese.



Affiliate Marketing কি ?

Affiliate Marketing হৈছে এনে এক লাভজনক ব্যৱসায়, নিৰ্দিষ্ট এক কোম্পানীৰ উৎপাদিত সামগ্ৰী তেওঁলোকৰ Affiliate Program ত Join হৈ নিজাকৈ প্ৰচাৰ (Promote) কৰি বিক্ৰী কৰিলে সেই কোম্পানীয়ে আপোনাৰ যোগেদি বিক্ৰী হোৱা সামগ্ৰীৰ বাবদ Commission প্ৰদান কৰে। যি পদ্ধতিক অনুমোদিত বিপণন বুলি কোৱা হয়।



Amazon Affiliate Marketing কি ?

Amazon Associates হৈছে আমাজনৰ অনুমোদিত বিপণন প্ৰক্ৰিয়া। ৱেবচাইট, ব্লগ, Android Application তৈয়াৰ কৰি আমাজনৰ সামগ্ৰী প্ৰচাৰ কৰি Amazon Associatesৰ ৰেফাৰেল Referral লিংক সংযোগ কৰি সামগ্ৰী বিক্ৰী কৰা হয়। আমাজন Affiliate Marketing ত ১২ শতাংশ পৰ্যন্ত ৰেফাৰেলৰ পৰা উপাৰ্জন কৰিব পৰা যায়।

Amazon Affiliate Marketing কেনেকৈ আৰম্ভ কৰিব ? 

আমাজন Affiliate Marketing নিজা ৱেবচাইট, Android Application আদিৰ মাধ্যমেৰে আৰম্ভ কৰিব পাৰে। Amazon Associates ত join হৈ আমাজনৰ সামগ্ৰী সমূহৰ ৰেফাৰেল লিংক তৈয়াৰ কৰি সামগ্ৰী সমূহৰ Review লিখি, নিজা ৰেফাৰেল লিংকৰ দ্বাৰা বিক্ৰী কৰাব পাৰে।

      Amazon Associates ত কেনেকৈ Join হব তলত Step by Step উল্লেখ কৰা হব।

কেনেকৈ Amazon Affiliate Marketing ৰ বাবে সামগ্ৰীৰ Review তৈয়াৰ কৰিব ?

ধৰা হল, আপুনি এটা নতুন কেমেৰা কিনিছে, আপুনি কিনা কেমেৰাটো ব্যৱহাৰ কৰি আপোনাৰ অভিজ্ঞতা ব্লগত লিখি কিনাৰ বাবে লিংক Amazon Associates ৰ ৰেফাৰেল লিংক দিব পাৰিব আৰু আগ্ৰহী লোকে আপোনাৰ ৰেফাৰেল লিংকৰ পৰা কেমেৰা ক্ৰয় কৰিলে আপুনি কমিচন পাবলৈ সক্ষম হব। আমাজন Affiliate ৰ Review আমাজনৰ Product Details, Product Review ৰ পৰা চাইও তৈয়াৰ কৰিব পাৰে।

 ব্লগ, ৱেবচাইটৰ Header, Footer ৰ বাবে আমাজন Affiliate ৰ আপোনাৰ ৰেফাৰেল বিজ্ঞাপনৰ বেনাৰ লগাব পাৰিব। ৰেফাৰেল বিজ্ঞাপন বেনাৰত ক্লিক কৰি আন লোকে আমাজনৰ পৰা সামগ্ৰী ক্ৰয় কৰিলে কমিচন পোৱা যায়।


Amazon Affiliate Account কেনেকৈ খুলিব ? STEP BY STEP

আমাজন Affiliate Account খুলিবলৈ 

Step 1 :- https://affiliate-program.amazon.in/ ৱেবচাইটত Visit কৰি Join now for free ত ক্লিক কৰিব।

Step 2 :- Join now for free ক্লিক কৰাৰ পিছত Log in পেজ পাব তাৰ ঠিক তলত New to Amazon/Create your Amazon Account ক্লিক কৰিব।

Step 3 :- Create Your Amazon Account ক্লিক কৰাৰ পিছত নাম, ই-মেইল, পাছৱৰ্ড দি Create your Amazon Account ক্লিক কৰিব।

Step 4 :- তাৰ পিছত Verify email address ত Enter OTP দিবলৈ ওলাব, OTP টো Amazon Account খোলোতে দিয়া ই-মেইলৰ ইনবক্সত পাব। ই-মেইল Check কৰি OTP দি Create your Amazon Account ক্লিক কৰিব।

Step 5 :- Amazon Associates একাউণ্টৰ Account Information দিব। Payee Name (যিটো নামত বেংক একাউন্ট আছে সেইটো নাম দিব), Address Line 1, Address Line 2, Address Line 3, City, State, Povince or Region, Postal Code, Country, Phone number দিব। The Payee Listed above ক্লিক কৰি, No U.S. Person ক্লিক কৰিব তাৰ পিছত Next ক্লিক কৰিব।



Step 6 :- Step 6 ত ৱেবচাইটৰ ঠিকনা আৰু যদিহে মোবাইল এপ্লিকেচন আছে যদি লিংক দিব। মোবাইল এপ্লিকেচন নাথাকিলেও নিম্নতম এটা ৱেবচাইট থকাটো প্ৰয়োজন। ৱেবচাইটৰ লিংক দি Add কৰি next ক্লিক কৰিব। (ৱেবচাইটৰ লিংক পিছলৈ আৰু সংযোগ কৰিব পৰা ব্যৱস্থা আছে, ৫০ টা ৱেবচাইট আৰু মোবাইল এপ্লিকেচন সংযোগ কৰিব পৰা যায় এটা আমাজন Associates একাউন্টত।



Step 7 :- Next ক্লিক কৰাৰ পিছত এটা Associates Store ID দিব লাগিব, সেইটো নিজ ইচ্ছা মতে দিব পাৰিব।


তাৰ পিছত What are your websites or mobile apps about ত ৱেবচাইটৰ বিষয়ে অলপ লিখিব আৰু যদিহে মোবাইল এপ্লিকেচন আছে তেন্তে মোবাইল এপ্লিকেচনটোৰ বিষয়ে লিখিব।

তাৰ পিছত select primary topic, select secondary topic আৰু add another topic দি, কি কি Amazon item website ত দিব বিচাৰে বাচনি কৰিব।

তাৰ পিছত ৱেবচাইট, মোবাইল এপ্লিকেচনৰ প্ৰকাৰ বাচনি কৰিব।

Traffic & Monetization ত Traffic কৰ পৰা সংগ্ৰহ হয় দিব।

আপুনি কেনেকৈ ৱেবচাইট, এপ্লিকেচনৰ পৰা উপাৰ্জনৰ বাবে ব্যৱহাৰ কৰিব দিব।

লিংক কেনেকৈ তৈয়াৰ কৰে দিব।

Websites & Apps লৈ মাহেকত দর্শনকাৰী কিমান হয় দিব।

Amazon Associates Program ত Join হোৱা কাৰণ দিব।

Amazon Associates ৰ বিষয়ে কত জানিব পাৰিলে দিব।

Captcha form filup কৰি Contract Terms ক্লিক কৰি Finish ক্লিক কৰিব।



Step 8 :- অভিনন্দন,(নাম উল্লেখ থাকিব) Thank you for applying to the Amazon.in Associates Program বুলি ওলাব, Associates ID সম্পূৰ্ণ হব।(যদি ১৮০ দিনৰ ভিতৰত কোনো সামগ্ৰী Affiliate লিংকৰ যোগেদি বিক্ৰী কৰিব নোৱাৰিলে Amazon Associates Program ৰ পৰা প্ৰত্যাহাৰ কৰা হব বুলি জাননী দিয়ে)।

Payment and Tax Information দিব পাৰে বা পিছতো দিব পাৰিব।


---------------------------------------------------------

Amazon Associates Account Interface


amazon for affiliate   amazon affiliate program   earn with amazon affiliate


1 Comments

Previous Post Next Post