ডাষ্টবিনৰ সপোন

ডাষ্টবিনৰ সপোন .....

তিনি......

✒অভিজিত মাৰ্ঘেৰিটা



আন দিনাৰ দৰেই  আটাইকেইটা লৰা তম্বুটোৰ ওচৰলে আহে আৰু ইফালে সিফালে চাই তম্বুটোৰ ভিতৰত সোমাই আৰু বেগটোৰ পৰা  নিচাযুক্ত  দ্ৰব্য উলিয়াই আটাই কেইজনে সেৱন কৰিবলে আৰম্ভ কৰে |এইয়া কোনো নতুন ঘটনা নহয় ডাঙৰ ডাঙৰ চহৰৰ বাবে এইবোৰ সৰু সৰু ঘটনা |যৌৱনৰ কালত বলা এনেকুৱা ধুমুহাৰ বাবেই বহু অভিভাৱক আজি সন্তান থাকিও সন্তানহীনতাৰ দৰে দুখৰ উপন্যাসৰ চৰিত্ৰ ৰূপায়ন কৰিব লগা হৈছে |দুঘন্টামানৰ পাছত আটাইকেইটা লৰা তম্বুটোৰ পৰা ওলাই যাই আৰু পিছ মূহুৰ্ততেই স্কুললৈ যোৱা সৰু লৰাটো আহি উপস্হিত হয় |স্কুলৰ পৰা আহি ভাগৰুৱা দেহেৰে  বিষন্ন  মনেৰে তম্বুটোপ ভিতৰলৈ সোমাই গৈছিল যদিও বাহিৰলৈ ওলাই আহোতে বিৰিঙি উঠিল এটি স্বৰ্গ সুখৰ হাহি কিয়নো তম্বুটোৰ ভিতৰত সি কেইটামান পলিথিন ত ডেনড্ৰাইট পালে যিবোৰ কিছুপৰৰ আগতে সেই কেইজন লৰাই গ্ৰহন কৰিছিল |পলিথিল কেইটা বাহিৰলৈ আহি সি ওচৰৰ জাৱৰৰ দমটো খুচৰিব ধৰিলে আৰু তাৰ পৰা কেইটামান থাৰ্মকলৰ টুকুৰা আৰু সমান প্লাষ্টিকৰ বুটলি আনি পথৰ কাষতে বঢ়ে আৰু প্লাষ্টিকৰ টুকুৰা কেইটাৰ ওপৰত ডেনড্ৰাইটৰ আবৰণ লগাই তাৰ ওপৰত থাৰ্মকলৰ টুকুৰা কেইটা লগাই দিয়ে |চাৰিটা এফুট দীঘল আৰু আধাফুট বহল প্লাষ্টিকৰ টুকুৰাৰ ওপৰত থাৰ্মকলৰ চামনি ৰৈ যোৱা দেখি তাৰ মুখত পুনৰ হাহি বিৰিঙি উঠিলসি পুনৰ জাৱৰ দমটোৰ মাজলৈ সোমাই গল আৰু  দুডালমান ৰছীৰ টুকুৰা বিচাৰি উলিয়ালে |এনেতে লৰাজনৰ ককায়েকো  ভৰিৰ বুঢ়া আঙুলীত ভৰ দি কোনো মতে তাৰ পাইছিল হি |প্ৰচন্দ গৰমত পকা ৰাস্তাত বহু দুৰ খোজ কঢ়াৰ বাবে ভৰি তলুৱা ফাটি তেজ নিগৰি গৈছিল |ভায়েকে বনোৱা সেই প্লাষ্টিকৰ টুকুৰা কেইটাৰ দুটা ভৰি তলুৱাত লগাই ৰছীৰে ভৰিৰ সৈতে বান্ধি ললে |জাৱৰৰ দমত পৰি থকী থাৰ্মকল টুকুৰা কেইটা ভৰিত বন্ধাৰ নিমিখতেই কেচা তেজেৰে ৰাঙলী হৈ গল যেন ৰঙা ৰঙৰ এযোৰ চেন্দেল.......

আগলৈ....
Post a Comment (0)
Previous Post Next Post
Live Online

কুইজ টেষ্টত অংশগ্ৰহণ কৰক

পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে অনুশীলন আৰম্ভ কৰক।

টেষ্ট আৰম্ভ কৰক →


নতুন আপডেট

"কৰ্মক্ষেত্ৰত নাৰীৰ সুৰক্ষা"

অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপ SHe-Box

সম্পূৰ্ণ পঢ়ক →


জানো আহক

অসমৰ বিভিন্ন চৰকাৰী চাকৰিৰ পৰীক্ষাসমূহত আহি যোৱা কিছুমান প্ৰশ্নোত্তৰ আগবঢ়োৱা হৈছে, যাৰ দ্বাৰা পৰীক্ষাৰ্থীসকলে কিছু আভাষ পাব পাৰে

(Click কৰি পাত লুটিয়াওক)

Assam Govt Job Syllabus
General AwarenessAssam History, Geography, Culture, & Current Affairs.
EnglishGrammar, Vocabulary, Comprehension.
ReasoningAnalogy, Series, Coding-Decoding.
MathematicsArithmetic, Number System, Percentage.
AssameseLanguage Proficiency & Literature.
ইয়াত ক্লিক কৰি আৰু এনেধৰণৰ প্ৰশ্নোত্তৰ চাব পাৰিব