ইমেইল কি আৰু ইমেইল কেনেকৈ কৰিব?



ইমেইল কি?


   ইমেইল (Email - Electronic Mail) হৈছে ইলেকট্ৰনিক ডিভাইছৰ দ্বাৰা ব্যৱহাৰ কৰা, বাৰ্তা প্ৰেৰণ আৰু গ্ৰহণ কৰিব পৰা এক পদ্ধতি।

ইমেইল কোনে নিৰ্মাণ কৰিছিল?


   ইমেইল পোন প্ৰথমে আমেৰিকাৰ কম্পিউটাৰ প্ৰগ্ৰেমাৰ ৰে টমলিনচনে ১৯৭১ চনত ইলেকট্ৰনিক ডিভাইছৰ দ্বাৰা ইমেইল প্ৰেৰণ কৰিছিল। ARPANET (Advanced Research Projects Agency Network) এক বিস্তৃত অঞ্চলৰ পেকেট-চুইটচিং নেটৱৰ্ক আৰু TCP/IP প্ৰটকল চ্যুইট ৰূপায়ণৰ প্ৰথম নেটৱৰ্কৰ এটা আছিল (ARPANET) ।

   ১৯৭৮ চনত শিৱা আয়াদুৰাই নিউ জাৰ্চিত অৱস্থিত দন্ত চিকিৎসা আৰু ঔষধ বিশ্ববিদ্যালয়ত ইমেইল প্ৰণালীৰ ক্ষেত্ৰত প্ৰকল্প আৰম্ভ কৰিছিল আৰু ১৯৮২ চনত শিৱা আয়াদুৰাই তেওঁ ইমেইলৰ ওপৰত আৰম্ভ কৰা প্ৰকল্প শেষ কৰি তেওঁ "ইমেইল" বুলি পৰিচয় কৰাইছিল। শিৱা আয়াদুৰাৰ প্ৰকল্পটো আছিল - কাগজভিত্তিক ইন্টাৰঅফিচ মেইল চিষ্টেমক ইলেকট্ৰনিকভাৱে অনুকৰণ কৰা।

কিছুমান ইমেইল প্ৰদানকাৰী সেৱা:- 


ইমেইল প্ৰটকল কি?


   ইমেইল প্ৰটকল হৈছে এনে এক পদ্ধতি যাৰ দ্বাৰা দুটা কম্পিউটাৰ বা ততোধিক কম্পিউটাৰৰ মাজত যোগাযোগ স্থাপন কৰা হয় আৰু ইয়াৰ মাজত ইমেইলৰ আদান-প্ৰদান কৰা হয়। ইমেইলৰ আদান-প্ৰদান কৰোতে মেইল চাৰ্ভাৰৰ দ্বাৰা কম্পিউটাৰ বা অন্যান্য ইলেকট্ৰনিক ডিভাইছত ইমেইল প্ৰেৰণ আৰু গ্ৰহণ কৰিব পাৰে।

ইমেইল প্ৰটকল:- 
  • SMTP (Simple Mail Transfer Protocol - 1982)
  • POP (Post Office Protocol - 1984)
  • IMAP (Internet Message Access Protocol - 1986)

ইমেইলত "@" চিহ্নই ইমেইল ব্যৱহাৰকাৰীৰ নাম ব্যৱহাৰকাৰীৰ ইণ্টাৰনেট ঠিকনাৰ পৰা পৃথক কৰে।

উদাহৰণস্বৰূপে- ইণ্টাৰনেটৰ ঠিকনা https://www.facebook.com আৰু ইমেইলৰ ঠিকনা support@facebook.com

ইমেইল পঠোৱাৰ কিছু কথা:- 


  • Subject - ইমেইলৰ Subject ত ইমেইলৰ মূল বিষয় লিখিব।
  • To - ইমেইলৰ To ত যিজন ব্যক্তিক ইমেইল কৰিব তেওঁৰ ইমেইলৰ ঠিকনা লিখিব।
  • CC - Cc মানে Carbon Copy, Cc ত প্ৰেৰণ কৰা মেইলৰ Copy বেলেগলৈ পঠাবলৈ হলে Cc ত ইমেইলৰ ঠিকনা দিব। (To ত প্ৰেৰণ কৰা ইমেইলৰ ঠিকনাৰ গৰাকীয়ে গম পাব যে Cc ত কিমান ইমেইললৈ তেওঁলৈ প্ৰেৰণ কৰা মেইল প্ৰেৰণ কৰিছে (ইমেইল ঠিকনাৰ সৈতে) আৰু Cc ৰ ইমেইলত প্ৰেৰণ কৰা সকলে To লৈ প্ৰেৰণ কৰা ইমেইল ঠিকনাৰে সৈতে গম পাব।)
  • BCC - BCC মানে Blind Carbon Copy । BCC ত প্ৰেৰণ কৰা ইমেইলৰ গৰাকীসকলে To আৰু Cc লৈ প্ৰেৰণ কৰা ইমেইলৰ ঠিকনাৰ সৈতে ইমেইল দেখা পাব, To আৰু Cc লৈ প্ৰেৰণ কৰা ইমেইলৰ গৰাকীসকলে BCC লৈ প্ৰেৰণ কৰা ইমেইলৰ ঠিকনাবোৰ দেখা নাপায়।
  • Compose Email - Compose Email ত ইমেইললৈ প্ৰেৰণ কৰিবলগীয়া বাৰ্তা লিখিব আৰু Attach File ত ফটো, ভিডিঅ', অডিঅ', ডকুমেণ্ট আদি পঠাব পাৰিব।




Gmail ত থকা কেইটামান Options ৰ বিষয়ে কিছু কথা:- 


  • Gmail ত থকা Schedule Send ত ইমেইল পঠিয়াবৰ বাবে সময় নিৰ্ধাৰণ কৰিব পাৰিব।

  • Gmail ত থকা Confidential Mode ত পঠিওৱা ইমেইল গ্ৰহণ কৰা জনে Copy/Paste, Print, Forward, Download আদি কৰিব নোৱাৰে, কেৱল পঢ়িব পাৰিব, Confidential ইমেইলত Password দিব পাৰিব আৰু ইমেইলটো কেইদিনৰ বাবে থাকিব দিব পাৰিব লগতে জৰুৰীভাৱে প্ৰয়োজন অনুসৰি ইমেইল প্ৰেৰণ কৰা জনে Sent Email ত ক্লিক কৰি নিৰ্দিষ্ট Confidential Mode ত দিয়া ইমেইল খুলি ইমেইলৰ তললৈ থকা Remove Access ত ক্লিক কৰিও Confidential Mode ত দিয়া ইমেইল Delete কৰিব পাৰিব।



লগতে চাওক -

জিমেইল একাউন্ট কেনেকৈ খুলিব How to Create gmail account

●  মাৰ্ক জুকাৰবাৰ্গ ফেচবুকৰ জন্ম আৰু উত্থান

● গুগল এডচেন্স কি আৰু গুগল এডচেন্সৰ বিষয়ে কিছু কথা

● আমাজন এফিলিয়েট মার্কেটিং কি আৰু কেনেকৈ আমাজন এফিলিয়েট মার্কেটিং একাউন্ট খুলি অসীমিত টকা উপাৰ্জন কৰিব

2 Comments

  1. I learned a lot from your blog and most of all thank you for explaining in such a beautiful way.
    ইমেইল (Email) কি?

    ReplyDelete
Previous Post Next Post