নানা ধৰণৰ অপৰাধে গুৱাহাটী মহানগৰত সমস্যাৰ সৃষ্টি কৰি থকা সময়তে গুৱাহাটীবাসীক সকাহ দিবলৈ মহানগৰ আৰক্ষীয়ে এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। Guwahati Smart City Limited ৰ অধীনত গুৱাহাটী মহানগৰৰ ৮০০ স্থানত ২ হাজাৰ AI CCTV সংযোগ কৰাৰ লগতে বৰ্তমান মহানগৰৰ ২০ টা স্থানত Artificial Intelligence Sparsh CCTV Emergency Call Box স্থাপন কৰিছে। মহানগৰত যিকোনো সমস্যাত ভোগা মানুহে এতিয়াৰে পৰা পোন পটীয়াকৈ Emergency Call Box ৰ জৰিয়তে আৰক্ষীক অভিযোগ দিব পাৰিব। Press Button to Call ব্যৱস্থাত ভুক্তভোগীৰ সমস্যাৰ বিষয়ে ভিডিঅ' সহ আৰক্ষীয়ে দেখা পাব আৰু কোন ঠাইৰ পৰা অভিযোগ কৰিছে সেয়াও জানিব পাৰিব, ৰাজপথত যুৱতী, মহিলাৰ লগতে অন্যান্য বিপদত পৰা লোকে Artificial Intelligence Sparsh CCTV Emergency Call Box ত ঘটনাৰ বিষয়ে তৎক্ষণাত গুৱাহাটী মহানগৰৰ স্মাৰ্ট আৰক্ষীক অৱগত কৰিব পাৰিব। এনে আধুনিক প্ৰযুক্তিৰ পদক্ষেপে গুৱাহাটী মহানগৰত অপৰাধ নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হ'ব। আমি যদি চাওঁ দেখিম যে গুৱাহাটী চহৰৰ অপৰাধৰ পৰিসংখ্যা ২০২০ ৰ পৰা ২০২৪ চনলৈকে চৰকাৰী তথ্য আৰু অসম আৰক্ষীৰ বছেৰেকীয়া প্ৰতিবেদন অনুসৰি ২০২০ বৰ্ষত ১৭,১০৭ টা গোচৰ পঞ্জীয়ন হৈছিল, ২০২১ বৰ্ষত ১৩,৫০০ ৰো অধিক, ২০২২ বৰ্ষত ১০,০০০ ৰো অধিক, ২০২৩ বৰ্ষত ৮,৫০০ ৰো অধিক, ২০২৪ বৰ্ষত ৭,৩৩৭ টা গোচৰ পঞ্জীয়ন হৈছিল। যদিও ক্ৰমাগতভাৱে অপৰাধৰ সংখ্যা কমিছে তথাপিও এনে প্ৰযুক্তিগত ব্যৱস্থাৰ জৰিয়তে গুৱাহাটী মহানগৰ আৰক্ষীয়ে আৰু অধিক সজাগ হৈ থাকি তৎক্ষণাত অপৰাধীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ সক্ষম হ'ব।
- Home
- শিতানসমূহ
- _কুইজ
- _শিক্ষাৰ্থী
- __দশম শ্ৰেণী
- _কবিতা
- _জ্ঞান-বিজ্ঞান
- _জানিবলগীয়া কিছু কথা
- _স্বাস্থ্য
- _ইতিহাস আৰু ইতিহাস সম্পৰ্কীয় কিছু কথা
- Website
- _About Us
- _Contact Us
- _Privacy Policy
- _Terms and Conditions
- _Disclaimer
- _DMCA
- _Sitemap
- Assam Exam Prev.Papers
- _Guwahati High Court JAA 2012 previous year question paper
- _Guwahati High Court JAA 2014 previous year question paper
- _Guwahati High Court JAA 2018 previous year question paper
- _Guwahati High Court JAA 2023 previous year question paper pdf
- _অসম আৰক্ষী উপ পৰিদৰ্শক পৰীক্ষাৰ প্ৰশ্ন উত্তৰ Paper–I 2025
- _Assam Police Constable (AB & UB) 2025 Paper
- _ASTEC JAA Previous Year Question Papers
- MCQ Test Online
- _Computer Exam CBT Mock Test Online
- _HSSLC Level Posts 2024 ADRE MCQ Test Online
- _Top 100 Assam Quiz Test Online
- _140 Advanced Computer MCQ
- Tools
- _Age Calculator
- _Percentage Calculator
- _GST / Tax Calculator
- _Simple / Compound Interest Calculator
- _Loan / EMI Calculator
- _Image Compressor
- _Image Converter
- _Image to PDF converter
- _PDF Compressor
- _Universal Unit Conversion Tool
- _Typing Speed Test Tool
