কৃত্ৰিম বুদ্ধিমত্তা কি আৰু বৰ্তমান সময়ত কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰভাৱ

 

Artificial Intelligence কি আৰু বৰ্তমান সময়ত Artificial Intelligence ৰ প্ৰভাৱ

কৃত্ৰিম বুদ্ধিমত্তা কি?


   কৃত্ৰিম বুদ্ধিমত্তা (Artificial Intelligence) চমুকৈ (A.I.) হৈছে মানুহৰ দৰে চিন্তা, কাম কৰিবলৈ মেচিনবোৰত প্ৰগ্ৰেম (Program) কৰি সক্ষম কৰি তুলে। কৃত্ৰিম বুদ্ধিমত্তা (Artificial intelligence) য়ে সমস্যা সমাধান, বিভিন্ন পৰিকল্পনাঃ, শিকা, কথা চিনাক্তকৰণৰ লগতে বিভিন্ন বিষয়-বস্তু চিনাক্তকৰণত কাম কৰে।

কৃত্ৰিম বুদ্ধিমত্তা (Artificial intelligence) কোনে নিৰ্মাণ কৰিছিল?


   (Artificial intelligence) কৃত্ৰিম বুদ্ধিমত্তাৰ পিতৃ "জন মেককাৰ্থি" (John McCarthy)। জন মেককাৰ্থি আছিল আমেৰিকাৰ এজন কম্পিউটাৰ বিজ্ঞানী আৰু জ্ঞান ভিত্তিত বিজ্ঞানী। জন মেককাৰ্থিয়ে Lisp Programming Language Family বিকাশ কৰিছিল, ALGOL Programming Language ৰ ডিজাইনক যথেষ্ট প্ৰভাৱিত কৰিছিল। জন মেককাৰ্থি (John McCarthy) ৰ সৈতে এলেন টুৰিং (Alan Turing), মাৰভিন মিনস্কাই (Marvin Minsky), এলেন নিউৱেল (Allen Newell) আৰু হাবাৰ্ট এ (Herbert A) আছিল। জন মেককাৰ্থিয়ে (John McCarthy) ১৯৫৮ চনত কম্পিউটাৰ প্ৰগ্ৰামিং ভাষা Lisp Programming Language ৰ সৃষ্টি কৰিছিল।

কৃত্ৰিম বুদ্ধিমত্তাৰ (Artificial Intelligence) প্ৰকাৰ সমূহ:- 


১/ প্ৰতিক্ৰিয়াশীল যন্ত্ৰ সমূহ (Reactive Machines)
২/ সীমিত মেমৰি (Limited Memory)
৩/ মনৰ তত্ত্ব (Theory of Mind)
৪/ আত্ম-অৱগত (Self-aware)
৫/ কৃত্ৰিম সংকীৰ্ণ বুদ্ধিমত্তা (Artificial Narrow Intelligence)
৬/ কৃত্ৰিম সাধাৰণ বুদ্ধিমত্তা (Artificial General Intelligence)
৭/ কৃত্ৰিম অতিমানবোধ (Artificial Superintelligence)

তলত এই কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰকাৰ সমূহৰ বিষয়ে চমুকৈ উল্লেখ কৰা হৈছে- 

১/ প্ৰতিক্ৰিয়াশীল যন্ত্ৰ সমূহ (Reactive Machines):- এই প্ৰণালীৰ মেচিনসমূহে কেৱল সীমিত ছেটৰ প্ৰতি স্বয়ংক্ৰিয়ভাৱে সঁহাৰি দিয়াৰ বাবে ব্যৱহাৰ কৰা হৈছিল। এই মেচিনসমূহৰ মেমৰিৰ আধাৰত কাৰ্যকাৰিতা নাই, অৰ্থাৎ শিকাৰ ক্ষমতা নাথাকে।

২/সীমিত মেমৰি (Limited Memory):- এই প্ৰকাৰৰ মেচিনে প্ৰতিক্ৰিয়াশীলভাৱে কাম কৰে আৰু সিদ্ধান্ত লবলৈ পূৰ্বৰ তথ্যৰ পৰা শিকিবলৈ সক্ষম হয়।

৩/ মনৰ তত্ত্ব (Theory of Mind):- এই মনৰ তত্ত্বৰ ক্ষেত্ৰত বিজ্ঞানীসকলে এতিয়াও নৱীকৰণৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে। মনৰ তত্ত্ব (Theory of Mind) য়ে বিশ্বাস, আৱেগ আৰু চিন্তা প্ৰক্ৰিয়াবোৰ নিৰীক্ষণ কৰি বুজিবলৈ সক্ষম হব। মনৰ তত্ত্ব (A.I.) মূলতঃ বুজা মানুহ।

৪/ আত্ম-অৱগত (Self-aware):- এই প্ৰকাৰৰ কৃত্ৰিম বুদ্ধিমত্তাই (Artificial intelligence) মানুহৰ মস্তিষ্কৰ দৰে কাৰ্যক্ষম কৰিবলৈ সক্ষম হব, এই আত্ম-অৱগত (Self-aware) (A.I.) কৃত্ৰিম বুদ্ধিমত্তাৰ ক্ষেত্ৰত বিজ্ঞানীসকলে গৱেষণা কৰি আছে আৰু আত্ম-অৱগত বিকাশে মানৱ সমাজৰ প্ৰগতিক সভ্যতা হিচাপে সম্ভৱতঃ বৃদ্ধি কৰিব পাৰে।

৫/ কৃত্ৰিম সংকীৰ্ণ বুদ্ধিমত্তা (Artificial Narrow Intelligence):- কৃত্ৰিম সংকীৰ্ণ বুদ্ধিমত্তাই (Artificial Narrow Intelligence) য়ে সকলো Artificial Intelligence ক প্ৰতিনিধিত্ব কৰে। এই প্ৰকাৰৰ মেচিনসমূহে কাম প্ৰগ্ৰাম কৰাতকৈ অধিক কৰিব নোৱাৰে, সেয়েহে এই প্ৰকাৰক কৃত্ৰিম সংকীৰ্ণ বুদ্ধিমত্তা (Artificial Narrow Intelligence) বুলি কোৱা হৈছে।

৬/ কৃত্ৰিম সাধাৰণ বুদ্ধিমত্তা (Artificial General Intelligence):- কৃত্ৰিম সাধাৰণ বুদ্ধিমত্তা (Artificial General Intelligence) য়ে মানুহৰ দৰে বুজি পোৱা, শিকা, অনুভৱ কৰিব পাৰে।

৭/ কৃত্ৰিম অতিমানবোধ (Artificial Superintelligence):- কৃত্ৰিম অতিমানবোধ (Artificial Superintelligence) য়েই মূলতঃ সৰ্বশ্ৰেষ্ঠ কৃত্ৰিম বুদ্ধিমত্তা হিচাপে পৰিগণিত হব। কৃত্ৰিম অতিমানবোধে দ্ৰুত তথ্য প্ৰক্ৰিয়াকৰণ,স্মৃতি, সিদ্ধান্ত আৰু বিশ্লেষণৰ ক্ষেত্ৰত সৰ্বোত্তম হিচাপে চিহ্নিত হব।

কৃত্ৰিম বুদ্ধিমত্তাৰ উদাহৰণ:- 


  • মুখ চিনাক্তকৰণ আৰু স্বীকৃতি (Face Detection and Recognition)
  • সন্ধান আৰু পৰামৰ্শ এলগৰিথমসমূহ (Search and Recommendation Algorithms)
  • ডিজিটেল সহায়ক(Digital Assistants)
  • লিখনি সম্পাদক অথবা স্বয়ংক্ৰিয় সংশোধন (Text Editors or Autocorrect)
  • Chatbots
  • সামাজিক গণমাধ্যম (Social Media)
  • ই-পৰিশোধ (E-Payments)

কৃত্ৰিম বুদ্ধিমত্তা (Artificial Intelligence) - Alexa, Tesla, openai ChatGPT, Amazon, Siri, Google, Apple, Netflix, Nest (Google), Echo, Boxever, Pandora, Cogito, Flying Drones, John Paul ইত্যাদিত ব্যৱহাৰ কৰি থকা হৈছে।

কৃত্ৰিম বুদ্ধিমত্তাৰ সুবিধা সমূহ:- 


১/ কৃত্ৰিম বুদ্ধিমত্তাই যিকোনো বিপদৰ সময়ত মানুহৰ সলনি কাম কৰিব পাৰে আৰু মানুহৰ লগতে সকলো সা-সম্পত্তি ৰক্ষা কৰিব পাৰে। উদাহৰণস্বৰূপে - বোমা নিষ্ক্ৰিয়কৰণ, কয়লা খনন, অগ্নি নিৰ্বাপন ইত্যাদি।

২/ কৃত্ৰিম বুদ্ধিমত্তাই মানুহৰ দৰে ভুল নকৰে। কৃত্ৰিম বুদ্ধিমত্তা যন্ত্ৰত সঠিকভাৱে প্ৰগ্ৰাম কৰিলে সকলো কাম নিয়াৰিকৈ কৰিব পাৰে।

৩/ কৃত্ৰিম বুদ্ধিমত্তাই পুনৰাবৃত্তি কৰা কামত সহায় কৰে। যিবিলাক কাম দৈনন্দিন মানুহৰ দ্বাৰা কৰিবলৈ অসুবিধাৰ সৃষ্টি হয় বা বিৰক্তিকৰ, সময় অধিক খৰছ হয় সেইবিলাক কাম কৃত্ৰিম বুদ্ধিমত্তাই নিয়াৰিকৈ কৰিব পাৰে। উদাহৰণস্বৰূপে বেংক একাউণ্ট খুলিবলৈ যিবিলাক নথি-পত্ৰৰ প্ৰয়োজন হয় সেই নথি-পত্ৰ সমূহ শুদ্ধ নে অশুদ্ধ, চিনাক্তকৰণ প্ৰক্ৰিয়া আদি কাম কৃত্ৰিম বুদ্ধিমত্তাই খন্তেকতে বহুতো পৰীক্ষা কৰিব পাৰে।

৪/ কৃত্ৰিম বুদ্ধিমত্তাই দিনে-ৰাতিয়ে ২৪ ঘণ্টাই কাম কৰিব পাৰে। সেয়েহে মানুহৰ অবিহনে Helpline Centre, System Generated Massage আদিৰ যোগেদি ২৪ ঘণ্টাৰ যিকোনো সময়তে সহায় কৰিবলৈ সক্ষম হৈ থাকে।

৫/ কৃত্ৰিম বুদ্ধিমত্তাৰ জৰিয়তে আমি দৈনন্দিন ব্যৱহাৰ কৰি থকা Google Home, Apple Siri, Windows Cortana আদি অন্যতম। এই এপ্লিকেচন সমূহৰ জৰিয়তে মানুহে জীৱনশৈলী পৰিচালনা কৰা দেখিবলৈ পোৱা গৈছে।

কৃত্ৰিম বুদ্ধিমত্তাৰ অসুবিধা সমূহ:- 


১/ কৃত্ৰিম বুদ্ধিমত্তাৰ আৱেগ নাই। কৃত্ৰিম বুদ্ধিমত্তাই কাম-কাজ সুচাৰুৰূপে, খৰকৈ কৰাৰ বিপৰীতে মানুহৰ সৈতে সকলো কথা ভাগ-বতৰা বা বুজিবলৈ সামৰ্থ নহয়।

২/ কৃত্ৰিম বুদ্ধিমত্তাৰ যোগেদি সকলো কাম-কাজ ৰবৰ্ট-কম্পিউটাৰে কৰাৰ ফলত চাকৰিত মানুহৰ প্ৰয়োজন নোহোৱা হৈ আহিছে। এইটো এক বৃহৎ বিপদ হিচাপে পৰিগণিত হৈছে কৃত্ৰিম বুদ্ধিমত্তাৰ বিকাশৰ ফলত। চিন্তাৰ কাৰণ কৃত্ৰিম বুদ্ধিমত্তাৰ যিমানেই বিকাশ সাধন হৈ গৈ থাকে তাৰ বিপৰীতে নিবনুৱা সমস্যা বৃদ্ধি হৈ নাথাকিবনে? , আন একাংশৰ মতে কৃত্ৰিম বুদ্ধিমত্তাৰ বিকাশৰ ফলত A.I. (Artificial Intelligence) কৃত্ৰিম বুদ্ধিমত্তাৰ নিৰ্মাণৰ বাবে, উন্নীতকৰণৰ বহুতো চাকৰিৰ সৃষ্টি হব তাৰ বাবে A.I. (Artificial Intelligence) নিৰ্মাণৰ বাবে বা A.I. (Artificial Intelligence) উন্নীতকৰণৰ বাবে জ্ঞান কিমান শতাংশ নিবনুৱাৰ লগত আছে বা থাকিব সেয়া চিন্তনীয় বিষয়।

৩/ কৃত্ৰিম বুদ্ধিমত্তাত যথেষ্ট টকাৰ প্ৰয়োজন হয়। কৃত্ৰিম বুদ্ধিমত্তা দৈনিক উন্নীতকৰণৰ বাবে প্ৰয়োজন হোৱা সঁজুলি সমূহ ছফ্টৱেৰ, হাৰ্ডৱেৰ, প্ৰগ্ৰাম ডেভেলপাৰ আদিৰ বাবদ বৃহৎ পৰিমাণৰ টকাৰ প্ৰয়োজন হয়।

৪/ কৃত্ৰিম বুদ্ধিমত্তাৰ যিমানেই বিকাশ হৈছে সিমানেই মানুহ কৃত্ৰিম বুদ্ধিমত্তাৰ ওপৰত নিৰ্ভৰশীল হৈছে, যিহেতু কৃত্ৰিম বুদ্ধিমত্তাই সহজৰ পৰা কঠিন কাম পৰিচালনা কৰিবলৈ সক্ষম হয়। কৃত্ৰিম বুদ্ধিমত্তাৰ ওপৰত মানৱ সমাজ নিৰ্ভৰশীল হোৱাৰ হেতুকে মানুহ অকামিলা আৰু লেহেমীয়া গতিত কাম কৰিবলগীয়া হোৱাটো স্বাভাৱিক।

৫/ কৃত্ৰিম বুদ্ধিমত্তাই কেৱল প্ৰগ্ৰাম কৰি থোৱা কামহে কৰিব পাৰে।

বৰ্তমান মানৱ সমাজত কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰভাৱ:- 


   প্ৰযুক্তিয়ে মানৱ সমাজৰ উন্নতি সাধন কৰি আহিছে লগতে কিছু কিছু ক্ষেত্ৰত মানুহ বিপদতো নপৰা নহয়। বৰ্তমান পৃথিৱী মানুহৰ সলনি যন্ত্ৰৰ দ্বাৰা পৰিচালিত হবলৈ গৈ আছে। কৃত্ৰিম বুদ্ধিমত্তাই (Artificial Intelligence) মানুহৰ কথা মনত ৰাখি কব পাৰে, যিকোনো ৰোগ নিৰ্ণয় কৰিব পাৰে, যিকোনো ভাষা অনুবাদ, কব পাৰে, আইনী বিষয়ক সিদ্ধান্ত, খেলা-ধূলা ইত্যাদিও কৰিব পাৰে। এনেদৰে লাহে লাহে সকলো কাম মানুহৰ সলনি কৃত্ৰিম বুদ্ধিমত্তাই কৰিবলৈ সক্ষম হব।

লগতে চাওক -

● ইমেইল কি আৰু ইমেইল কেনেকৈ কৰিব?

●  মাৰ্ক জুকাৰবাৰ্গ ফেচবুকৰ জন্ম আৰু উত্থান

● গুগল এডচেন্স কি আৰু গুগল এডচেন্সৰ বিষয়ে কিছু কথা

● আমাজন এফিলিয়েট মার্কেটিং কি আৰু কেনেকৈ আমাজন এফিলিয়েট মার্কেটিং একাউন্ট খুলি অসীমিত টকা উপাৰ্জন কৰিব

2 Comments

Previous Post Next Post