1. 'কীৰ্তন' কেইটা খণ্ডৰ সমষ্টি ?
২৭ টা
2. শংকৰদেৱৰ 'গুণমালা' গ্ৰন্থত কিমানটা পদ আছে ?
৩৩৭ টা
3.'গুৰু ভটিমা'ৰ প্রৱর্তক কোন আছিল?
মাধৱদেৱ
4. শংকৰদেৱ আৰু মাধৱদেৱৰ মিলন ক'ত হৈছিল ?
বেলগুৰি
5. শংকৰদেৱৰ কাব্যৰ সংখ্যা কিমান আছিল?
৬
6.'উত্তৰাকাণ্ড' ৰামায়ণ কোনে ৰচনা কৰিছিল ?
শংকৰদেৱ
7. শংকৰদেৱে কোনখন নাটত অভিনয় কৰিছিল?
চিহ্ন-যাত্রা
8. শংকৰদেৱৰ শ্ৰেষ্ঠ নাটখনৰ নাম কি আছিল?
পাৰিজাত হৰণ
9. শংকৰদেৱৰ প্রথম বৰগীতটিৰ নাম কি আছিল?
মন মেৰি ৰাম চৰণেহি লাগু
10. 'বঢ়াৰ পো' কোন ?
মাধৱদেৱ
11. লোকগীত প্রধানকৈ কেই প্ৰকাৰৰ ?
৩ প্ৰকাৰৰ
12. 'অসমীয়া লোকগীত' গ্রন্থখন কাৰ ৰচনা ?
ড০ লীলা গগৈ
13. বিহুগীত, আইনাম, বিয়ানাম ইত্যাদি লোকগীতৰ কোনটো শ্ৰেণীৰ অন্তর্ভুক্ত ?
অনুষ্ঠানমূলক লোকগীত
14. জিকিৰ আৰু জাৰি গীতসমূহক কোন শ্ৰেণী সাহিত্যৰ অন্তর্ভুক্ত কৰিব পাৰি ?
লোকগীত
15. 'জোনাকী' কাকতৰ প্রথম সম্পাদক কোন আছিল?
চন্দ্ৰকুমাৰ আগৰৱালা
16. 'বিজুলী' কাকতখন কিমান চনত প্ৰকাশিত হয়?
১৮৯০ চনত
17. প্রথম অসমীয়া মাহেকীয়া আলোচনীখনৰ নাম কি আছিল?
জোনাকী
18. 'জোনাকী' মাহেকীয়া আলোচনী কোন চনত প্ৰকাশিত হয়?
১৮৮৯ চনত
19. 'অসমীয়া ব্যাকৰণ' আৰু 'ভাষাতত্ত্ব' কাৰ ৰচনা?
কালিৰাম মেধি
20. লক্ষ্মীনাথ বেজবৰুৱাৰ একমাত্ৰ উপন্যাসখনৰ নাম কি?
পদুম কুঁৱৰী
21. লক্ষ্মীনাথ বেজবৰুৱাৰ প্রথম গল্পটো কোনখন আলোচনীত প্ৰকাশ হৈছিল?
জোনাকী
22. লক্ষ্মীনাথ বেজবৰুৱাৰ মৰণোত্তৰভাৱে প্ৰকাশিত কবিতা পুথিখনৰ নাম কি?
পদুমকলি
23. প্ৰথম অসমীয়া ব্যাকৰণ খনৰ নাম কি?
গ্ৰামাৰ অব্ আছামিজ লেংগুৱেজ
24. প্ৰথম অসমীয়া ছপা বুৰঞ্জীখনৰ নাম কি?
আসাম বুৰন্জি পুথি (১৮৪৪ চন)
25. জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়াজনৰ নাম কি আছিল?
বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য
26. প্ৰথম অসমীয়া ছপা উপন্যাস খনৰ নাম কি আছিল?
লাহৰী (পদ্মনাথ গোহাঞি বৰুৱা)
27. অসমীয়া সাহিত্যৰ প্ৰথম বুৰঞ্জীখনৰ নাম কি আছিল?
অসমীয়া ভাষা আৰু সাহিত্যৰ বুৰঞ্জী (দেবেন্দ্ৰনাথ বেজবৰুৱা, ১৯১২ চন)
28. প্ৰথম অসমীয়া সাদিনীয়া আলোচনীখনৰ নাম কি আছিল?
নৱযুগ (১৯৬৩)
29. অসম বিধান সভাৰ মুঠ আসনৰ সংখ্যা কিমান?
১২৬ খন
30. অসম বিধান সভাৰ প্ৰথম অধ্যক্ষ কোন আছিল?
বসন্ত দাস
31. এছিয়ান গেমছত সোণৰ পদক বিজয়ী প্ৰথম অসমীয়া জনৰ নাম কি আছিল?
ভোগেশ্বৰ বৰুৱা
32. ‘বিহগী কবি’ হিচাপে কোনজন কবিক জনা যায় ?
ৰঘুনাথ চৌধৰী
33. অসমৰ প্ৰথম মুখ্যমন্ত্ৰীগৰাকী কোন আছিল?
গোপীনাথ বৰদলৈ
34. অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল ?
চৈয়দা আনোৱাৰা টাইমুৰ
35. অসমীয়া ভাষাৰ ব্যাকৰণ কোনে ৰচনা কৰিছিল?
হেমচন্দ্ৰ গোস্বামী
36. ধলা-শদিয়া দলংখন কোনখন নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে?
লুহিত
37. এজন প্ৰখ্যাত গায়ক খগেন মহন্তই অভিনয় কৰা বোলছবিখনৰ নাম কি আছিল?
শকুন্তলা (মুক্তি ১১ নবেম্বৰ ১৯৬১)
38. কোনখন ঠাই পক্ষীৰ অদ্ভুত আত্মহননৰ বাবে বিখ্যাত?
জাতিংগা
39. অসমত মধ্যাহ্ন ভোজন আঁচনি কিমান চনত আৰম্ভ হৈছিল?
২০০৫ চনত (২০০৫ চনৰ জানুৱাৰী মাহৰ পৰা মধ্যাহ্ন ভোজন আঁচনিখন অসমত ৰুপায়নৰ ব্যৱস্থা কৰা হৈছিল)
40. অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক'ত অবস্থিত?
যোৰহাট (অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় হৈছে যোৰহাটত অৱস্থিত চন্দ্ৰকান্ত সন্দিকৈ ভৱন)
41. অসম দিৱস কেতিয়া পালন কৰা হয়?
২ ডিচেম্বৰ
42. শংকৰদেৱৰ বুঢ়ীমাকৰ নাম কি আছিল?
খেৰসূতী
43. কাৰ শাসনকালৰ পৰা আহোম মুদ্ৰাত সংস্কৃত ভাষা ব্যৱহাৰ কৰা হৈছিল?
ৰুদ্ৰ সিংহ
44. পছোৱা কাকতৰ সম্পাদক কোন আছিল?
হেম বৰুৱা
45. প্ৰথম আহোম মুদ্ৰা কোনে প্ৰৱৰ্তন কৰিছিল?
জয়ধ্বজ সিংহ
46. আহোম সকলৰ শেষ ৰাজধানী ক'ত আছিল?
যোৰহাট
47. অসমৰ সৰ্ব প্ৰাচীন জনগোষ্ঠীটো কি আছিল?
অষ্ট্ৰিক
48. অসমীয়া সাহিত্যত ভাষাৰ ওজা বুলি কাক কোৱা হয়?
হেমচন্দ্ৰ বৰুৱা
49. অসমীয়া সাহিত্যত "বকুলবনৰ" কবি হিচাপে কাক জনা যায়?
আনন্দচন্দ্র বৰুৱা
50. জয়ন্তী আলোচনীৰ সম্পাদক কোন আছিল?
ৰঘুনাথ চৌধুৰী
Tags:
কুইজ