ফকৰা যোজনা Assamese Proverbs

ফকৰা যোজনা Assamese Proverbs

আদাক দেখি উঠিল গা, কেঁতুৰীয়ে বোলে মোকো খা :- 


আদা স্বাস্থ্যৰ বাবে অতি উপকাৰী বস্তু আৰু ঔষধৰ উপকৰণ। আদা খাদ্যৰ সৈতে, নানা ধৰণৰ তৰকাৰীৰ সৈতে খোৱা হয়, কিন্তু কেতুৰী দেখাত একে ধৰণৰ হলেও খোৱাৰ বাবে অনুপযোগী আৰু কোনো ধৰণৰ কামত ব্যৱহাৰ কৰা নহয়। আদাক খাদ্যৰূপে গ্ৰহণ কৰা দেখি কেঁতুৰীয়ে নিজক খাদ্যৰ বাবে অনুপযোগী বুলি জানিও মানুহে খাওক বুলি উপযাচি গা পাতি দিয়ে।

     উক্ত ফকৰা যোজনাটিত কোৱা হৈছে যে কোনো কামৰ প্ৰতি কোনো ব্যক্তিয়ে নিজকে অযোগ্য বুলি জানিও, সেই কামৰ প্ৰতি যোগ্য বুলি প্ৰতিপন্ন কৰিব বিচাৰে।

অচিন কাঠৰ থোৰা নলগাবা :-


পিঠা বা চিৰা খুন্দিবলৈ কঠিন থোৰাৰ আৱশ্যক আৰু নিৰ্ভৰশীল। কিন্তু চিনি নোপোৱা অন্য কাঠৰ থোৰা নিৰ্ভৰশীল নহয়। অচিন কাঠ যিকোনো সময়তে ভাগি যোৱাৰ সম্ভাৱনা অধিক, সেয়ে চিনাকি কাঠৰ থোৰা লগোৱাহে উচিত।

     উক্ত ফকৰা যোজনাটিত কোৱা হৈছে যে যি মানুহৰ পৰিচয়, স্বভাৱ-চৰিত্ৰ জনা নাযায় তেনে লোকৰ পৰা বিপদত পৰা সম্ভাৱনা থাকে, সেয়ে তেনে অপৰিচিত লোকৰ সৈতে কোনো কামত বা সম্পৰ্ক ৰক্ষা কৰা উচিত নহয়।

অতি ভক্তি চোৰৰ লক্ষণ :-


প্ৰতিটো কাম আৰু কথাৰ একোটা সীমা থাকে, সীমাৰ ভিতৰত থাকি যি লোকে কাৰ্য্য আৰু কথা কয় তাৰ সুফল সকলোৱে ভোগ কৰিব পাৰে, তেনেদৰে ভক্তিৰো নিৰ্দিষ্ট সীমা থাকে, স্বাভাৱিক ভক্তি পৰায়ন লোক সকলোৰে আদৰৰ। যি ব্যক্তিয়ে ভক্তিৰ সীমা অতিক্ৰম কৰি যায় অৰ্থাৎ তেনে লোকে স্বাৰ্থসিদ্ধিৰ বাবে বেছি ভক্তি পৰায়ন হৈ দেখুৱাই। পিছত তেনে দুষ্ট প্ৰকৃতিৰ লোকে অসৎ কামত লিপ্ত হৈ অনিষ্ট সাধন কৰে।

     উক্ত ফকৰা যোজনাটিত কোৱা হৈছে যে যি সকল লোকে অতি বিশ্বাসী, অতিমাত্ৰা ভক্তি পৰায়ন হৈ দেখুৱাই, তেনে লোকে অনিষ্ট সাধন কৰাৰ সম্ভাৱনাই অধিক, তেনে লোকৰ পৰা আঁতৰি থকাই জ্ঞানী লোকৰ কাম।

শাকত নাখায় লোণ, পিটিকাত যায় তিনিগুণ :- 


শাকত লোণ অৰ্থাৎ নিমখ নিদিলে খাবলৈ সুস্বাদু নহয়, কিন্তু এই কথা জানিও মানুহে লোণ অধিক খৰচ হোৱাৰ ভয়ত শাকত লোণ কম পৰিমাণে দিয়ে, ফলত লোণ ৰাহি হয়। আনহাতেদি মাছ, আলু, বেঙেনা, কচু আদিৰ পিটিকা তৈয়াৰ কৰোঁতে সকলোতে লোণ দিওঁতে শাকত দিয়া লোণৰ পৰিমাণতকৈ অধিক হয়।

     উক্ত ফকৰা যোজনাটিত কোৱা হৈছে যে যিকোনো বস্তু যেনে টকা-পইচা বা অন্যান্য ৰাহি কৰিবলৈ বিচাৰোঁতে আনহাতেদি দুগুন ব্যয় হয়, গতিকে সকলো দিশ বিচাৰ-বিবেচনা কৰিহে কাম কৰা উচিত।

যি মূলা বাঢ়ে তাৰ দুপাততে চিন :- 


অংকুৰিত হোৱা মূল পুলি এটা আগলৈ ভাল হব নে নহয়, তাৰ চিন সৰুতেই পোৱা যায়। যি মূলা দুপতীয়াতে লহপহকৈ বাঢ়ি আহিব আৰু যি মূলা কেৰুণীয়া হব, সি দুপতীয়াতে মেমেৰা হব। গতিকে ভাল বেয়াৰ চিন সৰুতেই পোৱা যায়।

     উক্ত ফকৰা যোজনাটিত কোৱা হৈছে যে যি শিশু শৈশৱতেই সজ হব, সকলো কামতে আগৰণুৱা হব, তীক্ষ্ণ বুদ্ধিসম্পন্ন হব সি ভৱিষ্যত জীৱনতো আগৰণুৱা আৰু প্ৰতিভাৱান হবই।

ফিৰিঙতিৰ পৰা খাণ্ডৱদাহ হয় :-


খাণ্ডৱ এখনি বিশাল আৰু বিস্তীৰ্ণ অৰণ্য আছিল। বহুতো পশু-পক্ষী, জীৱ-জন্তুৰ আছিল আবাসভূমি। অগ্নি দেৱতাৰ পৰিতৃপ্তিৰ বাবে ইয়াক অৰ্জুনে দাহন কৰিছিল, ফলত অৰণ্য আৰু তাৰ হাজাৰ-বিজাৰ জীৱ-জন্তু ভস্মীভূত হৈছিল। সামান্য এটা ফিৰিঙতিয়েই সুবিশাল খাণ্ডৱ অৰণ্য ছাইত পৰিণত কৰিছিল। সেইদৰে সামান্য একোটা ঘটনাৰ পৰাই বিৰাট ধ্বংস কাৰ্য্য সংঘটিত হব পাৰে।

     উক্ত ফকৰা যোজনাটিত কোৱা হৈছে যে যিকোনো ঘটনা বা বস্তু সামান্য বুলি অৱহেলা নকৰি তাৰ পৰা যাতে কোনো অনিষ্ট হব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰথমেই ৰোধ কৰিব লাগে।

বুঢ়াৰ কথা নুশুন ডেকা, টানত পৰি কিয় কেঁকা :-


উক্ত ফকৰা যোজনাটিত কোৱা হৈছে যে বুঢ়া সকলে জীৱনত বহুতো দেখি-শুনি শিকি-বুজি বহুতো অভিজ্ঞতা-পুষ্ট জ্ঞানেৰে ডেকাসকলকো নানা উপদেশ দি, সঠিক বাট প্ৰদৰ্শন কৰি সুন্দৰ জীৱন আৰু মঙ্গলময় কৰি লবলৈ পৰামৰ্শ দিয়ে। ডেকাসকলে বয়সৰ স্বভাৱজাত উতনুৱামিৰ বাবেই বুঢ়ালোকসকলৰ উপদেশ অমান্য কৰি অবাটে গৈ পাছত পৰিনাম ভোগ কৰিবলগীয়া হয়। কোনো কোনো সময়ত বিপদত পৰি কক্ বকাব লগা হয়। সেয়ে বুঢ়া সকলৰ উপদেশ শিৰোধাৰ্য্য কৰি জীৱনৰ বাটত বাট বুলা উচিত।

হস্তীৰো পিছলে পাৱ, সজ্জনৰো বোৰে নাওঁ :-


হাতী শক্তিশালী জীৱ। হাতীৰ ভৰিও শকত, সেইবাবে সাধাৰণতে আৰু সহজে পিছল নাখায়। কিন্তু কেতিয়াবা হঠাতে খোজকঢ়াৰ এনে ব্যতিক্ৰম ঘটি যায় যে হাতীও পিছলিবলৈ বাধ্য হয়। সেইদৰে সজ্জন সকলো সৎ পথত থাকি আনৰ উপকাৰ সাধন কৰে। তেওঁলোকে নৌকা যাত্ৰা কৰিলেও সহজভাৱেই কৰে, অতি সাৱধানতা অৱলম্বন কৰে, গতিকে তেওঁলোকৰ নাওঁ বিপদ-বিঘিনি ঘটাৰো কোনো আশংকা নাথাকে। কিন্তু কেতিয়াবা দুৰ্ভাগ্যৰ ফলত সজ্জনৰো নাওঁ বুৰি যায়।

     উক্ত ফকৰা যোজনাটিত কোৱা হৈছে যে দুৰ্ভাগ্যই লগ ললে সজ্জনৰো বিপদ ঘটে, হাতীৰো ভৰি পিছল খায়, বিপদ-সম্পদ সকলোৰে ভাগ্যতে ঘটে। গতিকে সকলো ভাগ্যৰ অধীন।

হৰিণাৰ মাংসই বৈৰী :-


হৰিণ অতি নিৰীহ আৰু নিৰপৰাধী শান্ত প্ৰাণী আৰু শুৱনি। ঠিক তেনেদৰে হৰিণাৰ মাংসও অতি সুস্বাদু আৰু সহজে জীন যায়। সেয়ে হৰিণাৰ মাংসৰ প্ৰতি মানুহৰ লোভ স্বাভাৱিক। সেয়ে তাৰ মঙহৰ বাবেই তাৰ সৌন্দৰ্য্য আৰু নিৰীহতালৈ লক্ষ্য নকৰি বধ কৰে। অৰ্থাৎ মাংসই হৰিণাৰ শত্ৰু হল।

     উক্ত ফকৰা-যোজনাটিত কোৱা হৈছে যে বহুতৰ অজস্ৰ সম্পদ থকাৰ বাবেই সেই সম্পদৰ লোভত আৰু হিংসাত শত্ৰু বাঢ়ে, তেওঁৰ বাবে অজস্ৰ সম্পদেই শত্ৰু, অন্য কাৰোবাৰ সৌন্দৰ্য্যৰ বাবেই অঘটন ঘটে, তেনে লোকৰ বাবে সৌন্দৰ্য্যই শত্ৰু।

ৰাইজে নখ জোকাৰিলে নৈ বয় :- 


এটোপ এটোপ পানী লগ হৈ নদীৰ সৃষ্টি হয়। সেইদৰে একত্ৰিত হোৱা অজস্ৰ মানুহৰ নখৰ আগত উঠা এটোপ এটোপ পানী মিলিত হৈও একোখন নদীৰ সৃষ্টি হব পাৰে। আৱশ্যক মাত্ৰ একত্ৰিত কৰাৰ। সেইদৰে বহুতো মানুহ একলগ হৈ প্ৰত্যেকেই অলপ প্ৰচেষ্টা আগবঢ়াইও একোটা মহৎ কাৰ্য্য কৰিব পাৰে।

     প্ৰত্যেকজন ৰাইজে আগবঢ়োৱা ক্ষুদ্ৰ বৰঙণি একত্ৰিত কৰি বানপানীয়ে জুৰুলা কৰা এটা বৃহৎ অঞ্চলত বান সাহায্য দিবলৈ সক্ষম হল।

     উক্ত ফকৰা-যোজনাটিত কোৱা হৈছে যে ৰাইজৰ সন্মিলিত শক্তিয়ে বহুত মহৎ কাৰ্য্য সম্পাদন কৰিব পাৰে।

উদক ভেটা ৰখীয়া পতা :- 


মাছ ধৰিবলৈ মানুহে জান-জুৰি, পথাৰ আদিত চেপা পাতিবলৈ ভেটা মাৰে। ভেটাৰ বাধা পাই ডাঙৰ মাছবোৰে জঁপিয়াই পাৰ হবলৈ চেষ্টা কৰে, সেয়ে ভেটা ৰখিবলৈ ভেটা ৰখীয়া থাকে। উদ মাছৰ লোভীয়া, তেনে ক্ষেত্ৰত উদক যদি ভেটা ৰখীয়া পতা যায়, তেনেহলে সি মাছক জঁপিওৱাত বাধা দিয়াৰ দূৰৰ কথা, খায়েই শেষ কৰিব। সেয়ে উদক ভেটা ৰখীয়া পতাটো কোনো কাৰণতে উচিত হব নোৱাৰে।

     উক্ত ফকৰা-যোজনাটিত কোৱা হৈছে যে লোভীয়া স্বভাৱৰ লোকক কেতিয়াও ৰখীয়া পতা উচিত নহয়।

গোৰ মাৰি গংগাত পেলোৱা :-


গংগা হিন্দু সকলৰ পবিত্র নদী। গংগাত স্নান কৰিলে পাপ খণ্ডন হয় আৰু পূণ্য হয় বুলি হিন্দু সকলৰ বিশ্বাস। এই বিশ্বাসতে বহুলোকে পিতৃ-মাতৃৰ অস্থি গংগাত বিসৰ্জন দি মৃতকৰ আত্মাৰ কল্যাণ কামনা কৰে। কোনোবাই কাৰোবাক অনিষ্ট কৰাৰ উদ্দেশ্যে খঙত গোৰ মাৰি দিয়াৰ ফলত তেওঁ যদি গংগাত পৰেগৈ, তেনেহলে তেওঁৰ গংগাস্নান হয় আৰু ফলত তেওঁৰ পূণ্য লাভ হয়।

     উক্ত ফকৰা-যোজনাটিত কোৱা হৈছে যে কোনোবাই কেতিয়াবা আনৰ অনিষ্ট সাধন কৰিবলৈ চেষ্টা কৰাৰ ফলত অনিষ্ট নহৈ বৰঞ্চ উপকাৰহে হয়।

এশ গৰু মাৰিলে বাঘৰো মৰণ :-


বাঘ হিংস্ৰ জন্তু, ইহঁতে গৰু মাৰি ভক্ষণ কৰে আৰু অধিক গৰু বধ কৰিলে গৰুৰ গৰাকীৰ দ্বাৰা বাঘৰো মৰণ মিলে। বাঘে গৰু মৰা খবৰ পালে মানুহেও বাঘক বধ কৰিবলৈ সাজু হয় আৰু বাঘৰ অত্যাচাৰ অধিক হলে, বাঘক মানুহে নানান উপায়েৰে বধ কৰে।

     উক্ত ফকৰা-যোজনাটিত কোৱা হৈছে যে অত্যাচাৰ বাহিলে মৰণো ওচৰ চাপি আহে। গতিকে মানুহে অসৎ কাম কৰাৰ পৰা বিৰত থকা উচিত।

টেঙা আম এবাৰহে বেচিব পাৰি :-


মানুহে টেঙা আম খাবলৈ ভাল নাপায়, সেয়ে কোনেও ধন খৰছ কৰি টেঙা আম ক্ৰয় নকৰে। কিন্তু বিক্রেতাই টেঙা আমকে মিঠা বুলি ফাঁকি দি বিক্ৰী কৰে। মানুহে যেতিয়া এবাৰ জানে যে তেওঁৰ আম টেঙা, পিছত দ্বিতীয়বাৰ কোনেও তেওঁৰ আম ক্ৰয় নকৰে। পিছত যদি বিক্রেতাজনে মিঠা আম বিক্ৰী কৰিবলৈ আনে, তথাপিও মানুহে বিক্রেতাজনক বিশ্বাস কৰিব নোৱাৰা হয়।

     উক্ত ফকৰা-যোজনাটিত কোৱা হৈছে যে এবাৰ ঠগ খালে, মানুহে আগলৈকো ঠগ খাব বুলি ভাবি সাৱধান হয়, গতিকে যিসকল লোকে আনক ফাঁকি দিয়ে, তেওঁলোকক পাছলৈ কোনেও বিশ্বাস নকৰা হয়।

আঁঠুৱা চাই ঠেং মেলা :-


মহ নিবাৰণৰ বাবে আঁঠুৱা ব্যৱহাৰ কৰা হয়। আঁঠুৱা যিমান দীঘল সেই অনুযায়ী ঠেং মেলা উচিত। চুটি আঁঠুৱাত দীঘলকৈ ঠেং মেলি দিলে, আঁঠুৱা দাং খাই থাকিব আৰু মহে কামুৰিব, তেনে কৰিলে আঁঠুৱা তৰাৰ কোনো অৰ্থ নাথাকিব আৰু আঁঠুৱাও ফাটিব। গতিকে আঁঠুৱা চাইহে ঠেং মেলিব লাগে।

     উক্ত ফকৰা-যোজনাটিত কোৱা হৈছে যে নিজৰ সামৰ্থ্য চাইহে কাম কৰিব লাগে আৰু আয় চাইহে ব্যয় কৰিব লাগে। আয়তকৈ বেছি ব্যয় হলে ঋণ বৃদ্ধি হব আৰু সামৰ্থ্যতকৈ অধিক কৰিব বিচাৰিলে বিপদ অনিবাৰ্য্য।

অধিক মাছত বগলী কণা :-


বগলীৰ প্রিয় খাদ্য মাছ। পানীত মাছ দেখিলে বগলীৰ আনন্দৰ সীমা নোহোৱা হয়। কিন্তু পানীত মাছৰ পৰিমাণ যেতিয়া অধিক হয়, সেই সময়ত বগলীৰ মাছ কোনটো এৰি কোনটো ধৰিম ভাবি থাকোতেই মাছ পলাই নোহোৱা হয় আৰু বগলীয়ে সুযোগ পাইও হেৰুৱাই নিৰাশ হব লগা হয়। বগলীয়ে ভোগৰ উভৈনদী বস্তু পাইও ভোগ কৰিবৰ নোৱাৰাৰ বেদনাত ভুগিব লগা হয়।

     উক্ত ফকৰা-যোজনাটিত কোৱা হৈছে যে মানুহে আশাত বন্দী হৈ থাকোতে, যেতিয়া আশা পূৰণৰ উভৈনদী সুযোগ লাভ কৰে, সেই সময়ত আনন্দত বিভোৰ হৈ পৰে আৰু সময়ৰ কৰ্তব্য পাহৰি যায়, ফলত আশা পূৰণ নহয়। গতিকে মানুহে অধিক পোৱাৰ আনন্দত কৰ্তব্য পাহৰি যোৱা উচিত নহয়।

কিনা হাঁহৰ ঠোঁটলৈকে মঙহ :-


ধন ব্যয় কৰি ক্ৰয় কৰি অনা বস্তুক মানুহে বিনামূলীয়াকৈ পোৱা বস্তুতকৈ অধিক মূল্য দিয়ে। তেনেদৰে ধন ব্যয় কৰি ক্ৰয় কৰি অনা হাঁহৰ সামান্য অংশকো মানুহে পেলাই দিবলৈ ইচ্ছা নকৰে। হাঁহৰ  ঠোঁটৰ মাজতো যেন মঙহ থাকে, এনেদৰে ভাবি হাঁহৰ মঙহ কুটি-বাচি উলিয়াই। যদি খাব পৰা হোৱা হলে হাঁহৰ ঠোঁটটোও খালেহেঁতেন।

     উক্ত ফকৰা-যোজনাটিত কোৱা হৈছে যে মূল্য দি অনা বস্তুৰ সামান্য অংশ নষ্ট কৰা উচিত নহয়। সামান্য অংশ নষ্ট হোৱা মানেই কিছু অংশ ধনৰ অপব্যয় কৰা হয়।

উপকাৰীক অজগৰে খায় :- 


   অজগৰ অতি শক্তিশালী আৰু ভয়ংকৰ সাপ। অজগৰে মানুহৰ লগতে জীৱ-জন্তুকো ভক্ষণ কৰে। অজগৰ বিপদত পৰা দেখি যদি ইয়াক ৰক্ষা কৰিবলৈ যোৱা হয় তথাপিও উপকাৰৰ কথা ভাবি অন্যায় নকৰাকৈ নাথাকে।

   উক্ত ফকৰা যোজনাটিত কোৱা হৈছে যে শত্ৰু সদায় শত্ৰুৱেই, শত্ৰুৱে অন্যায় কৰাটো স্বভাৱজাত কথা। সেইদৰে দুষ্ট লোকেও উপকাৰীৰ উপকাৰৰ কথা নাভাবি, অপকাৰ কৰিবলৈ বিচাৰে। গতিকে উপকাৰীৰ উপকাৰৰ কৃতজ্ঞতা স্বীকাৰ নকৰা বৰঞ্চ অপকাৰৰ বাবে আগবাঢ়ি অহা অসৎ লোকৰ পৰা সদায় সাৱধানে থাকিব লাগে।

অভ্যাসৰ নৰ কৰ্ণ পথে কৰে শৰ :-


   অভ্যাসেই হৈছে কৃতকাৰ্য্যতাৰ মূল শক্তি। এজন সৈনিক শৰ সন্ধানত এনে পাৰ্গত আৰু নিপুণ হৈ পৰিছিল যে তেওঁ এগৰাকী মহিলাৰ কেৰু পৰিধান কৰা কাণৰ সৰু(ক্ষুদ্ৰ) ফুটাইদিও হেলাৰঙে শৰ নিক্ষেপ কৰিবলৈ সক্ষম হৈছিল। 

   উক্ত ফকৰা যোজনাটিত কোৱা হৈছে যে অভ্যাসৰ বলত মানুহে অসাধ্য কাৰ্য্য সাধন কৰিব পাৰে। দৈনিক অনুশীলন কৰি থাকিলে কঠিন কামো সহজ হৈ পৰে। তেনেদৰে অভ্যাস কৰি থাকিলে কাণৰ সৰু ফুটাইদিও শৰ নিক্ষেপ কৰাৰ দৰে কঠিন কাম সহজ হৈ পৰিব।

তুলসীৰ লগত কলপটুৱাৰো মুক্তি :-


   তুলসীক পৱিত্ৰ জ্ঞান কৰা হয়, সেয়ে পূজা-পাৰ্বণ সকলোতে তুলসী ব্যৱহাৰ কৰা হয়। গতিকে তুলসী যজ্ঞ, পূজা-সেৱা আদিত লাগি তুলসী মুক্তি লাভ হয়, কিন্তু কলপটুৱা পৱিত্ৰ বস্তু নহয়, পৱিত্ৰ অনুষ্ঠানত তুলসী থবৰ বাবে কলপটুৱাৰে নিৰ্মিত ডোঙা তৈয়াৰ কৰা হয়। পূজা-পাৰ্বণত পৱিত্ৰ তুলসীৰ স্পৰ্শত কলপটুৱায়ো পৱিত্ৰ হৈ মুক্তি লাভ কৰে। 

   উক্ত ফকৰা যোজনাটিত কোৱা হৈছে যে যি লোক পৱিত্ৰ, তেওঁ আনকো পৱিত্ৰ কৰে, গতিকে সদায় সৎ ব্যক্তিৰ সংগ লোৱা উচিৎ।

মন কৰিলে চন, বাকৰি মাটিতে ধন :-


   সকলো কাম মনৰ দৃঢ়তা, উৎসাহ থাকিলেহে সমাধান কৰিব পাৰি, মন নকৰিলে একো কাম হৈ নুঠে। কষ্ট কৰিলে ছন পৰি থকা মাটিতো শস্য উৎপাদন কৰিব পাৰি। মানুহৰ মনেই সকলো কাম হৈ উঠাত নিৰ্ভৰ কৰে, অসাধ্য বুলি বিশেষ একো কথা নাথাকে। যত্ন সহকাৰে কাম কৰি গলে সফলতা অৰ্জন কৰাটো নিশ্চিত।


11 Comments

  1. ফকৰা যোজনা বোৰ দেখি এটা কথা মনত পৰি গ'ল । Class-viii ত আছিলোঁ তেতিয়া । Madam এ class ত সকলো ছাত্ৰ ছাত্ৰীকে "এশ গৰু মাৰিলে বাঘৰো মৰণ" ফকৰা যোজনাটোৰ ভাৱ লিখিব দিছিল । লিখাৰ আগতে "ৰচনা বিচিত্ৰা" কিতাপ খনত এবাৰ পঢ়ি বুজি লৈ নিজৰ মতে লিখিব কৈছিল । সিদিনা মই সেইখন কিতাপ মই নিয়া নাছিলোঁ স্কুলত । লগৰ কেটামানৰ পৰা চাব খোজতে দিয়া নাছিল মোক চাব আৰু ধেমালি কৰি আছিল । খঙত কাৰো কিতাপ নলৈ নিজে ভাবি ভাবি লিখিলোঁ । লিখি madam ক দেখুৱাত সকলোৱে শুনাকৈ কৈছিল যে মোৰ লিখাটো class ৰ সকলোতকৈ ভাল হৈছে । আৰু বেলেগ বোৰে নিজৰ মতে লিখিব পৰা নাছিল । কিতাপৰ দৰে হৈছিল প্ৰায় । মোক কিতাপ চাব নিদিয়া লগৰ কেইটাই ও প্ৰশংসা কৰিছিল তেতিয়া মোক । বহুত ভাল লাগিছিল ।

    সেইটো লিখোঁতে মই তাৰ ইমান ভিতৰত সোমাই গৈছিলো যে তেতিয়া উপলব্ধি কৰিছিলোঁ, এই ফকৰা যোজনা বোৰ এটা এটা সাধুৰ দৰে বৰ্ণনা কৰি যদি লিখিব পাৰি তাৰ দ্বাৰা মানুহক খুব ধুনীয়া একোটা মেচেজ দিব পাৰি ।

    ReplyDelete
    Replies
    1. নিশ্চয়কৈ, আপোনাৰ স্কুলীয়া দিনৰ কথা কিছু জানিব পাৰি ভাল লাগিল, ধন্যবাদ জনালোঁ।

      Delete
  2. মন কৰিলে চন বাকৰি মাটিতে ধন ইয়াৰ ভাব বহলাই দিব 𝕡𝕝𝕖𝕒𝕤𝕖

    ReplyDelete
  3. ধন্যবাদ পাৰিলে আৰু কেইটামান দি দিব চোন।।।

    ReplyDelete
    Replies
    1. আপোনাক স্বাগতম জনালোঁ, দিব লাগিব।

      Delete
  4. Replies
    1. আঁঠুৱা তলৰ মহ মানে দুৰ্বল শত্ৰু, নিজৰ অধীনৰ, বশ কৰিব পৰা, অধীন লোক বা কৰায়ত্ত কৰিব পৰা অৱস্থানত থকা শত্ৰু

      Delete
  5. সময় pale টেঙা আম বজাৰত এবাৰহে বেচিব পাৰি দি দিব

    ReplyDelete
    Replies
    1. টেঙা আম এবাৰহে বেচিব পাৰি :-

      মানুহে টেঙা আম খাবলৈ ভাল নাপায়, সেয়ে কোনেও ধন খৰছ কৰি টেঙা আম ক্ৰয় নকৰে। কিন্তু বিক্রেতাই টেঙা আমকে মিঠা বুলি ফাঁকি দি বিক্ৰী কৰে। মানুহে যেতিয়া এবাৰ জানে যে তেওঁৰ আম টেঙা, পিছত দ্বিতীয়বাৰ কোনেও তেওঁৰ আম ক্ৰয় নকৰে। পিছত যদি বিক্রেতাজনে মিঠা আম বিক্ৰী কৰিবলৈ আনে, তথাপিও মানুহে বিক্রেতাজনক বিশ্বাস কৰিব নোৱাৰা হয়।

      উক্ত ফকৰা-যোজনাটিত কোৱা হৈছে যে এবাৰ ঠগ খালে, মানুহে আগলৈকো ঠগ খাব বুলি ভাবি সাৱধান হয়, গতিকে যিসকল লোকে আনক ফাঁকি দিয়ে, তেওঁলোকক পাছলৈ কোনেও বিশ্বাস নকৰা হয়।

      Delete
Previous Post Next Post