world environment day
৫ জুন বিশ্ব পৰিবেশ দিৱস
৫ জুনৰ দিনটো বিশ্ব পৰিবেশ দিৱস (World Environment Day) হিচাপে ১৯৭৪ চনৰ পৰাই ৰাষ্ট্ৰসংঘই পালন কৰি আহিছে। পৰিৱেশৰ সজাগতা সমগ্র বিশ্বতে গঢ়ি তোলা মূল লক্ষ্য পৰিবেশ দিৱসৰ। ৫ জুন বিশ্ব পৰিবেশ দিৱসৰ ১৯৭৪ চনৰ প্ৰথম বিষয়বস্তু আছিল - "Only One Earth" । প্ৰকৃতিৰ ভাৰসাম্য বৰ্তি থকাত সমগ্র বিশ্বৰ জনতাই যাতে আগ-ভাগ লয় সেই উদ্দেশ্যৰেই ৫ জুন বিশ্ব পৰিবেশ দিৱস পালন কৰিবলৈ লোৱা হয়।
বিশ্ব পৰিবেশ দিৱস ৫ জুন, ১৯৭৪ চনৰ পৰা ১০০ তকৈ অধিক দেশে পালন কৰি আহিছে।
বিশ্ব পৰিবেশ দিৱস প্ৰতি বছৰে বেলেগ বেলেগ বিষয়বস্তুৰ (Theme) ওপৰত ভিত্তি কৰি বিশ্ব পৰিবেশ দিৱস পালন কৰা হয়। বিশ্ব পৰিবেশ দিৱসত যিহেতু প্ৰতি বছৰে পৰিবেশৰ ভিন-ভিন সমস্যাৰ ওপৰত সমাধানৰ পথ, কেনেকৈ পৰিবেশ সুস্থিৰ ৰাখিব পাৰি আদিৰ ওপৰত উদযাপনৰ ফলস্বৰূপে সমগ্র বিশ্বৰ প্ৰতিজন লোককে সামৰি লবলৈ সক্ষম হৈছে।
সাম্প্ৰতিক সময়ত প্ৰতিজন লোককে ভবাই তুলিবলৈ বাধ্য হৈছে, প্ৰতিবছৰে গোলকীয় উষ্ণতা ক্ৰমান্বয়ে বৃদ্ধি। গোলকীয় উষ্ণতা বৃদ্ধি মানুহৰ দ্বাৰা বৃদ্ধি পাই আহিছে, জীৱাশ্ম ইন্ধন ব্যৱহাৰৰ ফলত সেউজ গৃহ গেছ সমূহৰ বাবে যোৱা শতিকাটোত পৃথিৱী পৃষ্ঠৰ গড় উষ্ণতাৰ ক্ৰমাগত বৃদ্ধিয়েই হল গোলকীয় উষ্ণতা।
মানুহে জীৱাশ্ম ইন্ধন ব্যৱহাৰৰ ফলত ধোঁৱা, বাষ্প আদিয়ে বায়ুমণ্ডল ডাঠ কুঁৱলীৰ সৃষ্টি কৰে ফলত বায়ুমণ্ডলৰ অস্পষ্টতা বৃদ্ধি হৈ বায়ুমণ্ডলত কাৰ্বন-ডাই-অক্সাইডৰ পৰিমাণ বাঢ়িলে সূৰ্য্যৰ পৰা বিকিৰণ হোৱা ৰশ্মি কুঁৱলী আৰু কাৰ্বন-ডাই-অক্সাইডৰ তৰপ ভেদ কৰি ওলাই যাব নোৱাৰে। যাৰ বাবে ভয়ানক ভাৱে পৰিবেশৰ উষ্ণতা বৃদ্ধি হৈ পৃথিৱীলৈ জলবায়ু, প্ৰাকৃতিক আদি সকলোৰে ওপৰত প্ৰভাৱ পেলায়।
অ'জন স্তৰে অতি বেঙুনীয়া ৰশ্মিৰ বিকিৰণ পৃথিৱীলৈ অহাত বাধা দি সকলোৰে জীৱন নিৰাপদ কৰে, সেই অ'জন স্তৰ ধ্বংস কৰে "ক্লৰ'ফ্লৰ" কাৰ্বনে (CFC)। "ক্লৰ'ফ্লৰ" কাৰ্বন শীত-তাপ নিয়ন্ত্ৰিত যন্ত্ৰ, শীতলীকৰণ যন্ত্ৰ আদিত ব্যৱহাৰ কৰা হয়। মূলতঃ মানুহৰ এনে পৰিবেশ বিনষ্টকাৰী কৰ্মৰ বাবে অ'জন স্তৰ ধ্বংস হৈ প্ৰকৃতিলৈ বিপদ কঢ়িয়াই আনিছে। সেয়ে বিশ্ব পৰিবেশ দিৱসে গছ-গছনি ৰোপণ, জীৱাশ্ম ইন্ধন ব্যৱহাৰ ৰোধ, জনসাধাৰণৰ মাজত সজাগতাৰ বাবে বহুতো পদক্ষেপ গ্ৰহণ আৰু কাৰ্যকৰী হোৱাত আগভাগ লয়।
প্ৰতিজন ব্যক্তিয়ে সপ্তাহত এটাকৈ গছ পুলি ৰোপণ কৰিলেও প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষা হোৱাত সহায় কৰিব। এই ক্ষেত্ৰত আমি অসমৰ যাদৱ পায়েং দেৱৰ কৰ্মৰাজিলৈ চাওঁ তেতিয়া দেখিবলৈ পোৱা যায় যে তেওঁ যোৰহাট জিলাৰ ককিলামুখৰ ওচৰৰ ব্ৰহ্মপুত্ৰৰ ঔনামুখ চাপৰিৰ ৫৫০ হেক্টৰৰ বৃহৎ এলেকাত গছ পুলি ৰোপণ কৰি এখন বৃহৎ অৰণ্যলৈ ৰূপান্তৰিত কৰিবলৈ সক্ষম হৈছিল। ১৯৮০ চনত যাদৱ পায়েং দেৱে অৰণ্য সৃষ্টিৰ অভিযান আৰম্ভ কৰিছিল। যাদৱ পায়েং দেৱক নতুন দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ে "ভাৰতৰ অৰণ্য মানৱ" (Forest Man of India) উপাধি প্ৰদান কৰিছে আৰু ২৬ জানুৱাৰী, ২০১৫ চনত পদ্মশ্ৰী বঁটাৰে বিভূষিত কৰা হয়।
world environment dayGood News! Forest Man of India Jadav Payeng will now plant trees in Mexico, signs agreement #JadavPayeng #ForestManOfIndia #Mexico https://t.co/6EF7H65ZEG
— Prag News (@PragNews) December 10, 2020
0 Comments