এতিয়াৰে পৰা মহানগৰীৰ চিটী বাছত ভ্ৰমণ হ'ব অধিক সুৰক্ষিত আৰু সুবিধাজনক। যাত্ৰীসকলৰ সুবিধাৰ্থে বাছসমূহত সংযোগ কৰা হৈছে উন্নত GPS ট্ৰেকিং চিষ্টেম।
এই Integrated Command and Control Centre (ICCC) ব্যৱস্থাৰ বিশেষত্বসমূহ:-
১. লাইভ ট্ৰেকিং:- কন্ট্ৰল ৰুমৰ পৰা বাছৰ সঠিক অৱস্থান নিৰীক্ষণ কৰা হ’ব।
২. সময়ানুবৰ্তিতা:- বাছসমূহে কেৱল নিৰ্ধাৰিত আস্থানত ৰৈছে নে নাই, তাৰ ওপৰত চকু ৰখা হ’ব।
৩. মহিলাৰ সুৰক্ষা:- মহিলা যাত্ৰীসকলৰ সুৰক্ষা নিশ্চিত কৰিবলৈ বিশেষ তদাৰক কৰা হ’ব।
৪. গতিবেগ নিয়ন্ত্ৰণ:- অতিমাত্ৰা গতিবেগ ৰোধ কৰি দুৰ্ঘটনা হ্ৰাস কৰাত সহায় কৰিব।
৫. তাতক্ষণিক যোগাযোগ:- যাত্ৰীসকলে পোনপটীয়াকৈ কন্ট্ৰল ৰুমৰ সৈতে যোগাযোগ কৰি নিজৰ সমস্যা জনাব পাৰিব। যদি বাছত কেনেবাকৈ বিপদ হয় বা কোনোৱে দুৰ্ব্যৱহাৰ কৰে, তেন্তে বাছত থকা 'পেনিক বুটাম' টিপিলে কন্ট্ৰল ৰুমত লগে লগে গম পাব।
এই পদক্ষেপে গুৱাহাটীৰ চিটী বাছৰ যাতায়ত ব্যৱস্থাক এক নতুন মাত্ৰা প্ৰদান কৰিব।
