১/ "তৰিম নহয় মৰিম" কোনটো স্বাধীনতা আন্দোলনৰ শ্লোগান আছিল ?
উত্তৰঃ- ভাৰত ত্যাগ আন্দোলন।
২/ অসমীয়া প্ৰথম ৰঙীন বোলছবি খনৰ নাম কি?
উত্তৰঃ- ভাইটি ১৯৭২(1972)।
৩/ কোনজন অসমীয়া কথাছবি পৰিচালকে প্ৰথমে ৰাষ্ট্ৰপতি পদক লাভ কৰিছিল?
উত্তৰঃ- ফণী শৰ্মা ।তেও 'পিয়লি ফুকন' ছবিৰ বাবে ৰাষ্ট্ৰপতিৰ চাৰ্টিফিকেট অব মেৰিট লাভ কৰিছিল।
৪/ অসম বুৰঞ্জীত উল্লেখ থকা মতে ডালীমিয়ে কাক ভাল পাইছিল?
উত্তৰঃ- গদাধৰ সিংহক ভাল পাইছিল।
৫/ প্ৰথম অসমীয়া ৰাষ্ট্ৰপতি জনৰ নাম কি আছিল?
উত্তৰঃ- ড° ফকৰুদ্দিন আলী আহমেদ।
৬/ অসমৰ কোনখন চহৰৰ পুৰনি নাম খাগৰীজান আছিল?
উত্তৰঃ- নগাঁও।
৭/ মণিৰাম দেৱানক ব্ৰিটিছে ক'ত ফাঁচী দিছিল আৰু কোন চনত?
উত্তৰঃ- ২৬ ফ্ৰেব্ৰুৱাৰী, ১৮৫৮ চনত, যোৰহাট (26 february. In 1858 jorhat)।
৮/ শ্বিলঙৰ পৰা অসমৰ ৰাজধানী গুৱাহাটীলৈ কোন চনত স্থানান্তৰ কৰা হৈছিল আৰু তেতিয়া মুখ্যমন্ত্ৰী কোন আছিল?
উত্তৰঃ- ১৯৭২ চনত। মুখ্যমন্ত্ৰী আছিল - শৰৎ চন্দ্ৰ সিংহ (1972,and CM-Sarat Chandra shingha)।
৯/ জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া কোন আছিল?
উত্তৰঃ- ড০ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য (Dr. Birendra Kumar Bhatracharya)।
১০/ অসমৰ সৰ্ব প্ৰথমে ভাৰত ৰত্ন পোৱা ব্যক্তিজনৰ নাম কি আছিল?
উত্তৰঃ- গোপীনাথ বৰদলৈ।
১১/ অসমীয়া সাহিত্যত মহাভাৰতৰ কবি কোন?
উত্তৰঃ- ৰাম সৰস্বতী।
১২/ প্ৰথম অসমীয়া চিনেমাখন কি আৰু কোনে নিৰ্মাণ কৰিছিল?
উত্তৰঃ- জয়মতী, ১৯৩৫ চনত জোতিপ্ৰসাদ আগৰৱালাদেৱে নিৰ্মাণ কৰিছিল।
১৩/ প্ৰথম অসমীয়া BA ( কলা স্নাতক) কোন আছিল?
উত্তৰঃ- আনন্দৰাম বৰুৱা।
১৪/ চিপাহী বিদ্ৰোহৰ প্ৰথমজন স্বহীদ কোন আছিল?
উত্তৰঃ- মংগল পাণ্ডে।
১৫/ ফুলন দেৱীৰ জীৱনৰ ওপৰত নিৰ্মান কৰা হিন্দী চলচ্চিত্ৰ খনৰ নাম কি?
উত্তৰঃ- বেন্দিট কুইন (Bndit queen)।
১৬/ ভাৰতত কোনে প্ৰথমে ডাকটিকট প্ৰচলন কৰিছিল?
উত্তৰঃ- লৰ্ড ডেলহাউচী (Lord Delhousie)।
১৭/ প্ৰথম অসমীয়া চাহ খেতিয়ক কোন আছিল আৰু কোনখন বাগিছা তেওঁ প্ৰতিষ্ঠা কৰিছিল?
উত্তৰঃ- মণিৰাম দেৱান আছিল আৰু চিনামৰা বাগিছা প্ৰতিষ্ঠা কৰিছিল।
১৮/ মাউন্ট এভাৰেষ্ট শৃঙ্গ জয় কৰা প্রথম অসমীয়া ব্যক্তিজনৰ নাম কি?
উত্তৰঃ- তৰুণ শইকীয়া।
১৯/ অসম সাহিত্য সভাৰ প্ৰথমজন সভাপতি কোন আছিল?
উত্তৰঃ- পদ্মনাথ গোহাঞিবৰুৱা।
২০/ অসমত স্বৰাজ দলৰ প্ৰতিষ্ঠাতা কোন আছিল?
উত্তৰঃ- তৰুণ ৰাম ফুকন।
২১/ দীঘলীপুখুৰী কোনজন ৰজাই খন্দাইছিল?
উত্তৰঃ- ভগদত্ত।
২২/ GST ৰ বাবে কোনজন ব্যক্তিক বেণ্ড এম্বেছেদৰ নিযুক্ত কৰা হৈছে?
উত্তৰঃ- অমিতাভ বচ্চন।
২৩/ কেন্দ্ৰীয় বৰ্ডৰ প্রত্যশ কৰ CBDT ৰ নতুন অধক্ষ্যগৰাকী কোন?
উত্তৰঃ- প্রমোদ চন্দ্ৰ মোডী।
২৪/ ভাৰতবৰ্ষৰ কোনখন ৰাজ্যই উচ্চশিক্ষাৰ ক্ষেত্রত Race নামেৰে নতুন আৰ্হিৰ শুভাৰম্ভ কৰিছে?
উত্তৰঃ- ৰাজস্থান।
২৫/ বিশ্বৰ "বেষ্ট ষ্টুডেণ্ট চিটি"ৰ তালিকাত তালিকাত স্থান লাভ কৰা ভাৰতৰ মহানগৰখনৰ নাম কি আছিল?
উত্তৰঃ- বাংগালোৰু।
২৬/ ভাৰতৰ কোনখন ৰাজ্যই দেশৰ ভিতৰতে প্ৰথম মহাকাশ উদ্যান প্ৰতিষ্ঠা কৰিছে?
উত্তৰঃ- কেৰেলা।
২৭/ প্ৰথমবাৰলৈ অনুষ্ঠিত বিশ্ব বিনিয়োগকাৰী সন্মিলন তলৰ কোনখন দেশত অনুষ্ঠিত হৈ যায়?
উত্তৰঃ- ভাৰত।
২৮/ কোনজন ব্যক্তিক ভাৰত চৰকাৰৰ Skill India Campaign ৰ ৰাষ্ট্ৰদূত হিচাপে নিযুক্তি দিয়া হৈছে?
উত্তৰঃ- বৰুণ ধৱন।
২৯/ Homeland of Federation কাক কোৱা হয়?
উত্তৰঃ- জাৰ্মান।
৩০/ ৩৬তম GST কাউন্সিলৰ অভিবৰ্তন কোনখন ঠাইত অনুষ্ঠিত হৈ যায়?
উত্তৰঃ- নতুন দিল্লী।
৩১/ দৰঙৰ ৰজা ধৰ্মনাৰায়ণৰ পূৰ্বৰ নাম কি আছিল?
উত্তৰঃ- বলিনাৰায়ণ।
৩২/ BTAD ক বৰ্তমান কি নামেৰে জনা যায়?
উত্তৰঃ- B.T.R ।
৩৩/ আহোমৰ শাসন কালৰ সময়ত নিৰ্মাণ কৰা আটাইতকৈ বৃহৎ গড়টোৰ নাম কি?
উত্তৰঃ- নুমলীগড়।
৩৪/ কোনে পোন প্ৰথমে অসমীয়া ভাষাক সাহিত্যৰ ভাষা ৰূপে স্বীকৃত দিছিল?
উত্তৰঃ- দুৰ্লভ নাৰায়ণ।
৩৫/ শিলাদিত্য নামেৰে কোনজন ৰজাক জনা যায়?
উত্তৰঃ- হৰ্ষবৰ্দ্ধন।
৩৬/ ৰাছিয়াই নিৰ্মাণ কৰা Covid -19 ভেকচিনটোৰ নাম কি?
উত্তৰঃ- স্পটুনিক - 5 ।
৩৭/ লকডাউনৰ মানসিক প্ৰভাৱৰ বিষয়ে সজাগতা আৰু তাৰ পৰা হাত সাৰিবলৈ জম্মু কাশ্মীৰ চৰকাৰে হাতত লোৱা কাৰ্যসূচীৰ নাম কি?
উত্তৰঃ- সুকুন কভিড ১৯ ।
৩৮/ আফ্রিকাৰ কৰণা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত অঞ্চলসমূহৰ শিক্ষাৰ্থীসকলক দূৰৱৰ্তী শিক্ষণৰ দ্বাৰা সহায় কৰিবলৈ Unicef ৰ সৈতে সহযোগিতা কৰা কোম্পানীটোৰ নাম কি?
উত্তৰঃ- এয়াৰটেল।
৩৯/ আহোমৰ শাসন কালত দেশৰ আয় ব্যয় হিচাপ ৰখা বিষয়াজনক কি বুলি কোৱা হৈছিল?
উত্তৰঃ- কাকতি।
৪০/ কভিড ১৯ লকডাউনৰ পিছত বিশ্বত আৰম্ভ হোৱা প্রথমখন গুৰুত্বপূৰ্ণ খেল খন কি?
উত্তৰঃ- বুণ্ডেছলীগা।
৪১/ বৰ্মন বংশৰ কোনজন ৰজাই প্রথমে মহাধিৰাজ উপাধি গ্ৰহণ কৰিছিল?
উত্তৰঃ- পুষ্যবৰ্মন।
৪২/ অসমৰ ইতিহাসত "সংগ্ৰাম সিংহ" বুলি কাক জনা যায়?
উত্তৰঃ- চিলাৰায়।
৪৩/ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পূৰ্বৰ নাম কি আছিল?
উত্তৰঃ- অসম আৰু নগালেণ্ড উচ্চ ন্যায়ালয়।
৪৪/ বৰ্তমান ভাৰতৰ ৰাষ্ট্ৰপতি গৰাকীৰ নাম কি?
উত্তৰঃ- দ্ৰৌপদী মুৰ্মু।
৪৫/ বৰ্তমান অসম সাহিত্য সভাৰ সভাপতি কোন?
উত্তৰঃ- ড° সূৰ্যকান্ত হাজৰিকা।
৪৬/ বিশ্বৰ আটাইতকৈ সৰু দেশখনৰ নাম কি?
উত্তৰঃ- ভেটিকান চিটি।
৪৭/ পৃথিৱীৰ আটাইতকৈ দীঘল নীল নদী কোনখন মহাদেশত অৱস্থিত?
উত্তৰঃ- আফ্ৰিকা মহাদেশত।
৪৮/ অসমৰ জাতীয় সংগীতটোৰ ৰচক কোন আছিল?
উত্তৰঃ- লক্ষ্মীনাথ বেজবৰুৱা।
৪৯/ অসমৰ প্ৰথম ৰাজনৈতিক অনুষ্ঠান কোনটো?
উত্তৰঃ- যোৰহাট সৰ্বজনীক সভা।
৫০/ বৰ্তমান ৰাষ্ট্ৰীয় পাতাকা খন কেতিয়াৰ পৰা ভাৰতৰ ৰাষ্ট্ৰীয় পাতাকা হয়?
উত্তৰঃ- ১৯৪৭ চনৰ ২২জুলাইত।
৫১/ গুৱাহাটী বিশ্ববিদ্যালয় কেতিয়া প্ৰতিষ্ঠা কৰা হয়?
উত্তৰঃ- ১৯৪৮ চনত।
৫২/ অসম সাহিত্য সভাৰ প্ৰধান কাৰ্য্যালয়টোৰ নাম কি?
উত্তৰঃ- চন্দ্ৰকান্ত সন্দিকৈ ভৱন।
৫৩/ হাতেৰে হেণ্ডেলত স্পৰ্শ নকৰাকৈ ৰেঞ্জাৰ চাইকেল চলাই আৰু চাইকেলৰ ওপৰতে অসমৰ লোকবাদ্য যেনে ঢোল পেঁপা বাঁহী টাল পৰিবেশন কৰি গহপুৰৰ পৰা জামুগুৰিহাট কৰ্চনটলা লৈকে ৮০ কিলোমিটাৰ দূৰত্বৰ ২ ঘন্টাৰ ৪০ মিনিট সময়,৬০ কিলোমিটাৰ দূৰত্বৰ ১ ঘন্টাৰ ১০ মিনিট সময় আৰু ৪৩ কিলোমিটাৰ দূৰত্বৰ ৫৬ মিনিট সময় ভিতৰত অতিক্ৰম কৰি বিশ্ব প্ৰথমজন ব্যক্তি হিচাপে বিশ্ব অভিলেখ, এচিয়ান অভিলেখ আৰু ৰাষ্ট্ৰীয় অভিলেখ গঢ়িবলৈ সক্ষম হোৱা বালিজান কটকী চুকৰ গহপুৰ সন্তান তথা অসম আৰক্ষী বিভাগটোৰ কনিষ্টবল জনৰ নাম কি আছিল?
উত্তৰঃ- ড০ মঞ্জিত দিহিঙীয়া।
৫৪/ অসমত আহোম সভা (Ahom Association) কিমান চনত গঠন হৈছিল?
উত্তৰঃ- ১৮৯৩ চনত।
৫৫/ সূৰ্য্যৰ ৰশ্মিত কি ভিটামিন পোৱা যায়?
উত্তৰঃ- ভিটামিন D ।
৫৬/ ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস কেতিয়া পালন কৰা হয়?
উত্তৰঃ- ২৪ জানুৱাৰী।
৫৭/ অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া মহিলা গৰাকীৰ নাম কি?
উত্তৰঃ- মনালিছা বৰুৱা মেহতা।
৫৮/ ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণ (NGT) পৰা ISO প্ৰমাণ পত্ৰ পোৱা দেশৰ প্ৰথমটো ৰে'ল ষ্টেচনৰ নাম কি?
উত্তৰঃ- গুৱাহাটী ৰে'ল ষ্টেচন।
৫৯/ ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱে ৰচনা কৰা অসমৰ জাতীয় সংগীত ‘অ মোৰ আপোনাৰ দেশ’ৰ সুৰকাৰ কোন আছিল?
উত্তৰঃ- কমলা প্ৰসাদ আগৰৱালা।
৬০/ ভাৰতৰ প্ৰথম মহিলা চিনেমা নিৰ্মাতাগৰাকী কোন?
উত্তৰঃ- ফাতেমা বেগম।
৬১/ EOS 01 উপগ্ৰহ কেতিয়া, কোনে, কৰ পৰা উৎক্ষেপণ কৰা হৈছিল?
৬২/ EOS 01 উপগ্ৰহ কি কামৰ বাবে ব্যৱহাৰ কৰা হব?
উত্তৰঃ- ভূমি, বন মেপিং আৰু নিৰীক্ষণ, বতৰ আৰু জলবায়ু পৰ্যবেক্ষণ, পানী, খনিজ সম্পদ, মাছৰ দৰে সম্পদৰ মেপিং, মাটিৰ মূল্যাঙ্কন আদিৰ বাবে ব্যৱহাৰ কৰা হব।
উত্তৰঃ- ১৫ আগষ্ট, ১৯৬৯ চনত।
৬৪/ ভাৰতৰ আটাইতকৈ সৰু ৰাজ্য খনৰ নাম কি?
উত্তৰঃ- গোৱা।
৬৫/ অৰ্থশাস্ত্ৰৰ ৰচক কোন?
উত্তৰঃ- চাণক্য।
৬৬/ ভাৰতীয় সংবিধানৰ কোনটো অধ্যায়ত মৌলিক অধিকাৰ সন্নিবিষ্ট কৰা হৈছে?
উত্তৰঃ- তৃতীয় অধ্যায়ত মৌলিক অধিকাৰ সন্নিবিষ্ট কৰা হৈছে।
৬৭/ বৰ্তমান ভাৰতবৰ্ষৰ কিমান খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল আছে?
উত্তৰঃ- ২৮ খন ৰাজ্য, ৮ খন কেন্দ্ৰীয় শাসিত অঞ্চল আছে।
৬৮/ আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচন কিমান বছৰৰ মূৰে মূৰে অনুষ্ঠিত হয়?
উত্তৰঃ- ৪ বছৰৰ মূৰে মূৰে অনুষ্ঠিত হয়।
৬৯/ কোনে অসমত প্ৰথমে জলসিঞ্চন পদ্ধতিৰে দ মাটিত শালি খেতি কৰাৰ প্ৰথা প্ৰৱৰ্তন কৰে?
উত্তৰঃ- আহোম সকলে অসমত প্ৰথমে জলসিঞ্চন পদ্ধতিৰে দ মাটিত শালি খেতি কৰাৰ প্ৰথা প্ৰৱৰ্তন কৰে।
৭০/ ভাৰতৰ কোনখন ৰাজ্যত কৃষ্ণ নদী আছে?
উত্তৰঃ- অন্ধ প্ৰদেশত কৃষ্ণ নদী আছে।
৭১/ অসমৰ মুঠ জিলা কেইখন?
উত্তৰঃ- ৩৫ খন।
৭২/ ভাৰতত প্ৰথম স্বাধীনতা যুদ্ধ কেতিয়া হৈছিল?
উত্তৰঃ- ১৮৫৭ চনত।
৭৩/ কম্পিউটাৰত লিখা অসমীয়া ভাষাৰ প্ৰথমখন পুথিৰ নাম কি?
উত্তৰঃ- প্ৰেমত পৰিলোঁ নেকি [ ড° দিলীপ কুমাৰ দত্ত]
৭৪/ অসমৰ প্ৰথম কলা-সংস্কৃতিৰ আলোচনীখনৰ নাম কি?
উত্তৰঃ- ৰূপাকাৰ।
৭৫/ ভাৰতৰ জাতীয় পতাকখনৰ সজ্জাৰ আৰ্হি প্ৰস্তুতকৰ্তা কোন আছিল?
উত্তৰঃ- পিঙ্গলি ভেংকয়া।
৭৬/ প্ৰথমজন সাহিত্যিক পেঞ্চন পাওঁতা জনৰ নাম কি?
উত্তৰঃ- পদ্মনাথ গোহাঞি বৰুৱা [১৯০৬ চন]
৭৭/ অসমীয়া সাহিত্যৰ প্ৰথম বুৰঞ্জীখনৰ নাম কি?
উত্তৰঃ- অসমীয়া সাহিত্যৰ বুৰঞ্জী।
৭৮/ ডাক টিকটত স্থান পোৱা প্ৰথমজন সাহিত্যিকৰ নাম কি?
উত্তৰঃ- লক্ষ্মীনাথ বেজবৰুৱা।
৭৯/ অসমীয়া ভাষাৰ বিষয়ে কৰা গৱেষণা গ্ৰন্থখনৰ নাম কি?
উত্তৰঃ- Assamese Its formation and Development [ 1940 ]
৮০/ ভাষাতত্ব বিষয়ক প্রথম অসমীয়া গৱেষণা মূলক গ্ৰন্থখনৰ নাম কি?
উত্তৰঃ- অসমীয়া ভাষাৰ মৌলিক বিচাৰ আৰু সাহিত্যৰ চিনাকী [ দেৱানন্দ ভৰালী (১৯১২) ]
৮১/ অমিত্ৰাক্ষৰ ছন্দত ৰচিত প্ৰথম কাব্য খনৰ নাম কি?
উত্তৰঃ- অভিমন্যু বধ [ (১৮৭৫) ৰমাকান্ত চৌধুৰী]
৮২/ প্ৰথম অসমীয়া ছপা বুৰঞ্জীখনৰ নাম কি?
উত্তৰঃ- আসাম বুৰঞ্জী পুথি [১৮৪৪]
৮৩/ হিন্দী ভাষালৈ অনুদিত হোৱা প্ৰথম অসমীয়া গ্ৰন্থখনৰ নাম কি?
উত্তৰঃ- চিত্ৰ ভাগৱত।
৮৪/ প্ৰথম অসমীয়া গল্প সংকলনখনৰ নাম কি?
উত্তৰঃ- সুৰভি (১৯০৯) [লক্ষ্মীনাথ বেজবৰুৱা]
৮৫/ অসমীয়া আধুনিক গীতৰ পুথিখনৰ নাম কি?
উত্তৰঃ- গীতাৱলী [সত্যনাথ বৰা]
৮৬/ প্রথম অসমীয়া সামাজিক নাট খনৰ নাম কি?
উত্তৰঃ- ৰাম নৱমী (গুণাভিৰাম বৰুৱা) ।
৮৭/ অসমৰ কলাগুৰু বুলি কাক কোৱা হয়?
উত্তৰঃ- বিষ্ণুপ্ৰসাদ ৰাভা।
৮৮/ অসমৰ সংগীত সূৰ্য বুলি কাক কোৱা হয়?
উত্তৰঃ- ড° ভূপেন হাজৰিকা।
৮৯/ অসমৰ অগ্নিকবি বুলি কাক কোৱা হয়?
উত্তৰঃ- কমলাকান্ত ভট্টাচাৰ্য্য।
৯০/ প্রথম অসমীয়া মহিলা উপায়ুক্ত কোন আছিল?
উত্তৰঃ- চন্দ্ৰপ্ৰভা দেৱী।
৯১/ গৰীয়সী আলোচনীৰ বৰ্তমানৰ সম্পাদক কোন?
উত্তৰঃ- ডঃ ধ্ৰুৱজ্যোতি বৰা।
৯২/ প্ৰথম অসমীয়া মহিলা সাহিত্যিক পেঞ্চনাৰ জনৰ নাম কি?
উত্তৰঃ- নলিনীৱালা দেৱী।
৯৩/ অসম সাহিত্য সভাৰ বৰ্তমানৰ সভাপতিগৰাকীৰ নাম কি?
উত্তৰঃ- ড° সূৰ্যকান্ত হাজৰিকা।
৯৪/ প্ৰথম অসমীয়া মহিলা মুখ্যমন্ত্ৰী কোন আছিল?
উত্তৰঃ- ছৈয়দা অনোৱাৰা টাইমূৰ।
৯৫/ বিহগী কবি বুলি কাক জনা যায়?
উত্তৰঃ- ৰঘুনাথ চৌধাৰী।