ব্লগিং কেনেকৈ আৰম্ভ কৰিব? ব্লগিং কি? ব্লগৰ বিষয়ে কিছু কথা


  নমস্কাৰ বন্ধু-বান্ধৱী সকল, আজি আলোচনা কৰিবলৈ লৈছোঁ ব্লগিংৰ বিষয়ে। এই লিখনিৰ দ্বাৰা ব্লগিংৰ সম্পৰ্কে এক আভাষ পাব বুলি ধাৰণা কৰিছোঁ।


ব্লগ কি?


   ব্লগ(Blog) হৈছে একপ্ৰকাৰৰ ৱেবছাইট য'ত ব্লগৰ গৰাকীয়ে বা এটা গোট হৈ আগ্ৰহী বিষয় সমূহ লিখে। লিখনি সমূহ যিকোনো বিষয়ৰ হব পাৰে। ব্লগত (Blog) লিখনিৰ বাহিৰেও ফটোগ্ৰাফী, গ্ৰাফিক্স, যিকোনো বিষয়ৰ প্ৰতি সংগতি থকা লিংক (Link) আদি যোগ কৰে।


ব্লগ (Blog) পোন প্ৰথমে কেতিয়াৰ পৰা আৰম্ভ হৈছিল?


    ব্লগ পোন প্ৰথমে ১৯৯৪ চনত আৰম্ভ কৰা হৈছিল আমেৰিকাৰ উদ্যোগী, সাংবাদিক আৰু অগ্ৰণী ব্লগাৰ জাষ্টিন হ'লৰ (Justin Hall) দ্বাৰা। Links.net হৈছে ১৯৯৪ চনত জাষ্টিন হ'লৰ দ্বাৰা সৃষ্টি হোৱা প্ৰথমটো ব্লগ (Blog)। জাষ্টিন হ'লৰ Links.net ব্লগত তেওঁৰ লিখনি প্ৰকাশৰ উদ্দেশ্যে সৃষ্টি কৰিছিল আৰু সেই সময়ত তেওঁ শিক্ষাৰ্থী আছিল। Links.net ব্লগত জাষ্টিন হ'লে তেওঁৰ চিন্তাধাৰা, চমুটোকা, তেওঁৰ প্রিয় অন্যান্য ৱেবচাইটৰ লিংক, নিজ কৰ্ম আদি অন্তৰ্ভুক্ত কৰিছিল।


ব্লগ কেনেকৈ আৰম্ভ কৰিব? ব্লগৰ বাবে প্ৰয়োজনীয় সঁজুলি সমূহ:- 

  • এটা বিষয় বাচনি কৰক:- 
  • ৱেব হষ্টিং (Web Hosting) বাচনি কৰক:-
  • ডমেইন নাম (Domain Name) বাচনি কৰক:-
  • ব্লগ প্ৰকাশৰ বাবে CMS অৰ্থাৎ (Content Management System) সমল ব্যৱস্থাপনা প্ৰণালী বাচনি কৰক:-
  • ব্লগৰ থিম,ডিজাইন সমূহ বাচনি কৰক:-
  • ব্লগৰ বাবে সমল ব্যৱস্থাপনা প্ৰণালীৰ (CMS) Plugins সমূহ:-
  • ব্লগত লিখনি আৰম্ভ কৰক:- 
  • ব্লগৰ পৰা টকা উপাৰ্জনৰ পদ্ধতি সমূহ:-


তলত ব্লগ আৰম্ভ কৰিবৰ বাবে প্ৰয়োজনীয় সঁজুলি সমূহৰ সম্পৰ্কে চমুকৈ উল্লেখ কৰা হৈছে :-

এটা বিষয় বাচনি কৰক:- 


   আপুনি কি বিষয়ৰ ওপৰত ব্লগ লিখিব সেয়া বাচনি কৰি লব আৰু বিষয়বস্তুৰ সৈতে মিল থকা ব্লগৰ নাম আৰু ডমিন নাম (Domain Name) বাচনি কৰি ললে ভাল হয়।

ব্লগৰ বিষয় সমূহ যেনে:-

  • Lifestyle (জীৱনশৈলী)
  • Food (খাদ্য-সম্ভাৰ)
  • Fashion (সাজ-সজ্জা)
  • Personal Finance (ব্যক্তিগত বিত্তীয় বিষয়)
  • Tech (প্ৰযুক্তি)
  • Science (বিজ্ঞান)
  • Travel (ভ্ৰমণ)
  • Sports (খেল)
  • Education (শিক্ষা) ইত্যাদি।

ৱেব হষ্টিং (Web Hosting) বাচনি কৰক:-


ৱেব হষ্টিঙে ৱেব চাৰ্ভাৰত কোড, ছবি, লিখনি, ভিডিঅ', ডকুমেণ্ট আদি সংৰক্ষণৰ বাবে স্থান প্ৰদান কৰে। আপুনি যদিহে প্ৰথম ব্লগ তৈয়াৰ কৰিব তেন্তে গুগল ব্লগাৰ বাচনি কৰিব পাৰে কাৰণ গুগল ব্লগাৰত ৱেব হষ্টিংৰ প্ৰয়োজন নাই বা যদিহে WordPress বা অন্যান্য CMS ত ব্লগ ইনষ্টল কৰিব বিচাৰে তেন্তে Godaddy, Hostinger আদিৰ পৰা ৱেব হষ্টিং বাচনি কৰিব পাৰিব।

ডমেইন নাম (Domain Name) বাচনি কৰক:-


   ডমেইন নাম বাচনি কৰিবলৈ Godaddy, Hostinger, Bigrock, Google Domains, Domain.comonlydomains.com আদি (Domain and Web Hosting প্ৰদান কৰা প্ৰতিষ্ঠান)ত চাব পাৰে। ডমেইন নাম বাচনি কৰোঁতে ব্লগৰ বিষয়ৰ সৈতে মিল থকা ডমেইন নাম ক্ৰয় কৰিব।

ব্লগ প্ৰকাশৰ বাবে CMS অৰ্থাৎ (Content Management System) সমল ব্যৱস্থাপনা প্ৰণালী বাচনি কৰক:- 


   ব্লগ প্ৰকাশৰ বাবে CMS WordPress উত্তম বুলিব পাৰি। CMS Install কৰিবলৈ পোন প্ৰথমে ৱেব হষ্টিং (Web Hosting) ক্ৰয় কৰি, ডমেইন নাম (Domain Name) ক্ৰয় কৰি WordPress বা অন্যান্য CMS ত Install কৰিব পাৰিব। (CMS - Godaddy, Hostinger আদিৰ পৰা Web  Hosting, Domain Name আদি ক্ৰয় কৰাৰ পিছত Install কৰিব পাৰিব।)

ব্লগৰ থিম,ডিজাইন সমূহ বাচনি কৰক:-


   ব্লগ দৰ্শকৰ আকৰ্ষণৰ অন্য এক কাৰণ হৈছে ব্লগৰ ডিজাইন। ব্লগৰ ডিজাইন ধুনীয়া হলে পঢ়ুৱৈসকলে পঢ়িও ভাল পায়, সেয়েহে ব্লগৰ থিম, ডিজাইন আদি কৰোঁতে Admin য়ে সেয়া লক্ষ্য কৰা উচিত।

ব্লগৰ বাবে সমল ব্যৱস্থাপনা প্ৰণালীৰ (CMS) Plugins সমূহ:-


   Plugins হৈছে ৱেবচাইট আৰু ৱেব ব্ৰাউজাৰত সংযোগ হৈ কাম কৰে আৰু অতিৰিক্ত সেৱা প্ৰদান কৰে। WordPress, Joomla, Drupal ইত্যাদি CMS সমূহত Plugins অন্তৰ্ভুক্ত কৰিব পাৰিব। Plugins অন্তৰ্ভুক্ত কৰিলে SEO (Search Engine Optimization), Security, Speed, Growth, Backup, Spam Protection, Two Factor Authentication ইত্যাদি সুবিধা গ্ৰহণ কৰিব পাৰিব।

ব্লগত লিখনি আৰম্ভ কৰক:- 


   ব্লগত লিখনি আৰম্ভ কৰাৰ আগত Keyword Research কৰি লব পাৰে। Keyword Research হৈছে জনপ্ৰিয় শব্দবোৰৰ সন্ধান। সঘনাই যিবিলাক শব্দ গুগল (Google), Yahoo, Microsoft Bing আদি Search Engine ত Search হয় তাৰ ওপৰত ভিত্তি কৰি শব্দসমূহৰ জনপ্ৰিয়তা প্ৰকাশ পায় Keyword Research Tools সমূহত। Keyword Research Tools সমূহৰ সহায় লৈ ব্লগত লিখনি লিখিলে Search Engine ৰ প্ৰথম পেজত স্থান পাবলৈ সক্ষম হয় (Keyword Research সঠিক হলে আৰু প্ৰতিযোগিতাৰ ওপৰত ভিত্তি কৰি)। সেয়ে ব্লগ তৈয়াৰ কৰোঁতে Keyword Research কৰাটো অতি গুৰুত্বপূৰ্ণ। কেইটামান জনপ্ৰিয় Keyword Research Tools হৈছে - 


   ব্লগত যিকোনো বিষয় লিখোঁতে সম্পূৰ্ণকৈ লিখিব লাগে, সম্পূৰ্ণকৈ ব্লগত লিখিলে পঢ়ুৱৈৰ সংখ্যা বৃদ্ধি পাবই আৰু ৯০০ ৰ পৰা ১,০০০ শব্দৰ ভিতৰত বা তাতকৈ অধিক শব্দ যোগ কৰিব পাৰে।

সামাজিক গণমাধ্যম (Social Media):- 

(বিকল্প /Optional)
সামাজিক গণমাধ্যম (Social Media) ফেচবুক, ইনষ্টাগ্ৰাম, টুইটাৰ, WhatsApp, Telegram, pinterest.com আদিত ব্লগৰ নাম দি ফেচবুক পেজ, ইনষ্টাগ্ৰাম, টুইটাৰ, Pinterest.com আদিত একাউন্ট খুলিব পাৰে আৰু Telegram, WhatsApp আদিতো একাউন্ট খুলি ব্লগৰ লিখনিৰ হেডলাইন আৰু লিংক ভাগ-বতৰা কৰিব পাৰিব। 

ব্লগৰ পৰা টকা উপাৰ্জনৰ পদ্ধতি সমূহ:-



ব্লগ আৰু ৱেবচাইটৰ মাজত পাৰ্থক্য:- 


   ব্লগ হৈছে এক প্ৰকাৰৰ ৱেবচাইট। ব্লগত নতুন লিখনিৰ সৈতে নিয়মীয়াকৈ প্ৰকাশ কৰা হয়। ব্লগত নতুন লিখনিৰ পৰা পুৰণি লিখনিলৈকে ক্ৰমে প্ৰদৰ্শিত হয়। ব্লগ প্ৰায়বিলাক ব্যৱসায়ৰ ৱেবচাইটত ব্যৱহাৰ কৰা হয় তেওঁলোকৰ গ্ৰাহক সকলক ব্যৱসায়ৰ সামগ্ৰীসমূহৰ সম্পৰ্কে বুজাবলৈ, সেয়ে ব্যৱসায়ৰ ৱেবচাইটৰ এটা অংশ হৈছে ব্লগ। ব্যৱসায়-প্ৰতিষ্ঠানসমূহৰ ৱেবচাইটৰ কাষৰ Options ত ব্লগৰ পৃষ্ঠাৰ লিংক অন্তৰ্ভুক্ত কৰে।

   ৱেবচাইটত উপস্থাপন কৰা তথ্যসমূহ সঘনাই  নৱীকৰণ বা যোগ (Update, আপডেট) কৰা নহয়। ৱেবচাইটবোৰত ছবি, ভিডিঅ', লিখনি, সমীক্ষা সমূহৰ তথ্য, বিভিন্ন সঁজুলিসমূহ (Tools), যেনে - Online Photo Editing, Online Pdf Maker, Online Biodata Maker, Online OCR, Themes ইত্যাদি থাকে।

সামৰণি:-


   আজি ব্লগিংৰ বিষয়ে কিছু কথা আপোনালোকলৈ আগবঢ়াবলৈ চেষ্টা কৰিলোঁ,আগলৈ ব্লগিংৰ বিষয়ে অধিক তথ্য আপোনালোকলৈ আগবঢ়াবলৈ চেষ্টা কৰিম। আশাকৰোঁ মোৰ এই ব্লগিংৰ সম্পৰ্কে লিখা লিখনিৰ দ্বাৰা আপোনালোক কিছু পৰিমাণে হলেও উপকৃত হৈছে বুলি ধাৰণা কৰিছোঁ আৰু যি সকলে ব্লগ আৰম্ভ কৰিম বুলি চিন্তা-চৰ্চা কৰিছে তেওঁলোকলৈ বহুতো শুভকামনা জনালোঁ।

ব্লগিংৰ সম্পৰ্কে কিছু কথা Discuss about bloging in Assamsese 

লগতে চাওকঃ-

6 Comments

Previous Post Next Post