১/ জুবিন গাৰ্গৰ জন্ম কেতিয়া আৰু ক'ত হৈছিল?
উত্তৰ:- ১৯৭২ চনৰ ১৮ নৱেম্বৰত মেঘালয়ৰ তুৰাত জুবিন গাৰ্গৰ জন্ম হৈছিল।
২/ জুবিন গাৰ্গৰ পিতৃৰ নাম কি আছিল?
উত্তৰ:- মোহিনী মোহন বৰঠাকুৰ (কপিল ঠাকুৰ)।
৩/ জুবিন গাৰ্গৰ মাতৃৰ নাম কি আছিল?
উত্তৰ: স্বৰ্গীয় ইলি বৰঠাকুৰ।
৪/ জুবিন গাৰ্গৰ পত্নীৰ নাম কি?
উত্তৰ:- গৰিমা শইকীয়া গাৰ্গ।
৫/ জুবিন গাৰ্গৰ পিতৃৰ মূল পৰিয়াল অসমৰ কোন ঠাইৰ আছিল?
উত্তৰ:- শিৱসাগৰ জিলাৰ জাঁজীৰ তামুলিছিগা গাঁৱৰ আছিল।
৬/ জুবিন গাৰ্গে কোনখন বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত (HSLC) উত্তীৰ্ণ হৈছিল?
উত্তৰ:- তামুলপুৰ হায়াৰ চেকেণ্ডাৰী স্কুলৰ পৰা (১৯৮৯ চনত)।
৭/ জুবিন গাৰ্গে ক'ত উচ্চতৰ মাধ্যমিক শিক্ষা গ্ৰহণ কৰিছিল?
উত্তৰ:- যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয় (J.B. College)ত।
৮/ জুবিন গাৰ্গে কোনখন মহাবিদ্যালয়ত আৰু কোনটো বিষয়ত স্নাতক (B.Sc.) শিক্ষা গ্ৰহণ কৰিছিল?
উত্তৰ:- গুৱাহাটীৰ বি. বৰুৱা কলেজত ৰসায়ন বিজ্ঞান (Chemistry) বিষয়ত 'Major' লৈ পঢ়িছিল (যদিও সংগীত চৰ্চাৰ বাবে সেই শিক্ষা আধাতে এৰিছিল)।
৯/ জুবিন গাৰ্গক কোনখন বিশ্ববিদ্যালয়ে সন্মানীয় 'Doctor of Literature' (D.Litt.) ডিগ্ৰী প্ৰদান কৰিছিল?
উত্তৰ:- বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয় মেঘালয়ে (USTM) ২০২৪ চনৰ ২৭ আগষ্টত তেখেতক এই সন্মানীয় ডিগ্ৰী প্ৰদান কৰিছিল।
১০/ জুবিন গাৰ্গৰ মৃত্যু কেতিয়া আৰু ক'ত হৈছিল?
উত্তৰ:- ২০২৫ চনৰ ১৯ ছেপ্টেম্বৰত ছিংগাপুৰত তেখেতৰ দেহাৱসান ঘটে।
১১/ জুবিন গাৰ্গৰ প্ৰথমখন শ্ৰব্য এলবামৰ নাম কি আৰু ই কিমান চনত মুক্তি পাইছিল?
উত্তৰ:- 'অনামিকা', ১৯৯২ চনত মুক্তি পাইছিল।
১২/ জুবিন গাৰ্গৰ বাণীবদ্ধ প্ৰথম গীতটোৰ নাম কি আছিল?
উত্তৰ: "তুমি জানো পাৰিবা সোণ" (এলবাম: ঋতু, ১৯৯৩ চন)।
১৩/ জুবিন গাৰ্গে নিজে ৰচনা কৰা প্ৰথম গীতটোৰ নাম কি আছিল?
উত্তৰ:- "গানে কি আনে" (এলবাম: অনামিকা)।
১৪/ জুবিন গাৰ্গে প্ৰথম কোনখন মঞ্চত গীত পৰিৱেশন কৰিছিল?
উত্তৰ:- সোণাৰী প্ৰেক্ষাগৃহত।
১৫/ জুবিন গাৰ্গৰ জীৱনৰ প্ৰথমখন বিহু মঞ্চ ক'ত আছিল?
উত্তৰ: দুলিয়াজানত।
১৬/ জুবিন গাৰ্গৰ প্ৰথমখন বিহু এলবামৰ নাম কি আছিল?
উত্তৰ:- উজান পিৰীতি (১৯৯৫ চন)।
১৭/ প্ৰশ্ন: জুবিন গাৰ্গৰ প্ৰথম হিন্দী গীতটোৰ নাম কি আছিল?
উত্তৰ:- "চান্দিনী ৰাত হে চনম" (এলবাম: চান্দিনী ৰাত, ১৯৯৫ চন)।
১৮/ জুবিন গাৰ্গে কণ্ঠদান কৰা প্ৰথমটো বেংগলী গীত কি আছিল?
উত্তৰ:- ২০০৩ চনৰ 'মন' (Mon) চলচ্চিত্ৰৰ "মন পাখি হয়ে" আৰু "অ' মন বলাকা"।
১৯/ আন্তঃৰাষ্ট্ৰীয় খ্যাতি লাভ কৰিবলৈ সক্ষম হোৱা জুবিন গাৰ্গৰ প্ৰথম গীতটো কি আছিল?
উত্তৰ:- বলিউডৰ 'গেংষ্টাৰ' ছবিৰ "Ya Ali" (য়্যা আলী) গীতটো, যাৰ বাবে তেখেতে Global Indian Film Awards লাভ কৰিছিল (২০০৬)।
২০/ জুবিন গাৰ্গৰ "ৰৈ ৰৈ বিনালে" শীৰ্ষক গীতটি প্ৰথম কোনটো এলবামত আৰু কিমান চনত মুক্তি পাইছিল?
উত্তৰ:- ১৯৯৮ চনত মুক্তিপ্ৰাপ্ত 'শব্দ' এলবামত।
২১/ অসমীয়া সংগীত জগতৰ জনপ্ৰিয় "মায়াবিনী ৰাতিৰ বুকুত" গীতটি কোনখন চলচ্চিত্ৰৰ অন্তৰ্গত আছিল?
উত্তৰ:- ২০০১ চনত মুক্তিপ্ৰাপ্ত 'দাগ' চলচ্চিত্ৰৰ।
২২/ জুবিন গাৰ্গে তেখেতৰ সংগীত জীৱনত মুঠ কিমানটা ভাষাত গীত গাইছিল?
উত্তৰ:- ৪০ টা ভাষাত (৪০,০০০ ৰো অধিক গীত)।
২৩/ জুবিন গাৰ্গৰ প্ৰধান গীতৰ এলবামৰ মুঠ সংখ্যা কিমান আছিল?
উত্তৰ:- ৫৭ খন (১৯৯২ চনৰ 'অনামিকা'ৰ পৰা ২০২০ চনৰ 'চিলা'লৈকে)।
২৪/ তথ্য অনুসৰি জুবিন গাৰ্গৰ অন্তিম বাণীবদ্ধ গীতটো কি আছিল?
উত্তৰ:- "বাটৰে শেষতে" (ৰাজধানী থিয়েটাৰ)।
২৫/ জুবিন গাৰ্গে মঞ্চত পৰিৱেশন কৰা অন্তিম গীতটো কি আছিল?
উত্তৰ:- "Tears in Heaven" (১৮ ছেপ্টেম্বৰ, ছিংগাপুৰ)।
২৬/ জুবিন গাৰ্গে সংগীত পৰিচালনা কৰা প্ৰথমখন অসমীয়া বোলছবি কোনখন?
উত্তৰ:- হিয়া দিয়া নিয়া (২০০০ চন)।
২৭/ জুবিন গাৰ্গে অভিনয় আৰু পৰিচালনা কৰা প্ৰথমখন অসমীয়া চলচ্চিত্ৰৰ নাম কি?
উত্তৰ:- তুমি মোৰ মাথোঁ মোৰ (২০০০ চন)।
২৮/ জুবিন গাৰ্গে মুঠ কেইখন অসমীয়া চলচ্চিত্ৰ পৰিচালনা কৰিছিল আৰু সেইকেইখন কি কি?
উত্তৰ:- ৩ খন - তুমি মোৰ মাথোঁ মোৰ (২০০০), মিছন চাইনা (২০১৭) আৰু কাঞ্চনজংঘা (২০১৯)।
২৯/ জুবিন গাৰ্গে সংগীত পৰিচালনা কৰা মুঠ অসমীয়া চলচ্চিত্ৰৰ সংখ্যা কিমান?
উত্তৰ:- ৩৬ খন।
৩০/ জুবিন গাৰ্গে অভিনয় কৰা মুঠ অসমীয়া চলচ্চিত্ৰৰ সংখ্যা কিমান?
উত্তৰ:- ২৪ খন।
৩১/ জুবিন গাৰ্গে সংগীত পৰিচালনা কৰা 'ৰ'দৰ চিঠি' চলচ্চিত্ৰখন কিমান চনত মুক্তি পাইছিল?
উত্তৰ:- ২০১৪ চনত।
৩২/ জুবিন গাৰ্গে নিজেই লিখা, প্ৰযোজনা কৰা, সংগীত পৰিচালনা কৰা আৰু অভিনয় কৰা শেষৰখন চিনেমা কোনখন?
উত্তৰ:- ৰৈ ৰৈ বিনালে (মুক্তি: ৩১ অক্টোবৰ, ২০২৫; পৰিচালক: ৰাজেশ ভূঞা)।
৩৩/ জুবিন গাৰ্গৰ দ্বাৰা ৰচিত আৰু প্ৰকাশিত কবিতাপুথি দুখনৰ নাম কি কি?
উত্তৰ:- 'শব্দ অনুভূতি' (২০০৯) আৰু 'জুবিনৰ পদ্য' (২০১৮)।
৩৪/ পিতৃ কপিল ঠাকুৰে পুত্ৰ জুবিন গাৰ্গৰ জীৱনৰ আধাৰত লিখা গ্ৰন্থখনৰ নাম কি?
উত্তৰ:- পিতৃৰ দৃষ্টিত জুবিন।
৩৫/ জুবিন গাৰ্গে কোনখন তথ্যচিত্ৰৰ বাবে প্ৰথমবাৰ 'শ্ৰেষ্ঠ সংগীত পৰিচালক'ৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল?
উত্তৰ:- 'ইকোছ অৱ ছাইলেঞ্চ' (Echoes of Silence) নামৰ তথ্যচিত্ৰখনৰ বাবে (২০০৭ বৰ্ষৰ ৫৫ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, যিটো ২০০৯ চনত প্ৰদান কৰা হৈছিল)।
৩৬/ ২০২৬ চনত ফিল্মফেয়াৰৰ ফালৰ পৰা জুবিন গাৰ্গক কি বিশেষ সন্মানেৰে বিভূষিত কৰা হৈছে?
উত্তৰ:- জীৱনজোৰা সাধনা বঁটা (Filmfare Lifetime Achievement Award 2026)।
৩৭/ ২০২৬ চনৰ ১২ জুলাইত অসম সাহিত্য সভাই জুবিন গাৰ্গক কি বিশেষ অভিধাৰে সন্মানিত কৰিছে?
উত্তৰ:- 'সংগীতসুধাকৰ' অভিধাৰে।
৩৮/ ২০২৬ চনত মানস ৰাষ্ট্ৰীয় উদ্যানত আৱিষ্কাৰ হোৱা আৰু জুবিন গাৰ্গৰ নামেৰে নামকৰণ কৰা নতুন উদ্ভিদ প্ৰজাতিটোৰ নাম কি?
উত্তৰ:- অছবেকিয়া জুবিনগাৰ্গিয়ানা (Osbeckia zubeengargiana)।
৩৯/ ২০২৬ চনত অৰুণাচল প্ৰদেশত আৱিষ্কাৰ হোৱা আৰু জুবিন গাৰ্গৰ সন্মানাৰ্থে নামকৰণ কৰা নতুন পখিলাৰ প্ৰজাতিটোৰ নাম কি?
উত্তৰ:- ইউথেলিয়া জুবিনগাৰ্গী (Euthalia zubeengargi / Basar Duke) [গৱেষক ৰোশন উপাধ্যায়ে এই নামকৰণ কৰিছে]।
৪০/ ২০২৬ চনত মেঘালয়ৰ শ্বিলঙত আৱিষ্কাৰ হোৱা আৰু জুবিন গাৰ্গৰ নামত উৎসৰ্গা কৰা নতুন আদা-জাতীয় ফুল (Ginger lily) বিধৰ নাম কি ৰখা হৈছে?
উত্তৰ:- হেডিচিয়াম জুবিনগাৰ্গিয়ানাম (Hedychium zubeengargianum)।
৪১/ জুবিন গাৰ্গে কোনখন বেংগলী ছবিৰ সংগীত পৰিচালনাৰ বাবে 'শ্ৰেষ্ঠ সংগীত পৰিচালক'ৰ বঁটা লাভ কৰিছিল?
উত্তৰ:- ২০০৪ চনত মুক্তিপ্ৰাপ্ত 'শুধু তুমি' (Shudhu Tumi ছবিখনৰ বাবে তেওঁ ২০০৫ চনত এই বঁটা লাভ কৰিছিল)। (BFJA Awards - Bengal Film Journalists' Association Awards - Best Music Director Award)
৪২/ জুবিন গাৰ্গৰ প্ৰকৃত নাম কি আছিল?
উত্তৰ:- জুবিন বৰঠাকুৰ।
