১/ পৃথিৱীৰ মুঠ মাটিকালি কিমান?
উত্তৰ:- পৃথিৱীৰ মুঠ মাটিকালি প্ৰায় ৫১০ নিযুত বৰ্গ কিলোমিটাৰ।
২/ পৃথিৱীৰ ভূপৃষ্ঠৰ কিমান শতাংশ স্থলভাগ আৰু জলভাগে আৱৰি আছে?
উত্তৰ:- পৃথিৱীৰ ভূপৃষ্ঠৰ কেৱল প্ৰায় ২৯ শতাংশ, অৰ্থাৎ ১৪৯ নিযুত বৰ্গ কিলোমিটাৰ স্থলভাগ আৰু বাকী ৭১ শতাংশ, অৰ্থাৎ ৩৬১ নিযুত বৰ্গ কিলোমিটাৰ জলভাগে আৱৰি আছে।
৩/ পৃথিৱীৰ স্থলভাগ কেইখন মহাদেশেৰে গঠিত আৰু মহাদেশকেইখনৰ নাম লিখা।
উত্তৰ:- পৃথিৱীৰ স্থলভাগ সাতখন মহাদেশেৰে গঠিত। সেই সাতখন মহাদেশ হৈছে - ১/ এছিয়া, ২/ আফ্ৰিকা, ৩/ ইউৰোপ, ৪/ উত্তৰ আমেৰিকা, ৫/ দক্ষিণ আমেৰিকা, ৬/ ওছেনিয়া, ৭/ এণ্টাৰ্কটিকা মহাদেশ।
৪/ পৃথিৱীৰ জলভাগ কেইখন মহাসাগৰেৰে গঠিত আৰু মহাসাগৰ কেইখনৰ নাম লিখা।
উত্তৰ:- পৃথিৱীৰ জলভাগ পাঁচ খন মহাসাগৰেৰে গঠিত। মহাসাগৰ কেইখনৰ নাম হৈছে - ১/ প্ৰশান্ত মহাসাগৰ, ২/ আটলান্টিক মহাসাগৰ, ৩/ ভাৰত মহাসাগৰ, ৪/ উত্তৰ মহাসাগৰ, ৫/ দক্ষিণ মহাসাগৰ।
৫/ মহাদেশসমূহৰ ভিতৰত সৰ্ববৃহৎ মহাদেশখনৰ নাম কি?
উত্তৰ:- মহাদেশসমূহৰ ভিতৰত সৰ্ববৃহৎ মহাদেশখনৰ নাম এছিয়া মহাদেশ।
৬/ মহাসাগৰ সমূহৰ ভিতৰত সৰ্ববৃহৎ মহাসাগৰখনৰ নাম কি?
উত্তৰ:- মহাসাগৰ সমূহৰ ভিতৰত সৰ্ববৃহৎ মহাসাগৰখনৰ নাম প্ৰশান্ত মহাসাগৰ।
৭/ ২০১৫ বৰ্ষৰ আনুমানিক তথ্য অনুসৰি পৃথিৱীৰ মুঠ জনসংখ্যা কিমান?
উত্তৰ:- ২০১৫ বৰ্ষৰ আনুমানিক তথ্য অনুসৰি পৃথিৱীৰ মুঠ জনসংখ্যা ৭৩০ কোটি বা ৭.৩ মহানিযুত।
৮/ পেঞ্জিয়া আৰু পান্থালাছা কাক বোলে?
উত্তৰ:- মহাদেশীয় বিস্থাপন বা সঞ্চাৰণ সূত্ৰ অনুসৰি আদিতে, অৰ্থাৎ আজিৰ পৰা প্ৰায় ৩০০ নিযুত বছৰ পূৰ্বে পৃথিৱীখনৰ স্থলমণ্ডল একত্ৰিত হৈ আছিল আৰু ইয়াৰ চাৰিওফালে জলমণ্ডলে আগুৰি আছিল। পৃথিৱীৰ এই অৱস্থাত থকা স্থলমণ্ডলটোক পেঞ্জিয়া বোলা হয় আৰু পেঞ্জিয়াৰ চাৰিওফালে আগুৰি থকা জলমণ্ডলটোক পান্থালাছা বোলা হয়।
৯/ টেথিছ সাগৰ কাক বোলে?
উত্তৰ:- পেঞ্জিয়াৰ প্ৰায় সোঁমাজেৰে পূবা-পশ্চিমাকৈ ফাট মেলি এটা সংকীৰ্ণ আৰু দীঘল সাগৰৰ সৃষ্টি হৈছিল। ইয়াক টেথিছ সাগৰ বোলা হয়।
১০/ অঙ্গাৰালেণ্ড অথবা লৰেছিয়া আৰু গণ্ডোৱানালেণ্ড কাক বোলে?
উত্তৰ:- টেথিছ সাগৰৰ সৃষ্টিয়ে পেঞ্জিয়াটোক উত্তৰা-দক্ষিণাকৈ দুটা ভাগত বিভক্ত কৰিছিল। ইয়াৰ উত্তৰ অংশটোক অঙ্গাৰালেণ্ড অথবা লৰেছিয়া আৰু দক্ষিণ অংশটোক গণ্ডোৱানালেণ্ড বোলা হয়।
১১/ বৰ্তমান অৱস্থাত থকা মহাদেশসমূহৰ সৃষ্টি কেনেকৈ হৈছিল?
উত্তৰ:- মধ্যজীৱীয় কল্পৰ সময়ত, অৰ্থাৎ আজিৰ পৰা ২৫০ নিযুত বছৰ পূৰ্বে ভূত্বকৰ ফাটন ক্ৰিয়া আৰু মহাদেশীয় সঞ্চাৰণৰ ফলত লৰেছিয়া আৰু গণ্ডোৱানালেণ্ড পুনৰ বিভাজিত হৈ বিষুৱ আৰু পশ্চিম দিশত গতি কৰি বৰ্তমান অৱস্থাত থকা মহাদেশসমূহৰ সৃষ্টি হৈছিল।
১২/ মহাদেশীয় সঞ্চাৰণ সূত্ৰ অনুসৰি লৰেছিয়া বিভাজিত হৈ কোনকেইখন ঠাইৰ সৃষ্টি হৈছিল?
উত্তৰ:- মহাদেশীয় সঞ্চাৰণ সূত্ৰ অনুসৰি লৰেছিয়া বিভাজিত হৈ উত্তৰ আমেৰিকা, গ্ৰীণলেণ্ড আৰু ভাৰত উপমহাদেশৰ উত্তৰে থকা ইউৰোপ আৰু এছিয়া মহাদেশৰ সৃষ্টি হৈছিল।
১৩/ গণ্ডোৱানালেণ্ড বিভাজিত হৈ কোনকেইখন ঠাই আৰু দ্বীপৰ সৃষ্টি হৈছিল?
উত্তৰ:- গণ্ডোৱানালেণ্ড বিভাজিত হৈ দক্ষিণ আমেৰিকা, আফ্ৰিকা, মাদাগাস্কাৰ, ভাৰতবৰ্ষ, আৰৱ অঞ্চল, মালয়েছিয়া আৰু অন্যান্য দ্বীপসমূহ, অষ্ট্ৰেলিয়া, এণ্টাৰ্কটিকা আদিৰ সৃষ্টি হৈছিল।
১৪/ জলমণ্ডল কাক বোলে?
উত্তৰ:- ভূপৃষ্ঠৰ সাগৰ-মহাসাগৰকে ধৰি নদ-নদী, হ্ৰদ আদিৰ পানীৰে আগুৰি থকা বৃহৎ অংশকে জলমণ্ডল বোলা হয়।
১৫/ স্থলমণ্ডল কাক বোলে?
উত্তৰ:- সাগৰপৃষ্ঠৰ কিছু ওপৰত মাটিৰে আগুৰি থকা ভূপৃষ্ঠৰ আন এটা বৃহৎ অংশক স্থলমণ্ডল বোলা হয়।
১৬/ এছিয়া আৰু ইউৰোপ মহাদেশৰ মাজত থকা প্ৰাকৃতিক সীমা কিহে সৃষ্টি কৰিছে?
উত্তৰ:- ইউৰাল পৰ্বতমালাই এছিয়া আৰু ইউৰোপ মহাদেশৰ মাজত থকা প্ৰাকৃতিক সীমা সৃষ্টি কৰিছে।
১৭/ পৃথিৱীৰ বৃহত্তম মহাসাগৰখনৰ নাম কি?
উত্তৰ:- পৃথিৱীৰ বৃহত্তম মহাসাগৰখনৰ নাম প্ৰশান্ত মহাসাগৰ। প্ৰশান্ত মহাসাগৰৰ মাটিকালি প্ৰায় - ১৬৫ নিযুত বৰ্গ কিলোমিটাৰ। এই প্ৰশান্ত মহাসাগৰে পৃথিৱীৰ প্ৰায় এক তৃতীয়াংশ ঠাই আগুৰি আছে।
১৮/ পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাসাগৰখনৰ নাম কি?
উত্তৰ:- পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাসাগৰখনৰ নাম আটলান্টিক মহাসাগৰ। আটলান্টিক মহাসাগৰৰ মাটিকালি প্ৰায় - ৮২ নিযুত বৰ্গ কিলোমিটাৰ।
১৯/ আটলান্টিক মহাসাগৰৰ আকৃতি কেনেকুৱা?
উত্তৰ:- আটলান্টিক মহাসাগৰৰ আকৃতি ইংৰাজী 'S' আখৰটোৰ দৰে।
২০/ পৃথিৱীৰ তৃতীয় বৃহত্তম মহাসাগৰখনৰ নাম কি?
উত্তৰ:- ভাৰত মহাসাগৰ পৃথিৱীৰ তৃতীয় বৃহত্তম মহাসাগৰ। ভাৰত মহাসাগৰৰ মাটিকালি প্ৰায় ৭৩ নিযুত বৰ্গ কিলোমিটাৰ।
২১/ পৃথিৱীৰ চতুৰ্থ বৃহৎ মহাসাগৰখনৰ নাম কি?
উত্তৰ:- দক্ষিণ মহাসাগৰ পৃথিৱীৰ চতুৰ্থ বৃহৎ মহাসাগৰ। দক্ষিণ মহাসাগৰৰ মাটিকালি প্ৰায় - ২০ নিযুত বৰ্গ কিলোমিটাৰ।
২২/ পৃথিৱীৰ ক্ষুদ্ৰতম মহাসাগৰখনৰ নাম কি?
উত্তৰ:- উত্তৰ মহাসাগৰ পৃথিৱীৰ ক্ষুদ্ৰতম মহাসাগৰ। উত্তৰ মহাসাগৰৰ মাটিকালি প্ৰায় - ১৪ নিযুত বৰ্গ কিলোমিটাৰ।
২৩/ পৃথিৱীৰ সৰ্ববৃহৎ মহাদেশখনৰ নাম কি?
উত্তৰ:- এছিয়া মহাদেশ পৃথিৱীৰ সৰ্ববৃহৎ মহাদেশ। এছিয়া মহাদেশৰ মাটিকালি প্ৰায় ৪৪.৬ নিযুত বৰ্গ কিলোমিটাৰ আৰু এছিয়া মহাদেশে পৃথিৱীৰ স্থলভাগৰ প্ৰায় - ৩০ শতাংশ জুৰি আছে।
২৪/ পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাদেশখনৰ নাম কি?
উত্তৰ:- আফ্ৰিকা মহাদেশ পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাদেশ। আফ্ৰিকা মহাদেশৰ মাটিকালি প্ৰায় - ৩০ নিযুত বৰ্গ কিলোমিটাৰ আৰু আফ্ৰিকা মহাদেশে পৃথিৱীৰ মুঠ স্থলভাগৰ প্ৰায় - ২০ শতাংশ আৱৰি আছে।
২৫/ পৃথিৱীৰ তৃতীয় বৃহত্তম মহাদেশখনৰ নাম কি?
উত্তৰ:- উত্তৰ আমেৰিকা পৃথিৱীৰ তৃতীয় বৃহত্তম মহাদেশ। উত্তৰ আমেৰিকা মহাদেশৰ মাটিকালি ২৪.৩ নিযুত বৰ্গ কিলোমিটাৰ, অৰ্থাৎ পৃথিৱীৰ স্থলভাগৰ ১৬.৩ শতাংশ।
২৬/ দক্ষিণ আমেৰিকা মহাদেশৰ মুঠ মাটিকালি কিমান?
উত্তৰ:- দক্ষিণ আমেৰিকা মহাদেশৰ মুঠ মাটিকালি প্ৰায় - ১৮ নিযুত বৰ্গ কিলোমিটাৰ।
২৭/ দক্ষিণ আমেৰিকা মহাদেশত মুঠ কিমানখন দেশ আছে?
উত্তৰ:- দক্ষিণ আমেৰিকা মহাদেশত মুঠ ১২ খন দেশ আছে।
২৮/ বিশ্বৰ পঞ্চম বৃহত্তম দেশখনৰ নাম কি?
উত্তৰ:- বিশ্বৰ পঞ্চম বৃহত্তম দেশ ব্ৰাজিলেই হ'ল দক্ষিণ আমেৰিকা মহাদেশৰ বৃহত্তম দেশ।
২৯/ ২০১৪ বৰ্ষৰ আনুমানিক তথ্য অনুসৰি দক্ষিণ আমেৰিকা মহাদেশৰ মুঠ জনসংখ্যা কিমান?
উত্তৰ:- ৪০৭ নিযুত।
৩০/ পৃথিৱীৰ ক্ষুদ্ৰতম মহাদেশখনৰ নাম কি?
উত্তৰ:- ওছেনিয়া মহাদেশ। ওছেনিয়া মহাদেশৰ মুঠ মাটিকালি প্ৰায় ৮ নিযুত বৰ্গ কিলোমিটাৰ।
৩১/ ওছেনিয়া মহাদেশৰ বৃহত্তম দেশখনৰ নাম কি?
উত্তৰ:- অষ্ট্ৰেলিয়া ওছেনিয়া মহাদেশৰ বৃহত্তম দেশ।
৩২/ পৃথিৱীৰ ষষ্ঠ বৃহত্তম দেশখনৰ নাম কি?
উত্তৰ:- অষ্ট্ৰেলিয়া।
৩৩/ ওছেনিয়া মহাদেশত মুঠতে কিমানখন দেশ আছে?
উত্তৰ:- ১৪ খন দেশ আছে।
৩৪/ পৃথিৱীত সৰ্বমুঠ কিমানখন দেশ আছে?
উত্তৰ:- ১৯৭ খন দেশ আছে।
৩৫/ পৃথিৱীৰ বৃহত্তম দেশখনৰ নাম কি?
উত্তৰ:- ৰাছিয়া।
৩৬/ পৃথিৱীৰ ক্ষুদ্ৰতম দেশখনৰ নাম কি?
উত্তৰ:- ভেটিকান চিটী।
৩৭/ জনসংখ্যা হিচাপে আটাইতকৈ জনবহুল দেশখনৰ নাম কি?
উত্তৰ:- চীন।
৩৮/ জনসংখ্যা হিচাপে আটাইতকৈ কম জনসংখ্যা থকা দেশখনৰ নাম কি?
উত্তৰ:- ভেটিকান চিটী।
৩৯/ এছিয়া মহাদেশত কেইখন দেশ আছে?
উত্তৰ:- ৫১ খন দেশ আছে।
৪০/ ইউৰোপ মহাদেশত কেইখন দেশ আছে?
উত্তৰ:- ৪৪ খন দেশ আছে।
৪১/ আফ্ৰিকা মহাদেশত কেইখন দেশ আছে?
উত্তৰ:- ৫৩ খন দেশ আছে।
৪২/ উত্তৰ আমেৰিকা মহাদেশত কেইখন দেশ আছে?
উত্তৰ:- ২৩ খন দেশ আছে।
৪৩/ দক্ষিণ আমেৰিকা মহাদেশত কেইখন দেশ আছে?
উত্তৰ:- ১২ খন দেশ আছে।
৪৪/ ওছেনিয়া মহাদেশত কেইখন দেশ আছে?
উত্তৰ:- ১৪ খন দেশ আছে।
0 Comments