✒️অভিজিত মাৰ্ঘেৰিটা
হে মান্যবৰ....
আপোনালোক জ্ঞানৰ পাহাৰৰ সুউচ্চ চূড়া
আপোনালোকৰ জ্ঞানৰ পৰশতেই
পৈণত
অলেখ অজলা শিশু প্ৰকৃত মানব |
হে চিৰনমস্য মনিষীবৃন্দ....
আপোনালোক কেৱল মানবেই নহয়
সমাজৰ দৃষ্টিত
নিৰবিচ্ছিন্নভাবে জ্ঞানৰ পোহৰ বিলোৱা
একো একোগছি পবিত্ৰ বন্তি |
হে পিতৃতুল্য শিক্ষকমণ্ডলী .....
তোমাৰ সান্নিধ্যত নহয় সৃষ্টি
কেৱল মানবৰ জ্ঞানৰ পাহাৰ
সৃষ্টি হয় জীৱন যুঁজৰ
একো একোজন দুৰ্দান্ত সৈনিক|
হে মহান জ্ঞানোজেষ্ঠ মানব.....
আপোনালোকেই পথ প্ৰদৰ্শক
উজ্বল ভবিষ্যতৰ
আপোনাকেই পথ প্ৰদৰ্শক অলেখ সপোনৰ
আপোনালোকেই সৰ্বশ্ৰেষ্ঠ মানব সুস্হ সমাজৰ |
Tags:
কবিতা