বিভিন্ন ৰোগৰ বিশেষজ্ঞ আৰু চিকিৎসকৰ তালিকা Medical GK MCQ ADRE DHS DME Exams

বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসকৰ তালিকা আৰু Medical GK MCQs

 

সাধাৰণ জ্ঞান আৰু অসমৰ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ যেনে- ADRE, DME, DHS, Assam Police আৰু Quiz আদিৰ বাবে চিকিৎসা বিজ্ঞানৰ লগত জড়িত সাধাৰণ কথাবোৰ জনাটো অতি প্ৰয়োজনীয়। আমাৰ দৈনন্দিন জীৱনতো আমি ৰোগ অনুসৰি কোনটো বিভাগৰ ডাক্তৰৰ ওচৰলৈ যোৱাটো দৰকাৰ, সেইবাবে কোনটো ৰোগৰ বিশেষজ্ঞ চিকিৎসকক কি বুলি কোৱা হয় আমি জানিব লাগে, তাৰ বাবে MCQ সহ তলত বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসকসকলক কি বুলি কোৱা হয় আগবঢ়োৱা হৈছে, এই ব্লগ প'ষ্টটোৱে আপোনালোকক উপকৃত কৰিব বুলি ভাবিছোঁ, ধন্যবাদ।


১/ হৃদৰোগ বিশেষজ্ঞ চিকিৎসকজনক কি বুলি কোৱা হয়?


(A) Dermatologist
(B) Neurologist
(C) Cardiologist
(D) Pediatrician

উত্তৰ:- (C) Cardiologist

২/ ছাল, চুলি আৰু নখৰ ৰোগৰ বিশেষজ্ঞ চিকিৎসকজনক কি বুলি কোৱা হয়?


(A) Dermatologist
(B) Orthopedist
(C) Ophthalmologist
(D) Dentist

উত্তৰ:- (A) Dermatologist

৩/ নৱজাতক আৰু শিশুৰ ৰোগৰ চিকিৎসকজনক কি বুলি কোৱা হয়?


(A) Gynecologist
(B) Pediatrician
(C) Psychiatrist
(D) Oncologist

উত্তৰ:- (B) Pediatrician

৪/ মগজু, মেৰুদণ্ড আৰু স্নায়ুতন্ত্ৰৰ চিকিৎসকজনক কি বুলি কোৱা হয়?


(A) Nephrologist
(B) Neurologist
(C) Cardiologist
(D) Urologist

উত্তৰ:- (B) Neurologist

৫/ হাড় আৰু গাঁঠিৰ ৰোগৰ বিশেষজ্ঞ চিকিৎসকজনক কি বুলি কোৱা হয়?


(A) Hematologist
(B) Pulmonologist
(C) Orthopedist
(D) Immunologist

উত্তৰ:- (C) Orthopedist

৬/ চকুৰ ৰোগৰ বিশেষজ্ঞ চিকিৎসকজনক কি বুলি কোৱা হয়?


(A) Otolaryngologist
(B) Ophthalmologist
(C) Radiologist
(D) Dentist

উত্তৰ:- (B) Ophthalmologist

৭/ কাণ, নাক আৰু ডিঙিৰ ৰোগৰ বিশেষজ্ঞ চিকিৎসকজনক কি বুলি কোৱা হয়?


(A) ENT Specialist / Otolaryngologist
(B) Hepatologist
(C) Dermatologist
(D) Endocrinologist

উত্তৰ:- (A) ENT Specialist / Otolaryngologist

৮/ দাঁত আৰু মুখৰ গহ্বৰৰ ৰোগৰ চিকিৎসকজনক কি বুলি কোৱা হয়?


(A) Psychiatrist
(B) Ophthalmologist
(C) Dentist
(D) Pulmonologist

উত্তৰ:- (C) Dentist

৯/ কৰ্কট (Cancer) ৰোগৰ বিশেষজ্ঞ চিকিৎসকজনক কি বুলি কোৱা হয়?


(A) Oncologist
(B) Nephrologist
(C) Urologist
(D) Hematologist

উত্তৰ:- (A) Oncologist

১০/ মানসিক ৰোগৰ চিকিৎসকজনক কি বুলি কোৱা হয়?


(A) Neurologist
(B) Psychiatrist
(C) Geriatrician
(D) Physiotherapist

উত্তৰ:- (B) Psychiatrist

১১/ মহিলাৰ প্ৰজনন তন্ত্ৰ আৰু স্ত্ৰীৰোগৰ চিকিৎসকজনক কি বুলি কোৱা হয়?


(A) Gynecologist
(B) Obstetrician
(C) Pediatrician
(D) Endocrinologist

উত্তৰ:- (A) Gynecologist

১২/ গৰ্ভাৱস্থা আৰু প্ৰসৱৰ সময়ত চিকিৎসা কৰা বিশেষজ্ঞ চিকিৎসকজনক কি বুলি কোৱা হয়?


(A) Gynecologist
(B) Obstetrician
(C) Dermatologist
(D) Radiologist

উত্তৰ:- (B) Obstetrician

(পৰীক্ষাত যদি বিকল্প Obstetrician ৰ সলনি Gynecologist থাকে বা OB-GYN (Obstetrician-Gynecologist) থাকে তেতিয়া Gynecologist বা OB-GYN (Obstetrician-Gynecologist) য়েই দিব)

১৩/ কিডনী ৰোগৰ বিশেষজ্ঞ চিকিৎসকজনক কি বুলি কোৱা হয়?


(A) Hepatologist
(B) Pulmonologist
(C) Nephrologist
(D) Urologist

উত্তৰ:- (C) Nephrologist

১৪/ হাওঁফাওঁ আৰু শ্বাস-প্ৰশ্বাসজনিত ৰোগৰ চিকিৎসকজনক কি বুলি কোৱা হয়?


(A) Pulmonologist
(B) Hematologist
(C) Cardiologist
(D) Immunologist

উত্তৰ:- (A) Pulmonologist

১৫/ পাকস্থলী, অন্ত্ৰ আৰু পাচন তন্ত্ৰৰ ৰোগৰ চিকিৎসকজনক কি বুলি কোৱা হয়?


(A) Gastroenterologist
(B) Nephrologist
(C) Endocrinologist
(D) Neurologist

উত্তৰ:- (A) Gastroenterologist

১৬/ ডায়েবেটিছ, থাইৰয়ড আৰু হৰমনজনিত ৰোগৰ চিকিৎসকজনক কি বুলি কোৱা হয়?


(A) Hepatologist
(B) Endocrinologist
(C) Gynecologist
(D) Oncologist

উত্তৰ:- (B) Endocrinologist

১৭/ যিকোনো অপাৰেচন বা অস্ত্ৰোপচাৰ কৰা চিকিৎসকজনক কি বুলি কোৱা হয়?


(A) Radiologist
(B) Anesthesiologist
(C) Surgeon
(D) Dentist

উত্তৰ:- (C) Surgeon

১৮/ অপাৰেচনৰ আগতে ৰোগীক সংজ্ঞাহীন কৰা চিকিৎসকজনক কি বুলি কোৱা হয়?


(A) Neurologist
(B) Anesthesiologist
(C) Psychiatrist
(D) Surgeon

উত্তৰ:- (B) Anesthesiologist

১৯/ তেজ আৰু তেজৰ লগত জড়িত ৰোগৰ চিকিৎসকজনক কি বুলি কোৱা হয়?


(A) Hematologist
(B) Immunologist
(C) Radiologist
(D) Pulmonologist

উত্তৰ:- (A) Hematologist

২০/ জীৱ-জন্তু বা প্ৰাণীৰ চিকিৎসকজনক কি বুলি কোৱা হয়?


(A) Veterinarian
(B) Pediatrician
(C) Geriatrician
(D) Dermatologist

উত্তৰ:- (A) Veterinarian

২১/ X-ray, MRI, আলট্ৰাছাউণ্ড আদিৰ ৰিপৰ্ট পৰীক্ষা কৰা চিকিৎসকজনক কি বুলি কোৱা হয়?


(A) Oncologist
(B) Radiologist
(C) Anesthesiologist
(D) Hematologist

উত্তৰ:- (B) Radiologist

২২/ যকৃৎ (Liver) আৰু পিত্তাশয়ৰ ৰোগৰ চিকিৎসকজনক কি বুলি কোৱা হয়?


(A) Gastroenterologist
(B) Nephrologist
(C) Urologist
(D) Hepatologist

উত্তৰ:- (D) Hepatologist

২৩/ এলাৰ্জি আৰু ৰোগ প্ৰতিৰোধ ক্ষমতাৰ লগত জড়িত চিকিৎসকজনক কি বুলি কোৱা হয়?


(A) Pulmonologist
(B) Immunologist
(C) Endocrinologist
(D) Otolaryngologist

উত্তৰ:- (B) Immunologist

২৪/ বয়সস্থ বা বৃদ্ধ লোকসকলৰ ৰোগৰ চিকিৎসা কৰা চিকিৎসকজনক কি বুলি কোৱা হয়?


(A) Pediatrician
(B) Geriatrician
(C) Psychiatrist
(D) Veterinarian

উত্তৰ:- (B) Geriatrician

২৫/ ইউৰিন বা প্ৰস্ৰাৱৰ নলীৰ লগত জড়িত ৰোগৰ চিকিৎসকজনক কি বুলি কোৱা হয়?


(A) Gynecologist
(B) Nephrologist
(C) Urologist
(D) Obstetrician

উত্তৰ:- (C) Urologist

২৬/ শৰীৰৰ কোনো অংগৰ পুনৰ্গঠন কৰা, মেৰামতি বা সৌন্দৰ্য্য বৃদ্ধিৰ বাবে অস্ত্ৰোপচাৰ কৰা চিকিৎসকজনক কি বুলি কোৱা হয়?


(A) Orthopedic
(B) Plastic Surgeon
(C) Neurologist
(D) Dermatologist

উত্তৰ:- (B) Plastic Surgeon

২৭/ ৰোগীক কিমান পৰিমাণৰ আৰু কেনেধৰণৰ পুষ্টিকৰ খাদ্য খাব লাগে তাৰ পৰামৰ্শ দিয়া বিশেষজ্ঞজনক কি বুলি কোৱা হয়?


(A) Endocrinologist
(B) Gastroenterologist
(C) Hepatologist
(D) Nutritionist

উত্তৰ:- (D) Nutritionist

(পৰীক্ষাত যদি বিকল্প Nutritionist ৰ সলনি Dietitian থাকে তেতিয়া Dietitian য়েই দিব)

২৮/ গাঁঠিৰ বিষ আৰু মাংসপেশীৰ ৰোগৰ বিশেষজ্ঞ চিকিৎসকজনক কি বুলি কোৱা হয়?


(A) Pulmonologist
(B) Cardiologist
(C) Rheumatologist
(D) Immunologist

উত্তৰ:- (C) Rheumatologist

২৯/ তেজ, মল-মূত্ৰ, শৰীৰৰ কোষ আদি Laboratory ত  পৰীক্ষা কৰি ৰোগ নিৰ্ণয় কৰা চিকিৎসকজনক কি বুলি কোৱা হয়?


(A) Radiologist
(B) Pathologist
(C) Hematologist
(D) Anesthesiologist

উত্তৰ:- (B) Pathologist

৩০/ শ্ৰৱণ শক্তিৰ সমস্যা (কমকৈ শুনা) ৰোগৰ চিকিৎসা কৰা বিশেষজ্ঞজনক কি বুলি কোৱা হয়?


(A) Ophthalmologist
(B) Audiologist
(C) Dermatologist
(D) Surgeon

উত্তৰ:- (B) Audiologist

৩১/ ভৰি, ভৰিৰ সৰু গাঁঠি আৰু ভৰিৰ পতাৰ সমস্যাৰ চিকিৎসা কৰা বিশেষজ্ঞজনক কি বুলি কোৱা হয়?


(A) Urologist
(B) Pediatrician
(C) Psychiatrist
(D) Podiatrist

উত্তৰ:- (D) Podiatrist

৩২/ ব্যায়াম, মালিচ আৰু তাপৰ জৰিয়তে শৰীৰৰ বিষ বা আঘাত ভাল কৰা বিশেষজ্ঞজনক কি বুলি কোৱা হয়?


(A) Rheumatologist
(B) Geriatrician
(C) Physiotherapist
(D) Orthopedic

উত্তৰ:- (C) Physiotherapist

৩৩/ সংক্ৰামক ৰোগৰ বিস্তাৰ আৰু ইয়াৰ প্ৰতিৰোধৰ বিষয়ে অধ্যয়ন কৰা বিশেষজ্ঞজনক কি বুলি কোৱা হয়?


(A) Hepatologist
(B) Neonatologist
(C) Oncologist
(D) Epidemiologist

উত্তৰ:- (D) Epidemiologist

৩৪/ নিৰ্দিষ্টভাৱে সময়ৰ আগতে জন্ম হোৱা আৰু অসুস্থ সদ্যোজাত কেঁচুৱাৰ চিকিৎসা কৰা চিকিৎসকজনক কি বুলি কোৱা হয়?


(A) Pediatrician
(B) Gynecologist
(C) Obstetrician
(D) Neonatologist

উত্তৰ:- (D) Neonatologist

৩৫/ অস্ত্ৰোপচাৰ নকৰাকৈ মেৰুদণ্ড আৰু মাংসপেশীৰ বিষ নিৰাময় কৰা বিশেষজ্ঞজনক কি বুলি কোৱা হয়?



(A) Chiropractor
(B) Dietitian
(C) Radiologist
(D) Dentist

উত্তৰ:- (A) Chiropractor

(পৰীক্ষাত যদি বিকল্প Chiropractor ৰ সলনি Physiotherapist থাকে তেতিয়া Physiotherapist য়েই দিব)
Post a Comment (0)
Previous Post Next Post
Live Online
কুইজ টেষ্টত অংশগ্ৰহণ কৰক

পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে অনুশীলন আৰম্ভ কৰক।

টেষ্ট আৰম্ভ কৰক →
★ ★ ★ ★ ★
Loading rating...