ধুমুহা আৰু বাৰিষাৰ বতৰত বিদ্যুতৰ ক্ষেত্ৰত ল'বলগীয়া সাবধানতা




কৰিবলগীয়া

১/ বাৰিষা কালত বৈদ্যুতিক উপকৰণসমূহ
পানীয়ে ঢুকি নোপোৱাকৈ নিৰাপদ স্থানত
ৰাখক।

২/ বানৰ সময়ত ইনভাৰ্টাৰ স্থানান্তৰ কৰোতে চুইছ
অফ্ কৰি ল'ব।

৩/ বৈদ্যুতিক লাইন, বিদ্যুতৰ খুঁটা বা ট্ৰেন্সফৰ্মাৰৰ
ওচৰত বা তলত থিয় হৈ নাথাকিব।

৪/ বানৰ সময়ত নাঁৱেৰে বা কলৰ ভুঁৰেৰে
বৈদ্যুতিক লাইনৰ তলেদি যোৱাৰ সময়ত
সাৱধান হ'ব।

৫/ বৈদ্যুতিক বিজুতি দেখিলে লগে লগে সংশ্লিষ্ট
APDCL কর্তৃপক্ষৰ সৈতে যোগাযোগ কৰক।

৬/ বাহিৰত থকা বিদ্যুতৰ যন্ত্রপাতি, সংযোগ আদি
পানী নপৰাকৈ ঢাকি থ'ব।

৭/ পানী জমা হৈ থকা অঞ্চলসমূহ এৰাই চলিব।

৮/ ঘৰৰ আৰ্থিং কৰাতো নিতান্তই প্রয়োজনীয়।

৯/ ওলমি থকা বৈদ্যুতিক তাঁৰৰ সংস্পৰ্শলৈ অহাৰ
পৰা বিৰত থাকক আৰু যিকোনো বৈদ্যুতিক
কামত বাঁহৰ খুঁটা ব্যৱহাৰ নকৰিব ।

১০/ অব্যৱহৃত উপকৰণসমূহ প্লাগৰ পৰা খুলি থওঁক।

১১/ ঘৰত পানী সোমোৱা অৱস্থাত স্ফুলিংগৰ প্ৰতি
সাৱধান হওঁক।

১২/ সন্দেহজনক ঠাইত টেষ্টাৰৰ সহায়ত বিদ্যুৎ প্ৰৱাহ
পৰীক্ষা কৰি চাওঁক।

১৩/ গছ-গছনি বা বৈদ্যুতিক তাঁৰৰ তলত গাড়ী
নাৰাখিব।

১৪/ যিকোনো বৈদ্যুতিক স্পার্ক হ'লে তৎক্ষণাত
মেইন চুইছ বা এমচিবি (MCB) বন্ধ কৰি দিব।

কৰিব নলগীয়া

১/ ঘৰত পানী সোমালে বিদ্যুতৰ তাঁৰ, চুইছ, প্লাগ
বা বৈদ্যুতিক উপকৰণ আদি খালী ভৰিৰে বা
তিতা হাতেৰে নুচুব।

২/ কোনা ঠাইত বৈদ্যুতিক তাঁৰ বা খুঁটা পৰি
থাকিলে কেতিয়াও স্পৰ্শ নকৰিব।

৩/ ওপৰৰ পৰা ওলমি থকা ছিগা তাঁৰ বা বৈদ্যুতিক
তাঁৰত লাগি উভালি থকা গছ কেতিয়াও স্পর্শ
নকৰিব।

৪/ ইলেক্ট্রিক হিটাৰ, ইস্ত্রী আদি বৈদ্যুতিক সঁজুলি
তদাৰকী অবিহনে চলি থাকিবলৈ নিদিব।

৫/ বিদ্যুৎ পৰিবাহী লাইনৰ (এইচ টি আৰু এল টি)
ওচৰলৈ নাযাব।

৬/ স্ফুলিংগ / ধোঁৱা ওলাই থকা বা পোৰা গোন্ধ
ওলোৱা কোনো বৈদ্যুতিক উপকৰণ ব্যৱহাৰ
নকৰিব।

৭/ যদি ঘৰৰ ভিতৰত বা আশে-পাশে স্ফুলিংগ দেখা
পায়, তেনেহ'লে ঘৰৰ চৌহদত প্ৰৱেশ নকৰিব ।

৮/ অ'ভাৰহেড বিদ্যুতৰ লাইনৰ কাষত গছ-গছনি
নুৰুব।

৯/ বৈদ্যুতিক সঁজুলিৰ ওচৰত পানী ব্যৱহাৰ নকৰিব।
জুই লাগিলে বৈদ্যুতিক সঁজুলিত পানী ঢালিবলৈ
চেষ্টা নকৰিব।

১০/ মাটিত পৰি থকা তাঁৰ কেতিয়াও লাঠিৰে বা অন্য
কোনো বস্তুৰ দ্বাৰা চুই চাবলৈ চেষ্টা নকৰিব।

সতর্ক হওঁক – সুৰক্ষিত থাকক

অসম শক্তি বিতৰণ কোম্পানী লিমিটেড

Post a Comment (0)
Previous Post Next Post


নতুন আপডেট

"কৰ্মক্ষেত্ৰত নাৰীৰ সুৰক্ষা"

অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপ SHe-Box

সম্পূৰ্ণ পঢ়ক →


জানো আহক

অসমৰ বিভিন্ন চৰকাৰী চাকৰিৰ পৰীক্ষাসমূহত আহি যোৱা কিছুমান প্ৰশ্নোত্তৰ আগবঢ়োৱা হৈছে, যাৰ দ্বাৰা পৰীক্ষাৰ্থীসকলে কিছু আভাষ পাব পাৰে

(Click কৰি পাত লুটিয়াওক)

Assam Govt Job Syllabus
General AwarenessAssam History, Geography, Culture, & Current Affairs.
EnglishGrammar, Vocabulary, Comprehension.
ReasoningAnalogy, Series, Coding-Decoding.
MathematicsArithmetic, Number System, Percentage.
AssameseLanguage Proficiency & Literature.
ইয়াত ক্লিক কৰি আৰু এনেধৰণৰ প্ৰশ্নোত্তৰ চাব পাৰিব