ASSAM COVID19 SOP DATED - 20/04/2021

 

# কেৱল স্বীকৃতি প্ৰাপ্ত অনুষ্ঠানত ১০০ জনতকৈ অধিক লোক সমবেত হ'ব নোৱাৰিব।

# মৃতকৰ অন্তষ্টিক্ৰিয়াত মাত্ৰ ২০ জন লোকৰ উপস্থিতি হ'ব বাধ্যতামূলক।

# মন্দিৰ, মছজিদ, গীৰ্জাত এঘন্টাত ২০ জনকৈ প্ৰৱেশ কৰিব পাৰিব দৰ্শনার্থী-ভক্ত।

# দৈনিক-সাপ্তাহিক বজাৰ, সকলো দোকান-পোহাৰ সন্ধিয়া ৬ বজাৰ আগেই বন্ধ কৰিব লাগিব।

# চৰকাৰী-বেচৰকাৰীৰ প্ৰতিটো প্রতিষ্ঠান, কাৰ্য্যালয়ত ৫০% কৰ্মচাৰীৰ উপস্থিতি হ'ব বাধ্যতামূলক।

# গৰ্ভৱতী মহিলা বা ৫ বছৰৰ তলৰ সন্তান থকা মহিলাই ঘৰত থাকিয়ে কাম কৰাৰ নিৰ্দেশ।

# সকলো প্ৰতিস্থানতে থাৰ্মেল স্কেনিং, চেনিটাইজাৰ, মাস্ক থাকিবই লাগিব।

# স্কুলত প্ৰাৰ্থনা বন্ধ, ৫০ শতাংশ শিক্ষাৰ্থীৰে চলিব লাগিব শিক্ষানুষ্ঠানৰ পাঠদান প্ৰক্ৰিয়া।

# অনলাইনতে হ'ব লাগিব প্ৰাথমিক শিক্ষানুষ্ঠানৰ শিক্ষাদান। সকলোৱে অনলাইনত গুৰুত্ব দিব লাগিব।

# ৰাজ্যত চলাচল কৰা অট'ৰিক্সাত বাধ্যতামূলক হ'ব ২ জন যাত্ৰীৰ পৰিবহণ।

# কেব, ব্যক্তিগত বাহনত ড্ৰাইভাৰসহ মাত্ৰ দুজন যাত্ৰীহে যাত্ৰা কৰিব পাৰিব।

# আন্ত:জিলা বাছসেৱাত আৰু গুৱাহাটীৰ চিটিবাছে কঢ়িয়াব লাগিব ৫০% যাত্রী।

# ৰাজহুৱা স্থানত একেবাৰেই বাধ্যতামূলক হ'ব মাস্ক পৰিধান, নহলে এহেজাৰ জৰিমনা।

# এখন ব্যৱসায়িক প্ৰতিষ্ঠানত দূৰত্ব বজাই ৰাখি ৫ জনতকৈ অধিক গ্ৰাহকে গোট খাব নোৱাৰিব।

# এই নিয়ম প্ৰযোজ্য নকৰিলে IPC 188ৰ অধীনত এমাহ জেইল নতুবা জৰিমনা ভৰিব।

Post a Comment

Previous Post Next Post